যোৱা ২৩ ডিছেম্বৰত 'নিয়মীয়া বাৰ্তা'ৰ প্ৰথম কলমত হোমেন বৰগোহাঞিৰ 'ৰাজনীতি আৰু মনুষ্যত্ব' শীৰ্ষক লেখাটো পঢ়িলোঁ । প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত লোকসকলে যিয়ে যুক্তি নিদিয়ক কিয়, বিটিএডিৰ সদ্য-নিৰ্বাচিত তিনিটা ৰাজনৈতিক দলৰ সদস্যসকলক যে প্ৰলোভনৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যই কোকৰাঝাৰ পৰা নিলগাই ৰখা হৈছিল তাত কোনো সন্দেহ নাই । দুখজনক কথাটো হ'ল-ভাৰতৰ ৰাজনীতিত এনে ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে । যেতিয়াই কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব নোৱাৰে তেতিয়াই চৰকাৰ গঠনৰ উদ্দেশ্যে নিৰ্বাচিত লোকসকলক লৈ একপ্ৰকাৰ বজাৰৰ সৃষ্টি হয় ।
উন্নয়নৰ ৰাজনীতিক ঢাল হিচাপে লৈ আদৰ্শৰ ৰাজনীতিক তল পেলোৱাৰ
পৰিৱেশ সম্প্ৰসাৰণ হোৱাৰ ফলত প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ মাজত দল-বাগৰা
ৰাজনীতি ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে । মূলত:
ব্যক্তিগত স্বাৰ্থৰ বাবে বৰ্তমানৰ বহু ৰাজনীতিকে পূৰ্বৰ ৰাজনৈতিক আদৰ্শ এৰি
সম্পূৰ্ণ বিপৰীত ৰাজনৈতিক আদৰ্শৰ ভিত্তিত গঠিত ৰাজনৈতিক দলত যোগদান কৰে । আদৰ্শ
বিক্ৰি কৰাৰ বাবদ মোটা অংকৰ ধন তথা ৰাজনৈতিক ক্ষমতা লাভ কৰি উন্নয়নৰ স্বাৰ্থত দল
সলনি কৰা বুলি তেওঁলোকে ৰাইজক বুজাবলৈ চেষ্টা কৰে
। দুৰ্ভাগ্যজনকভাবে বহুতে এই ধাৰাক সহজভাবে গ্ৰহণ কৰিবলৈ ধৰিছে ।
ভাৰতৰ ৰাজনীতিত কোনেও কাকো বিশ্বাস কৰিব নোৱাৰাৰ পৰিৱেশ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে । ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ ধনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কোনে, কোন মুহূৰ্তত, কোন ৰাজনৈতিক দলত যোগদান কৰি চৰকাৰ গঠনত বা চৰকাৰ ভঙাত সহায় কৰে, তাৰ কোনো ঠিক নাই । নিৰ্বাচিত জনপ্ৰতিনিধিসকলক লৈ বজাৰ সৃষ্টিৰ ইয়ো এটা কাৰণ । উত্তৰ আধুনিক যুগৰ মেৰপাকত পৰি মানুহৰ মাজত বিশ্বাসযোগ্যতাৰ লগতে নিৰ্ভৰযোগ্যতাও ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে । নক’লেও হ’ব যে দলীয় ৰাজনীতিত জড়িত লোকসকলকৰ গাত এইবোৰ গুণ (?) বেছিকৈ থাকে । নিৰ্বাচনবোৰত ব্যয়ৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতো বহু ৰাজনীতিকে ধনৰ বিনিময়ত পূৰ্বৰ ৰাজনৈতিক আদৰ্শক জলাঞ্জলি দিবলৈ বাধ্য হৈ পৰে । এনে পৰিস্থিতিত মনুষ্যত্বৰ কোনো মূল্য নাথাকে । মজাৰ কথা যে এইসকল লোকেই আমাক দুৰ্নীতিহীন সুন্দৰ সমাজ গঠনৰ কথা কয় ।
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০৬ জানুৱাৰী ২০২১]
No comments:
Post a Comment