প্ৰতিদিনে পৃথিৱীৰ কোনোবা নহয় কোনোবা অঞ্চলত গোষ্ঠী সংঘৰ্ষৰ
দৰে ঘৃণনীয় ঘটনা সংঘটিত হোৱাৰ খবৰ বিভিন্ন প্ৰচাৰ মাধ্যমযোগে প্ৰায়েই পোৱা যায়। আমেৰিকা,
ভাৰত, পাকিস্তান, বাংলাদেশ, ভিয়েটনাম, কেনিয়া, উগাণ্ডা, নাইজেৰিয়া, ইথিওপিয়া,
ব্ৰাজিল ইত্যাদি বহুতো দেশক গোষ্ঠী সংঘৰ্ষই স্পৰ্শ কৰিছে। ভাৰতবৰ্ষত এনে ঘটনা সঘনে
সংঘটিত হ’বলৈ ধৰিছে। গোষ্ঠী সংঘৰ্ষ সম্পৰ্কত বিশেষকৈ গুজৰাট, পঞ্জাৱ, মধ্যপ্ৰদেশ,
বিহাৰ, উত্তৰপ্ৰদেশ, অসম, মিজোৰাম, নাগালেণ্ড আদি ৰাজ্যকেইখনৰ নাম বহুলভাবে
উচ্চাৰিত হয়। এই ৰাজ্যকেইখনৰ ভিতৰত শেহতীয়াকৈ অসমতেই সঘনে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত
হৈ আহিছে।
বিংশ শতিকাৰ ৬০ দশকত অসমীয়া আৰু বঙালী, ২০১১ চনৰ প্ৰথমভাগত গাৰো আৰু ৰাভা, ২০১২
চনৰ মাজভাগত বিটিএডি অঞ্চলত বড়ো আৰু মুছলমান, বড়ো আৰু অনা-বড়ো (যদিও অনা-বড়ো বুলি
কোনো জনগোষ্ঠী নাই) মাজত গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছে। সংবাদ মাধ্যমে ঢুকি নোপোৱা
পাহাৰীয়া জিলাসমূহত সঘনে সংঘটিত গোষ্ঠী সংঘৰ্ষসমূহতো আছেই।
গোষ্ঠী সংঘৰ্ষৰ কোনো সুনিৰ্দিষ্ট কাৰণ (specific
reason) নাই যদিও এতিয়ালৈকে
যিমানবিলাক গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছে, সৰহভাগৰ কাৰণেই যে অৰ্থনৈতিক তাত সন্দেহ
নাই। অৱশ্যে, গোষ্ঠী সংঘৰ্ষৰ আঁৰত সামাজিক, ৰাজনৈতিক, ধৰ্মীয় আদি উপাদানসমূহৰ
প্ৰভাৱো কোনো গুণে কম নহয়। আমাৰ এই লেখাটোত গোষ্ঠী সংঘৰ্ষৰ অৰ্থনৈতিক উপাদান
সম্পৰ্কে এক চমু বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে। আন উপাদানসমূহৰ বিশ্লেষণ পিছত
আগবঢ়াবলৈ প্ৰয়াস কৰা হ’ব।
এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে দেখাত গোষ্ঠী সংঘৰ্ষৰ
নেতৃত্ব কোনেও বহন নকৰা যেন লাগিলেও তথাকথিত মধ্যবিত্ত শ্ৰেণীৰ কিছুমান স্বাৰ্থান্ধ
লোকে যে বিভিন্ন দল-সংগঠনৰ জৰিয়তে পৰোক্ষভাবে নেতৃত্ব দিয়ে তাত দ্বিমত নাই। এই শ্ৰেণীৰ লোকসকলে
বিভিন্ন কূট-কৌশলেৰে তেওঁলোকৰ স্বাৰ্থক সাধাৰণ শ্ৰেণীৰ লোকৰ স্বাৰ্থৰ ৰূপ দি সেই
শ্ৰেণীৰ লোকসকলকে সঁজুলি হিচাপে ব্যবহাৰ কৰি লোমহৰ্ষ সংঘৰ্ষবোৰ ঘটায়। গোষ্ঠী
সংঘৰ্ষৰ ফলত তেনে নেতাসকলৰ হয়তো পাব লগা বহুত থাকে, কিন্তু হেৰুৱাবলগীয়া বিশেষ একো নাথাকে। আনহাতে,
