Tuesday, 1 March 2011

সমগ্ৰ দেশে দেখিলে অসমীয়াৰ স্বৰূপ


Social Network Website ‘facebook’ত মোৰ বান্ধৱী এগৰাকীয়ে DY365 চেনেলৰ অতি স্পৰ্শকাতৰ ভিডিওৰ টুকুৰা এটা share কৰিছে। ভিডিওৰ টুকুৰাটো দেখাৰ পাছত বিবেকবান মানুহ মাত্ৰেই দুখ আৰু ঘৃণা প্রকাশ নকৰি নোৱাৰিব। ইতিমধ্যে আমাৰ বিশ্ববিদ্যালয়ৰ বহুতো বন্ধু-বান্ধৱীয়ে তীব্ৰ ভাষাৰে গৰিহনা দিছে। ভিডিওটো হ’ল-গুৱাহাটী মহানগৰীৰ চানমাৰি অঞ্চলৰ নিজৰাপাৰৰ ৰাজপথতে কেইগৰাকীমান অসমীয়া মহিলাই এগৰাকী মিজো মহিলাক শাৰীৰিকভাৱে অমানুসিক অত্যাচাৰ কৰিছে। ইজনীৰ পিছত সিজনীয়ে চৰিয়াইছে, চুলিত টানিছে। দুগৰাকীয়ে মাৰিৰে  মাৰিডাল নভঙালৈকে তাইৰ গায়ে মূৰে অবিৰতভাৱে কোবায়ে আছে। হাতযোৰ কৰি মিজো মহিলাগৰাকীয়ে ইংৰাজীতে কিবাকিবি কৈ আছে যদিও অসমীয়া মহিলা কেইগৰাকীয়ে তাইৰ কথালৈ গুৰুত্ব দিয়া নাই। তাৰ বিপৰীতে চুলিত টানি তাইক বগৰাই দিছে, আৰু কোবাইছে। মাৰিৰে কোবোৱা মহিলা দুগৰাকীৰ এগৰাকীয়ে মিজো মহিলাগৰাকীৰ মোবাইল ফোনটো কাঢ়ি লৈছে। চেনেলটোৰ কৰ্মচাৰী এজনে থানাত খবৰ দিয়াতহে পুলিচ আহি মহিলাগৰাকীক থানালৈ লৈ যায়। ঘটনাটোৰ বাতৰি ৩০ ডিচেম্বৰ ২০১০ৰ The Telegraph কাকতখনটো প্রকাশ পাইছে। ঘটনাটোৰ সন্ধৰ্ভত তিনিগৰাকী মহিলাক (আমাৰ চিঠিখনত মহিলা তিনিগৰাকীৰ নামসমূহ উল্লেখ কৰাৰ পৰা বিৰত থাকিলো) আটক কৰিছিল যদিও পিছত জামিনত মুক্তি দিয়া হয়।
চেনেলটোৰ ভাষ্যমতে মিজো মহিলাগৰাকীয়ে গুৱাহাটীৰ এঘৰত বিয়া খাবলৈ আহিছিল। অত্যধিক মদৰ নিচাত তাই ৰাস্তা হেৰুৱাই পেলাইছিল। খুব সম্ভৱ, আশ্রয় বিচাৰি তাই পুৱতি নিশা ৩ মান বজাত চানমাৰিৰ নিজৰাপাৰৰ এঘৰ মানুহৰ দুৱাৰত টুকুৰিয়াইছিল। মানুহঘৰৰ এজনী মহিলাই সৰু ল’ৰা এটাক লগত লৈ যেতিয়া দুৱাৰখন খুলিছিল, অবিনষ্ট চুলিৰে সৈতে মহিলাগৰাকীক দেখি ল’ৰাটোৱে ‘ভূত, ভূত’ বুলি চিঞৰিছিল। চিঞৰ শুনি ওচৰৰ মানুহবোৰ ওলাই আহি তাইক আটক কৰি সোধ পোছ কৰিছিল যদিও কোনো সুদোত্তৰ নাপালে। চুৰ, ডকাইতৰ উৎপাত বৃদ্ধি পোৱা অঞ্চলটোৰ (গুৱাহাটীৰ আন অঞ্চলতো চুৰৰ উৎপাত বৃদ্ধি পাইছে) মানুহবোৰে চুৰ বুলি সন্দেহ কৰি মহিলাগৰাকীক আটক কৰি ৰাতিপুৱা তেনে অমানুসিক অত্যাচাৰ কৰিছিল।
