ভাৰতবৰ্ষৰ জনসাধাৰণে বিভিন্ন কাৰণত বিভিন্ন জটিল
ৰাজনৈতিক সন্ধিক্ষণৰ অভিজ্ঞতা লাভ কৰি আহিছে। দেশখনৰ উত্তৰ-পূৱ
দিশত অৱস্থিত অসমৰ জনসাধাৰণে সৰ্বভাৰতীয় পৰ্যায়ৰ জটিল ৰাজনৈতিক সন্ধিক্ষণৰ উপৰি কিছুমান বিশেষ কাৰণত বিশেষ
জটিল ৰাজনৈতিক সন্ধিক্ষণ পাৰ কৰি আহিছে। কাৰণ
যিয়েই নহওক, জটিল ৰাজনৈতিক সন্ধিক্ষণত দেশ, অঞ্চল বা ৰাজ্য এখনৰ প্ৰতিটো ৰাজনৈতিক
দল, জাতীয় তথা জনগোষ্ঠীয় সংগঠনে সেই জটিল সন্ধিক্ষণৰ বিষয়বোৰত প্ৰত্যক্ষ বা পৰোক্ষভাবে জড়িত হৈ পৰে। এই লেখাটোত ভাৰত তথা অসমত বিভিন্ন কাৰণত সৃষ্টি
হোৱা জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বই কেনেধৰণৰ স্থিতি গ্ৰহণ কৰি
আহিছে সেই বিষয়ে আলোচনা কৰা হৈছে।
এইখিনিতে এই লেখাটোত
জনজাতি মানে কি আৰু জনজাতীয় নেতৃত্ব বুলিলে কাক বুজোৱা হৈছে সেয়া স্পষ্ট কৰি থোৱা
ভাল হ’ব। জনজাতিৰ ধাৰণাটো বুজাবলৈ দুটা
সময়ছোৱাৰ বাবে দুই ধৰণৰ সংজ্ঞা ঠিক কৰি লোৱা হৈছে। এহাতে, প্ৰাক-স্বাধীনতাৰ সময়ত সেইবোৰ জনগোষ্ঠীক
জনজাতি হিচাপে ধৰা হৈছে যিবোৰক ভাৰত তথা অসমৰ মূলসূঁতিৰ জনগোষ্ঠীবোৰে তেওঁলোকৰপৰা পৃথক
বুলি ধাৰণা কৰিছিল আৰু একেসময়তে যিবোৰ জনগোষ্ঠীয়ে মূলসূঁতিৰ জনগোষ্ঠীবোৰৰপৰা নিজকে
পৃথক জনগোষ্ঠী হিচাপে চিনাকি দিব বিচাৰিছিল। আনহাতে, স্বাধীনত্তোৰ কালত ভাৰতীয় সংবিধানৰ ৩৪২ নম্বৰ
অনুচ্ছেদ অনুসৰি যিবোৰ জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে সন্নিৱিষ্ট কৰা হৈছে
তেওঁলোককে জনজাতি বুলি কোৱা হৈছে। জনজাতীয় নেতৃত্ব বোলোতে জনজাতীয় মূলৰ ব্যক্তিয়ে
জনজাতিৰ নামত গঠিত ৰাজনৈতিক দল বা সংগঠনৰ (উগ্ৰপন্থী সংগঠন নহয়) নেতৃত্ব বহন কৰা
লোকসকলক বুজোৱা হৈছে। জনজাতীয় মূলৰ
ব্যক্তি, অথচ ভাৰতৰ বা অসমৰ মূলসূঁতিৰ ৰাজনৈতিক দল বা সংগঠনৰ নেতৃত্ব বহন কৰিছে, তেওঁলোকক
জনজাতীয় নেতৃত্বৰ শাৰীত ধৰা হোৱা নাই।
আহোমসকল অহাৰ আগতে আজিৰ অসমৰ ভূখণ্ডত সৰু সৰু ৰাজ্য আছিল আৰু সেইবোৰ ৰাজ্যক জনজাতীয় মূলৰ
ৰজাসকলে শাসন কৰি আছিল। আহোমসকলে সেই সৰু
সৰু ৰাজ্যৰ ৰজাবোৰক যুদ্ধত পৰাস্ত কৰি বা যুদ্ধৰ আগতে সন্ধি স্থাপন কৰি আহোম ৰাজ্য
প্ৰতিষ্ঠা কৰিছিল। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰি তাৰিখৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছসকলে আহোম ৰাজ্য
অধিকাৰ কৰি লোৱাৰ পাছত ১৮৫৭ চনত ব্ৰিটিছৰ বিৰূদ্ধে যি বিদ্ৰোহৰ সূত্ৰপাত হৈছিল সেই
সময়ত জনজাতীয় মূলৰ লোকৰ দ্বাৰা গঠিত কোনো প্ৰতিষ্ঠিত সংগঠন নাছিল। গতিকে, ১৮৫৭ চনৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমত
জনজাতীয় নেতৃত্ব বুলিবলৈ কোনো জনজাতীয় নেতা নাছিল। ব্ৰিটিছে অসমখন অধিকাৰ
কৰাৰ পাছত চৰকাৰী চাকৰি তথা আন সা-সুবিধাবোৰ বাঙালীসকলৰ পিছতে অসমৰ উচ্চবৰ্ণৰ
লোকসকলৰ মাজতে সীমাবদ্ধ আছিল। যাৰ ফলত
জনজাতীয় লোক আৰু উচ্চ বৰ্ণৰ দ্বাৰা পৰিচালিত অসমীয়া মধ্যশ্ৰেণীৰ লোকসকলৰ মাজত
ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ব্যৱধান বৃদ্ধি পাইছিল। লাহে লাহে ব্ৰিটিছৰ অৰ্ধ-সামৰিক বাহিনীবোৰত জনজাতীয়
মূলৰ লোকৰ যোগদান আৰম্ভ হ’বলৈ ধৰে আৰু তেওঁলোকৰ অনুন্নত অৱস্থাৰ প্ৰতি তেওঁলোক
সজাগ হ’বলৈ ধৰে। তেওঁলোকে নিজে অন্তৰ্ভূক্ত হোৱা জনজাতিবোৰৰ স্বাৰ্থৰ প্ৰতি
