Monday, 29 May 2017

প্ৰসংগ: ‘উন্নত শিক্ষা ধনিক শ্ৰেণীৰ বিশেষাধিকাৰ নহয়’

যোৱা ১৯ মে’ তাৰিখে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত দেৱৰঞ্জন বৰঠাকুৰৰ ‘উন্নত শিক্ষা ধনিক শ্ৰেণীৰ বিশেষাধিকাৰ নহয়’ শীৰ্ষক লেখাটো পঢ়িলোঁ। বৰঠাকুৰে ঠিকেই চিনাক্ত কৰিছে যে বিলাসী ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰেও সামাজিক বৈষম্য অনাত গুৰুত্বপূৰ্ণ ভুমিকা লৈছে। অৱশ্যে, ব্যক্তিগত খণ্ডৰ শিক্ষা মানেই যে উন্নত শিক্ষা সেয়া এশ শতাংশ শুদ্ধ নহয়। ব্যতিক্ৰমক বাদ দি ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ মূল উদ্দেশ্য ব্যৱসায় কৰা, যাৰ অভিপ্ৰায় মুনাফা আৰ্জন কৰা। ভাৰতৰ মানুহে এইবোৰ কথা নজনাও নহয়। চিন্তা কৰিবলগীয়া কথাটো হ’ল-‘অধিক খৰছ কৰিলেহে উন্নত তথা ভাল শিক্ষা পোৱা যায়’ বুলি যি ধাৰণা প্ৰচলিত হৈছে সেয়া ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। এই প্ৰৱণতা-কাৰোবাৰ বাবে অনুকৰণ, আন কাৰোবাৰ বাবে বাধ্যবাধকতা।  
বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা আমাৰ দেশৰ মানুহবিলাক সমূহীয়া (Collective) জীৱন ধাৰাৰ সৈতে সাঙৰ খাই আহিছে। এয়া হ’ল আমাৰ দেশৰ নিজস্ব ঠাঁচ (যাক ইংৰাজীত Collective Framework বুলি কোৱা হয়) এই ঠাঁচত অৰ্থনীতি, শিক্ষা আদিৰ দৰে বিষয়বোৰ তুলনামূলকভাবে ব্যক্তিগত ব্যৱস্থাতকৈ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাহে ভালকৈ খাপ খায়। কাৰণ, ব্যক্তিগত ঠাঁচ (Individual Framework), ব্যক্তিবাদী (Individualism)  ব্যৱস্থাৰ বাবেহে উপযোগী। শিক্ষাকে ধৰি অৰ্থনীতি, সংস্কৃতি আদি প্ৰায়বোৰ ক্ষেত্ৰতে আমাৰ দেশখন উভয় সংকট পৰিস্থিতিৰে গতি কৰিবলগীয়া হৈ আছে। দেশখনত নতুন অৰ্থনৈতিক নীতি প্ৰচলন কৰাৰ আগতে শিক্ষা ব্যৱস্থাটো ৰাষ্ট্ৰৰ হাতত আছিল (ব্যক্তিগত খণ্ড আছিল যদিও ৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাছিল)। কিন্তু পাছলৈ শিক্ষা ব্যৱস্থাটোত দ্ৰুতগতিত ব্যক্তিগত খণ্ড সোমাবলৈ ধৰিলে। ফলত শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেশখনৰ জনসাধাৰণ উভয় সংকটত পৰিল। অৰ্থাৎ, আমাৰ সমস্যাটো হ’ল-আমি ব্যক্তিগত ঠাচটো গ্ৰহণ কৰিব বিচাৰোঁ, অথচ আমাৰ জীৱন ধাৰণৰ ভেটিটো সমূহীয়া হোৱাৰ বাবে এই নতুন ঠাঁচটোৰ সৈতে সম্পূৰ্ণকৈ খাপ খাব নোৱাৰোঁ। কাৰণ, এই নতুন ঠাঁচটোৰ সৈতে খাপ খাব পৰাকৈ ব্যক্তিবাদী জীৱনধাৰা সম্পৰ্কে আমি অভিজ্ঞ হৈ উঠিব পৰা নাই।
ব্যক্তিবাদী ভাবধাৰা প্ৰচলিত দেশবিলাকত ব্যক্তিগত খণ্ডই দুখীয়া শ্ৰেণীৰ ল’ৰা-ছোৱালীক বৰঠাকুৰে কোৱা ধৰণৰ ‘উন্নত’ শিক্ষা প্ৰদান কৰা দেখা যায় আমাৰ দেশতো কিছুমান ব্যক্তিগত প্ৰতিষ্ঠান বা ধৰ্মীয় সংগঠনে এনে পদক্ষেপ গ্ৰহণ কৰিছে (‘Trickle-down’ তত্ত্ব) যদিও বিশাল দেশখনৰ দুখীয়া শ্ৰেণীৰ সকলো ল’ৰা-ছোৱালীকে সামৰি ল’ব পৰাকৈ সাজু হৈ উঠা নাই। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৯ মে’ ২০১৭]

No comments:

Post a Comment