Wednesday, 1 April 2020

ক’ভিড-১৯, লকডাউন আৰু আৰক্ষী-জনসাধাৰণৰ সম্পৰ্ক (Covid-19, Lockdown and Police-Public Relation)


ক’ভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ কেইবাখনো দেশে লকডাউন ঘোষণা কৰিছে। ভাৰত চৰকাৰেওে যোৱা ২৪ তাৰিখৰ ৰাতি ১২ বজাৰপৰা কাৰ্যকৰী হোৱাকৈ অহা ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে।  অৱশ্যে, অসম চৰকাৰে ২৪ তাৰিখৰ সন্ধিয়া ৬ বজাৰ পৰাই কাৰ্যকৰী হোৱাকৈ অসমত লকডাউন ঘোষণা কৰিছে। লকডাউনৰ উদ্দেশ্যে হ’ল, যাতে সিমান পাৰি সিমান কম সংখ্যক মানুহৰ গালৈ এই ভাইৰাছবিধ সংক্ৰমিত হয় ।  যিহেতু এই ভাইৰাছবিধ মানু্হৰ পৰা মানুহলৈ যায়, সেয়েহে মানুহবোৰ যাতে ইজনৰ পৰা সিজনৰ সংস্পৰ্শলৈ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব (আচলতে শাৰীৰিক দূৰত্ব) বজাই ৰাখিবলৈ চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে।  লকডাউন এশ শতাংশ কাৰ্যকৰী কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনসমূহক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
দুখৰ বিষয় যে আমাৰ দেশৰ বহুসংখ্যক মানুহে (বিশেষকৈ, নিৰক্ষৰ আৰু অশিক্ষিত) এতিয়ালৈকে ক’ভিড-১৯ৰ ভয়াবহতা উপলব্দি কৰিব পৰা নাই বা উপলব্দি কৰিবলৈ চেষ্টা কৰা নাই। বহুতে ভাবিছে যে এইবিধ বেমাৰো আন ভাইৰেল বেমাৰৰ দৰে একে। ভাইৰাছবিধে আক্ৰমণ কৰিলেও কেইদিনমানৰ পিছত নিজে নিজে ভাল হৈ যাব। অৱশ্যে, এই কথাষাৰ একেবাৰে মিছাও নহয়। চিকিৎসকসকলে জনোৱা মতে যিবোৰ মানু্হৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিবপৰা ক্ষমতা বেছি সেইবোৰ মানুহৰ শৰীৰত কৰ’না ভাইৰাছে আক্ৰমণ কৰিলেও মানুহজন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাই বা আক্ৰান্ত হ’লেও কিছুদিনৰ পিছত আৰোগ্য হৈ যাব পাৰে।  কিন্তু, সমস্যাটো হ’ল, ৰোগবিধত আক্ৰান্ত নোহোৱা মানুহৰপৰা আন মানুহৰ গালৈ ভাইৰাছবিধ বিয়পি যায় আৰু তুলনামূলকভাবে কম ৰোগ প্ৰতিৰোধ ক্ষমতা থকা মানুহৰ গালৈ গ’লে ভাইৰাছবিধৰ দ্বাৰা মানুহজন সহজে আক্ৰান্ত হয়।  মুঠতে এই ভাইৰাছবিধৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে নিজকে আন মানুহৰপৰা নিলগত ৰখা।  এই কথাটোকে বহুতে বুজিব পৰা নাই বা বুজিবলৈ চেষ্টা কৰা নাই।  
ক’ভিড-১৯ৰ ভয়াবহতা সম্পৰ্কে ভালদৰে বুজাই নাই বা বুজিবলৈ চেষ্টা কৰাই নাই, তেনে সময়তে  মানুহবোৰে লকডাউনৰ দৰে আন এক নতুন পৰিস্থিতিৰ সম্মুখিন হ’ল।  বহু মানুহে লকডাউন মানে কি, সেয়া বুজি নোপোৱাকৈয়ে লকডাউন ভংগ কৰা দেখা গ’ল।  