Wednesday, 21 December 2022

অসমৰ জনজাতি সমস্যা সম্পৰ্কত ড° শিৱনাথ বৰ্মনৰ ধাৰণা ( Perspective of Dr. Sivnath Barman on Problems of Tribals of Assam)

      অসমৰ জনজাতি সমস্যা সম্পৰ্কত ৰাজ্যখনৰ বহুকেইগৰাকী বুদ্ধিজীৱীয়ে সন্ঢালনিকৈ অধ্যয়ন চলাই আহিছে ।  শাসকপক্ষক সন্তুষ্ট কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ অভিপ্ৰায় থকা একাংশ বুদ্ধিজীৱীয়ে অসমৰ জনজাতি সমস্যাৰ বাবে জনজাতিসকলকে দোষী সজাই আহিছে । এই শ্ৰেণীৰ বু্দ্ধিজীৱীয়ে প্ৰতিষ্ঠা কৰিব বিচাৰে যে ভাৰতৰ স্বাধীনতাৰ আগৰে পৰাই সুকীয়া পৰিচয়ৰ উদ্দেশ্যে সংগ্ৰাম চলাই জনজাতিসকলে অসমত অশান্তিৰ সৃষ্টি কৰি আহিছে । ড° শিৱনাথ বৰ্মন এই শ্ৰেণীৰ বু্দ্ধিজীৱীৰ শাৰীত নপৰে ।  ড° শিৱনাথ বৰ্মনে অত্যন্ত বস্তুগতভাবে জনজাতি সমস্যা সম্পৰ্কে অধ্যয়ন কৰি আহিছে ।   ড° বৰ্মনে বিশেষকৈ অসমৰ জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰচেষ্টাৰ কাৰণসমূহ তথ্যসহ প্ৰাণালীবদ্ধভাবে অধ্যয়ন কৰিছে ।
       বৰ্ণহিন্দুসকলে অসমৰ জনজাতিসকলক হিন্দু ধৰ্মৰ দীক্ষা দি সংস্কৃতায়ন কৰিবলৈ চেষ্টা চলাই আহিছে । ধাৰণা কৰা হৈছিল যে সংস্কৃতায়নে অসমৰ জনজাতি আৰু অজনজাতিৰ মাজত সমন্বয় সৃষ্টি কৰিব । কিন্তু, একাংশ বৰ্ণহিন্দুৰ জ্যাত্যভিমানৰ বাবে জনজাতিসকলক সম্পূৰ্ণৰূপে সংস্কৃতায়ন কৰিব পৰা নগ’ল । আচলতে বৰ্ণহিন্দুসকলে জনজাতিসকলক হিন্দু ধৰ্মৰ দীক্ষান্তৰ সময়ত উচ্চজাতৰ বুলি ঘোষণা কৰিছিল যদিও প্ৰকৃততে এই ঘোষণা মৌখিক আছিল । ব্যৱহাৰিক ক্ষেত্ৰত বৰ্ণহিন্দুসকলে জনজাতিসকলক সন্মানৰ চকুৰে চোৱা নাছিল ।  ‘খোৱা-বোৱা’ আৰু ‘বিবাহ’ৰ ক্ষেত্ৰত জনজাতিসকলক কেতিয়াও একে বুলি গ্ৰহণ কৰা নাছিল । এনেধৰণৰ সামাজিক অসমতাৰ প্ৰতি বিৰক্ত হোৱাৰ ফলতে যে জনজাতিসকলে আত্মপ্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিবলৈ বাধ্য হৈছে সেয়া ড° বৰ্মনে তথ্যসহ উদঙাই দিছে ।    

           দীৰ্ঘকালৰ বাবে ভাৰতত শাসন চলাই নিয়াৰ উদ্দেশ্যে ব্ৰিটিছে বিভিন্ন ধৰণৰ বিভেদ নীতিৰে দেশখনৰ জনসাধাৰণৰ মাজত বিদ্বেষৰ বীজ সিঁচিবলৈ চেষ্টা চলাইছিল । অসমৰ জনজাতি আৰু অজনজাতিৰ মাজত  ব্ৰিটিছে বিভেদ নীতি প্ৰৱৰ্তন কৰি কেনেদৰে তেওঁলোকৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়াত বাধা হিচাপে থিয় দিছিল সেয়া ড° বৰ্মনে সুন্দৰভাবে দেখুৱাই দিছে । ড° বৰ্মনে তথ্যসহকাৰে প্ৰমাণ কৰিছে যে ৰাজনৈতিক বা আন সুবিধা প্ৰদানৰ ক্ষেত্ৰত ব্ৰিটিছে সদায় পৃথক নীতি প্ৰৱৰ্তন কৰিছিল । ড° বৰ্মনে এই কথা ক’বলৈ অলপো কুণ্ঠাবোধ কৰা নাই যে ব্ৰিটিছ চৰকাৰৰ সমান্তৰালকৈ  খ্ৰিষ্টান মিছনেৰীসকলেও অসমৰ জনজাতিসকলক মুলসূঁতিৰ অসমীয়াৰ পৰা নিলগাই ৰাখিবলৈ চেষ্টা চলাইছিল আৰু তেওঁলোকে বহু পৰিমাণে সফলো হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনত জনজাতিসকলৰ অংশগ্ৰহণৰ অনীহা হ’ল ইয়াৰ এটা প্ৰমাণ । ড° বৰ্মনে কৈছে যে ভাৰতৰ স্বাধীনতাৰ পিছত চলাই থকা অসমৰ জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত খ্ৰিষ্টান মিছনেৰীসকল একেবাৰে নিস্পৃহ দৰ্শক নহয় । এই সন্দৰ্ভত ড° বৰ্মনে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে । তেওঁ কৈছে যে ‘কুপলেণ্ড প্লেন’, ‘প্ৰজেক্ট ব্ৰহ্মপুত্ৰ’ আদি আঁচনিৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰি ৰাখিবলৈ চেষ্টা চলোৱাৰ ক্ষেত্ৰত বিদেশী মিছনেৰীসকলৰ ভূমিকা থাকিলেও উপযুক্ত তথ্যপাতিৰ  অভাৱত সঠিক মন্তব্য দিয়া টান     

