Wednesday, 1 November 2017

মানৱ গ্ৰন্থাগাৰ মানুহক শুদ্ধভাবে বুজাৰ এটা অভিনৱ ব্যৱস্থা

কিছুমান মানুহৰ প্ৰতি সৰহ সংখ্যক মানুহৰে এক বদ্ধমূল (Stereotype) ধাৰণা গঢ় লৈ উঠে। এই বদ্ধমূল ধাৰণা ইতিবাচক বা নেতিবাচক দুই প্ৰকাৰৰ হ’ব পাৰে। শুদ্ধ ইতিবাচক বদ্ধমূল ধাৰণা সম্পৰ্কত বিশেষ চিন্তা কৰিবলগীয়া নাথাকে। কিন্তু, অশুদ্ধ নেতিবাচক বদ্ধমূল ধাৰণাই, যিসকলৰ প্ৰতি তেনে ধাৰণা লোৱা হৈছে, তেওঁলোকক এলাগি কৰি সামাজিকভাবে একপ্ৰকাৰ অন্যায় কৰা হয়। এনে ধাৰণাই এখন সুন্দৰ সমাজ গঢ়ি উঠাত হেঙাৰ হিচাপে থিয় দিয়ে। আচলতে, সেই মানুহবোৰৰ বিষয়ে ভালদৰে জানিবলৈ মন নকৰা বা জানিবলৈ মন কৰিলেও জনাৰ সুবিধা নোপোৱাৰ ফলতে তেওঁলোকৰ প্ৰতি এটা ভুল ধাৰণা গঢ়ি উঠে। ডেনমাৰ্কৰ ৰাজধানী চহৰ কোপেনহাগেনৰ এজন ব্যক্তি-ৰোননি আবেৰজেলে (Ronni Abergel) এই সম্পৰ্কে ১৯৯২ চনৰ পৰাই বিশেষভাবে চিন্তা কৰিছিল আৰু তাৰ ফলস্বৰূপে ২০০০ চনত মানৱ গ্ৰন্থাগাৰ (Human Library) ব্যৱস্থাৰ সৃষ্টি হৈছিল। এতিয়ালৈকে পৃথিৱীৰ ৭০ খন দেশত মানৱ গ্ৰন্থাগাৰ ব্যৱস্থা সুন্দৰভাবে চলি আছে। ভাৰতত ২০১৬ চনত মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত অৱস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্টৰ চৌহদত প্ৰথমে মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাৰ সূচনা হৈছিল। শেহতীয়াকৈ হায়দৰাবাদ, মুম্বাই আৰু দিল্লীতো এই ব্যৱস্থা প্ৰচলন হৈছে।
গ্ৰন্থ এখনৰ বেতুপাতখন দেখিয়ে যেনেদৰে গ্ৰন্থখনৰ বিষয়ে সঠিক মন্তব্য দিব নোৱাৰি, তেনেদৰে মানুহ এজনৰ বাহ্যিক ৰূপ দেখিয়ে তেখেতেৰ বিষয়ে দিয়া মন্তব্য বা তেখেতৰ প্ৰতি আগেয়ে লৈ থকা ধাৰণা শুদ্ধ নহ’বও পাৰে। মানৱ গ্ৰন্থাগাৰৰ উদ্ভাৱক ৰোননি আবেৰজেলে অনুভৱ কৰিছিল যে মানুহে যদি কথা পতাৰ সুযোগেই লাভ নকৰে তেনেহ’লে ইজনে সিজনক কেনেকৈ বুজি পাব? যিসকল মানুহৰ প্ৰতি সৰহ সংখ্যক মানুহৰে অশুদ্ধ বদ্ধমূল ধাৰণা গঢ়ি উঠে, সেই অন্যায়ৰ পৰা তেওঁলোকক কেনেদৰে উদ্ধাৰ কৰিব পৰা যাব? মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাই এইবোৰ প্ৰশ্নৰে উত্তৰ দিবলৈ চেষ্টা কৰে আৰু এই ব্যৱস্থা উদ্ভাৱনৰ তাৎপৰ্যও তাতেই।      