অৱশ্যে, দেশখনৰ এশ ত্ৰিছ কৌটি মানুহৰ প্ৰতিজন মানুহে লকডাউনৰ অৰ্থ বুজি নোপোৱা বা বুজিবলৈ চেষ্টা নকৰাটো একো অস্বাভাৱিকো নহয়। ক’ভিড-১৯ আৰু লকডাউন বুজি পোৱাসকলৰো বহুতে লকডাউনৰ বাবে সাজু হোৱা নাছিল। লকডাউন অমান্য কৰাৰ অপৰাধত দেশখনৰ বহু অঞ্চলত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীসকলে লাঠিচাৰ্জ কৰি বা আন শাৰীৰিক শাস্তি প্ৰদানেৰে লকডাউন এশ শতাংশ কাৰ্যকৰী কৰিবলৈ চেষ্টা চলালে। লাঠিচাৰ্জ বা আন শাৰীৰিক শাস্তিৰ ভিডিঅ’বিলাক  সামাজিক মাধ্যমসমূহত প্ৰচাৰ হোৱাৰ পাছত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীসকলক সমালোচনা কৰাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ’ল (কিছুমান অঞ্চলত এবাৰ কৰা ভুলৰ বাবে একেজন মানুহকে দুই-তিনিজন আৰক্ষীয়ে লাঠিৰে কোবোৱা দেখা গৈছে)।  কেইটামান ভিডিঅ’ত জনসাধাৰণে আৰক্ষীকো আক্ৰমণ কৰা দেখা গ’ল। মুঠতে, সমস্যাটো এতিয়া কেৱল ক’ভিড-১৯ আৰু লকডাউন হৈ থকা নাই । অৱশ্যে, ইয়াৰ মাজতে অসমৰ কিছুমান জিলাৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে লকডাউন অমান্য কৰা লোকসকলক ভাইৰাছবিধৰ ভয়াবহতা সম্পৰ্কে সুন্দৰভাবে বুজোৱাৰ লগতে ৰাজপথত ওলোৱা মানুহবোৰক চাবোনেৰে হাত ধুবলৈ দি মাস্ক বিতৰণ কৰাৰ দৰে ইতিবাচক পৰিৱেশো সৃষ্টি হৈছে। লকডাউনৰ দুদিন পিছতে আন এক পৰিস্থিতিয়ে সকলোকে আচৰিত কৰি তুলিলে। সেয়া হ’ল- লকডাউনৰ সৈতে জনসাধৰণে নিজকে সমাযোজন কৰিবলৈ সক্ষম হোৱাই নাছিল, তেনে সময়তে গেলামাল দোকান আৰু ফাৰ্মাচীৰ উপৰি শাক-পাচলি, মাছ আৰু মাংসৰ দোকান খুলিব পাৰিব বুলি কোৱা হ’ল। ফলত যোৱা ২৭ মাৰ্চত ৰাজ্যখনৰ বহু জিলাৰ বজাৰসমূহত জনসমাগম হোৱা দেখা গ’ল।
প্ৰশ্নটো হ’ল, লকডাউন শেষ হোৱাৰ পাছত ক’ভিড-১৯ৰ সংক্ৰমণ নোহোৱা হৈ যাব নেকি? আচলতে লকডাউনৰ সময়ছোৱা হ’ল- কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা আৰু ভাইৰাছবিধক কঢ়িয়াই লৈ ফুৰা আটাইবোৰ মানুহক চিনাক্ত কৰাৰ উপযুক্ত সময়।  লকডাউনৰ সময়ছোৱাত যদি কৰ’না ভাইৰাছত আক্ৰান্ত বা ভাইৰাছবিধ কঢ়িয়াই লৈ ফুৰা এজন মানুহো চিনাক্ত নকৰাকৈ থাকি যায়, তেন্তে লকডাউনৰ পাছত ভাইৰাছবিধৰ সংক্ৰমণ নোহোৱা হৈ যাব বুলি ভবাটো শুদ্ধ নহয়।  
আমি ভাবোঁ, চৰকাৰে লকডাউনৰ সৈতে জনসাধাৰণক সামাযোজন কৰাবলৈ চেষ্টা কৰা উচিত। জনসাধাৰণেও নিজকে লকডাউনৰ সৈতে সমাযোজন কৰিবলৈ চেষ্টা কৰা উচিত। তাৰ সমান্তৰালকৈ চৰকাৰে ক’ভিড-১৯ৰ ভয়াবহতা সম্পৰ্কেও জনসাধাৰণক সজাগ কৰি থকাৰ লগতে এশ শতাংশ ফলৱতী হ’ব পৰাকৈ ভাইৰাছবিধত আক্ৰান্ত হোৱা আৰু কঢ়িয়াই লৈ ফুৰা মানুহবোৰক চিনাক্ত কৰা উচিত।  তদুপৰি, ক’ভিড-১৯ৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা লকডাউনে যাতে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সংঘাতৰ সৃষ্টি নকৰে, তাৰ প্ৰতিও সচেতনা হোৱা উচিত ।  

[প্ৰবন্ধটো বৰপেটাৰ পাঠশালাৰ ড° ত্ৰিদিৱ শৰ্মাৰ সৈতে যুটীয়াভাবে লিখা হৈছে ।]

[‘আমাৰ অসম’, ০২ এপ্ৰিল ২০২০, পৃষ্ঠা: ০৫]

No comments:

Post a Comment