Thursday, 15 January 2015

অসমৰ চৰকাৰী কৰ্মচাৰীৰ কাউৰী-কুলিৰ মাত

যোৱা ২৮ মে’ ২০১৪ তাৰিখৰ কথা। পুৱা ৬.৪৫ বজাত মই সপত্নীক যোৰহাটলৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। সেই উদ্দেশ্যে ২৭ মে’ৰ গধূলিয়ে গুৱাহাটী ISBT ৰ পৰা দুখন আসনৰ বাবে টিকট ললোঁ। টিকট কাউন্টাৰৰ মানুহজনে টিকটটো দি ক’লে যে গাড়ীখনৰ নম্বৰ ২৮ মে’ৰ পুৱা ৬ বজাৰ পাছতহে দিব পাৰিব। মই কলোঁ যে আমি বেলতলা চাৰিআলিৰ পৰাহে গাড়ীত উঠিম। তেখেতে ক’লে যে কোনো সমস্যা নাই, মই ফোন কৰি গাড়ীখনৰ নম্বৰটো ল’ব পাৰিম। তেখেতে এটা ফোনৰ নম্বৰ দিলে: ৯৪০১৭২৭০০৭। ২৮ মে’ৰ পুৱা ৬.১৫ বজাত উল্লিখিত ফোন নম্বৰটোত ফোন লগালোঁ। সিফালৰ পৰা ককৰ্শ মাতেৰে প্ৰায় ধমকিৰ সুৰত ক’লে যে মোক কোনখন গাড়ীৰ নম্বৰ লাগে, একেলগে দুখন গাড়ী যোৰহাটহৈ পুৱা ৬.১৫ বজাত গুৱাহাটী ISBT ৰ পৰা ৰাওনা হ’ব। এখন যাব ডিগবৈলৈ, আনখন যাব নামৰূপলৈ। টিকটখনত ডিগবৈ বা নামৰূপ-কোনটো শব্দ আছে বিছাৰিলোঁ। মই কলোঁ যে টিকটখনৰ প্ৰিন্টটো ইমান অস্পষ্ট যে তাত কি লিখা আছে ক’ব নোৱাৰি। তেখেতৰ মাতটো আৰু ককৰ্শ হ’ল আৰু মোক গাড়ীখনৰ নম্বৰটো ল’বলৈ বুলি ISBT লৈ মাতিলে। মোৰ এনেকুৱা লাগিল যেন তেখেতলৈ ফোন কৰি মই কিবা দোষহে কৰিলোঁ। আৱশেষত যেনিবা ইংৰাজীতে লিখা নামৰূপ শব্দটোৱে হ’ব বুলি অনুমান কৰি ‘নামৰূপ’ বুলি কোৱাত গাড়ীখনৰ নম্বৰটো পালোঁ। কিন্তু, মোৰ মনটো ইমান বেয়া লাগিল যে তেখেতলৈ ‘আপুনি যাত্ৰীৰ সৈতে ইমান টান মাত মাতে কিয়? অলপ মিঠা মাতেৰে মাতিব’ বুলি SMS এটা দিহে শান্তি পালোঁ। ভাবিলোঁ-কাউন্টাৰত থকা মানুহজনে ৰাতিপুৱাই ইমান ককৰ্শ আৰু অৱজ্ঞাৰ সুৰেৰে সঁহাৰি দিব লাগেনে? ব্যক্তিগত সেৱাসমূহত পোৱা ‘Good Morning জাতীয় সৌজন্যমূলক সম্ভাষণৰ আশা বাদেই দিলোঁ, ‘টিকটখনত থকা নামটো নামৰূপ নে ডিগবৈ লিখা আছে ভালকৈ চাওকচোন’ বুলিওতো ক’ব পাৰিলেহেঁতেন! 
পিছতহে মনলৈ আহিল। এয়া দেখোন অসম মুলকত সাধাৰণ কথা। অসমৰ আন চৰকাৰী কাৰ্যালয়তো দুই-এজনৰ বাহিৰে প্ৰথম অৱস্থাত ককৰ্শ আৰু অৱজ্ঞাৰ সুৰত কথা কোৱা কৰ্মচাৰী বহুত লগ পাইছোঁ। তেখেতসকলৰ এটাই ধাণ্ডা। উৎকোচ লাগে। দহ-বিছ টকা পকেটত গুজি দিলেই কাউৰীৰ মাত গুচি কুলিৰ মাত মাতে।
উল্লিখিত মানুহজনক যিহেতু ফোনেৰেহে যোগাযোগ কৰা হৈছে-সেয়েহে তেখেতে কাউৰীৰ দৰে কঠুৱা মাত মাতি ঠিকেই কৰিছিল!
   

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১৬-৩১ ডিচেম্বৰ, ২০১৪]

No comments:

Post a Comment