Monday, 18 June 2018

যোগৰ অৰ্থনৈতিক দৃষ্টিকোণ (Economic Perspective of Yoga)


যদিওবা যোগৰ ভেটি ভাৰতবৰ্ষ, কিন্তু যোৱা কিছু দশক ধৰি ইয়াৰ জনপ্ৰিয়তা সমগ্ৰ পৃথিৱীতে বিয়পি পৰিছে। যোগে মানুহৰ বিভিন্ন উপকাৰ সাধন কৰে যদিও মন আৰু শৰীৰক ৰোগমুক্ত কৰি ৰাখিব পৰাটোৱেই হ’ল মানুহে যোগৰ ওপৰত কৰা আটাইতকৈ ডাঙৰ ভৰসা। যোগে মানুহৰ শৰীৰ, মন আৰু আত্মাৰ (আত্মা কি, কেনেকুৱা, আছে নে নাই?-সেয়া অন্য এক বিষয়)মাজত এক সুন্দৰ সমন্বয় ঘটায় বুলি বিশ্বাস হোৱাৰ ফলতে সমগ্ৰ পৃথিৱীতে যোগৰ চাহিদা ক্ৰমাগতভাবে বৃদ্ধি পাই আহিছে। ১৯৩খন দেশৰ সদস্যভুক্ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে, ২১ জুন দিনটোক ‘বিশ্ব যোগ দিৱস’ হিচাপে পালন কৰাৰ স্বীকৃতি প্ৰদান কৰাৰ পাছত, যোগৰ প্ৰসাৰ আৰু জনপ্ৰিয়তা অধিক বৃদ্ধি পাবলৈ ধৰিলে। ভাৰতৰ এটা শীৰ্ষ বাণিজ্যিক সংগঠন ASSOCHAM  এক অধ্যয়ন অনুসৰি, ২১ জুন তাৰিখটোক ‘বিশ্ব যোগ দিৱস’ হিচাপে ঘোষণা কৰাৰ পাছত কেৱল ভাৰতবৰ্ষতে যোগ অনুশীলন কৰা মানুহৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি পাইছে (DNA, 21 June 2016)
মানুহে যোগক প্ৰচলিত চিকিৎসা ব্যৱস্থাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰাই যোগৰ অৰ্থনৈতিক চিন্তা-চৰ্চা আৰম্ভ হৈছে। অৰ্থাত, যোগাভ্যাসৰ ফলত মানুহৰ বেমাৰ-আজাৰ কম হোৱাৰ লগে লগে প্ৰচলিত চিকিৎসা ব্যৱস্থাৰ চাহিদাৰ ওপৰত পৰা প্ৰভাৱেই (কিমান আৰু কেনেকৈ প্ৰভাৱ পৰিছে সেয়া গৱেষণাৰ বিষয় হ’ব পাৰে) হ’ল যোগৰ অৰ্থনৈতিক চিন্তাৰ প্ৰাথমিক দৃষ্টিকোণ।  
যোগক সামগ্ৰী (Commodity) হিচাপে গ্ৰহণ কৰাতকৈ প্ৰয়োজন (Necessity) হিচাপেহে গ্ৰহণ কৰিব লাগে। কিন্তু, প্ৰয়োজনৰ কাৰণেই হওক বা আন কাৰণেই হওক, যোগকো সামগ্ৰী হিচাপেহে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমেৰিকাৰ গৱেষক David Gordon Whiteৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগ এবিধ সামগ্ৰী হৈ পৰিছে। Yoga in America Study 2016ৰ তথ্য অনুসৰি ২০১২ চনত আমেৰিকাত যোগ অনুশীলন কৰা মানুহৰ সংখ্যা আছিল ২ কৌটি আৰু ২০১৬ চনত হ’লগৈ ৩ কৌটি ৬০ লাখ। David Gordon Whiteএ কৈছে যে যোগ অনুশীলন কৰা মানুহবিলাকৰ, বহুতৰ মতে যোগ হ’ল- যোগৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ (যেনে-পাটী, কাপোৰ ইত্যাদি) সৈতে যোগ প্ৰশিক্ষকৰ দ্বাৰা যোগৰ প্ৰশিক্ষণ দিয়া একোটা যোগৰ কেন্দ্ৰ। সাধাৰণতে এই কেন্দ্ৰসমূহত ‘প্ৰাণায়াম’ আৰু ‘আসন’ৰ অনুশীলন কৰোৱা হয়।
