Friday, 3 October 2025

‘মন যায়, মোৰো মন যায় ………’

            মৃত্যুৰ পিছত মৰমৰ শিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধা জনাবলৈ অহা মানুহৰ সংখ্যাই ইতিহাস সৃষ্টি কৰিলে ।  গুৱাহাটীলৈ যাবলৈ সুবিধা নোপোৱাসকলে নিজ নিজ অঞ্চলতে তেখেতলৈ শ্ৰদ্ধা জনালে ।  তেখেতক মানুহে ইমান ভাল পোৱাৰ কাৰণ কি ? একে আষাৰে ইয়াৰ উত্তৰ হ’ল-মানুহে তেখেতৰ ব্যক্তিত্বত নিজকে বিচাৰি পাইছিল ।  তেখেতৰ ব্যক্তিত্বত মানুহেনো কেনেদৰে নিজকে বিচাৰি পাইছিল ?

জুবিন গাৰ্গক যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ বুলি জনা যায় । প্ৰতিগৰাকী যুৱক-যুৱতীৰে জুবিনৰ দৰে স্বাধীন হৈ যি মন যায় তাকে কৰিবলৈ, ক’বলৈ মন যায় । কিন্তু, বিভিন্ন কাৰণত সেয়া সম্ভৱ হৈ নুঠে । সেয়েহে, তেওঁলোকে জুবিনৰ মাজতে নিজকে বিচাৰি পায় ।  সংসাৰৰ বান্ধনত বান্ধ খোৱাৰ পিছত বহুতৰে জীৱন গতানুগতিক হৈ পৰে । নিজৰ ইচ্ছা অনুসৰি, নিজে ভবামতে জীৱনটো উপভোগ কৰিব নোৱাৰে ।  কিন্তু, মন যায় ।  জীৱনটো নিজে ভবাৰ দৰে উপভোগ কৰিবলৈ, সজাই-পৰাই তুলিবলৈ । জুবিনে যেনেদৰে জীৱনটো উপভোগ কৰে তেনেদৰে তেওঁলোকৰো কৰিবলৈ মন যায় । অগতানুগতিক জীৱন কেনেদৰে উপভোগ কৰিব পাৰি, সেয়া তেওঁলোকে জুবিনৰ মাজতে বিচাৰি পায় । 

ৰাজনীতিকসকলে কেনেদৰে জুবিনৰ ব্যক্তিত্বত নিজকে বিচাৰি পায় ? কোনবোৰ বিষয়ত তেওঁলোকৰ জুবিনৰ দৰে হ’বলৈ মন যায় ? ৰাজনীতিকসকলে সকলো সময়তে নিজৰ জনপ্ৰিয়তা বৰ্তাই ৰাখিব বিচাৰে ।  জুবিনৰ জনপ্ৰিয়তাৰ দৰে । স্বত:স্ফুৰ্ত জনপ্ৰিয়তা । তেওঁলোকৰো মন যায়, জনসাধাৰণে তেওঁলোকক ওচৰৰ পৰা চাবলৈ আহিব !  তাৰ বাবে তেওঁ বা তেওঁৰ দল-সংগঠনে খৰচ বহন কৰিব নালাগিব !  জুবিনৰ দৰে জনপ্ৰিয়তা বৰ্তাই ৰাখিলে তেওঁলোক আজীৱন ক্ষমতাত থাকিব পাৰিব !  জুবিনৰ প্ৰতি থকা মানুহৰ নিস্বাৰ্থ জনপ্ৰিয়তা আৰু ভালপোৱাই ৰাজনীতিকসকলক মুগ্ধ কৰি ৰাখিবলৈ বাধ্য কৰে ।

চৰকাৰী বা বেচৰকাৰী চাকৰিয়াল, বিষয়া আদিয়ে কওঁ বুলি ভাবিলেও কিছুমান কথা মুকলিকৈ ক’ব নোৱাৰে ।  ক’লে কি হ’ব, তেওঁলোকে জানে । তেওঁলোকৰ সংসাৰৰ দায়িত্ব থাকে । ক’লে সংসাৰ চলাবলৈ অসুবিধা হ’ব । কিন্তু, মন যায় ।  জুবিনে কোৱাৰ দৰে কথাবোৰ মুকলিকৈ ক’বলৈ মন যায় । যেতিয়া জুবিনে কয়, তেওঁলোকে মুকলিকৈ সমৰ্থন নজনালেও অন্তৰেৰে পূৰ্ণ সমৰ্থন জনায় ।  তেওঁলোকে প্ৰতিজনে ভাবে, ‘মই ক’ব পৰা নাই, কিন্তু মই ক’ব বিচৰা কথাখিনিকে জুবিন গাৰ্গে কৈছে’ ।  গতিকে, তেওঁলোকে জুবিনৰ মাজতে নিজক বিচাৰি পায় ।

জেষ্ঠ্যসকলৰ কি মন যায় ? জুবিনে নিজৰ পিতৃ-মাতৃ বা পৰিয়ালৰ সদস্যসকলক যেনেদৰে শ্ৰদ্ধা আৰু মৰম কৰে, ঘৰৰ মানু্হৰ লগত মুকলিকৈ কথা পাতে, তেওঁলোকৰ ল’ৰা-ছোৱালীও তেনেদৰে শ্ৰদ্ধা আৰু মৰম কৰক, কথা পাতক । তেওঁলোকৰ মন যায়, নিজৰ ল’ৰা-ছোৱালীক জুবিনৰ  দৰে গঢ়ি তুলিবলৈ, অসমৰ সন্তান কৰিবলৈ, সকলোৱে নিস্বাৰ্থভাবে আকোঁৱালী ল’ব পৰা গুণৰ অধিকাৰী কৰিবলৈ ।  কেৱল সেয়াই নহয়, নিজৰ জীৱনকালত যি অনুশোচনা আৰু বেদনা আছে, তেওঁলোকে জুবিনৰ চিন্তাধাৰাৰ মাজতে নিজকে বিচাৰি পায়   

