NET,
SET পৰীক্ষা বা চৰকাৰী
চাকৰিৰ বাবে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষা আদিৰ বাবে অসমৰ বিভিন্ন
শিক্ষানুষ্ঠানত, বিশেষকৈ মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ সুবিধা পাইছোঁ। তেনে
শিক্ষানুষ্ঠানসমূহৰ চৌপাশ পৰিদৰ্শন কৰি এটা উমৈহতীয়া অভিজ্ঞতা লাভ কৰিছোঁ যে
প্ৰায়বোৰ শিক্ষানুষ্ঠানৰে নিজৰ ছাত্ৰ-ছাত্ৰী বা আমাৰ দৰে পৰীক্ষা দিবলৈ যোৱা
পৰীক্ষাৰ্থীৰ বাবে ব্যৱহাৰ কৰিবলৈ ব্যৱস্থা ৰখা প্ৰসাৱগাৰ আৰু পায়খানাসমূ্হৰ
অৱস্থা অতি ঘৃণনীয়। ইয়াৰ ভিতৰত অসমৰ কিছুমান নামী (?) মহাবিদ্যালয়ো আছে। দেখিলেই
বুজি উঠে, প্ৰসাৱগাৰ আৰু পায়খানাসমূহ কোনোদিন চাফা নকৰে বা নকৰায়। দুৰ্গোন্ধই
চৌদিশ আমোলমোলাই (?) থাকে। কিছুমানত আকৌ প্ৰসাৱগাৰতে মানুহৰ বিষ্ঠাও থাকে। পানীৰ
সুবিধাও নাই। সুবিধা পালেই সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ কৰ্মচাৰীক লগ কৰি
শিক্ষানুষ্ঠানখনৰ মূৰব্বীগৰাকীৰ প্ৰসাৱগাৰ আৰু পায়খানা কেনেকুৱা সুধিবলৈ নাপাহৰোঁ।
তেওঁলোকে অতি আক্ষেপেৰে জনায় যে অধ্যক্ষ ছাৰ বা বাইদেউৱে বহা কোঠালিটোৰ গাতে লগাকৈ
তেখেতৰ বাবে ধুনীয়া প্ৰসাৱগাৰ আৰু পায়খানা থাকে। সেইদৰে অধ্যাপক/অধ্যাপিকাসকলৰ
বাবেও উপযুক্ত প্ৰসাৱগাৰ আৰু পায়খানাৰ ব্যৱস্থা থাকে।
‘প্ৰান্তিক’ৰ কোনোবা এটা সংখ্যাৰ (সংখ্যাটো মনত
পৰা নাই) সম্পাদকৰ কোঠালিত পঢ়িবলৈ পাইছিলোঁ যে প্ৰতিষ্ঠান এটাৰ প্ৰশাসকগৰাকীৰ
দক্ষতাৰ বিষয়ে জানিবলৈ হ’লে প্ৰতিষ্ঠানটোৰ প্ৰসাৱগাৰ আৰু পায়খানাসমূহ পৰিদৰ্শন
কৰিলেই সকলো চাফা হৈ পৰে। ব্যাখ্যা নিষ্প্ৰয়োজন।
আমাৰ অনুৰোধ, উল্লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ
আগতে সংশ্লিষ্ট কৰ্তৃপক্ষই পৰীক্ষা অনুষ্ঠিত কৰা স্থানসমূহ এবাৰ পৰিদৰ্শন কৰি ল’ব
লাগে। যিবোৰ শিক্ষানুষ্ঠান বা আন ৰাজহুৱা স্থানত উপযুক্ত প্ৰসাৱগাৰ বা পায়খানা নাই
তেনে স্থানত পৰীক্ষা অনুষ্ঠিত কৰিব নালাগে। আচৰিত কথাটো হ’ল, উপযুক্ত প্ৰসাৱগাৰ
আৰু পায়খানা নথকা শিক্ষানুষ্ঠান বা আন ৰাজহুৱা স্থানৰ কৰ্তৃপক্ষই কিহৰ আশাত
তেওঁলোকৰ প্ৰতিষ্ঠানত তেনে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহে? নামৰ বাবে?
[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ মাৰ্চ, ২০১৫]
No comments:
Post a Comment