লক্ষ্য ৰাখি বিংশ শতিকাৰ প্ৰথম দশকৰ পাছৰে পৰাই জনজাতীয় সংগঠনবোৰ গঠন কৰিবলৈ ধৰে।
সেইবোৰৰ ভিতৰত সদৌ অসম কছাৰী সন্মিলনী, বড়ো
ছাত্ৰ সন্থা, মিৰি সন্মিলনী, ৰাভা
সন্মিলনী, লালুং সন্মিলনী আদি অন্যতম। সেই সময়ছোৱাৰ শেষৰ ফালে অসমৰ গোৱালপাৰা
জিলাখন বংগদেশৰ সৈতে চামিল কৰি (‘গোৱালপাৰা জিলা জমিদাৰ এছ’চিয়েচনে’ দাবী জনাই
আহিছিল) জিলাখনৰ
বিদ্যালয়সমূহত বাংলা ভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰাৰ এক জটিল সন্ধিক্ষণ আহি পৰিছিল। অসমৰ সেই জটিল ৰাজনৈতিক সন্ধিক্ষণত ৰাজ্যখনৰ জনজাতীয়
নেতৃত্বই সেই দাবীৰ তীব্ৰ বিৰোধিতা কৰিছিল।
১৯১৬ চনত বড়ো জনজাতিৰ ধৰ্মীয় নেতা কালিচৰণ ব্ৰক্ষ্মই গোৱালপাৰা জিলাৰ
বিদ্যালয়সমূহত বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা প্ৰৱৰ্তনৰ বাবে দাবী জনাই সেই
সময়ৰ ছীফ কমিছনাৰৰ ওচৰত আবেদন জনাইছিল। সেই আবেদনখনৰ ভিত্তিতে তদন্তৰ অন্তত
চৰকাৰে ১৯১৭ চনৰ পৰা জিলাখনৰ বিদ্যালয়সমূহত অসমীয়া ভাষা প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছিল১।
স্ব-শাসন লাভৰ
উদ্দেশ্যে মহাত্মা গান্ধীয়ে ১৯২০ চনৰ ১ আগষ্ট তাৰিখে ঘোষণা কৰা ‘অসহযোগ আন্দোলন’
ভাৰতৰ বাবে এটা উল্লেখযোগ্য জটিল ৰাজনৈতিক সন্ধিক্ষণ আছিল। ‘ভাৰত চৰকাৰ আইন, ১৯১৯’ৰ আধাৰত জনজাতিসকলে পাবলগীয়া সীমিত ৰাজনৈতিক অধিকাৰৰ
পৰাও বঞ্চিত হৈছিল। ইয়াৰ মূল বাধা ভাৰতীয় জাতীয় কংগ্ৰেছে আছিল বুলি অসমৰ জনজাতীয়
নেতৃত্বই ভাবিছিল। সেয়েহে ‘অসহযোগ
আন্দোলন’ৰ দৰে গুৰুত্বপূৰ্ণ ৰাজনৈতিক সন্ধিক্ষণতো জনজাতীয় নেতৃত্বই আন্দোলনটোত
যোগদান কৰা নাছিল। ভাৰতৰ শাসন ব্যৱস্থাৰ
আমূল পৰিৱৰ্তনৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে ছাৰ জন ছাইমনৰ নেতৃত্বত ১৯২৭ চনত এখন আয়োগ গঠন কৰিছিল, যাক ছাইমন কমিছন হিচাপে
জনা যায়। সাতজনীয়া সদস্যৰে গঠিত আয়োগে
১৯২৮ চনৰ ১৪ ছেপ্টেম্বৰত ভাৰতত উপস্থিত হৈ দেশখনৰ বিভিন্ন প্ৰদেশলৈ গৈ সাক্ষ্য গ্ৰহণ কৰিছিল। দেশৰ সেই জটিল ৰাজনৈতিক
সন্ধিক্ষণত ভাৰতীয় জাতীয় কংগ্ৰেছে ছাইমন
কমিছনক বৰ্জন কৰিছিল। আনকি কমিছনে শ্বিলঙত উপস্থিত হোৱাৰ দিনটোত অসম প্ৰদেশ
কংগ্ৰেছে হৰতাল পালন কৰিছিল। অসমৰ জনজাতীয় নেতৃত্বই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সেই স্থিতিৰ বিপৰীতে গৈ ছাইমন কমিছনক স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু
প্ৰয়োজনীয় সাক্ষ্যও দিছিল। জনজাতীয়
নেতৃত্বই অনুভৱ কৰিছিল যে অসমৰ জনজাতিসকলক ৰাজনৈতিক অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত ভাৰতীয় জাতীয় কংগ্ৰেছে একো কৰা নাছিল।
সেয়েহে ছাইমন কমিছনৰ যোগেদি তেওঁলোকে
ব্ৰিটিছ চৰকাৰৰপৰা সুকীয়া ৰাজনৈতিক অধিকাৰ দাবী কৰিছিল২।
প্ৰথম অৱস্থাত জনজাতীয়
সংগঠনবিলাক জনজাতিৰ ভিত্তিত সুকীয়াকৈ গঢ়ি উঠিছিল আৰু নিজৰ নিজৰ জনজাতিৰ
অভাৱ-অভিযোগ, সমাজ সংস্কাৰ, শিক্ষাৰ বিস্তাৰ আদি কামতে সেই সংগঠনবোৰ ব্যস্ত আছিল।
সময়ৰ লগে লগে প্ৰতিটো জনজাতীয় সংগঠনৰ এচাম
শিক্ষিত লোকে অনুভৱ কৰিলে যে জনজাতীয় সংগঠনবিলাক একগোট হোৱাৰ সময় আহি পৰিছে।
সেয়েহে ১৯৩৩ চনৰ ১৭ এপ্ৰিলত নগাঁওৰ ৰহাত জনজাতিবোৰৰ এক উমৈহতীয়া অভিৱৰ্তন বহে আৰু