অসমৰ প্ৰতিজন মানুহৰে জুবিনৰ কিবা নহয় কিবা এটা গুণৰ অধিকাৰী হ’বলৈ মন যায় । জুবিনে অসমৰ মানু্হক সেই আশাৰ বাট দেখুৱাইছিল ।  প্ৰতিজন জুবিন প্ৰেমীয়ে মনৰ ভিতৰতে কয়, ‘মন যায়, মোৰো মন যায় ’।


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ৪ অক্টোবৰ ২০২৫, পৃষ্ঠা: ৭]

Wednesday, 24 September 2025

ভাৰসাম্যৰ প্ৰতীক জুবিন গাৰ্গ

            ভাৰতৰ অৰ্থনীতিত পুঁজিবাদ আৰু সমাজবাদ-দুয়োবিধ অৰ্থনৈতিক ব্যৱস্থাৰে বৈশিষ্ট্য আছে । ভাৰতে মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিলেও ১৯৯১ চনৰ আগত আৰু পিছত পুঁজিবাদ আৰু সমাজবাদৰ প্ৰভাৱ পৃথক আছিল । ১৯৯১ চনৰ আগত সমাজবাদৰ প্ৰভাৱ বেছি থকাৰ বিপৰীতে ১৯৯১ চনৰ পিছত পুঁজিবাদৰ প্ৰভাৱ বেছিকৈ পৰিবলৈ ধৰিলে । পুঁজিবাদৰ আগ্ৰাসন মানেই বজাৰ ব্যৱস্থাৰ সম্প্ৰসাৰণ । বজাৰ ব্যৱস্থাত উপভোক্তাই পৃথিৱীৰ যিকোনো অঞ্চলৰ সামগ্ৰী আৰু সেৱা  উপভোগ কৰিবলৈ সুবিধা লাভ কৰে । সাধাৰণতে, উপভোক্তাই উৎকৃষ্ট সামগ্ৰী আৰু সেৱা পছন্দ কৰে । সাংস্কৃতিক ক্ষেত্ৰখনো ইয়াৰ ব্যতিক্ৰম নহয় । যি সময়ত অসমত আন অঞ্চল বা দেশৰ সাংস্কৃতিক উপাদানৰ প্ৰভাৱ বেছিকৈ পৰিবলৈ ধৰিছিল সেই সময়তে জুবিন গাৰ্গৰ উত্থান ঘটিছে । জুবিন গাৰ্গে সাংস্কৃতিক ক্ষেত্ৰখনত এনেধৰণৰ সৃষ্টি কৰিবলৈ ধৰিলে যিয়ে পুঁজিবাদ বা বজাৰ ব্যৱস্থাৰ সুবিধাবোৰ ল’বলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ অসমৰ সমাজ-জীৱনৰ সৈতে খাপ খোৱা উপাদানবোৰ প্ৰয়োগেৰে সমাজবাদৰ ধাৰণাকো সক্ৰিয় কৰি ৰাখিব পাৰিছিল ।  জ্যোতি-বিষ্ণুৰ চিন্তাধাৰাক আদৰ্শ হিচাপে লৈ তেখেতে সমাজবাদৰ ধাৰা অব্যাহত ৰাখিছিল । কেৱল সেয়াই নহয়, তথাকথিত সমাজখনে সততে এলাগী কৰা দুখীয়া, বিশেষভাৱে সক্ষম লোকসকলৰ উত্তৰণৰ বাবে তেখেতে যথাসম্ভৱ চেষ্টা কৰিছিল । আচলতে, জুবিন গাৰ্গে পুঁজিবাদক একপ্ৰকাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি সমাজবাদী আদৰ্শ আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল ।  ফলস্বৰূপে, তেখেতৰ কৰ্মত পুঁজিবাদ আৰু সমাজবাদৰ এক ভাৰসাম্য অৱস্থা পাইছিল ।

সামাজিক ক্ষেত্ৰত জুবিন গাৰ্গে অসমৰ সমাজখনক একতাৰ বান্ধনেৰে বান্ধি সামাজিক ভাৰসাম্য বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছিল । অতীতৰ পৰা চলি অহা কিছুমান সামাজিক ব্যাধি, যেনে-জাত-পাত, বৰ্ণ, ধৰ্ম আদিৰ ভেদাভেদ জুবিন গাৰ্গৰ চিন্তাধাৰাত স্থান নাপাইছিল । প্ৰথম অৱস্থাত তেখেতে সৃষ্টিৰ যোগেদি সামাজিক ব্যধিবোৰৰ বিৰূদ্ধে মাত মাতিছিল । কিন্তু, পিছলৈ মুকলিকৈ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল ।  তথাকথিত উচ্চ-জাতত জন্ম গ্ৰহণ কৰাৰ অজুহাতত উচ্চ-জাতৰ সমাজখনে ‘জুবিন আমাৰ বেছি’ বুলি দাবী কৰিব পৰা নাছিল ।  তেখেতে অসমৰ সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মৰ মানুহক সমান মৰ্যাদা দি এখন সুন্দৰ ভাৰসাম্য সমাজ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল ।

অসমৰ বিচিত্ৰ সাংস্কৃতিক উপাদানসমূহৰ উমৈহতীয়া সাংস্কৃতিক ব্যক্তিত্ব আছিল জুবিন গাৰ্গ । সকলো জনগোষ্ঠীৰে কিছুমান নিৰ্দিষ্ট সাংস্কৃতিক কৰ্মী থাকে । সংগীতকে ধৰি তেওঁলোকে নিজ নিজ জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা চলাই থাকে ।  কোনো এটা জনগোষ্ঠীৰ সংগীতত জুবিন গাৰ্গে কণ্ঠদান কৰাৰ পিছত সংশ্লিষ্ট জনগোষ্ঠীটোৰ সংগীতে এটা বিশেষ মাত্ৰা লাভ কৰিছিল । জুবিন গাৰ্গে কণ্ঠদান কৰাৰ পিছত সেই সংগীতবোৰ কেৱল সংশ্লিষ্ট জনগোষ্ঠীটোৰ লোকসকলৰ মাজতেই সংগীত সীমাবদ্ধ হৈ নাথাকে । সংগীত যি জনগোষ্ঠীৰেই নহওক, জুবিন গাৰ্গৰ কণ্ঠত সকলো জনগোষ্ঠীৰ লোকে সুকীয়া আকৰ্ষণ অনুভৱ কৰে । মুঠতে, জুবিন গাৰ্গে তেখেতৰ জীৱনকালত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে ভাৰসাম্য বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছিল ।