সাধাৰণ গ্ৰন্থাগাৰ ব্যৱস্থাৰ দৰে মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাতো পাঠকে গ্ৰন্থ ধাৰ কৰি পঢ়াৰ ব্যৱস্থা আছে। জীৱন্ত মানুহক গ্ৰন্থ হিচাপে মানি লোৱা ব্যৱস্থাই-ছপা গ্ৰন্থ, ইলেকট্ৰ’নিক গ্ৰন্থ আৰু শ্ৰাৱণ গ্ৰন্থৰ পৰা মানৱ গ্ৰন্থক পৃথক কৰিছে। মানৱ গ্ৰন্থাগাৰৰ ব্যৱস্থাপকসকলে, যিজন জীৱন্ত ব্যক্তিৰ বিষয়ে কোনো এজন পাঠকে (এজনতকৈ বেছিও হ’ব পাৰে) জানিব বিচাৰে তেওঁলোকক দুয়ো পক্ষকে এক নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট স্থানত লগ হোৱাৰ ব্যৱস্থা কৰি দিয়ে। পাঠকে সেই নিৰ্দিষ্ট ব্যক্তিজনক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি তেখেতৰ বিষয়ে ভালকৈ জনাৰ সুবিধা লাভ কৰে।
সাক্ষাৎকাৰ গ্ৰহণ আৰু মানৱ গ্ৰন্থ অধ্যয়নৰ মাজত কিছু পাৰ্থক্য আছে। কোনো এজন মানুহৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে, সাক্ষাৎকাৰখিনি কোনো এটা মাধ্যমযোগে প্ৰচাৰ কৰি আনকো জনোৱাৰ উদ্দেশ্য নিহিত থাকে। মানৱ গ্ৰন্থ ব্যৱস্থাত সংশ্লিষ্ট মানুহজনৰ সৈতে যিখিনি কথা পতা হয়, সেইখিনি সংশ্লিষ্ট পাঠক আৰু তেখেতৰ মাজতে আৱদ্ধ থাকে। অৱশ্যে, মানৱ গ্ৰন্থৰ অনুমতি সাপেক্ষে কথোপকথনখিনি কোনো প্ৰচাৰ মাধ্যমযোগে প্ৰচাৰ কৰাত বাধা নাথাকে। সাক্ষাৎকাৰ পদ্ধতিত সময়ৰ সীমাবদ্ধতাৰ প্ৰসংগ থাকে আৰু প্ৰশ্নবোৰ সাক্ষাৎ গ্ৰহণকাৰীৰ প্ৰয়োজন অনুসৰিহে যুগুত কৰা হয়। সংশ্লিষ্ট মানুহজনক মুকলি মনেৰে তেখেতৰ নিজৰ বিষয়ে কোৱাৰ সুযোগ খুব কমেইহে দিয়া হয়। আনহাতে, মানৱ গ্ৰন্থ ব্যৱস্থাত সময় এক গৌণ বিষয় হৈ পৰে আৰু সংশ্লিষ্ট মানুহজনে নিজৰ ইচ্ছা অনুসৰি তেখেতৰ নিজৰ বিষয়ে পাঠকক শুনাই যাব পাৰে। ইয়াত কোনো ধৰাবন্ধা প্ৰশ্ন নাথাকে।   
মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাত প্ৰতিজন জীৱন্ত মানুহেই একো একোখন মানৱ গ্ৰন্থ যদিও সেইসকল জীৱন্ত ব্যক্তিক মানৱ গ্ৰন্থ হিচাপে চিনাক্ত কৰি অগ্ৰাধিকাৰ দিয়া হয়, যিসকলৰ জীৱনলৈ কিছুমান অনাকাংক্ষিত বিপদ অহাৰ ফলত সমাজৰ পৰা লঘু লাঞ্চনাৰ সম্মুখিন হৈ থাকিবলগীয়া হৈছে। উদাহৰণস্বৰূপে-ধৰ্ষণৰ বলি হোৱা মহিলা, জন্মান্ধ, ‘শাৰীৰিকভাবে অক্ষম’ ব্যক্তি (আজিকালি বিশেষভাবে সক্ষম বুলি কয় যদিও আনুষ্ঠানিকভাবেহে সেয়া ব্যৱহাৰ কৰে। সাধাৰণ কথোপকথনত ‘শাৰীৰিকভাবে অক্ষম’ শব্দ দুটাকে ব্যৱহাৰ কৰে, যাৰ দ্বাৰা তেওঁলোকক দুগুণ উপলুঙা কৰা হয়), অঘৰী ব্যক্তি, ভৰ যৌৱন অৱস্থাতে স্বামীহাৰা হোৱা অকলশৰীয়া মাতৃ, নিৱনুৱা, দ্বিধ্ৰুৱী ব্যক্তি, এল জি বি টি ব্যক্তি, স্বামী আৰু স্বামীৰ পৰিয়ালয়ৰ সদস্যৰ দ্বাৰা নিৰ্যাতিতা মাহিলা, ভিক্ষাৰী, এইডচ̢ আই ভি আক্ৰান্ত ব্যক্তি, মদাহী, মগজুৰ বিকাৰগ্ৰস্ত ব্যক্তি, সন্তানহীন দম্পত্তি, অপৰাধী, বহুগামী ব্যক্তি, শৰণাৰ্থী ইত্যাদি। কোনো এটা জাতি, জনজাতি বা ধৰ্মৰ মানুহৰ প্ৰতি আন জাতি, জনজাতি বা ধৰ্মৰ মানুহৰ মনত কিছুমান বিশেষ ভুল ধাৰণা গঢ় লৈ উঠা দেখা যায়। যেনে-অসমত বহুতৰে মাজত এনে এটা ধাৰণাই গঢ়ি উঠিছে যে চৰ অঞ্চলৰ মুছলমান মানেই অবৈধ বাংলাদেশী। সেইদৰে বহুতো মুছলমানৰ ধাৰণা যে হিন্দু ধৰ্মৰ মানুহ মাত্ৰেই গাই গৰুক পবিত্ৰ জন্তু বুলি মানে আৰু গো মাংস ভক্ষণকাৰীক হীন চকুৰে চায়। কিছুমান সুবিধাবাদী মানুহৰ দ্বাৰা এই ধাৰণাবিলাক ক্ৰমে সম্প্ৰসাৰণ ঘটি কেতিয়াবা গোষ্ঠী সংঘৰ্ষৰ দৰে দুৰ্ঘটনাও সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। সংশ্লিষ্ট জাতি, জনজাতি বা ধৰ্মৰ মানুহবোৰনো কেনেকুৱা? তেওঁলোকে কি বিচাৰে? তেওঁলোকৰ কৃষ্টি-সংস্কৃতি, আৰ্থ-সামাজিক পৰিস্থিতি কেনেকুৱা? এইবোৰৰ বিষয়ে সুন্দৰভাবে বুজাই ক’ব পৰা ব্যক্তিসকলেও (সংশ্লিষ্ট জাতি, জনজাতি বা ধৰ্মৰ অন্তৰ্ভূক্ত হ’লে বেছি ভাল হয়) মানৱ গ্ৰন্থ হ’ব পাৰে।
মানৱ গ্ৰন্থাগাৰৰ ব্যৱস্থাপকসকলে ওপৰত উল্লেখ কৰা মানৱ গ্ৰন্থবিলাকৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ ফটোসহ পৰিচয়ৰ তালিকা (Catalogue) প্ৰস্তুত কৰে আৰু তেওঁলোক যে তেওঁলোকৰ নিজৰ বিষয়ে দ্বিধাহীনভাবে আনৰ আগত প্ৰকাশ কৰিবলৈ সাজু আছে সেয়া প্ৰচাৰ মাধ্যমযোগে পাঠকসকলক জনায়। পাঠকে মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাপকসকলৰ সৈতে যোগাযোগ কৰি নিজৰ মনে বিচৰা মানৱ গ্ৰন্থৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰে। উল্লেখযোগ্য যে ফেছবুক, ৱাটছএপ আদি সামাজিক মাধ্যমসমূহৰ ব্যাপক প্ৰসাৰৰ ফলত মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাপকসকলৰ মানৱ গ্ৰন্থ আৰু পাঠকৰ মাজত যোগসূত্ৰ স্থাপন কৰা অতি সহজ হৈ পৰিছে। বহু ক্ষেত্ৰত পাঠকে সংশ্লিষ্ট মানৱ গ্ৰন্থৰ সৈতে ইলেট্ৰ’নিক মাধ্যমৰ জৰিয়তেও তেখেতৰ বিষয়ে জনাৰ সুযোগ গ্ৰহণ কৰে। অৱশ্যে, এইটো সঁচা যে সশৰীৰে উপস্থিত হৈ মুখামুখিকৈ কথা পতাৰ যি সন্তুষ্টি থাকে সেয়া ইলেট্ৰ’নিক মাধ্যমে দিব নোৱাৰে। 
মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাটোৱে ক্ৰমাগতভাবে সমাদৰ লাভ কৰি আহিছে যদিও সমালোচকসকলে ব্যৱস্থাটোৰ কিছুমান সীমাবদ্ধতা ধৰা পেলাইছে। প্ৰথমে, এই ব্যৱস্থাৰ কৃতকাৰ্যতা সংশ্লিষ্ট মানৱ গ্ৰন্থৰ মেজাজৰ (Mood) ওপৰত বহুখিনি নিৰ্ভৰ কৰে। কথোপকথনৰ সময়ত পাঠকৰ স্বত:স্ফুৰ্ত প্ৰশ্নই সংশ্লিষ্ট মানৱ গ্ৰন্থৰ মেজাজৰ পৰিবৰ্তন কৰাৰ সম্ভাৱনা থাকে। যাৰ ফলত তেখেতে পাঠকৰ আগত সঁচা কথা নক’বও পাৰে। দ্বিতীয়তে, মানৱ গ্ৰন্থবিলাক আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ফলত সংশ্লিষ্ট মানৱ গ্ৰন্থৰ প্ৰতি পাঠকৰ মনত আন এক অশুদ্ধ ধাৰণা