২০১০
চনৰ ১৮ ছেপ্টেম্বৰ গধূলি। স্থান-হায়দৰাবাদৰ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰ। হায়দৰাবাদ
বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগ আৰু অষ্ট্ৰেলিয়াৰ Deakin Universityৰ সহযোগত ১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ “Pharmaceuticals
in Developing and Emerging Economies: Production, Innovation and Access to Medicines in the Wake of
TRIPS” শীৰ্ষক এখন
আন্ত:ৰাষ্ট্ৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰিছে। ১৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ বিশেষ সমল
ব্যক্তি হিচাপে বিশিষ্ট্য স্বাধীন গৱেষক, মানৱ অধিকাৰ কৰ্মী আনন্দ গ্ৰোভাৰক আমন্ত্ৰণ
জনোৱা হৈছে। তেখেতক বিমান বন্দৰৰ পৰা আগবঢ়াই অনাৰ দায়িত্ব মোকে দিয়া হৈছে।
নিৰ্দিষ্ট সময়ত তেখেতে যাত্ৰা কৰা বিমানখন, বিমান বন্দৰটোত লেণ্ড কৰাৰ খবৰ পোৱাৰ
পাছত আনন্দ গ্ৰোভাৰৰ নাম লিখা কাগজ এখন লৈ যাত্ৰী আগমনৰ নিৰ্দিষ্ট পথত তেখেতলৈ বাদ
চাই আছোঁ। ‘ময়ে আনন্দ গ্ৰোভাৰ’ বুলি তেখেতে চিনাকি দি মোৰ সৈতে হাত মিলালে। দুয়োখন
কান্ধত দুটা ডাঙৰ ডাঙৰ বেগ। তাৰে এটা বেগ আমাৰ গাড়ীখন ৰখাই থোৱা স্থানলৈ মই
কঢ়িয়াবলৈ বিছৰাত তেখেতে ক’লে যে তেখেতে নিজৰ বেগ নিজে কঢ়িয়াই লৈ ফুৰে। মই থতমত
খালোঁ। আচলতে সেই পৰ্যায়লৈ মই ভাবিবই পৰা নাছিলোঁ। কাৰণ, তেখেতক আগবঢ়াই অনাৰ আগতে
মই আৰু দুগৰাকী সমল ব্যক্তিক আগবঢ়াই আনিছিলোঁ, তেওঁলোকে বিনা আপত্তিৰে মোলৈ তেওঁলোকৰ
বেগ আগবঢ়াই দিছিল।
ঘটনাটো
সৰু যদিও মোৰ মনত খুউব দকৈ সাঁচ বহুৱালে। বেগ কঢ়িওৱাৰ পৰিস্থিতি সৃষ্টি হ’লেই
তেখেতলৈ মনত পৰি যায়। ময়ো মোৰ বেগ আনক কঢ়িয়াবলৈ দিবলৈ বেয়া পোৱা হ’লোঁ। সেইদৰে
যিমানেই সন্মানীয় ব্যক্তি নহওক কিয়, তেখেতৰ বেগ মোক কঢ়িয়াবলৈ দিলে বিৰক্তি অনুভৱ
কৰোঁ। অৱশ্যে, ব্যক্তিজনে বেগটো কঢ়িয়াব নোৱাৰিলে কথাটো সুকীয়া।
পুনচ্চ: আমাৰ অসমৰ কাৰ্যালয়বিলাকৰ মূৰব্বীয়ে
তেখেতৰ গাড়ীখন ৰখোৱা স্থানৰ পৰা সংশ্লিষ্ট কাৰ্যালয়টোলৈ নিজৰ সৰু হাতবেগটো তেখেতৰ
তলতীয়া কৰ্মচাৰীক কঢ়িয়াবলৈ দি কৰ্মচাৰীজনৰ পিছে পিছে গৈ কাৰ্যালয়টোত উপস্থিত হোৱা
এটা অতি সাধাৰণ দৃশ্য।
[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫
জানুৱাৰি, ২০১৬]
No comments:
Post a Comment