                    [প্ৰকাশিত, ‘আমাৰ অসম’, ২৪ ছেপ্টেম্বৰ ২০২৫, পৃষ্ঠা: ৪]

Thursday, 28 August 2025

প্ৰসংগ: ‘বাঘ হাজৰিকাৰ সন্ধানত’

             ২৩ আগষ্টত ডা: অজিত বৰুৱাৰ ‘বাঘ হাজৰিকাৰ সন্ধানত’ লেখাটোৰ আঁত ধৰি  কিছু মতামত আগবঢ়াব বিচাৰিছোঁ ।  মোগলৰ বিৰূদ্ধে কৰা শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ সৈতে ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকাৰ সহযোগ থকা বা নথকা সম্পৰ্কে বিতৰ্কৰ অন্ত পৰা নাই ।  ডা: বৰুৱাই লেখাটোত অসমৰ দুগৰাকী খ্যাতনামা লেখকৰ গ্ৰন্থত শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ সহযোগ থকাৰ কথা উল্লেখ কৰিছে ।  আমি ভবা নাই যে শেহতীয়াকৈ যিগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ সহযোগ নাছিল বুলি  কৈছে, তেখেতে উল্লিখিত গ্ৰন্থ দুখন অধ্যয়ন কৰা নাই ।  অসমৰ খ্যাতনামা ঐতিহাসিকে লিখা গ্ৰন্থত শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ সহযোগৰ কথা উল্লেখ থকাৰ পিছতো কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি একাংশ লেখকে বাঘ হাজৰিকাক নাকচ কৰি আহিছে । ইয়াৰ অৰ্থ কি ?  

প্ৰথম, শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ সহযোগ থকাৰ কথা উল্লেখ থকা গ্ৰন্থবোৰ ভুল তথ্যৰ ওপৰত ভিত্তি কৰি লিখা হৈছে অথবা, যিহেতু ইতিহাস চৰ্চাত ঐতিহাসিকজনৰ চিন্তাধাৰাৰ প্ৰভাৱ পৰে, গতিকে যিসকল লেখকে শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাৰ সহযোগৰ কথা উল্লেখ কৰিছে তেওঁলোকে অসমত সাম্প্ৰদায়িক সমন্বয় অধিক শক্তিশালী কৰাৰ উদ্দেশ্য আগত ৰাখি ইতিহাস চৰ্চা কৰিছে ।  দ্বিতীয়, যোৱা কিছু বছৰ ধৰি অসমত নতুন ধাৰাৰ ইতিহাস চৰ্চাৰ প্ৰসংগ চলি আছে ।  নতুন ধাৰাটোক বিভিন্নজন বিভিন্ন ধৰণে বুজি লৈছে । কোনোৱে বৈজ্ঞানিক পদ্ধতিৰে কৰা ইতিহাস চৰ্চাক নতুন ধাৰা হিচাপে বুজিছে, আন কোনোৱে পৌৰাণিক কাহিনীৰ (Mythology)  চৰিত্ৰক বৰ্তমানৰ সৈতে মিলাই দিব পৰাকে নতুন ধাৰা হিচাপে বুজিছে ।  সুবিধাবাদী ঐতিহাসিকসকলে সমসাময়িক সমাজখনত যি সামাজিক-সাংস্কৃতিক আৰু ধৰ্মীয় আদৰ্শৰ প্ৰভাৱ শক্তিশালী অৱস্থাত থাকে, সেই আদৰ্শই গ্ৰহণ কৰা  ইতিহাস চৰ্চাকে নতুন ধাৰা হিচাপে বুজেবৰ্তমান অসমৰ সৰহসংখ্যক ঐতিহাসিকে নতুন ধাৰাৰ ইতিহাস চৰ্চা মানে কোনবিধক বুজি লৈছে সেয়া সকলোৰে জ্ঞাত আৰু তাৰে প্ৰতিফলন আমি মাজে সময়ে দেখিবলৈ পাওঁ ।

ইতিহাস চৰ্চাত ঐতিহাসিকজনৰ সামাজিক দায়বদ্ধতা আৰু নৈতিকতাৰ অপৰিসীম গুৰুত্ব আছেইয়াৰ অৰ্থ এইটো নহয় যে সামাজিক দায়বদ্ধতা আৰু নৈতিকতাৰ স্বাৰ্থত ঐতিহাসিকজনে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি ইতিহাস চৰ্চা নকৰিব ।  এই সম্পৰ্কত ড’নাল্ড ব্লক্সহামে ‘হিষ্ট’ৰী এণ্ড ম’ৰালিটি’ নামৰ গ্ৰন্থখনত কৈছে যে নৈতিক বিচাৰবোৰে ইতিহাসত ইমানেই গভীৰভাবে সোমাই থাকে যে সেইবোৰ আঁতৰাই পেলালে ইতিহাসবোৰ অত্যন্ত আচহুৱা হৈ পৰিব  সেয়েহে, ঐতিহাসিকসকলে সামাজিক দায়বদ্ধতা আৰু নৈতিকতাৰ উপাদানসমূহ ইতিহাসৰ পৰা নিৰ্মূল কৰিবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে সেইবোৰ কেনেকৈ আৰু কি ন্যায্যতাৰে কৰা হৈছে, সেই বিষয়ে অধিক সামঞ্জস্যপূৰ্ণভাৱে চিন্তা কৰাটো প্ৰয়োজন