তাতে জনজাতিবোৰৰ উমৈহতীয়া সংগঠন ‘আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ’ (Assam Backward Tribal
League, পিছলৈ ট্ৰাইবেল লীগ
হিচাপে জনপ্ৰিয় হয় ) গঠন কৰা হৈছিল৩। জনজাতিসকলৰ স্বাৰ্থ ৰক্ষা কৰাৰ লগতে
ভাৰত আৰু অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত এই সংগঠনটোৰ নেতৃত্বই দেশে স্বাধীনতা লাভ
কৰা সময়লৈকে পৰিস্থিতি সাপেক্ষে গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰি আহিছিল। এই সময়ছোৱাত প্ৰথমে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰসংগ
আহি পৰে। ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰত দ্বিতীয়
বিশ্বযুদ্ধ আৰম্ভ হৈছিল। দ্বিতীয়
বিশ্বযুদ্ধত ব্ৰিটিছ চৰকাৰক সহযোগ কৰা বা নকৰা সম্পৰ্কত ভাৰতীয় জাতীয় কংগ্ৰেছ
দ্বিধাগ্ৰস্ত হৈ আছিল। কিন্তু, ১৯৩৯ চনৰ ৩ ছেপ্তেম্বৰত যেতিয়া গ্ৰেট ব্ৰিটৈইনে
জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰিলে তেতিয়া সকলো কমনৱেলথ সদস্যকো তাকে কৰিবলৈ আবেদন
কৰা হৈছিল। যুদ্ধ ঘোষণা সম্পৰ্কত ভাৰতৰ
ভাইচৰয়ে কেন্দ্ৰীয় সংসদৰ সৈতে আনুষ্ঠানিক আলোচনা কৰা নাছিল। ভাৰতক অসৌজন্যমূলকভাবে
যুদ্ধলৈ টানি অনাত কংগ্ৰেছ ক্ষুব্ধ হৈ পৰিছিল৪। সেয়েহে কংগ্ৰেছে ‘ভাৰত চৰকাৰ আইন,
১৯৩৫’ ৰ আধাৰত লাভ কৰা প্ৰাদেশিক শাসনৰ সুযোগ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৫।অৰ্থাত, দ্বিতীয় বিশ্বযুদ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ চৰকাৰক সহযোগ
নকৰাৰ সিদ্ধান্ত লৈছিল। এই
পৰিপ্ৰেক্ষিতত অসমত গোপীনাথ বৰদলৈৰ প্ৰথমখন চৰকাৰৰ (চৰকাৰখন ২০ ছেপ্টেম্বৰ ১৯৩৮
চনত গঠন কৰা হৈছিল) আটাইকেইজন সদস্যই ১৯৩৯ চনৰ ১৭ নৱেম্বৰত পদত্যাগ কৰিছিল আৰু পিছদিনাই
(অৰ্থাত ১৮ নৱেম্বৰত) মুছলিম লীগৰ নেতা ছৈয়দ সাদ্উল্লাই চৰকাৰ গঠন কৰিছিল৬। চৰকাৰ গঠন কৰিয়েই ছৈয়দ সাদ্উল্লাই ট্ৰাইবেল লীগৰ
ওচৰ চাপিছিল (১৯৩৮ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে চৰকাৰ গঠন কৰাৰ সময়ত ছৈয়দ সাদ্উল্লাই
প্ৰথমবাৰ ট্ৰাইবেল লীগৰ ওচৰ চাপিছিল আৰু লীগে সাদ্উল্লাক সমৰ্থন জনাইছিল)। ছৈয়দ
সাদ্উল্লা আৰু ট্ৰাইবেল লীগৰ মাজত হোৱা বুজাবুজি চুক্তিৰ ভিত্তিত লীগে ছৈয়দ সাদ্উল্লাক
সমৰ্থন জনাইছিল৭। ট্ৰাইবেল লীগৰ
যুক্তি আছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছে বিশ্বযুদ্ধত সহযোগ কৰা বা নকৰাৰ
প্ৰসংগই ব্ৰিটিছ চৰকাৰক কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কিন্তু, ছৈয়দ সাদ্উল্লাৰ
চৰকাৰত যোগ দি ট্ৰাইবেল লীগে ব্ৰিটিছক সহযোগ কৰিলে লীগে কিছু হ’লেও চৰকাৰৰপৰা
ৰাজনৈতিক সুবিধা আদায় কৰিব পাৰিব৮।
আচলতে, সেই সময়ত ট্ৰাইবেল লীগৰ এটা নীতিয়ে আছিল যে যিখন চৰকাৰে জনজাতিসকলৰ শিক্ষা
আৰু আৰ্থিক অৱস্থাৰ উন্নতিৰ কাৰণে কাম কৰে আৰু ট্ৰাইবেল লীগৰ স্বাৰ্থৰ বিৰূদ্ধে
নাযায় সেইখন চৰকাৰকে সমৰ্থন কৰিব।
ট্ৰাইবেল লীগৰ মতে, অতি দূৰৰ এটা আদৰ্শ আগত লৈ চলি থকা চৰকাৰৰ বিৰূদ্ধে
আন্দোলন কৰি তেওঁলোকে তেওঁলোকৰ পিছপৰি থকা অৱস্থা দূৰ কৰিবৰ বাবে চলিত চৰকাৰে
প্ৰদান কৰা সুবিধাবিলাক হেৰুৱাই আগৰ দৰে পিছপৰি থাকিব নিবিচাৰে। সেই একে নীতিৰ আধাৰতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ
