২০১৮ চনৰ ৮ জুন
তাৰিখে আকস্মিকভাবে শুক্ৰাচাৰ্য ৰাভাৰ মৃত্যু হৈছিল। নিজস্ব চিন্তাচৰ্চাৰে
নিখুঁতভাবে ‘আণ্ডাৰ দ্য চাল ট্টি’ নামৰ নাট্য উৎসৱৰ জৰিয়তে নাট্য জগতত নিজৰ লগতে
অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নাট্যবোদ্ধা, গৱেষক, নাট্যকাৰ তথা
পৰিচালকগৰাকীৰ অকাল মৃত্যুক তেখেতৰ অনুৰাগীসকলে আজিও সহজভাবে ল’ব পৰা নাই। শুক্ৰাচাৰ্য
ৰাভাই সমাজত প্ৰচলিত হৈ থকা কিছুমান বদ্ধমূল ধাৰণা আৰু সমাজলৈ অহা পৰিৱৰ্তনৰ ওপৰত
চিন্তাচৰ্চা কৰি সেইবোৰৰ অন্তৰালত থকা সত্য কথাবোৰ নাট্যকৰ্মৰ জৰিয়তে অন্বেষণ
কৰিবলৈ চেষ্টা কৰিছিল।
শুক্ৰাচাৰ্য ৰাভাই
লক্ষ্য কৰিছিল যে সমাজত যিমানেই আধুনিকতাৰ পৰশ পৰিবলৈ ধৰিছে সিমানেই মানুহৰ মাজত
থকা আত্মীয়তা আৰু বিশ্বাসৰ মনোভাৱ হ্ৰাস পাবলৈ ধৰিছে। কেৱল নগৰৰ মানুহবোৰৰ মাজতেই নহয়, গাঁৱলীয়া
মানুহবোৰৰ মাজতো বিশ্বাসযোগ্যতা আৰু নিৰ্ভৰযোগ্যতাৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হ’বলৈ
ধৰিছে। ৰাজনীতিকে বৃত্তি হিচাপে লোৱা মানুহবোৰে গাঁৱৰ সহজ-সৰল মানুহবোৰৰ মন আৰু মগজুত
ৰাজনীতিৰ কু-নীতি সুমুৱাই দি তেওঁলোকৰ মাজত বিভেদৰ বিষবাষ্প বিয়পাই দিবলৈ চেষ্টা
চলাই আছে। তেখেতে লক্ষ্য কৰিছিল যে গাঁৱৰ শিক্ষিত মানুহবোৰ চহৰমুখী হোৱাৰ বাবে
ৰাজনৈতিক নেতাবোৰে গাঁৱবোৰলৈ সহজে এই বিষবাষ্প বিয়পাবলৈ সক্ষম হৈছে। আত্মীয়তা আৰু
বিশ্বাসৰ দৰে শক্তিশালী সামাজিক মূলধনক পুনৰ ঘূৰাই অনা আৰু যিখিনি আছে সেইখিনিক
অটুট ৰখাৰ স্বাৰ্থতে তেখেতে নিজ গাঁৱতে থাকি নাট্যচৰ্চা কৰিছিল।
অসম মূলকত সততে
এটা শুনা শব্দ হ’ল-অসমৰ সংস্কৃতিক বিশ্বদৰবাৰলৈ নিব লাগে। শুক্ৰাচাৰ্য ৰাভাৰ মতে বিশ্বদৰবাৰ হ’ল-এক
প্ৰকাৰ আত্মসমৰ্পন কিম্বা কাপৰুষালি। তেখেতৰ ভাষাত, “ই এক মেটাফ’ৰ যি নিৰ্দেশ
কৰে ভাল-বেয়াৰ দ্বন্দ্বৰ অন্তত নিৰূপিত হোৱা আমাৰ স্থান। আমাতকৈ উচ্চ পৰ্যায়ৰ,
আমাতকৈ ওখ খাপৰ কিবা এটা থকাৰ যিটো অৱধাৰণা আমাৰ অৱচেন মনত সোমাই থাকে; তাৰেই
পৰিণতিত সৃষ্টি হয়-বিশ্বদৰবাৰৰ।” (নীলোৎপল বৰুৱাৰ গ্ৰন্থ, ‘শুক্ৰাচাৰ্য
ৰাভা: যাত্ৰা আৰু মাত্ৰা”, ২০১৮, পৃষ্ঠা: ৮৯)। নিজৰ ওপজা গাঁও ৰামপুৰতে
নাট্যচৰ্চা কৰি তেখেতে নিজৰ চোতালখনকে বিশ্বদৰবাৰলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা
কৰিছিল।
নাটক সম্পৰ্কত এনে
এটা বদ্ধমূল ধাৰণা আছ যে নাটক কৰিবলৈ হ’লে উন্নতমানৰ শব্দযন্ত্ৰ, কৃত্ৰিম পোহৰ আৰু
দৃশ্য অনুসৰি মঞ্চখন সজাই তুলিব লাগিব, অভিনেতা-অভিনেত্ৰীসকলে চৰিত্ৰটোৰ লগত খাপ
খোৱাকৈ পোছাক পৰিধান কৰিব লাগিব, সা-সঁজুলি ল’ব লাগিব ইত্যাদি। শুক্ৰাচাৰ্য ৰাভাই ‘বাদুংদপ্পা’ত