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ আগষ্ট ২০২৫]

 

Wednesday, 4 June 2025

অসমৰ অৰ্থনীতিৰ দুটা দশকৰ ধাৰা (Trends in the Economy of Assam over Two Decades)

             নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতবৰ্ষৰ সেই সময়ৰ (বিংশ শতিকাৰ শেষৰ দশক) অৰ্থনৈতিক দুৰৱস্থা উদ্ধাৰৰ লগতে আগন্তুক দিনত তাৎপৰ্যপূৰ্ণ উন্নয়ন আশা কৰা হৈছিল । যোৱা শতিকাৰ শেষৰ দশকতে (১৯৯১ চনত) দেশখনত নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰা হৈছিল যদিও একৈশ শতিকাৰ আৰম্ভনিৰ পৰাহে  দেশখনৰ অৰ্থনৈতিক অৱস্থাৰ কিছুমান পৰিৱৰ্তন দেখা গৈছে ।  কেন্দ্ৰীয় চৰকাৰে দেশখনত নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰাৰ লগে লগে ৰাজ্যসমূহতো স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰে ।  উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিচিত অসমৰ অৰ্থনীতি যোৱা দুটা দশকত কোন দিশত গতি কৰিছে সেই সম্পৰ্কে এই প্ৰৱন্ধটোত আলোচনা কৰা হৈছে  

এখন অৰ্থনীতি কোন দিশত গতি কৰিছে সেয়া কেইবাটাও নিৰ্দেশকৰ (Indicators) দ্বাৰা উপস্থাপন কৰিব পাৰি । এই প্ৰবন্ধটোত পাঁচটা মূল নিৰ্দেশকৰ দ্বাৰা অসমৰ অৰ্থনীতিৰ ধাৰা উপস্থাপন কৰা হৈছে –(১) ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদন, (২) জনমূৰি আয়, (৩) মুদ্ৰাস্ফীতি, (৪) নিৱনুৱা, আৰু (৫) দৰিদ্ৰতা । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ২০০০-০১ বিত্তবৰ্ষৰ তুলনাত ২০২৩-২৪ বিত্তবৰ্ষত অসমৰ ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদনৰ পৰিমাণ ১৪ গুণ বৃদ্ধি হৈছে । ৰাজ্যখনৰ ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ২০২০-২১ বিত্তবৰ্ষত সৰ্বনিম্ন  (.৪৮ শতাংশ) আৰু ২০১২-১৩ বিত্তবৰ্ষত সৰ্বচ্চ আছিল  (২৭.০১ শতাংশ) ।  উল্লেখযোগ্য যে ২০২০-২১ বিত্তবৰ্ষত ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰো সৰ্বনিম্ন আছিল (২.২৮ শতাংশ) ।  ব্যাখ্যাৰ প্ৰয়োজন নাই যে কোভিড-১৯ ৰ প্ৰভাৱৰ ফলতে ২০২০-২১ বিত্তবৰ্ষত নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ঋনাত্মক হৈছিল ।  উল্লেখযোগ্য যে ২০১৩-১৪ বিত্তবৰ্ষৰ পিছত অসমৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা (Trend of annual growth rate) ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰাকৈ ওপৰত আৰু ক্ৰমবৰ্ধমান হৈ আছে ।  অৰ্থাত, ২০১৩-১৪ বিত্তবৰ্ষৰ আগত ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা অসমৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰতকৈ ওপৰত আছিল । যোৱা দুটা দশকত ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা প্ৰায় সুস্থিৰ (Steady) হৈ আছে   

২০০০-০১ বিত্তবৰ্ষৰ পৰা ২০২৩-২৪ বিত্তবৰ্ষৰ সময়ছোৱাত অসমৰ জনমূৰি আয়ৰ পৰিমাণ ৮.৬ গুণ বৃদ্ধি হৈছে ।  অৱশ্যে, যোৱা দুটা দশক ধৰি সৰ্বভাৰতীয় জনমূৰি আয়ৰ তুলনাত অসমৰ জনমূৰি আয়ৰ পৰিমাণ কম হৈয়ে আছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ২০০০-০১ বিত্তবৰ্ষত ভাৰত আৰু অসমৰ জনমূৰি আয়ৰ পৰিমাণ আছিল ক্ৰমে ১৬,৬৮৮ টকা আৰু ১২,৮০৩ টকা । ২০২৩-২৪ বিত্তবৰ্ষত ভাৰত আৰু অসমৰ জনমূৰি আয়ৰ পৰিমাণ হ’ল ক্ৰমে ১,৮৪,২০৫ টকা আৰু  ১,৩৫,৭৮৭ টকা ।  কিন্তু, অসমৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা  (Trend of annual growth rate of per capita income) ২০১৩-১৪ বিত্তবৰ্ষৰ পিছত সৰ্বভাৰতীয় ধাৰাতকৈ ওপৰত আৰু ক্ৰমবৰ্ধমান হৈ আছে । অৱশ্যে, কোভিড-১৯ ৰ বাবে ২০২০-২১ বিত্তবৰ্ষত ৰাজ্যখনৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ঋনাত্মক আছিল (৩.৫২ শতাংশ) ।

জনমূৰি আয়ৰ বৃদ্ধিৰ সমান্তৰালকৈ সামগ্ৰী আৰু সেৱাৰ দামো বৃদ্ধি হৈ থাকিলে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থাৰ কোনো পৰিৱৰ্তন নহয় । কাৰণ, তেওঁলোকৰ ক্ৰয় ক্ষমতাৰ কোনো পৰিৱৰ্তন নঘটে ।  জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ তুলনা কৰিলে জনসাধাৰণৰ ক্ৰয় ক্ষমতা পৰিৱৰ্তনৰ উমান পোৱা যায়   ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ২০০০-০১ বিত্তবৰ্ষত অসমৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ আছিল ক্ৰমে ৪.২ শতাংশ আৰু ৪.১ শতাংশ ।  ২০২০-২১ বিত্তবৰ্ষত ৰাজ্যখনৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ হ’ল ক্ৰমে ৩.৫২ শতাংশ আৰু ৮.৫ শতাংশ ।  ২০২০-২১ বিত্তবৰ্ষটোক অস্বাভাৱিক বিত্তবৰ্ষ (কোভিড-১৯ ৰ বাবে) হিচাপে ধৰিলে এইটো স্পষ্ট যে যোৱা দুটা দশক ধৰি ৰাজ্যখনৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ পাৰ্থক্য ধনাত্মক হৈ আছে ।  আন কথাত, যোৱা দুটা দশকত ৰাজ্যখনৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাইছে ।