যোগ কেন্দ্ৰ এটা স্থাপন হোৱাৰ লাগে লগে ইয়াৰ বাবে প্ৰয়োজনীয় আটাইবোৰ সা-সামগ্ৰীৰ লগতে প্ৰশিক্ষকসকলৰ এখন ভাল বজাৰৰ সৃষ্টি হৈছে। যোগৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত প্ৰশিক্ষকসকলৰ চাহিদা বৃদ্ধি পাইছে। যোগ নিজেই ‘ব্ৰেণ্ডেড’ সামগ্ৰী হোৱাৰ লগে লগে প্ৰশিক্ষকবিলাকো একো একোজন ‘ব্ৰেণ্ড’ হৈ পৰিছে। ‘ব্ৰেণ্ডেড’ প্ৰশিক্ষক নিয়োগ কৰা যোগৰ কেন্দ্ৰসমূহৰ চাহিদা স্বাভাৱিকতে বৃদ্ধি পাইছে। বৰ্তমান বাবা ৰামদেৱ আৰু বিক্ৰম চৌধুৰী হ’ল ক্ৰমে ভাৰত আৰু আমেৰিকাৰ একো একোজন ‘ব্ৰেণ্ডেড’ প্ৰশিক্ষক। অনুশীলনকাৰীৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে বোলছবি জগতৰ চেলেব্ৰেটিৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা-এইখন বজাৰৰ নতুন বজাৰ নীতি হিচাপে চিহ্নিত হৈছে। হিন্দী চিনেমা জগতৰ অভিনেত্ৰী শিল্পা ছেত্তী ভাৰতৰ এগৰাকী ‘ব্ৰেণ্ডেড চেলেব্ৰেটি’ যোগ প্ৰশিক্ষক। Yoga in America Study 2016 ৰ তথ্য অনুসৰি যোগৰ এটা ক্লাছৰ বাবদ প্ৰশিক্ষকে ১০ ৰ পৰা ২৫ ডলাৰলৈ লয় (ভাৰতীয় টকাৰ মানত ৬৮০ টকাৰ পৰা ১,৭০০ টকা)। ভাৰতবৰ্ষতো যোগৰ কেন্দ্ৰ অনুসৰি মাচুলৰ পৰিমান নিৰ্ধাৰণ কৰা আছে। যেনে- বাংগালুৰুৰ Samyama Academy of Yogaত এজন প্ৰশিক্ষাৰ্থীয়ে প্ৰতিমাহে ২,০০০ টকাকৈ জমা দিব লাগে।
যোগৰ কেন্দ্ৰবিলাকে ব্যৱহাৰ কৰা প্ৰতিটো সামগ্ৰী সংশ্লিষ্ট কেন্দ্ৰটোৰ নামত ‘ব্ৰেণ্ড’লৈ ৰূপান্তৰিত হৈছে। তদুপৰি, কেন্দ্ৰসমূহৰ সৈতে বুজাবুজিৰ চুক্তি কৰি যোগৰ বাবে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰি যোগান ধৰা উৎপাদন প্ৰতিষ্ঠান স্থাপন হৈছে। যেনে-Zella, AloYoga, Soybu আদি হ’ল যোগৰ সময়ত ব্যৱহাৰ কৰা ব্ৰেণ্ডেড কাপোৰৰ নাম। যোগক ভিত্তি কৰি গঢ়ি উঠা এনেধৰণৰ উৎপাদন প্ৰতিষ্ঠানে অৰ্থনীতিৰ স্বাভাৱিক নীতিৰে দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাবলৈ সক্ষম হৈছে। Yoga in America Study 2016ৰ তথ্য অনুসৰি যোৱা চাৰি বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰত যোগ অনুশীলনৰ বাবদ খৰচ হৈছিল প্ৰায় ১৬ বিলিয়ন ডলাৰ (প্ৰায় ১,০৮,৮০০ কৌটি টকা)। ২০১২ চনত এই পৰিসংখ্যা আছিল ১০ বিলিয়ন ডলাৰ (প্ৰায় ৬৮ হাজাৰ কৌটি টকা)। 