উদ্যোগত ১৯৪২ চনৰ ৪ আগষ্টত ঘোষণা কৰা ‘ভাৰত ত্যাগ আন্দোলন’তো ট্ৰাইবেল লীগে যোগদান কৰা নাছিল আৰু আনফালে আন্দোলনটোৰ
বিৰোধিতাও কৰা নাছিল৯।
পূৰ্ববংগৰপৰা অসমলৈ ঘটা প্ৰব্ৰজন অসমৰ কাৰণে এটা জটিল ৰাজনৈতিক
সন্ধিক্ষণ আছিল (প্ৰব্ৰজনৰ সমস্যা আজিও আছে, কিন্তু সমস্যাটোৰ ৰূপৰ পৰিবৰ্তন হৈছে)। মুছলিম লীগৰ এটা পৰিকল্পনা আছিল যে
পূৰ্ববংগৰপৰা অসমলৈ মুছলমান সম্প্ৰদায়ৰ লোক বেছিকৈ আনিব পাৰিলে অসমখনকো মুছলমান
প্ৰধান প্ৰদেশ হিচাপে গঢ়ি তুলিব পৰা যাব
আৰু সংগঠনটোৱে দাবী কৰি অহা পৃথক মুছলমান ৰাষ্ট্ৰখনত অসমক সামৰি ল’ব পৰা
যাব। মুছলিম লীগৰ নেতা মৌলানা হামিদ
ভাছানীয়েতো অসমত ১৯২০ চনৰপৰা প্ৰচলিত ‘লাইন প্ৰথা’ৰ বিলুপ্তিকৰণৰ বাবে সঘনাই দাবী
কৰি আহিছিল। এই প্ৰথাৰ জৰিয়তে চৰকাৰে
জনজাতীয় লোকসকলৰ বাবে ভূমি সংৰক্ষণ কৰা পদ্ধতিটোৰ তেওঁ ঘোৰ বিৰোধী আছিল১০। ট্ৰাইবেল লীগৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ
বাবে ছৈয়দ সাদ্উল্লাই মুছলিম লীগৰ পৰিকল্পনাত
প্ৰত্যক্ষভাবে সহযোগ কৰিব পৰা নাছিল। সেয়েহে তেওঁ চৰকাৰী সিদ্ধান্ত গ্ৰহণেৰে
মুছলিম লীগৰ পৰিকল্পনাত সহযোগ কৰিবলৈ চেষ্টা কৰিছিল। উদাহৰণস্বৰূপে, ‘অধিক শস্য উৎপাদন’ (Grow more food) শ্ল’গানেৰে তেওঁ পূৰ্ববংগৰপৰা প্ৰব্ৰজন
কৰা লোকসকলক সুৰক্ষা দিয়াৰ বাবে সিদ্ধান্ত
গ্ৰহণ কৰিছিল১১। ‘অধিক শস্য উৎপাদন’ শ্ল’গানৰ ভিত্তি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, অসমত শস্যৰ উৎপাদন বৃদ্ধিৰ
উদ্দেশ্যে ৰাজ্যখনলৈ প্ৰব্ৰজন ঘটা মুছলমান সম্প্ৰদায়ৰ লোকসকলক সংস্থাপনৰ বাবে
যোগ্য সকলো ভূমিতে প্ৰত্যক্ষভাবে সংস্থাপন দিয়া হ’ব। এই জটিল ৰাজনৈতিক সন্ধিক্ষণত
ট্ৰাইবেল লীগে সাদ্উল্লাৰ প্ৰতি বিষোদগাৰ হৈ পৰিছিল। ১৯৪৪ চনৰ ২০ এপ্ৰিলত মংগলদৈত অনুষ্ঠিত হোৱা
ট্ৰাইবেল লীগৰ অধিৱেশনত অসম উপত্যকাত বহিৰাগতৰ প্ৰব্ৰজন বন্ধ কৰাৰ লগতে খিলঞ্জীয়াক
সুৰক্ষিত কৰিবৰ বাবে বহিৰাগতক উচ্ছেদ কৰিবলৈ মঞ্চৰ পৰাই লীগৰ নেতাসকলে দাবী
উত্থাপন কৰিছিল। কেৱল ট্ৰাইবেল লীগৰ
নেতৃত্বইহে যে প্ৰব্ৰজনৰ সমস্যাটোৰ ওপৰত ছৈয়দ সাদ্উল্লাৰ প্ৰতি বিষোদগাৰ হৈ পৰিছিল
তেনে নহয় । ১৯৪৫ চনৰ ৪ আৰু ৫ মে’ত
শিৱসাগৰৰ দিহিংমুখত ট্ৰাইবেল লীগৰ ভাতৃ সংগঠন ‘কছাৰী সন্মীলনী’ৰ ত্ৰয়োদশ অধিৱেশন
বহিছিল, য’ত সংগঠনটোৰ নেতৃত্বই ছৈয়দ সাদ্উল্লাৰ প্ৰতি যে কোনো সহানুভূতি নাই সেয়া
প্ৰকাশ কৰিছিল১২।
ব্ৰিটিছ চৰকাৰে ভাৰতীয় নেতৃত্বক শাসনভাৰ অৰ্পণ
কৰাৰ উদ্দেশ্যে কেবিনেট মিছনে যিবোৰ প্ৰস্তাৱ লৈ আহিছিল, সেয়া অসমৰ বাবে এক জটিল ৰাজনৈতিক
সন্ধিক্ষণ আছিল। কেবিনেট মিছনৰ মূল
প্ৰস্তাৱসমূহৰ ভিতৰত এটা প্ৰস্তাৱ আছিল যে ভাৰতৰ প্ৰদেশসমূক A, B আৰু C তিনিটা শাখাত ভাগ কৰা হ’ব।
C শাখাত বংগ আৰু অসমক সামৰি
লোৱা হৈছিল। মুছলিম লীগে এই প্ৰস্তাৱক
সমৰ্থন দিছিল আৰু C শাখাৰ প্ৰদেশসমূক লৈ এখন মুছলমান প্ৰধান ৰাষ্ট্ৰ গঠনৰ পোষকতা কৰিছিল। ভাৰতীয়
জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশৰ হৈ গোপীনাথ বৰদলৈয়ে অসমক C শাখাত অন্তৰ্ভূক্ত কৰা প্ৰস্তাৱটোৰ তীব্ৰ বিৰোধিতা কৰিছিল। আনহাতে ছৈয়দ সাদ্উল্লাই জনজাতীয় অঞ্চলক বাদ দি
অসম এখন মুছলমান প্ৰধান প্ৰদেশ বুলি মিছনক জনাইছিল১৩। অসমক C শাখাত অন্তৰ্ভূক্ত কৰা প্ৰস্তাৱক লৈ ইতিমধ্যে