নিৱনুৱা সমস্যা অসমৰ অৰ্থনীতিৰ এটা জলন্ত সমস্যা ।  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ১৯৯৯-০০ বৰ্ষত অসমৰ গ্ৰামাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৩৯ জন নিৱনুৱা আছিল ।  ২০০৪-০৫ বৰ্ষত নিৱনুৱাৰ সংখ্যা প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ২৬ জনলৈ  হ্ৰাস হৈছিল যদিও ২০১৭-১৮ বৰ্ষত প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৮৩ জনলৈ (যোৱা দুটা দশকত সৰ্বচ্চ) বৃদ্ধি হৈছিল ।  যোৱা দুটা দশকত, ২০২২-২৩ বৰ্ষত অসমৰ গ্ৰাম্য নিৱনুৱাৰ সংখ্যা সৰ্বনিম্ন আছিল (প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ১৫ জন) । শেহতীয়া তথ্য অনুসৰি (২০২৩-২৪), ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৩৫ জন নিৱনুৱা আছে ।  ৰাজ্যখনৰ গ্ৰাম্য নিৱনুৱাতকৈ নগৰীয়া নিৱনুৱাৰ সংখ্যা বেছি । ১৯৯৯-২০০০ বৰ্ষত  অসমত নগৰাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৯৭ জন নিৱনুৱা আছিল ।  ২০০৯-১০ বৰ্ষত নগৰীয়া নিৱনুৱাৰ সংখ্যা প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৫২ জনলৈ (যোৱা দুটা দশকত সৰ্বনিম্ন) হ্ৰাস পাইছিল যদিও ২০১৮-১৯ বৰ্ষত ১০৭ জনলৈ (যোৱা দুটা দশকত সৰ্বচ্চ) বৃদ্ধি হৈছিল ।  শেহতীয়া তথ্য অনুসৰি (২০২৩-২৪), ৰাজ্যখনৰ নগৰাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৭৪ জন নিৱনুৱা আছে ।  নতুন অৰ্থনৈতিক নীতিৰ প্ৰৱৰ্তনেৰে ব্যক্তিগত খণ্ডৰ জৰিয়তে নিয়োগ বৃদ্ধি কৰি নিৱনুৱা সমস্যা লাঘৱ কৰিব বিচৰা হৈছিল । কিন্তু, বাস্তৱত ইয়াৰ উল্লেখযোগ্য ফলাফল দেখা নগ’ল ।  নিৱনুৱা সমস্যা ৰাজ্যখনৰ এটা জলন্ত সমস্যা হিচাপে থাকি গ’ল । 

নিৱনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ মাজত ঋনাত্মক সহসম্বন্ধ আছে । আন সকলো কথা একে থাকিলে (যেনে-সামগ্ৰী আৰু সেৱাৰ দাম, স্বাভাৱিক বিত্তবৰ্ষ আদি),  নিয়োগ বৃদ্ধি হ’লে দৰিদ্ৰতা হ্ৰাস হয় । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ১৯৯৯-২০০০ বৰ্ষত ৰাজ্যখনৰ দৰিদ্ৰতাৰ হাৰ আছিল ৩৬.১ শতাংশ । ২০০৪-০৫ বৰ্ষত দৰিদ্ৰতাৰ হাৰ ৩৪.৪ শতাংশলৈ নামিছিল যদিও ২০০৯-১০ বৰ্ষত পুনৰ বৃদ্ধি হৈ ৩৭.৯ শতাংশ হৈছিল ।  ২০১৯-২০২০ বৰ্ষত ৰাজ্যখনৰ দৰিদ্ৰতাৰ হাৰ ১৪.৪৭ শতাংশ হৈছে ।  অৰ্থাত, যোৱা দুটা দশকত অসমৰ দৰিদ্ৰতাৰ হাৰ হ্ৰাস হৈছে ।  সৰ্বভাৰতীয় দৰিদ্ৰতাৰ হাৰৰ সৈতে তুলনা কৰিলে দেখা গৈছে যে ২০১৯-২০ বৰ্ষত অসম আৰু ভাৰতৰ দৰিদ্ৰতাৰ হাৰ প্ৰায় সমান হৈছে  (ভাৰত আৰু অসমৰ দৰিদ্ৰতাৰ হাৰ ক্ৰমে ১৪.৯ শতাংশ আৰু ১৪.৪৭ শতাংশ)  । অৱশ্যে, অসমৰ দৰিদ্ৰতাৰ হাৰৰ ধাৰা (Trend of poverty rate) সৰ্বভাৰতীয় দৰিদ্ৰতাৰ হাৰৰ ধাৰাতকৈ ওপৰত আছে ।   

অসমৰ ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদন আৰু জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা যোৱা দুটা দশকত উৰ্ধমুখী হৈছে । নিৱনুৱাৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্যখনে উল্লেখযোগ্য পাৰদৰ্শিতা দেখুৱাব পৰা নাই । কিন্তু, ৰাজ্যখনৰ জনসাধাৰণৰ  ক্ৰয় ক্ষমতা বৃদ্ধি হৈছে  আৰু দৰিদ্ৰতাৰ হাৰ প্ৰায় আধাতকৈ বেছি হ্ৰাস হৈছে ।  তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, কাৰণ যিয়েই নহওক, ২০০৮ চনৰ বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাই  ভাৰত বা অসমৰ অৰ্থনীতিৰ ওপৰত  ঋণাত্মক প্ৰভাৱ পেলাব পৰা নাছিল ।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ৪ জুন ২০২৫, পৃষ্ঠা: ৭]