সাধাৰণ শ্ৰেণীৰ লোকসলকলৰ পাবলগীয়া সম্পৰ্কে স্পষ্ট ধাৰণা নাথাকে, কিন্তু গোষ্ঠী
সংঘৰ্ষৰ ফলত তেওঁলোকে সৰ্বচ্চ হেৰুৱাবলগীয়া হয়।
এতিয়া আচল প্ৰসংগলৈ অহা যাওক। কিছুমান বিশেষ অৰ্থনৈতিক গোটৰ
মাজত প্ৰতিযোগীতাৰ উদ্ভৱ হ’লে প্ৰতিযোগীতাৰ বাহ্যিক প্ৰকাশ ঘটি গোষ্ঠী সংঘৰ্ষ
সংঘটিত হয়। কায়িক শ্ৰমিক (manual workers) শ্ৰেণীৰ মাজত মজুৰি
সম্পৰ্কীয় পাৰ্থক্য থাকিলে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। একে কামৰ বাবে এক শ্ৰেণীৰ
শ্ৰমিকসকলে আন শ্ৰেণীৰ শ্ৰমিকসকলতকৈ কম মজুৰিৰ বিনিময়ত কাম কৰিলে আৰু যদি শ্ৰমিক
দুবিধৰ মাজত জাতিগত বা ধৰ্মগত পাৰ্থক্য থাকে, তেন্তে গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হোৱা
দেখা যায়। সাধাৰণতে অনুন্নত অঞ্চলৰ লোকসকলে আন অঞ্চললৈ প্ৰব্ৰজন কৰি মৌলিক
প্ৰয়োজনৰ তাড়নাত অতি কম মজুৰিৰ বিনিময়ত নতুন অঞ্চলটোত কাম কৰিবলৈ বাধ্য হয়১। ফলত সংশ্লিষ্ট অঞ্চলটোৰ স্থানীয়
শ্ৰমিকসকল নিজৰ অঞ্চলতে কামৰ পৰা বঞ্চিত হ’ব লগা হয়। কিছুমান উগ্ৰ জাতীয়তাবাদী
অসমীয়াই হিন্দীভাষী লোকৰ ওপৰত মাজে মাজে কৰা অত্যাচাৰ (এতিয়া কমিছে) ইয়াৰ উৎকৃষ্ট
উদাহৰণ। ইয়াৰে প্ৰতিশোধস্বৰূপে বিহাৰ, উত্তৰপ্ৰদেশৰ কিছুমান উগ্ৰ জাতীয়তাবাদী লোকে
অসমীয়াভাষী লোকক ৰাজ্যদুখনৰ মাজেৰে চলাচল কৰা ৰেলত কিছুমান ৰেলষ্টেচনত আক্ৰমণ কৰাৰ
দৰে দুৰ্ভাগ্যজনক ঘটনা ঘটিছে।
সংখ্যালঘিষ্ঠ কিছুমান বিশেষ বৃত্তিৰ গোট
(যেনে-ঋণদাতা, ব্যৱসায়ী ইত্যাদি) আৰু গ্ৰাহকসকলৰ
সৈতে তেওঁলোকৰ বিৰক্তিকৰ সম্পৰ্কৰ ফলতো গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱাৰ উদাহৰণ আছে। সাধাৰণতে
উপৰোক্ত বৃত্তিৰ লোকসকল আৰু গ্ৰাহকসকলৰ গোষ্ঠীগত পাৰ্থক্য থাকিলে, তেনে বৃত্তিৰ লোকসকলৰ
শোষণ, অহংকাৰ আৰু অভদ্ৰ মনোভাৱৰ বাবেই গ্ৰাহকসকলে তেওঁলোকৰ ওপৰত বিৰক্তি প্ৰকাশ
কৰি সংঘৰ্ষৰ সূত্ৰপাত ঘটায়। ভাৰতীয়সকলে উগাণ্ডাত, লেবানিজসকলে নাইজেৰিয়াত, ঘানাত
আৰু আৰমেনিয়ানসকলে ইথিওপিয়াত তেনেকুৱা পৰিস্থিতিৰ সম্মুখীন হৈছিল। ভাৰতবৰ্ষত,
ভাৰত-পাকিস্তান বিভাজনৰ আগতে হিন্দু আৰু মুছলমান, হিন্দু আৰু শিখৰ মাজত সংঘটিত সাম্প্ৰদায়িক
সংঘৰ্ষও বিভিন্ন কাৰণৰ উপৰিও এই কাৰণত সংঘটিত হোৱা সংঘৰ্ষৰ উদাহৰণ২।
কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলৰ মনত আন
কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকক শোষণ কৰাৰ প্ৰৱণতা থাকে। উপযুক্ত যোগ্যতা থকাৰ
পাছতো কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলে আন কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকক চৰকাৰী
চাকৰিত মকৰল কৰিবলৈ অনীহা প্ৰকাশ কৰে। অসম মুলকতে ইয়াৰ উদাহৰণ পোৱা যায়। বৃটিছৰ
দিনত চৰকাৰী কামকাজ চলাবৰ বাবে অসমৰ বিভিন্ন বিভাগত বঙালীসকলক নিয়োগ কৰা হৈছিল৩।
অসমীয়াসকলৰ কিছুমানে বঙালীসকলৰ সমানে
চৰকাৰী কামত পাৰ্গত হৈছিল যদিও ইংৰাজ চৰকাৰে বঙালী লবীৰ সহযোগৰ অসমীয়াসকলক অৱজ্ঞা
কৰিছিল। অৱশ্যে, পিছলৈ কলিকতাৰ (এতিয়া কলকাতা) ইংৰাজী শিক্ষাৰে শিক্ষিত অসমীয়া
মধ্যবিত্ত শ্ৰেণীৰ উদীয়মান যুৱকে চৰকাৰী সুবিধা পাইছিল। কিন্তু অসমৰ বাসিন্দাসকলৰ
মাজতে অসমৰ তথাকথিত মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে জনজাতীয় লোকসকলক অৱহেলা কৰিছিল। ১৯৩০
চন পৰ্যন্ত বড়োলোকৰ এজনো চৰকাৰী চাকৰিত নাছিল৪।
সকলোবোৰ চৰকাৰী বিভাগতে নিজ বৰ্ণ বা সম্প্ৰদায়ৰ লোক নিয়োজিত হ’লে সংশ্লিষ্ট বৰ্ণ
বা সম্প্ৰদায়ৰ লোকসকলৰ সামগ্ৰিক উন্নতি হোৱাৰ উপৰিও ব্যক্তি স্বাৰ্থ পূৰণৰ বাট
মুকলি হয়। আনকি তেনে বৰ্ণ বা সম্প্ৰদায়ৰ চাকৰি নোপোৱা ব্যক্তিও নিজৰ বৰ্ণ বা
সম্প্ৰদায়ক লৈ গৌৰৱ অনুৱভ কৰে৫। বহুক্ষেত্ৰত
সামাজিক তথা ধৰ্মীয় নীতি-নিয়মৰ দ্বাৰা কিছুমান বৰ্ণ বা সম্প্ৰদায়ৰ লোকসকলক চৰকাৰী
চাকৰিৰ বাবে অনুপোযুক্ত কৰি ৰাখে। দীৰ্ঘদিনীয়া শোষণৰ ফলত শোষিত শ্ৰেণীয়ে শোষণৰ পৰা
মুক্তি পাবৰ বাবে বিভিন্ন উপায় অৱম্বনৰ এটা উপায় হিচাপে কেতিয়াবা গোষ্ঠী সংঘৰ্ষত
লিপ্ত হয়। সম্প্ৰতি অসমত তাৰেই প্ৰতিফলন ঘটিছে। শ্ৰীলংকাত দেশখনৰ সিংহলীসকলে তামিলসকলক
কৰি অহা দীৰ্ঘদিনীয়া অৰ্থনৈতিক শোষণৰ ফলতে গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈ আহিছে।
শ্ৰেণীগত বা ধৰ্মীয় বিভিন্নতা থকা
উৎপাদনকাৰী, বিতৰণকাৰী আদি অৰ্থনৈতিক এজেন্টসমূহৰ মাজত প্ৰতিযোগীতাৰ অৱস্থিতিৰ
ফলস্বৰূপেও গোষ্ঠী সংঘৰ্ষ সংঘটিত হয়। কিছুমান অঞ্চলত এক বিশেষ শ্ৰেণী বা ধৰ্মীয়
সংখ্যাগৰিষ্ঠ লোকসকলে উৎপাদন বা বিতৰণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। সংশ্লিষ্ট
