Thursday, 27 February 2025

এক নে একাধিক (Single or Multiple)

             যোৱা কিছুদিন ধৰি অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাই আহোম যুৱ পৰিষদ, অসমৰ (টাইপা) মাজত ঘটা বুজাবুজিৰ অভাৱে ৰাজ্যখনত এটা অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।   শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যভূক্ত আহোম সম্প্ৰদায়ৰ লোক এজনে আহোমসকলে পৰম্পৰাগতভাবে পালন কৰি অহা উৎসৱ ‘মে-ডাম মে-ফী’ত অংশগ্ৰহণ কৰাৰ বাবে সংঘৰ প্ৰাথমিক গোটে লোকজনক সংঘৰ পৰা বহিস্কাৰ কৰিছে ।  সংঘৰ এনে কাৰ্যই আহোম সম্প্ৰদায়টোক অপমান কৰা বুলি গুৰুতৰ অভিযোগ তুলি ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে ‘টাইপা’ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সংঘৰ সংবিধান দাহ কৰিছে । প্ৰতিক্ৰিয়াৰ ওপৰত প্ৰতিক্ৰিয়া হিচাপে সংঘৰ কেইবাটাও জিলা সমিতিয়ে বিভিন্ন জিলাত ‘টাইপা’ৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰিছে ।  ফলত বিষয়টোৱে আৰু জটিলতাৰ দিশত গতি কৰিছে ।

            ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক সংগঠন এটা শৃংখলাবদ্ধভাবে চলি থাকিবৰ বাবে কিছুমান নিয়ম সৃষ্টি কৰি লোৱা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘই দাবী কৰে যে (ব্যক্তিগত টিভি চেনেল এটাত সংঘৰ এজন বিষয়ববীয়াই ৰখা বক্তব্য অনুসৰি), মহাপুৰুষ শংকৰদেৱৰ চিন্তাধাৰাৰ মৌলিক ভেটিৰ আধাৰত সংঘৰ সংবিধানখন প্ৰণয়ন কৰা হৈছে । সেয়েহে  সংঘৰ সংবিধান বিৰোধী কামত লিপ্ত হ’লে সংবিধান অনুসৰিয়েই শাস্তিৰ প্ৰদান কৰা হয় । ইয়াৰ পৰা স্পষ্ট যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখনত সংঘৰ সদস্যই ‘মে-ডাম মে-ফী’ত অংশগ্ৰহণ কৰাত বাধা আছে বাবে লোকজনক সংঘৰ পৰা বহিস্কাৰ কৰা হৈছে । সংঘৰ দৃষ্টিকোণৰ পৰা এই সিদ্ধান্ত ঠিকেই আছে । সমস্যাটো হ’ল- এজন ব্যক্তিৰ সামাজিক-সাংস্কৃতিক পৰিচয় মাত্ৰ এটাতে সীমাবদ্ধ নহ’বও পাৰে ।  এজন ব্যক্তিৰ একাধিক সামাজিক-সাংস্কৃতিক পৰিচয় থাকিব পাৰে । সমাজৰ বৃহত্তৰ স্বাৰ্থত সকলো ব্যক্তিৰে এটাতকৈ বেছি পৰিচয়ৰ প্ৰয়োজন আছে আৰু সামাজিক সংযোগৰ (Social engagement) জৰিয়তে ইয়াৰ প্ৰকাশ ঘটে ।  মানুহৰ মাজত যিমানেই সামাজিক সংযোগ ঘটে, সিমানেই বিভিন্ন গোটবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়ি উঠে । সেয়েহে, সামাজিক সংযোগক সংঘৰ্ষ নিৰ্মূল কৰাৰ এটা প্ৰধান উপায় হিচাপে বিবেচনা কৰা হয় ।   

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেৱল সৰ্বভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ প্ৰভাৱেই পৰা নাছিল, ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক চিন্তাধাৰাৰ প্ৰভাৱো পৰিছিল । ভাৰতৰ মূল ভূ-খণ্ডত ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশ অত্যন্ত গোড়া  । দুখৰ কথা যে স্বাধীনতা আন্দোলনৰ সময়ত অসমত ভাৰতৰ মূল ভূ-খণ্ডত চলি থকা গোড়া ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশৰ প্ৰভাৱ পৰিছিল (বৰ্তমানো তেনে পৰিৱেশ সৃষ্টি কৰিবলৈ অপচেষ্টা চলাই থকা হৈছে) । আনকি শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা উদাৰ ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক ব্যৱস্থাৰ ওপৰতো তেনে গোড়ামীৰ প্ৰভাৱ পৰিবলৈ ধৰিছিল । সেয়েহে, প্ৰদেশখনৰ শংকৰী সংস্কৃতিৰ কিছুমান পণ্ডিত আৰু প্ৰতিষ্ঠিত ব্যক্তিৰ উদ্যোগত শ্ৰীমন্ত শংকদেৱ সংঘ  (গঠনৰ সময়ত সংগঠনটোৰ নাম ‘শংকৰ সংঘ’ আছিল ) গঠন কৰি সংগঠনটোৰ শৃংখলাবদ্ধতাৰ উদ্দেশ্যে সেই সময়ত উদাৰ বিবেচিত হোৱা নিয়ম সৃষ্টি কৰি লৈছিল । কিন্তু, সময় আৰু পৰিস্থিতিয়ে উদাৰতাৰ সংজ্ঞাৰো পৰিৱৰ্তন কৰে । গতিকে, শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলিয়ে নহয়, সমাজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সকলো সংগঠনে নিয়মবোৰ শিথিল কৰাৰ প্ৰয়োজন আছে । অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাই দাবী কৰিলেই বা আদেশ দিলেই সংগঠন এটাৰ সংবিধানখনৰ দফাবিলাক সংশোধন কৰি দিব ।

বিভিন্ন সময়ত ভাৰতত বিভিন্ন ধৰণৰ ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক চিন্তাধাৰাৰ আবিৰ্ভাৱ হৈছে । কিন্তু, অত্যন্ত কঠোৰ আৰু অতিৰিক্ত কৃচ্ছ্ৰ সাধনাক অগ্ৰাধিকাৰ দি আনৰ তুলনাত শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা ধৰ্মীয় আৰু সামাজিক-সাংস্কৃতিক চিন্তাধাৰাক দেশখনৰ সৰ্বসাধাৰণে দীৰ্ঘকালত অগ্ৰাহ্য কৰি আহিছে ।


[প্ৰকাশিত, ‘আমাৰ অসম’, ২৭ ফেব্ৰুৱাৰী ২০২৫, পৃষ্ঠা: ৫]

No comments:

Post a Comment