Saturday, 31 May 2025

ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহৰ উন্নয়ন (Development of Sixth Schedule Districts of Assam)

             ভাৰতৰ সংবিধানৰ ২৪৪(২) অনুচ্ছেদ অনুসৰি অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ ৰাজ্যপালে সংশ্লিষ্ট ৰাজ্যখনৰ জনজাতি অধ্যূসিত অঞ্চলক সংবিধানখনৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰি ৰাজ্যৰ ভিতৰতে স্বায়ত্বশাসিত অঞ্চল হিচাপে ঘোষণা কৰিব পাৰে । সংবিধানখনৰ ২৭৫(১) অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে সেই অঞ্চলসমূহলৈ বিত্তীয় সাহাৰ্য প্ৰদান কৰিব পাৰে ।  সংবিধানখনৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত অসমত বৰ্তমান তিনিখন স্বায়্ত্বশাসিত পৰিষদ আছে ।  সেই তিনিখন হ’ল- কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ (ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ হিচাপেও জনা যায়) আৰু বড়োলেণ্ড টেৰিট’ৰিয়েল পৰিষদ (চমুকৈ, বি টি ছি) । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ দুখন ক্ৰমে ১৯৫১ আৰু ১৯৫২ চনত গঠন কৰা হৈছিল ।  বড়োসকলৰ দীঘলীয়া সংগ্ৰামৰ ফলস্বৰূপে ২০০৩ চনত বি টি ছি গঠন কৰা হৈছিল ।  অসম ৰাজ্যৰ জিলা হিচাপে বৰ্তমান ডিমা হাছাও পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদে ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে  কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি লয় । বি টি ছিয়ে ৰাজ্যখনৰ পাঁচখন জিলাক (কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ) সামৰি লয় ।  

প্ৰথম অৱস্থাত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদসমূহক সামজিক প্ৰথা, সংস্কৃতি, ধৰ্ম, ভূমি, বিবাহ আৰু পৰম্পৰাৰ ক্ষেত্ৰতহে ক্ষমতা প্ৰদান কৰা হৈছিল । কিন্তু, পিছলৈ (১৯৭০ চনত) কৃষি, উদ্যোগ, শিক্ষা (প্ৰাথমিক, মাধ্যমিক, প্ৰাপ্তবয়স্ক), সাংস্কৃতিক পৰিক্ৰমাকে ধৰি ত্ৰিছটা বিষয়ত ক্ষমতা প্ৰদান কৰা হয় । অৱশ্যে, বি টি ছিক আন দুখন স্বায়ত্বশাসিত পৰিষদতকৈ অধিক ক্ষমতা প্ৰদান কৰা হৈছে । বহলাই কোৱাৰ প্ৰয়োজন নাই যে স্বায়ত্বশাসন প্ৰদানৰ জৰিয়তে জনজাতি অধ্যূসিত জিলাসমূহৰ সাৱলীকৰণ আৰু ৰাজ্য চৰকাৰৰ পৰা ক্ষমতা বিকেন্দ্ৰীভূত কৰাৰ উদ্দেশ্য নিহিত আছে ।  সংবিধানখনৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্বশাসিত পৰিষদসমূহৰ পাৰদৰ্শিতা সন্দৰ্ভত মাজে সময়ে প্ৰশ্ন উত্থাপিত হৈ থাকে । এই লেখাটোত ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহৰ মানৱ উন্নয়ন, আয়ৰ অসমতা আৰু দৰিদ্ৰতাৰ ছবিখন দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে ।