অঞ্চলটোৰ শ্ৰেণী বা ধৰ্মীয় সংখ্যালঘিষ্ঠ লোকসকলে উৎপাদন, বিতৰণ আদি ক্ষেত্ৰত
প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলোৱাৰ উপক্ৰম হ’লেই সংখ্যাগৰিষ্ঠ লোকসকলে
সংখ্যালঘিষ্ঠ লোকসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ ঘটনা ঘটে। উত্তৰ ভাৰতৰ কিছুমান
চহৰত সঘনে সংঘটিত হৈ থকা সংঘৰ্ষবোৰত দেখা যায় যে আগৰে পৰা চলাই থকা হিন্দু
ব্যৱসায়ী আৰু নতুনকৈ আৰম্ভ কৰা মুছলমান ব্যৱসায়ীয়ে হিন্দু ব্যৱসায়ীৰ প্ৰভাৱ বিনষ্ট
কৰাৰ প্ৰয়াসৰ ফলতে উশৃংখল পৰিস্থিতিৰ (riots) সৃষ্টি হয়৬। কিছুমান
চহৰত ইয়াৰ ঠিক ওলোটা কাৰণত ঘটে।
ভূমিৰ নিৰাপত্তাহীনতা হ’ল গোষ্ঠী সংঘৰ্ষ আন
এক অৰ্থনৈতিক কাৰক। ভূমিৰ উৎপাদন শক্তি আছে বাবে ভূমিৰ বাবে মানুহে মৰিবলৈও ভয়
নকৰে। সাধাৰণতে এলেহুৱা প্ৰকৃতিৰ কিছুমান সম্প্ৰদায়ৰ লোকে প্ৰয়োজনতকৈ বেছি ভূমি
ব্যৱহাৰ নকৰে। তেওঁলোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰও কম হয়। তেওঁলোকৰ বহুতেই জাতীয়
স্বাৰ্থতকৈ নিজৰ লাভালাভ বিবেচনা কৰি অধিক দাম পোৱাৰ কাৰণে প্ৰব্ৰজনকাৰীক ভূমি
বিক্ৰি কৰে৭। তদুপৰি, ভূমি ক্ৰয় কৰা প্ৰব্ৰজনকাৰীসকলৰ
সহযোগত নতুন প্ৰব্ৰজনকাৰী আহে। তেওঁলোকৰ সকলোৱে ভূমি ক্ৰয় নকৰি অব্যৱহৃত চৰকাৰী
ভূমিত অবৈধভাৱে দখল কৰিলে সংশ্লিষ্ট অঞ্চলটোৰ স্থানীয় লোকসকলে বাধা প্ৰদান কৰাৰ
কৰে ফলত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়। অসমৰ ৰাভা হাছং আৰু বিটিএডি অঞ্চলত সঘনে
সংঘটিত হৈ থকা গোষ্ঠী সংঘৰ্ষৰ কাৰণবোৰৰ প্ৰকৃত কাৰণ হ’ল ভূমি। উল্লেখিত অঞ্চলসমূহত
অব্যৱহৃত হৈ পৰি থকা স্থানসমূহত সন্দেহযুক্ত অবৈধ প্ৰব্ৰজনকাৰীয়ে দখল অব্যাহত ৰখাৰ
ফলতে সঘনে গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈ আহিছে। স্থানীয় লোকৰ স্বাৰ্থ ৰক্ষা কৰি ভূমি
সম্পৰ্কীয় বিবাদ নিষ্পত্তি কৰাৰ দ্বয়িত্ব চৰকাৰৰ যদিও চৰকাৰৰ অপাৰগতাৰ (?) ফলত
সেয়া হৈ নুঠে। দক্ষিণ ভাৰতত তামিল আৰু কানাড়াসকলৰ মাজত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ
কাৰণো ভূমিয়েই। সেয়েহে ভাৰতৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ অঞ্চলৰ ভূমিৰ নিৰাপত্তা
সুনিশ্চিত কৰাৰ মানসেৰে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে।
পৃথক শ্ৰেণী বা ধৰ্মৰ লোকসকলৰ মাজত সমূহীয়া