গঢ়ি উঠিব পাৰে। তৃতীয়তে, সংশ্লিষ্ট মানৱ গ্ৰন্থৰ প্ৰকাশভংগী দুৰ্বল হ’লে কথাবোৰ বুজাত পাঠকে অসুবিধাত পৰিব পাৰে। চতুৰ্থতে, পাঠক আৰু মানৱ গ্ৰন্থই ইজনে সিজনৰ ভাষা বুজি নাপালে, দুয়ো পক্ষৰে কথোপকথনৰ প্ৰচুৰ আগ্ৰহ থকা সত্বেও কেতিয়াবা প্ৰক্ৰিয়াটো সম্ভৱ হৈ নুঠিব পাৰে। দোভাষীৰ সহায়ত এই সমস্যাৰ সমাধান কৰিব পাৰি যদিও দোভাষী যোগাৰ কৰা ব্যৱস্থাটোত সময় আৰু ধন ব্যয়ৰ প্ৰসংগ আহি পৰে। পঞ্চমতে, নিজৰ বিষয়ে দ্বিধাহীনভাবে আনৰ আগত প্ৰকাশ কৰিবলৈ সুযোগ পোৱাৰ ফলত সংশ্লিষ্ট মানৱ গ্ৰন্থৰ ব্যক্তিজন প্ৰয়োজনতকৈ অধিক আৱেগিক হৈ যাব পাৰে। আৱেগৰ দ্বাৰা পৰিচালিত তেখেতৰ কাহিনী একপক্ষীয় হোৱাৰ সম্ভাৱনাই অধিক।
মুঠ কথা, একৈশ শতিকাত মানৱতাৰ উত্তৰণৰ দিশত এতিয়ালৈকে উদ্ভাৱন হোৱা অন্যতম ব্যৱস্থাবোৰৰ ভিতৰত মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাও পৰিব।  অশুদ্ধ বদ্ধমূল ধাৰণাৰ ফলত সততে সমাজৰ দ্বাৰা অলাগী হৈ পৰা ব্যক্তিসকল বহু সময়ত মানুহ হিচাপে পাব লগা নিম্নতম সন্মানখিনিৰ পৰাও বঞ্চিত হৈ থাকে। তেওঁলোকৰ বহুতে হয়তো নিজে সন্তুষ্ট হোৱাকৈ নিজৰ কাহিনী কাকো এবাৰো ক’বলৈ সুবিধা নোপোৱাকৈয়ে পৃথিৱীৰ পৰা বিদায় মাগিবলগীয়া হয়। মানৱ গ্ৰন্থাগাৰ ব্যৱস্থাই এই ক্ষেত্ৰত নিশ্চিতভাবে তেওঁলোকক কিছু হ’লেও আশাৰ সঞ্চাৰ কৰিছে।
          
তথ্যসূত্ৰ
১। Borah, Probalika M (2017): Read the humans: Human Library”, The Hindu, 29 April.

২। Chakraborty Shruti (2017):  Don’t borrow a book, borrow a human: The HumanLibrary to open in Delhi this Sunday”, The Indian Express, 14 June.

৩। Das, Mohua (2017): “Borrow people instead of books at a Human Library”, The Times of India, 21 May.

৪। Dey, Sohini (------): “At This One-Of-A-Kind Human Library in Hyderabad, You Can Borrow People and Read Them!”, ইন্টাৰনেটত পোৱা, http://www.thebetterindia.com/94976/human-library-hyderabad/

৫। Gill, Simrran (2017): “Borrow a ‘human book’ at this unique library this Sunday in Delhi”, Hindustan Times, 14 June.

৭। http://sbcltr.in/2017/04/19/hyderabads-human-library/

৮। Subramanian, Samanth (2017): “Not a reader? At India’s Human Library you can borrow people for knowledge instead”, The National World, 4 May. 


              [প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ নৱেম্বৰ ২০১৭] 

No comments:

Post a Comment