আন্দোলন আৰম্ভ হৈছিল। সেই সময়ত কংগ্ৰেছৰ
সৈতে ট্ৰাইবেল লীগৰ ৰাজনৈতিক সম্পৰ্ক ভাল নাছিল যদিও ট্ৰাইবলে লীগে সৰ্বশক্তিৰে
আন্দোলনত যোগদান কৰিছিল। সেই আন্দোলনৰ
বাবে ট্ৰাইবেল লীগৰ নেতৃত্বই দীৰ্ঘদিন ধৰি দাবী কৰি অহা সুকীয়া নিৰ্বাচকমণ্ডলীৰ (Separate Electorate) দৰে মৌলিক বিষয়টোকো পৰিত্যাগ কৰিবলৈ কুণ্ঠাবোধ
কৰা নাছিল১৪। স্বাধীনতাৰ পাছত ট্ৰাইবেল লীগৰ মূল নেতাসকল
মূলসূঁতিৰ ৰাজনীতিৰ সৈতে একাকাৰ হোৱাৰ পাছত সংগঠনটোক অৰাজনৈতিক সংগঠনলৈ ৰূপান্তৰ
কৰাৰ লাগে লগে ভাৰত বা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত ট্ৰাইবেল লীগৰ নেতৃত্বৰ
স্থিতিৰো যতি পৰে।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ কিছু বছৰৰ পাছত
দেশখনত ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অসমীয়া ভাষাৰ ভিত্তিত অসম ৰাজ্যখন গঠন হৈছে বুলি
পতিয়ন নিয়াবলৈ অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰিবলৈ অসমীয়া
জাতীয়তাবাদী শিবিৰে আন্দোলন কৰিছিল। এইটো আছিল অসমৰ বাবে আন এক জটিল ৰাজনৈতিক
সন্ধিক্ষণ। আন্দোলনটোৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই অসমত অসমীয়া ভাষাক
বাধ্যতামূলকভাবে প্ৰয়োগ কৰিবৰ বাবে অসম চৰকাৰে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ নামৰ
বিল এখন প্ৰস্তুত কৰিছিল। চৰকাৰী ভাষা সম্পৰ্কে অসম কংগ্ৰেছ সমিটিয়ে আগবঢ়োৱা প্ৰস্তাৱটোৰ
সন্দৰ্ভত আলোচনা কৰিবলৈ ১৯৬০ চনৰ ২৮ এপ্ৰিলত অসমৰ পাহাৰীয়া জিলাৰ নেতাসকল মেঘালয়ৰ
তুৰাত মিলিত হৈছিল, ইয়াক All Parties
Hill Leaders Conference (APHLC) হিচাপে জনা যায়। APHLCএ কংগ্ৰেছৰ সেই
সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ জনাইছিল১৫। মিকিৰ পাহাৰ স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বৰ বাহিৰে অসমৰ আটাইবোৰ
স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বই বিলখনৰ ঘোৰ বিৰোধিতা কৰিছিল১৬। যিহেতু ভৈয়ামৰ জনজাতীয় নেতাসকল
ইতিমধ্যে অসমৰ মূলসূঁতিৰ ৰাজনীতিৰ সৈতে চামিল হৈছিল, সেয়েহে সেই জটিল ৰাজনৈতিক
সন্ধিক্ষণত তেওঁলোকৰ স্থিতিৰ প্ৰাসংগিকতা নাছিল।
জনাই থোৱা ভাল হ’ব যে কাছাৰৰ বাঙলী আৰু পাহাৰৰ জনজাতীয় নেতৃত্বৰ আপত্তি
সত্বেও ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ বিলখনে ১৯৬০ চনৰ ১৭ ডিছেম্বৰ তাৰিখে ৰাজ্যপালৰ
অনুমোদন পাইছিল১৭।
১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলা ‘বহিৰাগত খেদা (নে
বিদেশী খেদা?) আন্দোলন’ অসমৰ বাবে আন এক জটিল ৰাজনৈতিক সন্ধিক্ষণ আছিল, যাক আজি
ছবছৰীয়া ‘অসম আন্দোলন’ হিচাপে জনা যায়। ‘অসম
আন্দোলন’ আৰম্ভ হোৱাৰ আগৰে পৰাই অসমৰ জনজাতীয় নেতৃত্বই অসমলৈ অবৈধ অনুপ্ৰৱেশৰ
সমস্যাটোৰ বিৰূদ্ধে স্থিতি গ্ৰহণ কৰি আহিছিল। অসমলৈ অবৈধ অনু্প্ৰৱেশ ঘটা সমস্যাটোক
ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি দেশৰ আইনৰ মাধ্যমত সমস্যাটোৰ আশু আৰু কাৰ্যকৰী
সমাধান কৰিব লাগে বুলি Plain Tribals Council
of Assam ( চমুকৈ, PTCA) য়ে দাবী কৰিছিল। কেৱলে
সিমানেই নহয়, ভাৱিষ্যতে যাতে ৰাজ্যখনলৈ অবৈধ অনুপ্ৰৱেশ ঘটিব নোৱাৰে তাৰ বাবে ভাৰতৰ
সংবিধানৰ আধাৰত বিশেষ মৰ্যাদা দিব লাগে বুলি PTCAয়ে দাবী কৰিছিল। অৱশ্যে, তেওঁলোকে আন্দোলনটোত নৈতিক সমৰ্থনহে