সম্পত্তিবোৰৰ (যেনে-বনাঞ্চল, নদী, চৰণীয়া পথাৰ, মালিকবিহীন বিল ইত্যাদি) ব্যৱহাৰৰ প্ৰতিদ্বন্দ্বিতাৰ
ফলতো গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হয়। সমূহীয়া সম্পত্তিবোৰৰ বৈশিষ্ট হ’ল-এইবোৰৰ
প্ৰয়োজনীতাক কোনেও অগ্ৰাহ্য কৰিব নোৱাৰে (non-excludable), কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত
প্ৰতিদ্বন্দ্বিতা (rivalry)
থাকে। স্থানীয় লোকসকল তেওঁলোকৰ ওচৰৰ সমূহীয়া সম্পত্তিবোৰৰ ব্যৱহাৰ আৰু নি:শেষ
হোৱাৰ সম্ভাৱনা সম্পৰ্কে সদায় সচেতন হৈ থাকে। আন অঞ্চলৰ পৰা প্ৰব্ৰজন কৰা লোকে
তেনে সম্পত্তিসমূহৰ ওপৰত হাত দিলে স্থানীয় লোকসকল উত্তেজিত হৈ পৰে। সাধাৰণতে নতুনকৈ
অহা লোকসকলৰ তেনে সম্পত্তিবোৰৰ ব্যৱহাৰ আৰু নি:শেষ হোৱাৰ সম্ভাৱনা সম্পৰ্কে
সচেতনতাৰ অভাৱ পৰিলক্ষিত হয়। নতুনকৈ অহা লোকসকলেও একে সময়তে সমানে উত্তেজিত হোৱাৰ
ফলত গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হয়।
কেতিয়াবা অঞ্চল বিশেষে জাতিগত পাৰ্থক্য
থাকিলে সংখ্যালঘিষ্ঠসকলৰ আৰ্থিক অৱস্থা সংখ্যাগৰিষ্ঠসকলতকৈ সুচল হ’লে সংশ্লিষ্ট
অঞ্চলটোৰ সংখ্যাগৰিষ্ঠসকল সংখ্যালঘিষ্ঠসকলৰ প্ৰতি চকুচৰহা হৈ পৰাৰ ফলতো গোষ্ঠী
সংঘৰ্ষৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে, ২০১১ চনৰ প্ৰথমভাগত গাৰো আৰু ৰাভাৰ মাজত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ বিভিন্ন কাৰণবোৰৰ
ভিতৰত এই কাৰণো এটা আছিল। গাৰো পাহাৰত বসবাস কৰি থকা ৰাভাসকলৰ আৰ্থিক
অৱস্থা তুলনামূলকভাৱে গাৰোসকলতকৈ উন্নতমানৰ। ৰৱৰ খেতিৰে অৰ্থনৈতিক মানদণ্ড অক্ষুন্ন
ৰখা গাৰো পাহাৰৰ ৰাভাসকলৰ আৰ্থিক উন্নতি গাৰোসকলৰ বাবে অসহ্যকৰ আছিল৮।
মুক্ত
বজাৰ ব্যৱস্থাৰ প্ৰৱৰ্তনেও গোষ্ঠী সংঘৰ্ষৰ ওপৰত প্ৰভাৱ পেলায়। অৱশ্যে, গোষ্ঠীগত
বৈশিষ্ট্যৰ লগত মুক্ত বজাৰ ব্যৱস্থাৰ সম্পৰ্ক প্ৰসংগত দুই ধৰণৰ যুক্তি আগবঢ়োৱা
দেখা যায়। এফালে, মুক্ত বজাৰ ব্যৱস্থাই গোষ্ঠীগত ভাৱবৃত্তি (sentiments) ক্ষীণ কৰে। ব্যক্তিক বস্তুবাদী কৰি তোলে। ব্যক্তি সদায় লাভৰ অভিপ্ৰায়ত
থাকে। ব্যক্তিৰ সমস্যাবোৰ বজাৰৰ লগতহে সম্পৰ্ক থাকে। তাৰ তুলনাত গোষ্ঠীগত
সমস্যাবোৰৰ প্ৰভাৱ দুৰ্বল হৈ পৰে৯। যেনে-মহানগৰত
