ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমিধান প্ৰসাৰণৰ (United
Nations Sustainable Development Solutions Network) দ্বাৰা প্ৰকাশিত ২০১৮ চনৰ বিশ্ব সুখী
প্ৰতিবেদন ( World Happiness Report)খন যোৱা ১৪ মাৰ্চত প্ৰকাশ পাইছে। প্ৰতিবেদনখনে ১৫৬খন দেশৰ সুখৰ
সূচকাংক প্ৰকাশ কৰি এখন তালিকা প্ৰস্তুত কৰিছে। প্ৰতিবেদনখনৰ তালিকা অনুসৰি,
ফিণ্ডলেণ্ড হ’ল বিশ্বৰ আটাইতকৈ সুখী দেশ। ন’ৰৱে, ডেনমাৰ্ক, আইচলেণ্ড আৰু
ছুইডজালেণ্ড হ’ল ফিণ্ডলেণ্ডৰ পাছতে ক্ৰমে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান
অধিকাৰ কৰা সুখী দেশ। দুৰ্ভাগ্যজনকভাবে সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ১৩৩। ২০১৬
আৰু ২০১৭ চনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতৰ স্থান আছিল ক্ৰমে ১১৮ আৰু ১২২। অৰ্থাত,
যোৱা দুটা বছৰৰ তুলনাত ভাৰতৰ সুখৰ স্থান হ্ৰাস পাইছে।
দেশ এখনৰ আয়ৰ পৰিমাণ (Level of Income), স্বাস্থ্যসন্মত দীৰ্ঘ জীৱন
(Healthy Life Expectancy),
সামাজিক অৱলম্বন (Social Support),
স্বাধীনতা (Freedom),
বিশ্বাস আৰু বদান্যতাৰ (Trust and Generosity) সৈতে সুখৰ শক্তিশালী ইতিবাচক সহ-সম্বব্ধ
(Strong Positive Correlation) আছে।
অৰ্থাত, উল্লিখিত চলকসমূহৰ মাত্ৰা বৃদ্ধি পালে মানুহৰ সুখৰ মাত্ৰাও বৃদ্ধি পায়। প্ৰতিবেদনখনত
প্ৰকাশ পোৱা আটাইতকৈ আকৰ্ষণীয় ফলাফলটো হ’ল-ধৰ্মীয় বিশ্বাসত গুৰুত্ব দিয়া মানুহৰে
ভৰ্তি দেশ আৰু সংশ্লিষ্ট দেখখনৰ সুখৰ সম্পৰ্ক বিপৰীতমুখী। অৰ্থাত, যিবোৰ দেশত
ধৰ্মীয় বিশ্বাসত বেছি গুৰুত্ব প্ৰদান কৰা মানুহৰ সংখ্যা বেছি, সেইবোৰ দেশৰ সুখৰ মাত্ৰা
কম বা যিবোৰ দেশত ধৰ্মীয় বিশ্বাসত অধিক গুৰুত্ব দিয়া মানুহৰ সংখ্যা কম, সেইবোৰ দেশৰ
সুখৰ মাত্ৰা বেছি। WIN-Gallup International ৰ ২০১৪ ৰ তথ্য অনুসৰি, ফিনলেণ্ডৰ ১০ শতাংশ
মানুহে নিজকে নাস্তিক হিচাপে চিনাকি দিছে। সেইদৰে ন’ৰৱে, ডেনমাৰ্ক, আইচলেণ্ড আৰু ছুইডজালেণ্ডৰ
ক্ৰমে ৯
শতাংশ, ১২ শতাংশ, ১৪ শতাংশ আৰু ১২ শতাংশ মানুহে নিজকে নাস্তিক হিচাপে চিনাকি দিছে
(ন’ৰৱেৰ তথ্য ২০১০ চনৰ আৰু বাকী দেশবোৰৰ তথ্য ২০১৪ চনৰ)। তদুপৰি, ধৰ্ম বিশ্বাসৰ
ওপৰত গুৰুত্ব প্ৰদান নকৰা মানুহ অধিক থকা দেশবোৰ তুলনামূলকভাবে কম দুখীয়া হিচাপে
পোৱা গৈছে। ধৰ্মীয় বিশ্বাস আৰু সুখৰ সম্পৰ্ক কিয় বিপৰীতমুখী হয়, ধৰ্মীয় বিশ্বাসৰ
ওপৰত গুৰুত্ব প্ৰদান কৰা মানুহৰ সংখ্যা বেছি থকা দেশবোৰ তুনলামূলকভাবে কিয় অধিক
দুখীয়া- সেয়া গৱেষণাৰ আকৰ্ষণীয় বিষয় হ’ব পাৰে।
ওপৰত উল্লেখ কৰা হৈছে যে ২০১৮ চনৰ বিশ্ব সুখী প্ৰতিবেদন
অনুসৰি, সামগ্ৰিকভাবে সুখৰ তালিকাখনত ভাৰত দুখলাগা অৱস্থাত আছে। মন কৰিবলগীয়া যে
নিজ নিজ ধৰ্মৰ ভিত্তিত ভগৱানৰ ওপৰত প্ৰৱল বিশ্বাস ৰাখি তেৰাৰ ওচৰত আত্মসমৰ্পণ কৰা
মানুহৰ সংখ্যাই ভাৰতবৰ্ষত ভৰ্তি হৈ আছে। WIN-Gallup International ৰ ২০১৪ চনৰ তথ্য অনুসৰি ভাৰতত ৩ শতাংশতকৈ
কম মানুহে নিজকে নাস্তিক হিচাপে চিনাকি দিছে। নাস্তিকতাৰ সৈতে যদি সুখৰ সম্পৰ্ক
একমুখী হয়, তেন্তে দেশখনৰ নাস্তিকসকলক সাংবিধানিক সুৰক্ষা প্ৰদান কৰা আৱশ্যক।
কিন্তু, ভাবিবলীয়া বিষয় যে ভাৰতৰ সংবিধানখনত নাস্তিকসকলৰ সমৰ্থনত কোনো স্পষ্ট
অনুচ্ছেদ নাই। কোনো এজন ব্যক্তিয়ে নিজকে নাস্তিক হিচাপে চিনাকি দিলেও, জন্মগতভাবে
তেওঁ যি ধৰ্মৰ অন্তৰ্গত তেওঁক সেই ধৰ্মৰে অন্তৰ্গত ব্যক্তি হিচাপে গণ্য কৰা হয়। আমি
জনাত, ভাৰতৰ সংবিধানৰ ২৫ নম্বৰ অনুচ্ছেদত ‘Freedom of conscience’ৰ ব্যৱস্থা ১৯৫০ চনৰ পৰাই আছে যদিও কোনো এখন আদালতেই
নাস্তিকসকলক সমৰ্থন কৰাৰ প্ৰমাণ আজিলেকে নাই। যিহেতু ধৰ্মত বিশ্বাস কৰা বা নকৰা এক
ব্যক্তি স্বাধীনতা আৰু সম-অধিকাৰৰ সৈতে সম্পৰ্ক থকা বিষয়, সেয়েহে ভাৰতীয় দণ্ডবিধি
আইনৰ পৰা ৩৭৭ আৰু ৪৯৭ ধাৰা দুটা খাৰিজ কৰি যৌনতাৰ ক্ষেত্ৰত ব্যক্তি স্বাধীনতা আৰু
সম-অধিকাৰ প্ৰদান কৰাৰ দৰে নাস্তিকসকলৰ বাবেও স্পষ্টভাবে সাংবিধানিক সুৰক্ষা
ব্যৱস্থা থকা উচিত।
[প্ৰকাশিত, ‘আমাৰ অসম’, ০৩ নৱেম্বৰ ২০১৮, পৃষ্ঠা: ৪]
পঢ়ি ভাল লাগিল ৷ সুন্দৰ !
ReplyDeleteধন্যবাদ থাকিল।
ReplyDelete