শব্দযন্ত্ৰ আৰু কৃত্ৰিম পোহৰৰ ব্যৱহাৰ নস্যাৎ কৰিছে। চৰিত্ৰ অনুসৰি অভিনেতা-অভিনেত্ৰীসকলে
পোছাক পৰিধান কৰা আৰু সা-সঁজলিৰ ব্যৱহাৰ যিমান পাৰি সিমান হ্ৰাস কৰিবলৈ চেষ্টা
কৰিছে। এইবোৰে নাটকখনক মেদবহুল কৰি তুলি নাটকৰ মূল ভেটিটোকে তল পেলায় বুলি তেখেতে
ভাবিছিল। শাৰীৰিক ভংগীমা আৰু মিতব্যয়ী সংলাপৰ দ্বাৰাই তেখেতে নাটখনক উপভোগ্য কৰি
তুলিব পাৰিছিল। নাটকৰ প্ৰতিটো দৃশ্যই যাতে একোখনকৈ পেইন্টিংৰ দৰে হয় তাৰ ওপৰত
তেখেতে গুৰুত্ব দিছিল। তদুপৰি, সচৰাচৰ নাট্যদলবোৰে কৰাৰ দৰে ‘ৰয়েল’ নাটত
(যেনে-ৰামায়ণ, মহাভাৰত, ৰজা-মহাৰজাৰ কাহিনী) গুৰুত্ব নিদি তেখেতে লোককথা তথা
সাধুকথাৰ ভিত্তিত (বিশেষকৈ ৰাভাসকলৰ মাজত প্ৰচলিত) নাট ৰচনা কৰি প্ৰদৰ্শন কৰিছিল। লোককথা
আৰু সাধুকথাৰ ভিত্তিত নাট ৰচনা কৰাৰ সপক্ষে তেখেতে কেইটামান যুক্তি দিছে-(১)
অবিকৃত ৰূপত কৰা এই ব্যৱস্থাই জনজাতিসকলৰ লোককথা আৰু সাধুকথাবোৰে জনপ্ৰিয়তা লাভ
কৰাৰ লগতে সংশ্লিষ্ট জনজাতিটোৰ পৰম্পৰাবোৰক ৰক্ষা কৰাত সহায় কৰিব, (২) বিভিন্ন
চক্ৰান্তৰ বলি হৈ জনজাতীয় লোকসকলে আনৰ পৰম্পৰা তথা সমাজিক নীতি-নীতিৰ প্ৰতি মোহিত
হৈ নিজৰ পৰম্পৰা আৰু ৰীতি-নীতিবোৰক লৈ হীনমান্যতা ভুগি থকা লোকসকলে বুজি উঠিব যে
তেওঁলোকৰ ৰীতি-নীতি আৰু পৰম্পৰাবিলাক কোনো
ফালৰ পৰাই নিম্ন পৰ্যায়ৰ নহয়, (৩) অৰ্থনৈতিক আৰু সামাজিক সমস্যাবোৰৰ দৰে দুই-এটা
সৰু পাৰ্থক্যৰ বাহিৰে পৃথিৱীৰ প্ৰান্তীয় জনগোষ্ঠীবোৰৰ লোককথা আৰু সাধুকথাবোৰৰ মাজত
বহুখিনি সাদৃশ্য আছে। বহু ক্ষেত্ৰত লোককথা আৰু সাধুকথাবোৰ অলৌকিক হ’লেও তাৰ মাজত ৰাজনৈতিক
দমন, সামাজিক প্ৰভুত্ব, অৰ্থনৈতিক শোষণ আদি উমৈহতীয়া সমস্যাবোৰ লুকাই থাকে। তেখেতৰ
মতে, লোককথা আৰু সাধুকথাবোৰৰ নাট্যৰূপে দৰ্শকক সহজে আকৰ্ষিত কৰাৰ উপৰি তাৰ মাজত
লুকাই থকা সত্যখিনিক সহজে বুজি উঠাত সহায় কৰে।
শুক্ৰাচাৰ্য ৰাভাৰ
চিন্তাচৰ্চাৰ আন কিছুমান গুৰুত্বপূৰ্ণ বিষয় হ’ল-সময়ানুৱৰ্তিতা, নাটক কৰা মানুহৰ
প্ৰতি সাধাৰণ মানুহৰ মাজত থকা ভুল ধাৰণা দূৰ কৰা, নাট্যকৰ্মৰ সৈতে জড়িত ৰাজনীতি
আৰু মানৱীয়তাৰ পাৰ্থক্য ধৰা পেলাৱা ইত্যাদি। আমি ভাবোঁ, শুক্ৰাচাৰ্য ৰাভাই যিবোৰ
চিন্তাচৰ্চা কৰিছিল সেইবোৰ নিখুঁতভাবে বাস্তৱত ৰূপায়ণ কৰিব পৰাটোৱেই হ’ল তেখেতৰ
আটাইতকৈ গুৰুত্বপূৰ্ণ খ্যাতি।
[তথ্যৰ উৎস: (১) শুক্ৰাচাৰ্য ৰাভাৰ সৈতে লেখকৰ সাক্ষাৎকাৰ, ২৭ ডিচেম্বৰ ২০১২,
(২) নীলোৎপল
বৰুৱাৰ গ্ৰন্থ, ‘শুক্ৰাচাৰ্য ৰাভা: যাত্ৰা আৰু মাত্ৰা’, ২০১৮ ]
[প্ৰকাশিত, 'নিয়মীয়া বাৰ্তা', ১১ জুন ২০১৯, পৃষ্ঠা: ৭]
No comments:
Post a Comment