‘আমাৰ
অসম’ কাকতত প্ৰকাশিত ফেব্ৰুৱাৰি মাহৰ ২২ তাৰিখৰ সম্পাদকীয় আৰু ২৮ তাৰিখৰ দীপক
কুমাৰ গোস্বামীৰ চিঠিখন পঢ়ি খাদ্যৰ অপচয় সম্পৰ্কে আমাৰো কিছু কথা লিখিবলৈ মন গ’ল। আচলতে
অসমৰ মানুহবিলাক আন বিষয়ত যিমান সচেতন, খাদ্যৰ অপচয় সম্পৰ্কে সিমান সচেতন নহয়। বিয়াৰ
অভ্যৰ্থনাই হওক বা জন্মদিনৰ উপলক্ষে আয়োজন কৰা অভ্যৰ্থনাই হওক, কি শিক্ষিত (?), কি
অশিক্ষিত, সৰহ সংখ্যক মানুহেই খোৱা পাতখনত খাদ্য এৰি অহা দেখা যায়। তেওঁলোকে এবাৰ
ভাৱি নাচায় যে পৃথিৱীত লাখ লাখ মানুহ আছে, যিসকলে দিনটোত এসাঁজ পেট ভৰাই খাবলৈ নাপায়।
খাদ্য
অপচয় কৰা মানুহবিলাকে অকল খাদ্য উৎপাদনকাৰী আৰু খাদ্য প্ৰস্তুতকাৰীসকলকেই অপমান
নকৰে, অপচয় হোৱা খাদ্যই গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা (Global
Environmental Problem)
বৃদ্ধি কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগায়। কাৰণ, খাদ্য উৎপাদনৰ সৈতে বিভিন্ন ধৰণৰ ৰাসায়নিক
সাৰ, ৰাসায়নিক কীটনাশক দ্ৰৱ্য, পৰিবহনৰ ফলত নিৰ্গত কাৰ্বন-ডাই-গেছৰ সম্পৰ্ক আছে। তদুপৰি,
পেলনীয়া খাদ্যৰ পৰা মিথেনৰ দৰে সেউজ গৃহ গেছ (Greenhouse Gas) নিৰ্গত হৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ
বৃদ্ধি কৰে। চিন্তা কৰিবলগীয়া কথাটো হ’ল-গোলকীয় উষ্ণতা বৃদ্ধিত মিথেন গেছৰ অৰিহণা
কাৰ্বন-ডাই-অক্সাইডতকৈ ২৩গুণ বেছি। বহুতে হয়তো পাহৰিয়ে গ’ল যে ৰাষ্ট্ৰসংঘ পৰিবেশ
কাৰ্যসূচীত (United Nations Environment Programme, UNEP), ২০১৩ চনৰ ‘বিশ্ব পৰিবেশ দিৱস’ৰ সৈতে
সম্পৰ্ক ৰাখি প্ৰচাৰ কৰা মূল বাণীটো আছিল-ভাৱক, খাওক, সঞ্চয় কৰক (Think, Eat,
Save)।
অৱশ্যে, সংখ্যাত কম হ’লেও অসমতো খাদ্যৰ
অপচয় সম্পৰ্কে সচেতন ব্যক্তি বা প্ৰতিষ্ঠান আছে। তেনে এটা উদাহৰণ হ’ল-গুৱাহাটীৰ ছয়
মাইলত অৱস্থিত ‘অমিয় কুমাৰ দাস সামাজিক পৰিবৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠান’।
প্ৰতিষ্ঠানখনৰ ভোজনালয়ৰ প্ৰতিখন ডাইনিং টেবুলতে ডাঙৰ ডাঙৰ আখৰেৰে লিখি থোৱা আছে
‘খাদ্যৰ অপচয় কৰাজনক পঞ্চাছ টকা জৰিমনা বিহা হ’ব’। কৰ্তৃপক্ষই জৰিমনা বিহক বা
নিবিহক বাক্যটোৱে অন্ত:ত খোৱাৰ সময়ত এবাৰ ভাৱিবলৈ বাধ্য কৰায় যে খাদ্য অপচয় কৰা উচিত
নহয়।
[প্ৰকাশিত, ‘আমাৰ অসম’, ১৮ মাৰ্চ ২০১৫]
No comments:
Post a Comment