অসম চৰকাৰে ২০০৩ চনত প্ৰকাশ কৰা মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি, অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ (০.৪০৭) কাৰ্বি আংলং জিলাৰ মান বেছি (০.৪৯৪) আছিল । কিন্তু, ডিমা হাছাও জিলাৰ মান অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ কম (০.৩৬৩) আছিল ।  ২০১৪ চনত প্ৰকাশ কৰা মানৱ উন্নয়ন প্ৰতিবেদন অনসৰি (মানৱ উন্নয়ন সম্পৰ্কে অসম চৰকাৰে প্ৰকাশ কৰা এইখনেই শেহতীয়া প্ৰতিবেদন), অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মান বৃদ্ধি পোৱাৰ সমান্তৰালকৈ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ মানো বৃদ্ধি পাইছে । দুয়োখন জিলাৰে অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ বেছি হৈছে । কিন্তু, বি টি ছিৰ  অন্তৰ্গত এখন জিলাৰ বাহিৰে (চিৰাং)  আটাইকেইখন জিলাৰে মানৱ উন্নয়নৰ মান অসমৰ সামগ্ৰিক মানতকৈ কম দেখা গৈছে । ইয়াৰ পৰা এইটো স্পষ্ট যে মানৱ উন্নয়নৰ ক্ষেত্ৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে, অসমৰ সামগ্ৰিক অৱস্থাতকৈ ভাল  পাৰদৰ্শিতা দেখুৱাব পাৰিছে ।  কিন্তু, বি টি ছিৰ ক্ষেত্ৰত ইয়াৰ ওলোটা ছবি দেখা গৈছে । পৰিষদকেইখনৰ অন্তৰ্গত জিলাকেইখনৰ চাৰিসীমাত অৱস্থিত অথচ পৰিষদৰ অন্তৰ্গত নোহোৱা জিলাসমূহৰ তুলনামূলক অধ্যয়নৰ পৰা পৰিষদকেইখনৰ পাৰদৰ্শিতাৰ ইংগিত পাব পাৰি । কাৰ্বি আংলং জিলাৰ চাৰিসীমাত মৰিগাঁও, গোলাঘাট, নগাঁও আৰু হোজাই জিলা অৱস্থিত । ২০১৪ চনৰ অসমৰ মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি, কাৰ্বি আংলং জিলাৰ মানৱ উন্নয়নৰ মান মৰিগাঁও, গোলাঘাট আৰু নগাঁও জিলাতকৈ বেছি । ডিমা হাছাও জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত কাছাৰ আৰু নগাঁও জিলাতকৈ বেছি (হোজাই জিলা ডিমা হাছাও জিলাৰ চাৰিসীমাত অৱস্থিত, জিলাখন ২০১৫ চনত গঠন হৈছিল, সেয়েহে তুলনাৰ বাবে নগাঁও জিলাকে সামৰি লোৱা হৈছে) । বি টি ছিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত বৰপেটা আৰু বঙাইগাঁও জিলাতকৈ কম, কিন্তু ধুবুৰী জিলাতকৈ বেছি । চিৰাং জিলাৰ মানৱ উন্নয়নৰ মান, জিলাখনৰ চাৰিসীমাত অৱস্থিত বঙাইগাঁও জিলাতকৈ বেছি, কিন্তু বৰপেটা জিলাতকৈ কম । বাক্সা জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ (বৰপেটা, নলবাৰী আৰু কামৰূপ) কম । ওদালগুৰি জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত শোণিতপুৰ জিলাতকৈ কম, কিন্তু দৰং জিলাতকৈ বেছি ।  ইয়াৰ পৰা বুজা যায় যে মানৱ উন্নয়নৰ ক্ষেত্ৰত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত জিলাকেইখনে সংশ্লিষ্ট জিলাখনৰ  চাৰিসীমাত অৱস্থিত জিলাসমূহতকৈ ভাল পাৰদৰ্শিতা দেখুৱাইছে । কিন্তু, বি টি ছিৰ অন্তৰ্গত জিলাকেইখনে সংশ্লিষ্ট জিলাখনৰ চাৰিসীমাত অৱস্থিত জিলাসমূহৰ তুলনাত মিশ্ৰিত পাৰদৰ্শিতা দেখুৱাইছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদতকৈ পঞ্চাছ বছৰৰ পিছত বি টি ছি গঠন হোৱাৰ বাবে মানৱ উন্নয়নৰ ক্ষেত্ৰত পৰিষদখনৰ অন্তৰ্গত জিলাকেইখনে ভাল পাৰদৰ্শিতা দেখুৱাব পৰা নাই বুলি ক’ব পাৰি (আন কাৰণৰ উপৰি) ।  

তালিকা ১: ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাকেইখনৰ মানৱ উন্নয়নৰ মান,

জিনি সহগ আৰু এম পি আই

জিলাৰ নাম

মানৱ উন্নয়নৰ

মান (২০১৪)

জিনি সহগ

(২০১৪)

এম পি আই

(২০২৩)

কাৰ্বি আংলং

০.৬১২

০.৬

১৬.৬০

পশ্চিম কাৰ্বি আংলং*

-----

----

২৪.০৯

ডিমা হাছাও

০.৬৩৮

০.৩

১৩.৬৩

কোকৰাঝাৰ

০.৫১৯

০.৪

১৮.৯২

চিৰাং

০.৬১৪

০.৫

১৮.৯২

বাক্সা

০.৪৩৭

০.৪

১৬.৭৯

ওদালগুৰি

০.৫২৩

০.৫

১৯.১৬

অসম

০.৫৫৭

০.৫

১৯.৩৫

    Source:  Assam Human Development Report, 2014 & India Multidimensional

     Poverty Index, 2023.

               * পশ্চিম কাৰ্বি আংলং জিলাখন ২০১৬ চনত গঠন কৰা হৈছে ।

 

জিনি সহগৰ জৰিয়তে আয়ৰ অসমতাৰ আভাষ পাব পাৰি গিনি সহগ হ’ল- কোনো এখন অৰ্থনীতিৰ ধনী আৰু দৰিদ্ৰ ব্যক্তি বা পৰিয়ালৰ মাজৰ ব্যৱধানৰ জোখাৰ পৰিমাপ ।  জিনি সহগ বেছি হোৱা মানে আয়ৰ অসমতা অধিক থকা বুজায় ।  ২০১৪ চনৰ তথ্য অনুসৰি, কাৰ্বি আংলং জিলাৰ আয়ৰ অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাতকৈ বেছি । ডিমা হাছাও জিলাৰ আয়ৰ অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাতকৈ কম পোৱা গৈছে ।  বি টি ছিৰ অন্তৰ্গত চিৰাং আৰু ওদালগুৰি জিলাৰ আয়ৰ অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাৰ সৈতে সমান । কিন্তু, অসমৰ সামগ্ৰিক আয়ৰ অসমতাৰ তুলনাত কোকৰাঝাৰ আৰু বাক্সা জিলাৰ আয়ৰ অসমতা কম  (তামুলপুৰ জিলাখন ২০২৩ চনত গঠন হৈছিল বাবে জিলাখনৰ আয়ৰ অসমতাৰ তুলনাত আনিব পৰা নাযায়) ।  ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ চাৰিসীমাত অৱস্থিত ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ সৈতে তুলনা কৰিলে দেখা যায় যে  কাৰ্বি আংলং জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত (মৰিগাঁও, নগাঁও, গোলাঘাট) আটাইকেইখন জিলাৰ আয়ৰ অসমতাতকৈ বেছি । আয়ৰ অসমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত ডিমা হাছাও জিলাই ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিছে । জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ (কাছাৰ আৰু নগাঁও) ডিমা হাছাও জিলাৰ আয়ৰ অসমতা কম ।  কোকৰাঝাৰ জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত (বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী) আটাইকেইখন জিলাতকৈ  কম ।  চিৰাং জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত বঙাইগাঁও জিলাতকৈ কম হোৱাৰ বিপৰীতে বৰপেটা জিলাতকৈ বেছি ।  কোকৰাঝাৰ জিলাৰ দৰে বাক্সা জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত (বৰপেটা, নলবাৰী আৰু কামৰূপ) অৱস্থিত আটাইকেইখন জিলাতকৈ কম । ওদালগুৰি জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত শোণিতপুৰ জিলাতকৈ কম । কিন্তু, দৰং জিলাৰ সৈতে সমান ।  ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলা আৰু ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ আয়ৰ অসমতাৰ  জিনি সহগৰ গড় মান তুলনা কৰিলে দেখা যায় যে ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহে ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাতকৈ ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিছে (ষষ্ঠ অনুসূচীত অন্তৰ্গত আৰু বাহিৰৰ জিলাসমূহৰ গড় জিনি সহগ ক্ৰমে ০.৪৬ আৰু ০.৫৩)    এক কথাত, স্বায়ত্বশাসন ব্যৱস্থাই জনজাতীয় অঞ্চলসমূহক আয়ৰ অসমতা হ্ৰাস কৰাত অৰিহণা যোগাইছে ।  