       ড° বৰ্মনে চিনাক্ত কৰিছে যে তথাকথিত ‘অসমীয়া’ৰ জনজাতিসকলৰ ওপৰত চলোৱা অভিভাৱকত্বৰ ফলতো জনজাতিসকলে সুকীয়া পৰিচয়ৰ বাবে সংগ্ৰাম কৰি আহিছে । অসম ভিত্তিক বিভিন্ন জাতীয় সংগঠনবোৰত জনজাতীয়  লোকসকলক সমান অংশীদাৰ হিচাপে গ্ৰহণ কৰা হোৱা নাছিল । বিশেষকৈ, প্ৰথম অৱস্থাত জনজাতীয় লোকসকলৰ মাজত ৰাজনৈতিক সচেতনতা আৰু আত্মপ্ৰতিষ্ঠাৰ চেতনা দুৰ্বল হৈ থকাৰ সুযোগ গ্ৰহণ কৰি জনজাতিসকলৰ ওপৰত উগ্ৰ জাতীয়তাবাদী ‘অসমীয়া’ই অভিভাৱকত্ব চলাইছিল বুলি ড° বৰ্মনে দাবী কৰিছে ।  জনজাতিসকলে ‘অসমীয়া’ৰ সৈতে মিলি গ’লেই জনজাতিসকলৰ সমস্যসমূহ সমাধান হৈ যাব বুলি  উগ্ৰ অসমীয়া জাতীয়তাবাদীসকলে ধাৰণা কৰিছিল । ড° বৰ্মনৰ মতে, উগ্ৰ জাতীয়তাবাদীসকলৰ এই ধাৰণা শুদ্ধ নহয় । তেওঁ কৈছে যে আপোন খেলত মগ্ন শিশুক যেনেকৈ বলেৰে কাষ চপাই আনিব নোৱাৰি, ঠিক তেনেকৈ আত্মীয়তাৰ সম্পৰ্ক স্থাপন নকৰাকৈ জোৰ-জবৰদস্তিৰে, বৰকাইৰ মনোভাবেৰে, ভিন্ন সাংস্কৃতিক পৰিমণ্ডলেৰে আবৃত এটা গোষ্ঠীকো, তেনেলৈ সি যিমানেই অনুন্নত নহওক কিয়, বৃহত্তৰ সমাজত সুমুৱাই লোৱা অসম্ভৱ, বৰং তেনে কৰিবলৈ গ’লে বিপদহে আছে ।

         ড° বৰ্মনে তথ্যসহ প্ৰমাণ কৰিছে যে ৰাজ্যখনৰ জনজাতিসকলে অতীতৰ পৰাই অৰ্থনৈতিক বঞ্চনাৰ সম্মুখিন হৈ আহিছে ।  বিশেষকৈ অসমৰ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত নহয় । ৰাজ্যখনৰ জনজাতিসকলৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ব্ৰিটিছৰ দিনৰ পৰাই আইন প্ৰণয়ন কৰি কাৰ্যকৰী কৰি থকা হৈছে । কিন্তু, তাৰ পিছতো তেওঁলোকৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত হোৱা নাই । চৰকাৰে বিভিন্ন সময়ত প্ৰৱৰ্তন কৰি অহা অৰ্থনৈতিক আৰু ৰাজনৈতিক নীতিৰ ফলত তেওঁলোকৰ ভূমিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত জটিলতাহে বৃদ্ধি হ’বলৈ ধৰিছে । ফলস্বৰূপে, তেওঁলোকে ক্ৰমান্বয়ে ভূমি হেৰুৱাবলৈ ধৰিছে ।  জনজাতীয় খণ্ড আৰু মণ্ডলৰ হাজাৰ হাজৰ ভূমি এতিয়াও অজনজাতীয় লোকৰ হাতত থকাৰ প্ৰমাণ ড° বৰ্মনে দাঙি ধৰিছে ।

           জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰচেষ্টাত জনজাতিসকলৰ মধ্যশ্ৰেণীৰ উত্থান আন এক উল্লেখযোগ্য কাৰণ হিচাপে ড° বৰ্মনে চিনাক্ত কৰিছে । ড° বৰ্মনে কৈছে যে ওপৰত আলোচনা কৰা উপাদানবোৰক সংগঠিত কৰি আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম চলাই নিয়াত জনজাতিসকলৰ মধ্যশ্ৰেণীয়ে গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰি আহিছে ।

        শংকৰদেৱক বস্তুগতভাবে চাবলৈ চেষ্টা কৰা  ড° শিৱনাথ বৰ্মনৰ মৃত্যুত অসমে জনজাতীয় সমস্যাসমূহক প্ৰণালীবদ্ধ আৰু তথ্যগতভাবে বিশ্লেষণ আগবঢ়োৱা এগৰাকী বিশিষ্ট পণ্ডিতক হেৰুৱালে ।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২১ ডিচেম্বৰ ২০২২]

No comments:

Post a Comment