Tuesday, 1 March 2016

নিজ মুখে ৰাজহুৱা কামৰ প্ৰচাৰ

মন্ত্ৰী, বিধায়ক, পঞ্চায়তৰ সভাপতি, কোনো চৰকাৰী প্ৰতিষ্ঠানৰ মূৰব্বী আদিয়ে তেওঁলোকৰ কাৰ্যকালত কৰা কামবোৰৰ খতিয়ান নিজ মুখেৰে বাৰে বাৰে প্ৰচাৰ কৰা দেখা যায় (আঙুলিৰ মূৰত গণিব পৰা কেইজনমানৰ বাহিৰে)। কোনে, কি কাম, কিমান কৰিলে সেয়া ৰাইজে দেখিয়ে থাকে দেখোন। তেওঁলোকে ৰাইজক ইমান অকৃতজ্ঞ বুলি ভাবেনে? নিজে কৰা কামৰ খতিয়ান নিজে প্ৰচাৰ কৰি থাকিলে ৰাইজৰ চকুত নিজৰ স্থান তললৈহে যায়।  


[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ মাৰ্চ, ২০১৬]

No comments:

Post a Comment