তালিকা ২: ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ  চাৰিসীমাত অৱস্থিত (ষষ্ঠ অনুসূচীৰ বাহিৰৰ)

জিলাকেইখনৰ মানৱ উন্নয়নৰ মান, জিনি সহগ আৰু এম পি আই

জিলাৰ নাম

মানৱ উন্নয়নৰ মান (২০১৪)

জিনি সহগ

(২০১৪)

এম পি আই

(২০২৩)

মৰিগাঁও

০.৫৭৬

০.৪

২২.৪৬

নগাঁও

০.৫৯২

০.৫

২০.৮৪

হোজাই*

-----

-----

১৪.১৩

গোলাঘাট

০.৫৪৩

০.৪

১৪.৬০

কাছাৰ

০.৪৬৩

০.৫

৩০.৫৮

বৰপেটা

০.৬২৪

০.৫

১৯.১২

বঙাইগাঁও

০.৫৬৪

০.৬

১৭.৩৯

ধুবুৰী

০.৪৮২

০.৫

২৬.০২

দ: শালমাৰা-মানকাচাৰ**

-----

-----

২৮.২৪

নলবাৰী

০.৫৬৪

০.৬

১৭.৩৯

কামৰূপ

০.৬২৪

০.৪

১৯.১২

শোণিতপুৰ

০.৫২৬

০.৯

১৯.২৪

দৰং

০.৫১৯

০.৫

২৩.৬৫

   Source: Assam Human Development Report, 2014 & India Multidimensional

  Poverty Index, 2023.

      *হোজাই জিলাখন ২০১৫ চনত গঠন কৰা হৈছে ।

 **দক্ষিণ শালমাৰা-মানকাচাৰ জিলাখন ২০১৬ চনত গঠন কৰা হৈছে ।

     দৰিদ্ৰতাৰ ক্ষেত্ৰত দেখা গৈছে যে ষষ্ঠ অনুসূচীত অন্তৰ্গত পশ্চিম কাৰ্বি আংলং জিলাৰ বাহিৰে আটাইকেইখন জিলাৰে বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক অসমৰ সামগ্ৰিক বহুমাত্ৰিক সূচকাংকতকৈ কম (বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচকাংক কম হোৱা মানে দুখীয়া লোক কম থকা বুজায়) ।  কাৰ্বি আংলং জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ  চাৰিসীমাত অৱস্থিত গোলাঘাট আৰু হোজাই জিলাতকৈ বেয়া, কিন্তু নগাঁও জিলাতকৈ ভাল । পশ্চিম কাৰ্বি আংলং জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ বেয়া দেখা গৈছে ।  ডিমা হাছাও, চিৰাং আৰু ওদালগুৰি জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাকেইখনৰ চাৰিসীমাত অৱস্থিত জিলাসমূহতকৈ ভাল । কোকৰাঝাৰ জিলাৰ বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচকাংক জিলাখনৰ চাৰিসীমাত অৱস্থিত বঙাইগাঁও জিলাৰ বাহিৰে আটাইকেইখন জিলাতকৈ কম পোৱা গৈছে । বাক্সা জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ ভাল দেখা গৈছে ।

ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্বশাসনৰ ব্যৱস্থা থকা জিলাসমূহে মানৱ উন্নয়নৰ বৃদ্ধি, আয়ৰ অসমতা আৰু দৰিদ্ৰতা হ্ৰাসৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ পাৰদৰ্শিতা দেখুৱাব পৰা নাই । কিন্তু, উল্লিখিত দিশসমূ্হত এই জিলাসমূহে তুলনামূলকভাবে অসমৰ সামগ্ৰিক অৱস্থাতকৈ ভাল অৱস্থাত উপনিত হ’ব পাৰিছে । ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ (ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ চাৰিসীমাত অৱস্থিত) তুলনাত ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহে সামগ্ৰিকভাবে ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিছে । এক কথাত, ষষ্ঠ অনুসূচীৰ অধীনত প্ৰদান কৰা স্বায়ত্বশাসন ব্যৱস্থাই জনজাতি অধ্যূসিত অঞ্চলসমূহৰ সাৱলীকৰণত কিছু পৰিমাণে হ’লেও অৰিহণা যোগাইছে ।

তথ্যৰ উৎস

১) Assam Human Development Report, 2003, Planning and Development Department, Government of Assam.   

২) Assam Human Development Report, 2014, Planning and Development Department, Government of Assam.   

৩) Hansaria, V. (2016): Justice Hansaria’s Sixth Schedule to the Constitution, 4th Edition, (Delhi: Universal Law Publishing).

৪)  India Multidimensional Poverty Index, 2023, NITI Aayog.

৫) The Constitution of India, (2024), Fingerprint.

৬) নাথ, মনোজ কুমাৰ (২০১৩): অসমৰ জনজাতি ৰাজনীতি, (গুৱাহাটী: আলিবাট) ।

[প্ৰকাশিত, ‘প্ৰান্তিক’, Vol. XLIV, No. 3, 1-15 January 2025]