Thursday, 15 January 2015

ভগৱানক আৰাধনা কৰাৰ নামত আনক আমনি কৰে কিয়?

দিন-ৰাতি একাকাৰ কৰি পাঁচ-ছয়দিন একেলেথাৰিয়ে উচ্চস্বৰত মাইক লগাই অখণ্ড ভাগৱত পাঠ, হৰে কৃষ্ণ হৰে ৰাম ইত্যাদি কৰি থাকিলে ভাৱিবলৈ বাধ্য হওঁ, ধৰ্মৰ নামত মানুহবোৰ ইমান বলিয়া কিয়? এনেদৰে মন্তব্য নকৰিলোহেঁতেন, যদি ভগৱানক আৰাধনা কৰাৰ নামত উচ্চস্বৰত মাইকৰ ব্যৱহাৰ নকৰিলেহেঁতেন! দেখি আঁচৰিত লাগে-এইবোৰ কাৰ্যত জড়িতসকলৰ সৰহসংখ্যকে সংশ্লিষ্ট অঞ্চলটোৰ একো একোজন সংস্কৃতিবান বিশিষ্ট ব্যক্তি।
পৰিবেশ বিজ্ঞানত বাহ্যিকতা (Externality) বুলি বাস্তৱিক ধাৰণা এটা পঢ়িবলৈ পাওঁ। এজনৰ উৎপাদন, ভোগ বা বিনোদন কাৰ্যই যেতিয়া আন এজনৰ উৎপাদন, ভোগ বা বিনোদন কাৰ্যত মুদ্ৰাৰ লগত কোনো সম্পৰ্ক নথকাকৈ প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় তাকে বাহ্যিকতা বুলি কোৱা হয়। বাহ্যিকতা ইতিবাচক বা নেতিবাচক হ’ব পাৰে। মানুহ এঘৰৰ ফুলনি, ইতিবাচক বাহ্যিকতাৰ উদাহৰণ। আনহাতে, আন মানুহৰ ওচৰত চিগাৰেট সেৱন কৰা নেতিবাচক বাহ্যিকতাৰ উদাহৰণ। সুৰীয়া আৰাধনা কিছুসময়ৰ বাবে সকলোৰে মন শীতল কৰি তুলিব পাৰে। গতিকে ই কিছুসময়ৰ বাবে ইতিবাচক বাহ্যিকতা আনি দিব পাৰে। নিজ ধৰ্মৰ নেদেখাজনক আৰাধনাৰে সন্তুষ্ট কৰি নিজৰ লগতে আনৰো উপকাৰ সাধন কৰা-প্ৰতিটো ধৰ্মৰে মহান উদ্দেশ্য। কিন্তু, দিন-ৰাতি একাকাৰ কৰি পাঁচ-ছয়দিন একেলেথাৰিয়ে উচ্চস্বৰত মাইক লগাই ভগৱানক আৰাধনা কৰাসকলে কাৰনো উপকাৰ (ইতিবাচক বাহ্যিকতা) সাধিছে? এইবোৰ কাম (?) আনক দেখুৱাবলৈ কৰাৰ বাহিৰে আন একো নহয় বুলিয়ে ভাৱো। সময় নাই, অসময় নাই-একেলেথাৰিয়ে উচ্চস্বৰত মাইক লগাই আৰাধনা কৰাসকলকৰ এইকণ সাধাৰণ জ্ঞানো নাই নে যে ওচৰৰ বিদ্যালয়বোৰত দিনৰ ৯ বজাৰ পৰা ৩ বজালৈ পাঠদান চলে, চিকিৎসালয়ত মুমূৰ্ষু ৰোগী থাকে। হাস্যকৰ কথাটো হ’ল-এইবোৰ হেনো বিশ্বশান্তিৰ বাবে কৰে (ওচৰ মানুহক অশান্তি কৰি)।
ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ নীতিক সন্মান জনাইও কওঁ যে এটা অঞ্চলত অকল এটা ধৰ্মৰ মানুহ বসবাস নকৰে। এটা ধৰ্মৰ মানুহে নিজ ধৰ্মৰ নীতি-নিয়ম পালনৰ নামত আন ধৰ্মৰ মানুহক আমনি কৰাৰ নিয়ম নিশ্চয় কোনো ধৰ্মতে নাই। ধাৰ্মিকসকলক এইবোৰ ক’ব লগা কথা নহয় বুলিয়ে ভাৱো। অন্যথা, বুজিবলৈ বাকী নাথাকে-‘Religion is opium of the masses(Karl Marx).  


[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ অক্টোবৰ, ২০১৪]

No comments:

Post a Comment