থকা অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ যি সমস্যা, জনজাতীয় মধ্যবিত্ত শ্ৰেণীৰো একেই সমস্যা১০। আনফালে, মুক্ত বজাৰ ব্যৱস্থাৰ ফলত
জনগোষ্ঠীসমূহৰ মাজত ব্যৱধান বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। মানুহবিলাক নিজৰ
জনগোষ্ঠীৰ পৰা বিচ্ছিন্ন হৈ পৰে। সকলোৱে নিজ নিজ ক্ষেত্ৰত ব্যস্ত হৈ পৰে। সকলো
জনগোষ্ঠী সমানে বৃত্তিমুখী (professional) হ’লে সমস্যা
নাছিল। সমস্যা হ’ল-কিছুমান জনগোষ্ঠী মুক্ত বজাৰ ব্যৱস্থাৰ সৈতে মিলি যাব পৰাকৈ
উপযুক্ত নহয়। একে সময়তে এই ব্যৱস্থাত চৌদিশৰ পৰা চৰকাৰৰ ভুমিকা কমি আহে। গতিকে,
ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহক চৰকাৰে ৰক্ষণাবেক্ষণ দিবলৈ অপাৰগ হয়। সমস্যা বেছি জটিল
হৈ পৰে যেতিয়া ব্যক্তিগত খণ্ডৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। বিভিন্ন সময়ত দেখা
যায় যে মুক্ত বজাৰ ব্যৱস্থা সম্প্ৰসাৰণৰ ফলত ব্যক্তিগত খণ্ডৰ মালিকসকলে তেওঁলোকৰ ব্যৱসায়
আৰু মুনাফা বৃদ্ধিৰ বাবে কিছুমান জনগোষ্ঠীক তেওঁলোকৰ আবাসস্থলৰ পৰা বহিস্কাৰ কৰিব
বিছাৰে। সাধাৰণতে সকলো ফালৰ পৰা দুৰ্বল জনগোষ্ঠীকহে ব্যক্তিগত খণ্ডৰ মালিকসকলে
তেওঁলোকৰ লক্ষ্য হিচাপে বাছি লয়। এনে মালিকসকলে তেওঁলোকৰ প্ৰস্তাৱিত উদ্যোগত কাম
কৰাৰ বাবে আন গোষ্ঠীৰ লোকক কাম কৰিবলৈ নিয়োগ কৰে, যিসকলে কম মজুৰিৰ বিনিময়ত কাম
কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ফলত স্বাভাৱিকতে সেই অঞ্চলত গোষ্ঠী সংঘৰ্ষৰ সূ্ত্ৰপাত
হয়। নাইবা, কিবা প্ৰকাৰে প্ৰস্তাৱিত স্থানৰ লোকসকলক তাৰ পৰা বহিস্কাৰ কৰিব পাৰিলেও
সেই মানুহখিনি আন অঞ্চললৈ গৈ অবৈধভাৱে আবাস কৰিবলৈ বিছাৰিলে নতুন অঞ্চলৰ স্থানীয়
লোকসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ সম্ভাৱনা থাকে। আচলতে, ব্যক্তিগত খণ্ডৰ
মালিকসকলৰ উদ্দেশ্যই হ’ল-পৃথিৱীৰ জনসংখ্যাৰ এটা বৃহৎ অংশ অৰ্থনীতিৰ আনুষ্ঠানিক
খণ্ডৰ (exclusion from formal sector) পৰা নিলগত ৰাখি
সস্তীয়া শ্ৰমিক সৃষ্টি কৰা আৰু পূঁজিবাদী অৰ্থনৈতিক ব্যৱস্থা অব্যহত ৰখা১১।
অৰ্থনৈতিক
কাৰণত গোষ্ঠী সংঘৰ্ষ সংঘটিত হোৱা দেশবিলাকৰ চৰকাৰে সঠিক অৰ্থনৈতিক নীতি প্ৰৱৰ্তন
কৰা নাই বুলি ক’ব নোৱাৰি। ভাৰতবৰ্ষৰ কথাই ধৰক। অৰ্থনৈতিক সমতা স্থাপনৰ বাবে ভাৰতত চৰকাৰী
