যোৱা ২৬ জানুৱাৰীত ‘আমাৰ অসম’ত প্ৰকাশিত শোণিত কুমাৰ
গোস্বামীৰ ‘পদ্মাৱত আৰু জাতীয়তাবাদ’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ
কৰিলোঁ। যোৱা
২৫ জানুৱাৰী তাৰিখে আমি বহু বিতৰ্কিত ‘পদ্মাৱত’ নামৰ চিনেমাখন চাবলৈ সুযোগ পালোঁ।
এটা কথা দাঠি ক’ব পাৰোঁ যে যিসকলে চিনেমাখন নোচোৱাকৈ চিনেমাখনৰ প্ৰতি বিৰূপ মনোভাৱ
প্ৰকট কৰি আছে, চিনেমাখন এবাৰ চাই অহাৰ পাছত তেওঁলোকৰ সেই মনোভাৱ কিছু হ’লেও কম
হ’ব। যদি ধৰি লোৱা হয় যে চিনেমাখনত মুছলমান আৰু ৰাজপুতসকলৰ মান-মৰ্যাদাৰ প্ৰশ্ন
জড়িত হৈ আছে, চিনেমাখন চালে গম পাব যে নিৰ্মাতা সঞ্চয় লীলা ভাঞ্চালীয়ে দুয়ো ফৈদৰে
মান-মৰ্যাদাৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই। অলপ সুক্ষ্মভাবে
লক্ষ্য কৰিলে এইটোহে ওলায় পৰে যে আলাউদ্দিন খিলজীৰ চৰিত্ৰটোক বহুত বেছি অদ্ভুট (যেনে-পৰস্ত্ৰীৰ
প্ৰতি অস্বাভাৱিকভাবে আসক্ত হোৱা, বিকৃতভাবে নিজৰ শাৰীৰিক আৰু মানসিক কামনা-বাসনা
চৰিতাৰ্থ কৰা, ৰাক্ষকৰ দৰে মাংস ভক্ষণ কৰা, অতি কপটভাবে শত্ৰুক পৰাজিত কৰা
ইত্যাদি) ধৰণে দেখুওৱা হৈছে। ত্যাগক যদি ভাৰতীয় দৰ্শনবোৰৰ এটা দৰ্শন বুলি ধৰা হয়,
চিনেমাখনত ৰাজপুতসকলৰ ত্যাগক অতি গৌৰৱ আৰু সুন্দৰভাবে উপস্থাপন কৰা হৈছে। চিনেমাখন
শেষ হোৱাৰ পাছত দৰ্শকসকলৰ মন কিছু গধুৰ হৈ পৰে যদিও ৰাজপুতসকলৰ বীৰত্বৰ প্ৰতি গভীৰ
শ্ৰদ্ধাৰ ভাব জাগি উঠে।
গোস্বামীয়ে উল্লেখ কৰা অনুসৰি, চিনেমাখনত ইতিহাস হেৰফেৰ কৰি
দেখুওৱা হৈছে বাবেই কৰ্নি সেনাই ৰাজস্থানকে ধৰি উত্তৰ ভাৰতৰ ৰাজ্যবোৰত চিনেমাখনৰ
প্ৰদৰ্শন বন্ধ কৰিবলৈ চেষ্টা কৰিছে। প্ৰশ্ন হ’ল, কোনো এখন চিনেমা কোনো এটা জাতি/গোষ্ঠীৰ
ইতিহাসৰ আধাৰত নিৰ্মাণ কৰিলেই সংশ্লিষ্ট জাতি/গোষ্ঠীটোৰ ইতিহাস বিকৃত হৈ ৰ’বনে? ইতিমধ্যে
প্ৰচুৰ উপযুক্ত সমলেৰে সমৃদ্ধ জাতি/গোষ্ঠী এটাৰ ইতিহাসৰ ভিত্তিত চিনেমা নিৰ্মাণ
কৰিলে, সঁচা অৰ্থত ইতিহাস চৰ্চা কৰাসকলে, সেই চিনেমাখনক ইতিহাসৰ সমল হিচাপে
কেতিয়াও গ্ৰহণ নকৰে/নকৰিব। ঐতিহাসিক চিনেমাবোৰত চিনেমা নিৰ্মাতাই ইতিহাসক কাহিনীৰ
এটা আধাৰ হিচাপেহে তুলি লয়। চিনেমাখনক
কোনো এটা জাতি/গোষ্ঠীৰ ইতিহাসৰ দলিল হিচাপে প্ৰতিষ্ঠা কৰা তেওঁলোকৰ উদ্দেশ্য নহয়। কোনোবা
চিনেমা নিৰ্মাতাই ইতিহাসৰ তথ্য হেৰফেৰ কৰি চিনেমা নিৰ্মাণ কৰিলে সংশ্লিষ্ট চিনেমা
নিৰ্মাতাজনৰ ইতিহাস অধ্যয়নৰ পতৌলগা পৰিস্তিতিটোহে স্পষ্টকৈ ওলায় পৰে। তদুপৰি,
উদ্দেশ্যপ্ৰণোদিতভাবে কোনো এটা জাতি/গোষ্ঠীৰ ইতিহাস বিকৃত কৰিলে ইতিহাসে তেওঁলোকক
কেতিয়াও ক্ষমা নকৰে।
গোস্বামীয়ে ‘পদ্মাৱত’ৰ প্ৰসংগৰে ৰাজপুতসকলৰ জাতীয়তাবাদৰ
মাধ্যেমেৰে অসমীয়াসকলৰ জাতীয়তাবাদৰ প্ৰসংগ টানি আনি কৈছে যে নিজৰ জাতি-প্ৰদেশ
অন্যৰ আগত শুদ্ধকৈ প্ৰতিষ্ঠা কৰা কথাবোৰত আমি মাত মতাৰ সময় উপস্থিত। এই বিষয়ত
গোস্বামীৰ সৈতে আমি সম্পূৰ্ণ একমত। কিন্তু, কেৱল চিনেমাৰ ক্ষেত্ৰতহে কিয়? যোৱা কিছু
বছৰ ধৰি সমগ্ৰ ভাৰতখনক এক ৰাষ্ট্ৰ (গ্ৰহণযোগ্য), এক ধৰ্ম (গ্ৰহণযোগ্য নহয়) আৰু এক
সংস্কৃতিৰে (গ্ৰহণযোগ্য নহয়) বলপূৰ্বকভাবে দ্ৰুতগতিত ‘এক’ কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত
হৈছে। কোনো সন্দেহ নাই যে চিনেমা নিৰ্মাতাসকলে অশুদ্ধভাবে আনৰ আগত প্ৰচাৰ কৰি আমাৰ
যিমান ক্ষতি কৰিব, ওপৰত উল্লেখ কৰা ‘এক’ তিনিটাৰ পিছৰ ‘এক’ দুটাই তাতোকৈ বহুত বেছি
ক্ষতি কৰিব।
[প্ৰকাশিত, 'আমাৰ অসম', ০৬ ফেব্ৰুৱাৰী ২০১৮, পৃষ্ঠা: ৫]
No comments:
Post a Comment