আমাৰ মনলৈ অহা চিন্তাবোৰ হ’ল-মিজো মহিলাগৰাকীৰ অপৰাধ যিয়ে নহওক (আমাৰ বোধেৰে তেনে অমানুসিক অত্যাচাৰৰ সম্মুখীন হ’ব লগাকৈ তাই অপৰাধ কৰা নাছিল) অসমীয়া মহিলা কেইগৰাকীয়ে ঘটনাটো সংঘটিত কৰি নিজৰ নীচ, অবিবেকচক, অভদ্র, অসভ্য, আসুৰিক আৰু অমানৱীয় মানসিকতাৰ পৰিচয় দিছে। দোষীক উপযুক্ত শাস্তি বিহিবৰ আমাৰ দেশত আইন ব্যৱস্থা এতিয়াও অটুট আছে। সেইকণ সাধাৰণ জ্ঞানো তেওঁলোকৰ মগজুৱে ঢুকি নাপালেনে?
দ্বিতীয়তে, মিজো মহিলাগৰাকীক অত্যাচাৰ কৰি থকা অসমীয়া মহিলা কেইগৰাকীৰ পতিদেৱসকল ঘটনাটোৰ সময়ত ক’ত আছিল? এই প্রসংগতে নিজৰাপাৰৰ সচেতন মহলকো সাঙুৰি ল’ব পাৰি। তেনে অমানুসিক অত্যাচাৰৰ পৰা নিসহায় মিজো মহিলাগৰাকীক ৰক্ষা কৰিবলৈ অঞ্চলটোত সৎ-সাহসী মানুহৰ ইমান অভাৱ হ’লনে? ভিডিওটোত দেখিলো হাস্যকৰভাৱে এজন পুৰুষে (আচলতে কাপুৰুষ) পিচফালৰ পৰা মহিলাগৰীক খুব জোৰেৰে লঠিয়াইছে। আনজনে ‘ভৰিত মাৰ, ভৰিত মাৰ’ বুলি অসমীয়া মহিলা কেইগৰাকীক উৎসাহ জগাই আছে।
তৃতীয়তে, অঞ্চলটোৰ মহিলাসকলৰ মহিলাৰ প্রতি অলপো সহানুভূতি ভাৱ নাইনে? The Telegraph কাকতখনৰ তথ্য মতে, মিজো মহিলাগৰাকীক অত্যাচাৰ কৰা অসমীয়া মহিলা কেইগৰাকীৰ মাজৰে এগৰাকী নামজলা সমাজকৰ্মী। তেনেকুৱা অমানৱীয় ঘটনাত জড়িত হৈ তেখেতে সমাজৰ উন্নতিৰ হকে কেনেকুৱা সেৱা আগবঢ়াব নক’লেও হ’ব। ইয়াৰোপৰি, অত্যাচাৰত লিপ্ত থকা মহিলা কেইগৰাকীৰ ল’ৰা-ছোৱালীবোৰে তেওঁলোকৰ পৰা মানৱীয় গুণৰ বিষয়ে কি শিকিব?
শেষত, ভূতৰ আকৃতি কেনেকুৱা? আন্ধাৰত অবিনষ্ট চুলিৰে কোনোবাই সম্মুখত থিয় হৈ থাকিলে তাক ভূত বুলি কমনে? ‘ভূত, ভূত’ বুলি চিঞৰাৰ বাবে সেই সৰু ল’ৰাটোক দোষ দিব নোৱাৰি। দোষ আচলতে তাৰ মাক-দেউতাক আৰু ‘ভূত কলেজত ভূত বিষয়টোৰ ডিগ্রীৰ লৈ’ তাৰ মনত ভূতৰ আকৃতি সুমুৱাই দিয়া ‘ভূত বিশেষজ্ঞসকল’। আমি জনা উচিত যে ভূত-প্রেত জাতীয় অলৌকিক কাহিনীবোৰ শিশুৰ মনত সুমুৱাই দিলে জীৱনত সিহঁতক ভয়াতুৰ হ’বলৈহে সহায় কৰে।

(প্রকাশিত, 'প্রান্তিক', ১৬-৩০ এপ্রিল, ২০১১)

2 comments:

  1. বিপুলদা, কথাতো সঁচাকৈ লজ্জা জনক!!! এনে ধৰণৰ ঘটনাই মহিলা জাতিৰ অগ্ৰগতিত মহিলাৰে বাধা থকা ধাৰণাটোত অধিক অৰিহণা যোগায়|আপোনাৰ আলোচনাতোৱে এনে মূখা পিন্ধা মানুহৰ প্ৰকৃত ৰূপ সমাজৰ আগলৈ আনিব বুলি আশা কৰিলো!

    ...পলি

    ReplyDelete
  2. ধন্যবাদ পলি !

    ReplyDelete