যোগ যে কেৱল যোগ কেন্দ্ৰলৈ গৈহে কৰিব লাগে তেনে নহয়। বিভিন্ন ইলেট্ৰ’নিক মাধ্যম, যেনে-ইন্টাৰনেট, DVD আদিৰ যোগেৰেও যোগাভ্যাস কৰিব পাৰে। গতিকে, ইন্টাৰনেটৰ ব্যৱস্থাপক বহুজাতিক কোম্পানীবিলাকেও যোগৰ বজাৰত সোমাই পৰিছে।  সেইদৰে, লেপটপ বা ডেস্কটপত DVD প্ৰয়োগেৰে যোগাভ্যাস কৰাৰ ফলত যোগৰ DVD ৰ এখন বজাৰৰ সৃষ্টি হৈছে। DVD ৰ বজাৰখনে ইয়াৰ পূৰিপূৰক সামগ্ৰী হিচাপে লেপটপ বা ডেস্কটপৰ চাহিদা বৃদ্ধিত অৰিহণা যোগাইছে। যোগৰ প্ৰকাৰ আৰু প্ৰশিক্ষক অনুসৰি যোগৰ DVD বিলাকৰ দাম বেলেগ বেলেগ হয়। অৱশ্যে, এখন DVDৰ দাম ২০০ টকাৰ ওপৰত নহয় (পাঠকে যিকোনো অনলাইন বজাৰৰ ৱেবছাইট চাব পাৰে)। অনলাইন বজাৰ ব্যৱস্থাই যোগৰ DVDৰ বজাৰখন সম্প্ৰসাৰণ ঘটাই যোগক অন্য এক অৰ্থনৈতিক মাত্ৰা প্ৰদান কৰিছে।
কোনো আনুষ্ঠানিক যোগ কেন্দ্ৰত পঞ্জীয়ন কৰিব নোৱাৰা বা কম্পিউটাৰ জাতীয় ইলেট্ৰ’নিক সামগ্ৰী কিনিবলৈ অসমৰ্থ বা তেনে প্ৰযুক্তিবিদ্যাৰ জ্ঞান নথকা ব্যক্তিসকলে কিতাপ পঢ়ি যোগৰ সাধনা কৰে। ইয়াৰ ফলত যোগ সম্পৰ্কীয় কিতাপৰ এখন ভাল বজাৰ গঢ়ি উঠিছে।  সুখৰ অৰ্থনীতি (Economics of Happiness) হ’ল যোগাভ্যাসৰ অন্য এক গুৰুত্বপূৰ্ণ দৃষ্টিকোণ। যোগাভ্যাসে মানুহ এজনৰ শৰীৰ, মন আৰু আত্মাৰ (?) মাজত সমন্বয় স্থাপন কৰি মানুহজনক এক অনাবিল সুখানুভূতি আনি দিয়ে।
     মুঠ কথা, যোগ যিহেতু মানুহৰ সুস্থ প্ৰয়োজন (Wellness) হিচাপে স্বীকৃতি পাই ক্ৰমাগতভাবে সম্প্ৰসাৰিত হৈ আছে, গতিকে যোগক সামগ্ৰী হিচাপে গ্ৰহণ কৰিলেও অৰ্থনীতিৰ তথাকথিত ‘সামগ্ৰী’ৰ সূত্ৰই যোগৰ ওজন কমাব পৰাৰ কোনো সম্ভাৱনা নাই। যোগ যোগেই।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৮ জুন ২০১৮, পৃষ্ঠা: ৫, 
পূৰ্বপ্ৰকাশ: 'যোগাকাশ', স্মৃতিগ্ৰন্থ, প্ৰথম ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্ত:মহাবিদ্যালয় যোগ প্ৰতিযোগিতা, ২৩-২৪ জানুৱাৰী ২০১৭, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়।]


No comments:

Post a Comment