২৭ নৱেম্বৰত ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত হোমেন বৰগোহাঞিদেৱৰ
‘ভি আই পি কালচাৰ’ লেখাটো পঢ়ি দুষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ। অষ্ট্ৰেলিয়াৰ সেই
বিদেশ মন্ত্ৰীজনৰ দৰে পৰিস্থিতি আমাৰ দেশত ভুলতো পোৱা নাযায়। ইয়াৰ কাৰণ হ’ল-আমাৰ
দেশত গঢ়ি উঠা ভি আই পি কালচাৰ (?)। এই কালচাৰ, ভি আই পি শ্ৰেণীৰ মানুহ আৰু
জনসাধাৰণ-দুয়ো ফালৰ পৰাই সৃষ্টি কৰা হয়। আমাৰ দেশৰ ভি আই পি কালচাৰ হ’ল-ক্ষমতাত
থকা অৱস্থাত যদি তেখেতৰ সোঁৱে বাওঁৱে কোনো মানুহ নাথাকে, তেওঁ ভি আই পিয়েই নহয়।
ইয়াতকৈ ডাঙৰ কথাটো হ’ল-আমাৰ দেশত সেই শ্ৰেণীৰ মানুহবিলাকে যেনেদৰে নিজৰ ৰাজনৈতিক
বা সামাজিক স্থানক (Position) দায়িত্ববোধতকৈ
ক্ষমতাক অধিক গুৰুত্ব দিয়ে, জনসাধাৰণেও তেওঁলোকক তেওঁলোকৰ ক্ষমতাৰ দৃষ্টিকোণৰ
পৰাহে চায়। প্ৰতিগৰাকী ভি আই পি শ্ৰেণীৰ মানুহৰ সোঁৱে বাওঁৱে অনবৰতে লাগি থকা
মানুহবিলাকৰ উদ্দেশ্যও ইয়াতে নিহিত হৈ আছে।
আমাৰ দেশখন কেৱল অৰ্থনৈতিক দিশতে অনুন্নত নহয়। সৰহসংখ্যক
মানুহৰে চিন্তাধাৰা, মানসিকতা আদিও সমানে অনুন্নত হৈয়ে আছে। আমাৰ দেশত ৰাজনৈতিক বা
সামাজিক দায়িত্বত থকা ব্যক্তি এজনে, উন্নত দেশৰ ব্যক্তিৰ দৰে জীৱন শৈলী গঢ়িবলৈ
আৰম্ভ কৰিলেই গণ মাধ্যমকে ধৰি জনসাধাৰণেও সংশ্লিষ্ট ব্যক্তিজন ব্যতিক্ৰম বুলি হৈ
চৈ লগাবলৈ ধৰে। অৱশ্যে, বহু ক্ষেত্ৰত সংশ্লিষ্ট
ব্যক্তিজনে প্ৰকৃততে তেনেকৈয়ে জীৱন শৈলী গঢ়িব বিচাৰিছে নে বেলেগ উদ্দেশ্যৰ বাবে
কৰিছে, সেয়া বুজিবলৈ অসুবিধা হয়। কাৰণ, ক্ষমতাত থাকিলে বহু ক্ষেত্ৰত ব্যতিক্ৰমী
হিচাপে দেখুৱাবলৈ সহজ হৈ পৰে।
[প্ৰকাশিত ‘নিয়মীয়া বাৰ্তা’,
৩০ নৱেম্বৰ ২০১৭]
No comments:
Post a Comment