দিছিল। সক্ৰিয়ভাবে অংশগ্ৰহণ কৰা নাছিল।
ইয়াৰ কাৰণ হ’ল, ১৯৬৭ চনৰপৰা অসমৰ মূলসূঁতিৰ নেতৃত্ব আৰু জনজাতীয় নেতৃত্বৰ
মাজত ৰাজনৈতিক বিষয়ত বৃহৎ পাৰ্থক্য গঢ়ি উঠিছিল।
দুটা উদাহৰণ দিয়া যাওক। ১৯৬৭ চনৰ
১৩ জানুৱাৰি তাৰিখে অসমৰ জনজাতিসকলৰ
ৰাজনৈতিক সুৰক্ষাৰ উদ্দেশ্যে সেই
সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা Federal Plan ৰ বিৰূদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম
সাহিত্য সভাকে ধৰি অসমৰ মূলসূঁতিৰ নেতৃত্বই আন্দোলন কৰিছিল। যাৰ ফলত চৰকাৰে Federal Plan বাতিল কৰিবলৈ বাধ্য হৈছিল১৮। জনজাতিসকলৰ সামগ্ৰিক সুৰক্ষাৰ
বাবে অসমত ‘জনজাতি অনুসূচিত এলেকা’ সৃষ্টি কৰা Delimitation of
Constituency Act, 1962 অনুযায়ী সমষ্টিবোৰ পুনৰ গঠন কৰাৰ দাবীত ১৯৬৭ আৰু ১৯৬৮ চনৰ কোকৰাঝাৰ লোকসভা
সমষ্টিৰ উপ-নিৰ্বাচন বৰ্জনৰ বাবে ১৯৬৮ চনৰ ২২ মে’ত PTCA য়ে শান্তিপূৰ্ণ আন্দোলন কৰিছিল। কিন্তু, ১৪৪ ধাৰা ভংগৰ অপৰাধত আৰক্ষীয়ে
আন্দোলনকাৰীৰ ওপৰত গুলীচালনা কৰিছিল। যাৰ ফলত কেইবাগৰাকী আন্দোলনকাৰী আহত হৈছিল১৯। ইমান ডাঙৰ ঘটনা এটা ঘটি যোৱাৰ পাছতো অসমৰ মূলসূঁতিৰ
দল বা সংগঠনৰ নেতৃত্বই প্ৰশাসনৰ বিৰূদ্ধে মাত মতা নাছিল। অসমৰ জনজাতীয় নেতৃত্বই পুনৰ এবাৰ বুজি উঠিছিল
যে অসমৰ মূলসূঁতিৰ দল বা সংগঠনৰ নেতৃত্বই জনজাতিসকলৰ মৰ্মবেদনা বুজিবলৈ অলপো চেষ্টা
নকৰে। সেয়েহে, ৰাজনৈতিক ক্ষেত্ৰত
স্ব-নিয়ন্ত্ৰণৰ উদ্দেশ্যে অসমৰ জনজাতীয় নেতৃত্বই ১৯৭২ চনৰ ২ ডিছেম্বৰত সংবাদমেল
পাতি ‘উদয়াচল’ নামেৰে এখন কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ দাবী উত্থাপন কৰিছিল।
ভাৰতী জনতা দল নেতৃত্বৰ চৰকাৰে ‘নাগৰিকত্ব
(সংশোধনী) বিধেয়ক, ২০১৬’খন সংসদত উত্থাপন কৰা- সমগ্ৰ ভাৰতৰ লগতে অসমৰ ৰাজনৈতিক
ইতিহাসত আন এক অতি জটিল ৰাজনৈতিক সন্ধিক্ষণ হিচাপে চিহ্নিত হৈছে। ভাৰতীয় জনতা দল
আৰু দলটোৰ সৈতে একে আদৰ্শত বিশ্বাসী সংগঠনৰ
বাহিৰে অসমৰ আটাইবোৰ দল আৰু সংগঠনে বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে। মনকৰিবলগীয়া যে অসমৰ ৰাজনীতিত যোৱা দুটা দশক ধৰি
অসমৰ জনজাতীয় নেতৃত্বই দুই ধৰণে জড়িত হৈ আছে- (১) অঞ্চল এটাত সংখ্যাগৰিষ্ঠ থকা এটা
নিৰ্দিষ্ট জনজাতিৰ নামেৰে দলীয় ৰাজনীতিত যোগদান কৰি, আৰু (২) নিজ নিজ জনজাতীয় সংগঠনৰ
নেতৃত্বৰে প্ৰভাৱ গোষ্ঠী হিচাপে। নিজ জনজাতি
সম্পৰ্কীয় আভ্যন্তৰীণ বিষয়বোৰত দুয়োপ্ৰকাৰ ৰাজনৈতিক শক্তিৰ মাজত কিছু মতানৈক্য
থাকে। কিন্তু, ভাৰত বা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত দুয়োপ্ৰকাৰ জনজাতীয়
ৰাজনৈতিক শক্তিৰ মাজত পাৰ্থক্য নাথাকে। জনজাতিৰ
নামেৰে দলীয় ৰাজনীতিত সোমাই পৰা জনজাতীয়
নেতৃত্ব বৰ্তমানৰ মিত্ৰজোঁট চৰকাৰখনৰ একো একোটা অংশ হৈ আছে। কিছুমানে নিজ জনজাতিৰ নামত প্ৰাৰ্থী থিয় কৰাইছে
যদিও ৰাষ্ট্ৰীয় দলটোৰে প্ৰতীক ব্যৱহাৰ কৰি বিধান সভালৈ নিৰ্বাচিত হৈছে। প্ৰথমবাৰ বিধেয়কখন (গৃহ মন্ত্ৰী ৰাজনাথ সিঙে) লোকসভাত
গৃহীত কৰাই ৰাজ্যসভাত উত্থাপন কৰিবলৈ সাজু কৰাৰ সময়ত ‘বড়োলেণ্ড পিপুলছ ফ্ৰ’ন্ট’ৰ
হৈ অসমৰপৰা নিৰ্বাচিত সাংসদ বিশ্বজিত দৈমাৰীয়ে তীব্ৰ বিৰোধিতা কৰিছিল। কিন্তু, ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত
অন্তৰ্ভূক্ত অঞ্চলসমূহত প্ৰস্তাৱিত আইনখন প্ৰয়োগ কৰা নহ’ব বুলি আইনখনৰ ২০১৯ চনৰ
সংস্কৰণত স্পষ্টিকৰণ পোৱাৰ পিছত (নতুন গৃহ
মন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰা) ‘বড়োলেণ্ড পিপুলছ ফ্ৰ’ন্ট’ৰ সাংসদজনে বিধেয়কখনৰ বিৰূদ্ধে মাত মতা দেখা নগ’ল (যিখন এতিয়া আইনত পৰিণত হৈছে)। বড়ো জনজাতিৰ প্ৰভাৱগোষ্ঠী
হিচাপে থকা ৰাজনৈতিক শক্তিবোৰে বিধেয়কখনৰ বিৰোধিতা কৰা আন্দোলনটোত নৈতিক সমৰ্থন
দিয়া বুলি জনাইছে। অৱশ্যে, ৰাজপথত নামি সক্ৰিয়
আন্দোলনত যোগদান কৰাৰ পৰা বিৰত আছে২০। ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত নোহোৱা নামনি অসমৰ আন জনজাতীয় নেতাসকলেও
একে নীতিকে মানি চলিছে। এই জটিল ৰাজনৈতিক
সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বই আইনখনৰ বিৰূদ্ধে সক্ৰিয়ভাবে আন্দোলনত যোগদান নকৰাৰ
কাৰণবোৰ এনেধৰণৰ- (১) পূৰ্বতে মূলসূঁতিৰ অসমীয়াৰ নেতৃত্বত চলা আন্দোলনবোৰত জনজাতীয় নেতৃত্বই যোগদান কৰাৰ পাছতো জনজাতিসকলৰ
বিৰূদ্ধে সেই নেতাসকলে যি পদক্ষেপ গ্ৰহণ কৰিছিল, বৰ্তমানৰ আন্দোলনকাৰী নেতাসকলে তেনে
নকৰিব বুলি জনজাতীয় নেতৃত্বই বিশ্বাসত ল’ব পৰা নাই, (২) জনজাতীয় ৰাজনৈতিক
শক্তিবোৰে ভাৰতীয় জনতা দলৰ সৈতে লগলাগি গঠন কৰা মিত্ৰজোঁটৰ চৰকাৰখনে তেওঁলোকক এতিয়ালৈকে
যিখিনি ৰাজনেতিক আৰু অৰ্থনৈতিক সা-সুবিধা প্ৰদান কৰিছে আৰু ভৱিষ্যতে প্ৰদান কৰাৰ
প্ৰতিশ্ৰুতি দিছে, সেইখন চৰকাৰৰ বিৰূদ্ধে আন্দোলন কৰি তেওঁলোকে চৰকাৰখনৰ প্ৰতি
অকৃতজ্ঞ হ’ব বিচৰা নাই আৰু ভৱিষ্যতে যিখিনি পাম বুলি আশা কৰিছে সেইখিনিক হেৰুৱাব
বিচৰা নাই, (৩) দীঘলীয়া সংগ্ৰামৰ পাছত ৰাজনৈতিক দিশত যোৱা কেইবছৰমানৰ পৰাহে অসমৰ
জনজাতিপ্ৰধান অঞ্চলবোৰত সুস্থিৰতা আহি
পৰিছে। সেয়েহে, চলিত চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ কৰি জনজাতীয়
নেতৃত্বই সেই সুস্থিৰতাৰ ওপৰত আঘাত কৰিব বিচৰা নাই, (৪) দীঘলীয়া অভিজ্ঞতাৰপৰা
জনজাতীয় নেতৃত্বই শিকিছে যে চৰকাৰ বিৰোধী আন্দোলনবিলাক কৰাৰ সময়ত মূলসূঁতিৰ অসমীয়া
আন্দোলনকাৰী নেতৃত্বই অসমৰ জনজাতীয় নেতৃত্বক সমান বুলি নাভাবি সদায় ‘সৰু ভাই’ৰ দৰে
চিনাকি দিব বিচাৰে, যিটো তেওঁলোকে ভাল নাপায়, (৫) অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত,
বিশেষকৈ ‘বিদেশী খেদা’ বিষয়টোক লৈ ইতিমধ্যে যিবোৰ সংগঠনে আন্দোলন কৰিছিল, সেইবোৰ
সংগঠনৰ বেছিভাগ নেতাই পিছৰ পৰ্যায়ত দলীয় ৰাজনীতিত যোগদান কৰি সমস্যাটোৰ স্থায়ী
সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে। কিন্তু,
তেওঁলোকে সেই সমস্যাটোৰ স্থায়ী সমাধানৰ পৰিৱৰ্তে সমস্যাটোক জটিলৰ পৰা জটিলতৰ কৰাহে
দেখা গৈছে। এইবাৰৰ আন্দোলনকাৰীসকলো যে একে নাৱৰে যাত্ৰী নহ’ব, সেয়া জনজাতীয়
নেতৃত্বই বিশ্বাসত ল’ব পৰা নাই , (৬) শেষত, জনজাতীয় নেতৃত্বই লক্ষ্য কৰিছে যে
আইনখন বিৰোধিতা কৰাৰ সময়ত কেৱল অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ ওপৰতহে গুৰুত্ব দিছে, জনজাতীয় লোকসকলৰ ভাষা, সাহিত্য আৰু সংস্কৃতি
ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই২১। ভাৰত তথা অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত অসমৰ জনজাতীয় নেতৃত্বই কেতিয়াবা
