‘আমাৰ অসম’
কাকতত যোৱা ৬ মে’ ২০১৬ তাৰিখে প্ৰকাশিত বিমল ফুকনৰ ‘মংগোল’ লেখাটো পঢ়ি আমিও
দু-আষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। এগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ মহিলাই ফুকনক “সৌ
‘মংগোলয়ড’ চেহেৰাৰ মানুহজন কোন?” বুলি প্ৰশ্ন কৰাত আচৰিত হোৱা বুলি তেখেতে উল্লেখ
কৰিছে। আচলতে, একে পৰিস্থিতিয়ে কিছুমান মানুহক আচৰিত কৰি তুলিলেও কিছুমান মানুহৰ
বাবে সেয়া সাধাৰণ ঘটনা। উল্লিখিত পৰিস্থিতিটো ফুকনৰ দৰে বিদ্বান লোকৰ বাবে আচৰিত
হ’বৰে ঘটনা যদিও সেই সম্ভ্ৰান্ত (প্ৰকৃত অৰ্থত সম্ভ্ৰান্ত নহয়) পৰিয়ালৰ মহিলা
গৰাকীৰ বাবে সেয়া একেবাৰে সাধাৰণ ঘটনা।
একৈশ শতিকা পালেহি। এতিয়াও কিছুমান
মানুহে সত্ৰৰ সত্ৰাধিকাজনক ‘সত্ৰাধিকাৰ প্ৰভু’, ‘প্ৰভু ঈশ্বৰ’, আদি অভিধা ব্যৱহাৰ
কৰি সম্বোধন কৰাৰ দেখা যায়। ফুকনে কোৱাৰ দৰে এইবোৰ অভিধা ব্যংগাত্মক বা বিদ্ৰুপৰ
সুৰত ব্যৱহাৰ নকৰে। প্ৰকৃত সুৰতে ব্যৱহাৰ কৰে। যিসকলে এইবোৰ অভিধা এতিয়াও ব্যৱহাৰ
কৰি আছে, তেওঁলোকৰ বাবে এইবোৰ নিতান্ত্যই সাধাৰণ ঘটনা। মানুহক ভগবানৰ দূত হিচাপে
গ্ৰহণ কৰিব নোৱাৰা আমাৰ দৰে ব্যক্তিকহে এইবোৰ অভিধাই আশ্চৰ্যান্বিত কৰি তোলে। সত্ৰ
অনুষ্ঠানৰে ভৰপূৰ অসমৰ বিখ্যাত অঞ্চল এটাত চাকৰি কৰিবলৈ গৈ, বিশ্ববিদ্যালয়ৰ উচ্চ
ডিগ্ৰীধাৰী কেইজনমান সহকৰ্মীসকলৰ মুখত উল্লিখিত অভিধাসমূহ যেতিয়া প্ৰথম শুনিছিলোঁ
নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাছিলোঁ। সি যি কি নহওক, এই পৰিস্থিতিবোৰৰ পৰাই গম
পোৱা যায় কোনজন মানুহ কিমান সম্ভ্ৰান্ত বা প্ৰগতিশীল।
[প্ৰকাশিত, ‘আমাৰ অসম’, ২০ মে’ ২০১৬]
No comments:
Post a Comment