যোৱা
দুই মে’ ২০১৫ তাৰিখে গোলাঘাট চহৰৰ পৰা গোৱালপাৰা জিলাৰ বায়দাৰ পৰা তিনি কিল’মিটাৰ
দূৰত্বত অৱস্থিত ৰংচাই গাঁৱলৈ বন্ধু এজনৰ বিয়া খাবলৈ গৈছিলোঁ। চাৰিজনীয়া দলটোৰ
গোলাঘাটৰ পৰা আগিয়ালৈ সমগ্ৰ যাত্ৰাৰ কালছোৱাত যিমান উপভোগ কৰিলোঁ, আগিয়াৰ পৰা বায়দালৈ
বিছ কিল’মিটাৰ দূৰত্বৰ পথছোৱাই আমাৰ সমগ্ৰ যাত্ৰা টেঙা কৰি পেলালে। আগিয়াৰ পৰা
লক্ষীপুৰ, টিক্কিৰকিল্লা তথা ফুলবাৰীলৈ সংযোগ থকা ব্যস্ত পকা ৰাস্তা এটা ইমান বেয়া
হ’ব পাৰে বুলি আমি তিলমানো ধাৰণা কৰিব পৰা নাছিলোঁ। বিকশিত অসমৰ পকা ৰাস্তা এটাত
ইমান দ দ খাল থাকে বুলি দেখাজনেহে বিশ্বাস কৰিব। বিছ কিল’মিটাৰ ৰাস্তা অতিক্ৰম
কৰিবলৈ আমাক প্ৰায় এঘণ্টা পোন্ধৰ মিনিট সময় লাগিল। বায়দা বা ৰংচাই গাঁৱৰ ৰোগীয়ে
তথা গৰ্ভৱতী মহিলাই আগিয়া বা গোৱালপাৰা চহৰত অৱস্থিত চিকিৎসালয়লৈ অনাৰ সময়ত
নি:সন্দেহে যমৰ যাতনা ভোগ কৰিবলগীয়া হয়। যোৰহাটস্থিত বিশিষ্ট সাংবাদিক সঞ্জয়
হাজৰিকাই কোৱাৰ দৰে তেনে পকা ৰাস্তাবোৰৰ মাজত আচলতে খাল নাই, খালৰ মাজতহে ৰাস্তা
আছে।
ৰাস্তাটোৰ
অৱস্থাই আমাক গোৱালপাৰা জিলাত মাজে মাজে সংঘটিত হৈ থকা সৰু-ডাঙৰ গোষ্ঠী সংঘৰ্ষ আৰু
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখনৰ নিৰ্বাচনৰ কথা মনত পেলাই দিলে। আমাৰ বোধেৰে
জিলাখনৰ সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণে গোষ্ঠী পাৰ্থক্যৰ ওপৰলৈ উঠি সকলোৰে বাবে অতি
প্ৰয়োজনীয় পথছোৱা চৰকাৰৰ পৰা আদায় কৰি লোৱাহে উচিত হ’ব। ২০১৩ চনৰ নৱেম্বৰ মাহত
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সুকলমে হৈ গ’ল। পৰিষদখনে যিকোনো প্ৰকাৰে
অঞ্চলটোৰ পথছোৱা মেৰামতি কৰি দিব পাৰিলে সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণ উপকৃত হ’ব আৰু
পৰিষদখনৰ প্ৰতি সকলোৰে আস্থা বৃদ্ধি পাব।
প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১ অক্টোবৰ, ২০১৫।
No comments:
Post a Comment