যোৱা ১৬ ফেব্ৰুৱাৰীত ‘আমাৰ অসম’ৰ ‘প্ৰথম কলম’ত প্ৰকাশিত ড°
ধ্ৰুৱজ্যোতি বৰাৰ ‘ধ্বংসৰ বাটত অসম, অসমীয়াৰ ঐতিহ্য’ শীৰ্ষক চিন্তাকৰ্ষক লেখাটো
পঢ়িলোঁ । কিছু পলমকৈ হ’লেও অসমীয়াৰ
ঐতিহ্যৰ ওপৰত ‘সনাতন ধৰ্ম’ৰ নামত ভাৰতৰ এক বিশেষ অঞ্চলৰ সংস্কৃতিয়ে আক্ৰমণ কৰিবলৈ
ধৰা পৰিস্থিতি সম্পৰ্কে অসমীয়া মানুহক সচেতন হ’বলৈ আহ্বান জনোৱাৰ বাবে ড° বৰাক
ধন্যবাদ জনালোঁ । প্ৰশ্ন হ’ল- কি কাৰণে ‘সনাতন
ধৰ্ম’ই অসমীয়াৰ ঐতিহ্যৰ ওপৰত আক্ৰমণ চলাবলৈ সক্ষম হৈছে ?
নিজৰটোক এৰি আনৰটো ভাল বুলি সহজে মানি লোৱাৰ প্ৰৱণতা এটা
ভাৰতীয় মানুহৰ আছে । সম্ভৱ:ত অসমীয়া মানুহৰ এই প্ৰৱণতা সৰ্বভাৰতীয় মানতকৈ বেছি । বহু ঘাত-প্ৰতিঘাতৰ অন্তত আৰ্য আৰু অনাৰ্য
সংস্কৃতিৰ সমন্বয়ত গঢ়ি উঠা অসমৰ গৌৰৱময়
সংস্কৃতিক এৰি অসমীয়াই একাংশ স্বাৰ্থপৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতাৰ প্ৰৰোচনাত পৰি ‘সনাতন ধৰ্ম’ৰ নামত আমদানীকৃত
সংস্কৃতিক বৰপিৰাত বহুৱাবলৈ উঠিপৰি লাগিছে
।
কোনো সন্দেহ নাই যে আন সংগঠিত ধৰ্মৰ দৰে ‘সনাতন ধৰ্ম’ও
বিশ্বজনীন বজাৰ ব্যৱস্থাৰ সৈতে মোকাবিলা কৰিব নোৱাৰা হৈ পৰিছে । সেয়েহে
‘সনাতন ধৰ্ম’ৰ স্বঘোষিত আৰু বহুবল্কী নেতাসকলে ভাৰতত বসবাস কৰা এক বিশেষ
সংগঠিত ধৰ্মৰ লোকসকলক বাদ দি আন সকলো ধৰ্মৰ লোকক সাংস্কৃতিকভাবে এক কৰি প্ৰকৃত
সমস্যাটোৰ পৰা আঁতৰত থকাৰ এটা উপায় হিচাপে ‘সনাতন ধৰ্ম’ক দ্ৰুতগতিত ব্যৱহাৰ কৰিবলৈ
ধৰিছে । এই শোভাযাত্ৰাত অসমীয়াসকলকো
অংশীদাৰ কৰি লোৱা হৈছে । দুখৰ কথাটো হ’ল- ক্ষন্তেকীয়া অৰ্থনৈতিক আৰু সামাজিক
স্বীকৃতি লাভৰ স্বাৰ্থত একাংশ অসমীয়াই ৰাজ্যখনৰ গৌৰৱোজ্জ্বল ঐতিহ্যকো ত্যাগ কৰিবলৈ
কুণ্ঠাবোধ কৰা নাই ।
আন সংগঠিত ধৰ্মই ভাৰতৰ আন ৰাজ্যৰ লগতে অসমতো আগ্ৰাসন চলাইছে বুলি ‘সনাতন ধৰ্ম’ৰ প্ৰবক্তাসকলে ৰাজ্যখনত এটা ধৰ্মীয় আৰু ৰাজনৈতিক সংকটৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । অসমীয়াসকল প্ৰয়োজনতকৈ বেছি আৱেগিক হয় বাবে তেওঁলোকে অসমীয়াৰ মাজত এই এজেণ্ডাটোক সহজে কাৰ্যকৰী ৰূপ দিব পাৰিছে । সেই সংগঠিত ধৰ্মবোৰে নৱ-বৈষ্ণৱ ধৰ্মৰ ওপৰতো আক্ৰমণ চলাইছে বুলি পতিয়ন নিয়াব পাৰিছে বাবে একাংশ সত্ৰাধিকাৰে ড° বৰাই কোৱাৰ দৰে সনাতনী নৃত্যসভাত ধেই ধেই নাচ মাৰিবলৈ আগবাঢ়িছে ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ২০ ফেব্ৰুৱাৰী, ২০২১]
No comments:
Post a Comment