মূলসূঁতিৰ নেতৃত্বৰ বিৰূদ্ধে, কেতিয়াবা সপক্ষে আৰু কেতিয়াবা নিৰপেক্ষ স্থিতি গ্ৰহণ
কৰি আহিছে। যিহেতু জনজাতীয় ৰাজনৈতিক সংগঠন
বা দলবিলাক জনজাতিসকলৰ নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে গঠন কৰা হৈছে, সেয়েহে ভাৰত তথা
অসমৰ জটিল ৰাজনৈতিক সন্ধিক্ষণত জনজাতীয় নেতৃত্বই জনজাতিসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য
ৰাখিহে স্থিতি গ্ৰহণ কৰি আহিছে।
সূত্ৰ-নিৰ্দেশ
১দাস, মুনীন্দ্ৰ (২০১৮): “বড়োৰ উত্তৰণৰ ইতিহাস : সমস্যা, সংগ্ৰাম, প্ৰাপ্তি”, (গুৱাহাটী, ডিব্ৰুগড়:
বনলতা), পৃষ্ঠা: ১০৩ আৰু ১০৪।
৩দেউৰী, ইন্দিবৰ (২০০১): “জনগোষ্ঠীয় সমস্যা: অতীত, বৰ্তমান ভৱিষ্যৎ”, দ্বিতীয় সংস্কৰণ, (গুৱাহাটী:
বান্ধৱ), পৃষ্ঠা: ৫। উল্লেখ কৰা ভাল হ’ব
যে অসমৰ ভৈয়ামৰ জনজাতীয় নেতাসকলে একগোট হোৱাৰ পাছত পাহাৰৰ জনজাতীয় নেতাসকলকো একগোট
কৰাৰ উদ্দেশ্যে ১৯৩৫ চনত কোকৰাঝাৰত ৰূপনাথ ব্ৰক্ষ্মৰ নেতৃত্বত ‘অল আছাম ট্ৰাইবেল ৰেচেছ ফেডাৰেচন’ (All Assam Tribal Races Federation) নামৰ এটা সংগঠনৰ জন্ম দিয়া হৈছিল। কিন্তু পাহাৰীয়া জনজাতীয় নেতাসকলৰ আগ্ৰহৰ অভাৱৰ
বাবে সেই সংগঠনটো আগবাঢ়িব নোৱাৰিলে (মুনীন্দ্ৰ দাসৰ পূৰ্বোল্লিখিত গ্ৰন্থ,
পৃষ্ঠা: ১০৭ আৰু ১০৮)।
৪আজাদ, মৌলানা আব্দুল কালাম (২০১৬): “ভাৰতৰ স্বাধীনতা লাভ”, মূল “India Wins Freedom’গ্ৰন্থখনৰ আবু নাছাৰ চাঈদ আহমেদে কৰা অসমীয়া
অনুবাদ, (ৱাৰ্ডউইভছ ইণ্ডিয়া), পৃষ্ঠা: ৩৯ আৰু ৪০ ।
৬সভাপণ্ডিত, ৰণজিৎ (২০১৪): “ছৈয়দ সাদুউল্লাৰ পৰা গোপীনাথ বৰদলৈলৈ: ১৯৩৭-৫০ অসমৰ ৰাজনৈতিক ইতিহাস”, (গুৱাহাটী
: অসম পালিচিং কোম্পানী), পৃষ্ঠা: ৪৯ আৰু ৫৫।
৭“Political History of Assam”, Vol. 3, 2008, Third Edition, (Guwahati: Assam
Publication Board), Page: 313.
১০শৰ্মা, দেৱব্ৰত (২০১৩): “ইচলাম, জাতীয়তাবাদ আৰু সমাজবাদ”, দ্বিতীয় প্ৰকাশ, (একলব্য প্ৰকাশন), পৃষ্ঠা:
৪০, ৪১।
১১Guha, Amalendu (2014): “Planter Raj to Swaraj:
Freedom Struggle & Electoral Politics in Assam”, Third Edition,
(Tulika Books), Page: 229.
১২“Political History of Assam”, Vol. 3, 2008, Third Edition,
(Guwahati: Assam Publication Board), Page: 316.
১৫দাস, মুনীন্দ্ৰ (২০১৪): “পৃথক ৰাজ্যৰ দাবী আৰু জনগোষ্ঠীয় আন্দোলন”, (গুৱাহাটী: অসম বুক ট্ৰাষ্ট),
পৃষ্ঠা: ৪৬।
১৭Basid, Habib Fazlul (2016): “The Assamese
Language Issue: An Analysis from Historical Perspective”, “International
Journal of Humanities and Social Sciences”, Vol. 6, No. 2, Pp. 125-133.
২০নিখিল বড়ো ছাত্ৰ সংস্থাৰ সভাপতি প্ৰমোদ বড়োৰ ভাষণ, ইন্টাৰনেটৰ তথ্য, ২
জানুৱাৰি ২০২০ তাৰিখে ডাউনলোড কৰা হৈছে, ভাষণটো https://www.youtube.com/watch?v=F5lePcl5puI ত উপলব্ধ।
২১নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ক্ৰমে সপ্তদশ আৰু দশম
দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত (১১ জানুৱাৰি ২০২০) সভাপতি ৰমেন সিং ৰাভাই
দিয়া সভাপতিৰ অভিভাষণত শেষৰ বিষয়টো স্পষ্টভাবে প্ৰকাশ পাইছে।
[প্ৰকাশিত, 'প্ৰান্তিক', ১৬-৩১ মাৰ্চ ২০২০, পৃষ্ঠা: ১৭-২০]
No comments:
Post a Comment