চাকৰি, উচ্চ শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত পিছপৰা শ্ৰেণীৰ বাবে সাংবিধানিক সংৰক্ষণৰ
ব্যৱস্থা আছে। সময়ে সময়ে প্ৰৱৰ্তন কৰি থকা নতুন নতুন চৰকাৰী আঁচনিসমূহতো আছেই। সমস্যা
হ’ল-সাংবিধানিক সুবিধা তথা বিভিন্ন চৰকাৰী আঁচনিবিলাক যি উদ্দেশ্যত প্ৰৱৰ্তন কৰা
হৈছে সেইমতে সঠিক ৰূপায়ন হোৱা নাই। সুবিধাবাদী মনোভাৱ, অবাধ দুৰ্নীতি, ৰাতিৰ
ভিতৰতে ধনী হোৱাৰ স্বপ্ন আদিৰ দৰে ব্যাধিবোৰৰ বাবে সাংবিধানিক সুবিধা বা অৰ্থনৈতিক
নীতি তথা আচঁনিবিলাক সঠিক ৰূপায়ণ নহয়। গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত পৃথিৱীৰ আন
দেশবিলাকৰ পৰিস্থিতিও ইয়াৰ ব্যতিক্ৰম নহয়।
তথ্যসূত্ৰ:
১ Bardhan, Pranab (2005): Scarcity, Conflicts and Cooperation:
Essays in the Political and Institutional Economics of Development, Chapter 9, (Oxford
University Press), P. 171.
২ ibid, P.172.
৩ কলিতা,
ৰমেশ চন্দ্ৰ (২০০৭): ‘প্ৰব্ৰজনকাৰী সমস্যা আৰু অসম: আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰা
গোপীনাথ বৰদলৈ লৈকে’, ড° হীৰেন গোহাঁই আৰু
ড° দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য়
সংস্কৰণ, (বনলতা), পৃষ্ঠা:৭-৩৮।
৪ চৌধুৰী,
মেদিনী (২০০৭): ‘অসম আন্দোলন আৰু জনগোষ্ঠীগত সমস্যা’, ড° হীৰেন গোহাঁই আৰু ড°
দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, ২য় সংস্কৰণ, (বনলতা), পৃষ্ঠা:২৩৭-২৮৩।
৫ Bardhan, Pranab: ibid, p.172.
৬ Bardhan,Pranab: ibid, p.173.
৭ ডেকা,
হৰেকৃষ্ণ (২০১৩): প্ৰব্ৰজন আৰু অনুপ্ৰবেশ: এটা সমস্যাৰ দুটা ৰূপ,
(আঁক-বাক),পৃষ্ঠা:২১।
৮ ৰাভা,
বিপুল কুমাৰ (২০১১): ‘গাৰো-ৰাভা গোষ্ঠী সংঘৰ্ষৰ প্ৰসংগত’, প্ৰান্তিক,
সংখ্যা ৭, বছৰ ৩০, পৃষ্ঠা: ১২।
৯ Bardhan, Pranab: ibid, p.177-178.
১০
Bezbaruah, M P (2013): Developmental and Identity Aspirations in Northeast
India: Conflicts to Synergy, Dialogue, Vol. 13, No. 4, Pp.21-29.
১১ Sanyal, Kalyan (2007): Rethinking
Capitalist Development: Primitive Accumulation, Governmentality &
Post-Colonial Capitalism, (Routledge: Taylor & Francis Group).
[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫
জানুৱাৰি ২০১৪]
No comments:
Post a Comment