যোৱা
১৪ জুলাই ২০১২ তাৰিখে ধূপধৰাৰ বাছ আস্থানত গুৱাহাটী অভিমুখী বাছ এখনত উঠিলো। বাছখন
কিছুদূৰ চলাৰ পাছত স্বাভাৱিকতে বাছখনৰ পৰিচালকজনে গাড়ী ভাৰা ল’বলৈ ধৰিলে। মোৰ ঠিক পাছফালে
বহা যাত্রীজনে উপযুক্ত ভাৰাতকৈ কম দিলে। ধূপধৰাৰ পৰা মিৰ্জালৈ ভাৰা ত্রিছ টকা। কিন্তু
যাত্রীজনে বিছ টকাহে দিলে। পৰিচালকজনে ‘বিছ টকাত নহ’ব দাদা’ বুলি নেৰানেপেৰাকৈ ত্রিছ
টকা বিচাৰি থকাত যাত্রীজনে প্রায় ধমকিৰ সুৰত ক’লে যে তেওঁ বুলিহে বিছ টকা দিলে। তেওঁ
হেনো পুলিচত কাম কৰে। পৰিচয় পত্রখনো দেখুৱালে। গতিকে, তেওঁ এটকাও নিদিয়াকৈ বাছখনত উঠিব
পাৰিলেহেঁতেন। ওচৰত বহি থকা সকলোবোৰ যাত্রীয়ে তেখেতৰ ফালে চালে। পুলিচৰ পোছাকত নথকা
মানুহজনক বাৰু কোনেনো চিনি পাব যে তেওঁ পুলিচৰ চাকৰি কৰা বুলি? কথা হ’ল, পুলিচৰ চাকৰি
কৰা মানুহে কৰ্তব্যত নাথাকিলেও বাছ ভাৰা নিদিয়াকৈ যাত্রা কৰিব পাৰে নেকি?
প্রকাশিত 'প্রান্তিক', ১-১৫ নৱেম্বৰ ২০১২
No comments:
Post a Comment