Friday, 15 June 2018

শুক্ৰাচাৰ্য ৰাভা: ব্যক্তিক্ৰমী চিন্তাৰ মানুহজন


    ব্যতিক্ৰমী চিন্তাৰ এক অনন্য ব্যক্তিত্বৰ অধিকাৰী শুক্ৰাচাৰ্য ৰাভাই যোৱা ৮ জুন তাৰিখে ৪১ বছৰ বয়সতে জীৱন নাটৰ সামৰণি মাৰিলে। ২০১১ চনত এপ্ৰিল মাহত (দিনটো পাহৰিলোঁ) মই ‘হায়দৰাবাদ বিশ্ববিদ্যালয়’ত পঢ়ি থকাৰ সময়ত ‘প্ৰান্তিক’ত মোৰ লেখা এটা পঢ়ি তেখেতে মোলৈ ফোন কৰিছিল। সেয়াই আছিল আৰম্ভণি। ব্যক্তিগতভাবে তেখেতৰ সৈতে মোৰ এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠিছিল। অৱশ্যে, শ-শৰীৰে আমি দুবাৰহে দেখা-দেখি হৈছিলোঁ। প্ৰথমবাৰ লগ পাইছিলো-২০১২ চনৰ ২৭ ডিচেম্বৰ তাৰিখে ‘বাদুংডুপ্পা কলা কেন্দ্ৰ’ত। অত্যন্ত ব্যস্ততাৰ মাজতো সেই দিনটো তেখেতে কেৱল মোৰ সৈতে কথা পাতিবৰ বাবে আছুতীয়াকৈ ৰাখিছিল। ৰাভা জনজাতিৰ পৰা আৰম্ভ কৰি অসমৰ লগতে ভাৰতীয় প্ৰেক্ষাপটৰ বিভিন্ন দিশ সামৰি সম্পূৰ্ণ এটা দিন আমি আলোচনা কৰিছিলোঁ। দ্বিতীয়বাৰ দেখা-দেখি হৈছিলোঁ-১৮ ডিচেম্বৰ ২০১৬ তাৰিখে, ‘আণ্ডাৰ দ্যা শাল ট্ৰী’ৰ নাট মহোৎসৱৰ সময়ত। অৱশ্যে, সেইদিনা কেৱল দেখা-দেখি হৈ ভাল-বেয়া খবৰৰ আদান-প্ৰদানহে ঘটিছিল। কোনো নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা হোৱা নাছিল। মহোৎসৱৰ ব্যস্ততাৰ বাবে আলোচনাৰ পৰিবেশো নাছিল। সি যি কি নহওক, তেখেতে যিকোনো বিষয় ব্যতিক্ৰমী চিন্তাৰে বিশ্লেষণ কৰি বাস্তৱিক ৰূপ দিবলৈ চেষ্টা কৰিছিল। তেখেতৰ প্ৰায়বোৰ চিন্তাই ব্যতিক্ৰমী আছিল যদিও কেইটামান বিশেষ ব্যতিক্ৰমী চিন্তা সফলভাবে প্ৰয়োগ কৰিব পাৰি তেখেতে নিজকে বৰ সুখী অনুভৱ কৰিছিল।
     শুক্ৰাচাৰ্য ৰাভাই গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ যোগেৰে ৰাজহুৱা কামত নিজকে নিয়োজিত কৰিবলৈ মন মেলিছিল। কিন্তু বিভিন্ন বিষয়ত ৰাভা ছাত্ৰ সন্থাৰ সৈতে তেখেতৰ মতানৈক্য ঘটে। আচলতে তেতিয়াৰ পৰাই তেখেতৰ মনত ব্যতিক্ৰমী চিন্তাৰ বীজ বিকশিত হ’বলৈ ধৰে। তেখেতে সংকল্প লয় যে ৰাভা ছাত্ৰ সন্থাই ৰাভাসকলৰ উন্নয়নৰ বাবে যিমান কাম কৰিব, সিমানখিনি কাম তেখেতে অকলে কৰিবলৈ চেষ্টা কৰিব। কিন্তু, পথ বেলেগ হ’ব। তেখেতে প্ৰমাণ কৰি থৈ গ’ল যে নিজে অন্তৰ্ভুক্ত হোৱা জনজাতিটোক লগত লৈ নিজৰ ৰাজ্য আৰু দেশৰ বাবে কাম কৰিবলৈ ছাত্ৰ সন্থাৰ দৰে সংগঠনবোৰত জড়িত নহ’লেও হয়। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে তেখেতে ছাত্ৰ সন্থাবোৰৰ অৱস্থিতিক নাকচ কৰিছিল।
 ৰাভা ছাত্ৰ সন্থাৰ পৰা ওলাই আহি তেখেতে সাংস্কৃতিক দিশত নিজকে মনোনিবেশ কৰিবলৈ সিদ্ধান্ত ল’লে। কিন্তু সমস্যা হ’ল-সাংস্কৃতিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ’লে নিজকে সেই দিশত যথোপযুক্তভাবে গঢ়ি তুলিব লাগিব। নাটকৰ ডিগ্ৰী প্ৰদান কৰা তথাকথিত প্ৰতিষ্ঠানৰ পৰা নাটকৰ শিক্ষা লোৱাৰ পৰিবৰ্তে দিল্লীৰ ‘নেচনেল স্কুল অফ ড্ৰামা’ত হিন্দী ভাষা ভালকৈ ক’ব নোৱাৰাৰ বাবে ডিগ্ৰী ল’বলৈ সুবিধা নাপাই নিজৰ ধৰণে নাট্য চৰ্চা কৰি বিখ্যাত হোৱা মণিপুৰৰ কানহাইলালৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ শুক্ৰাচাৰ্য ৰাভাই সিদ্ধান্ত লৈছিল। গুৰু কানহাইলালৰ দৰে শুক্ৰাচাৰ্য ৰাভায়ো প্ৰমাণ কৰি দেখুৱাইছিল যে তথাকথিত নামজ্বলা প্ৰতিষ্ঠানৰ পৰা নাটকৰ ডিগ্ৰী লাভ নকৰাকৈও নাট্য কৰ্মত সফলতা লাভ কৰিব পাৰি। 
   শুক্ৰাচাৰ্য ৰাভাই অনুভৱ কৰিছিল যে পৰিৱেশ্য কলাৰ (Performing Arts) নাট উপভোগৰ সুবিধা কেৱল চহৰৰ দৰ্শকৰ বাবেহে আছে। অৰ্থাত, পৰিৱেশ্য কলাৰ দেশ-বিদেশৰ নাটক উপভোগ কৰিবলৈ হ’লে গাঁৱৰ মানুহে ‘ৰবীন্দ্ৰ ভৱন’, ‘শংকৰদেৱ কলাক্ষেত্ৰ’ আদিৰ দৰে স্থানলৈ যাব লাগে। গাঁৱৰ মানুহৰ বাবে এইবোৰ স্থান সহজলভ্য নহয়। তেখেতৰ মতে, দেশ-বিদেশৰ পৰিৱেশ্য কলাৰ নাটক উপভোগ কৰিবলৈ চহৰলৈ যাব লাগে কিয়? পৰিবেশটো ওলোটা হ’ব লাগে। দেশ-বিদেশৰ ভাল নাট্যদলৰ বাবে গাঁৱবোৰত নাটকৰ পৰিবেশ গঢ়ি তুলিব পাৰিলে, নাটক উপভোগ কৰিবলৈ চহৰৰ মানুহবিলাকহে গাঁৱলৈ আহিব। তেখেতে সেয়াই কৰি দেখুৱালে।   
     তথাকথিত উচ্চ জাতিৰ কিছুমান মানুহে ভাৱে যে জনজাতীয় লোকসকলে টকা-পইচা থাকিলেও অত্যাধুনিক সা-সুবিধা ব্যৱহাৰ কৰি জীৱনটো উপভোগ কৰিব নাজানে। তেখেতে নিজেই তেনেকুৱা অভিজ্ঞতাৰ সম্মুখিন হোৱা বুলি আমাক জনাইছিল। সেয়েহে তেখেতে ‘বাদুংডুপ্পা কলা কেন্দ্ৰ’ত এনে এটা ঘৰ সজাইছে যিটো ঘৰ বাহিৰৰ পৰা তেনেই সাধাৰণ যেন লাগে। আনকি ঘৰটোৰ বাহিৰৰ বেৰবোৰ প্লাষ্টাৰেই কৰা নাই। কিন্তু, ভিতৰত টাইলছ লগোৱা আছে আৰু চহৰৰ আধ্যৱন্ত মানুহৰ ঘৰত যিবোৰ অত্যাধুনিক সা-সুবিধা থাকে সেই সকলোখিনিয়েই আছে। আচলতে ঘৰটোক তেখেতে প্ৰতীক হিচাপে লৈছে। ঘৰটোৰ দ্বাৰা তেখেতে বুজাব বিচাৰিছে যে জনজাতীয় লোকসকলে হয়তো লেতেৰা কাপোৰ-কানি পিন্ধি থাকিব পাৰে, মনবোৰ কিন্তু নিৰ্মল আৰু শৃখলাবদ্ধ।
   হিন্দু-মুছলমান, গাৰো-ৰাভা আদি গোষ্ঠী সংঘৰ্ষৰে জৰ্জৰিত গোৱালপাৰা জিলাখনক একতাৰ দলেৰে বান্ধি ৰাখিবলৈ প্ৰচেষ্টা চলোৱা ব্যতিক্ৰমী চিন্তাৰ মানুহজন ইমান সোনকালে আমাৰ মাজৰ পৰা গুচি যোৱা ঘটনাটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৬ জুন ২০১৮]

2 comments:

  1. আপোনাৰ লিখনিয়ে চিন্তাৰ এটা উৎস সৃষ্টি কৰোৱালে ৷

    ReplyDelete