Sunday, 6 November 2016

সময়ৰ মূ্ল্য সকলোৰে থাকে

২০১৬ চনৰ জুলাই মাহৰ ২৯ তাৰিখৰ কথা। ডাক্তৰ এজনৰ পৰামৰ্শ মতে শ্ৰীমতীৰ শৰীৰৰ পৰীক্ষাৰ বাবে গুৱাহাটীৰ ব্যক্তিগত মালিকাধীন পৰীক্ষা কেন্দ্ৰ এটাত পৰীক্ষাটো কৰিব পাৰিব নে নাই আগদিনাই সুধি ল’লোঁ। কেন্দ্ৰটোৰ ৰেচিপ্টচনত বহি থকা ল’ৰাটোৱে সংশ্লিষ্ট ডাক্তৰজন ২৯ তাৰিখে আহিব পাৰিব নে নাই খবৰ ল’লে। ল’ৰাজনে জনালে যে উক্ত তাৰিখত ডাক্টৰজনে পুৱা দহ বজাত সময় দিছে আৰু আমি দহ বজাৰ আগে আগে পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হ’বই লাগিব।
গৰমৰ বন্ধ পোৱাৰ বাবে আমি আমাৰ গৃহ জিলা গোৱালপাৰাত আছিলোঁ। আমাৰ ঘৰৰ পৰা নিজৰ গাড়ীৰে সংশ্লিষ্ট কেন্দ্ৰটো পাবলৈ প্ৰায় তিনিঘণ্টা সময় লাগে। ২৯ তাৰিখে পুৱা ছয় বজাৰ আগেয়ে ঘৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’লোঁ। দহ বজাৰ আগে আগে সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ তেওঁলোকে ধাৰ্য কৰা অনুসৰি পৰীক্ষাটোৰ বাবে প্ৰয়োজনীয় মাচুল জমা দিয়া হ’ল। ৰেচিপ্টচনৰ ল’ৰাটোৱে আমাক কেন্দ্ৰটোৰ প্ৰথম মহলালৈ গৈ বহিবলৈ ক’লে। আমাৰ আগেয়ে আৰু কিছুমান মানুহ আহি কোঠাটোত বহি আছে। এজন এজনকৈ মাতি আন পৰীক্ষাসমূহ কৰি গৈছে। কথা পাতি গম পালোঁ যে আমাৰ বাহিৰেও আৰু তিনিহাল দম্পত্তিয়ে একে পৰীক্ষা কৰাবৰ বাবে বাদ চাই আছে। এক ঘণ্টা পাৰ হৈ গ’ল, আমাকহে মতা নাই। কেন্দ্ৰটোৰ আন পৰীক্ষাসমূহ কৰি থকা কৰ্মচাৰী (নে ডাক্টৰ ক’ব নোৱাৰোঁ) এজনক আমাৰ পৰীক্ষাটো কেতিয়া কৰা হ’ব সুধিলোঁ। আমাক জনালে যে সংশ্লিষ্ট পৰীক্ষাটো কৰা ডাক্টৰজন আহি পোৱা নাই। ভাবিলোঁ, গুৱাহাটীৰ কথা। ট্ৰেফিকজামৰ বাবে দেৰি হ’ব পাৰে। বহি বহি আমনি লাগিবলৈ ধৰিলে। এবাৰ বাহিৰলৈ ওলাই গৈ চাহ খাই আহিলোঁ। আৰু আধা ঘণ্টা গ’ল। আমাক মতাৰ কোনো লক্ষণেই দেখা নাই। আকৌ খবৰ কৰিলোঁ। একেই উত্তৰ। ডাক্টৰজন আহি পোৱা নাই। খং উঠি আহিছে যদিও কোনোমতে দমাই থলোঁ। বাৰ বাজি পাৰ হৈ গ’ল। এইবাৰ সিধাই ৰেচিপ্টচনলৈ গৈ খবৰ কৰিলোঁ। ক’লোঁ যে আমাক কি কাৰণত দহ বজাৰ আগেয়ে কেন্দ্ৰটোত উপস্থিত হ’বলৈ কোৱা হৈছিল। ইতিমধ্যে আমাক দুঘণ্টাতকৈ বেছি সময় এনেয়ে বহুৱাই ৰখা হ’ল। ল’ৰাটোৱে জনালে যে সংশ্লিষ্ট ডাক্টৰজন এজন অতি ব্যস্ত আৰু ডাঙৰ ডাক্টৰ। যিকোনো সময়তে মানুহে তেখেতক বিচাৰি আহি থাকে। মই ক’লোঁ যে তেনেহ’লে তেখেতে আমাক দেৰিকৈ আহিবলৈ নক’লে কিয়। ল’ৰাটোৱে অলপ টানকৈয়ে উত্তৰ দিয়ে যে মই কিয় ধৈৰ্য ধৰিব পৰা নাই। ডাক্টৰজন আহিবই। আমাৰ পৰীক্ষা সম্পন্ন হ’বই। ল’ৰাটোৰ উত্তৰ পাই মোৰো খং উঠি আহিল। মই ক’লোঁ, “তুমি যে ধৈৰ্যৰ কথা কৈছা, দুঘণ্টাতকৈ বেছি সময় তোমাৰ সেই ডাঙৰ ডাক্টজনক এনেয়ে বহি থাকিবলৈ ক’বাচোন। বা তুমি নিজেই এনেয়ে বহি থাকিবাচোন। কেনে লাগিব? আৰু সংশ্লিষ্ট ডাক্টৰজনক যে তুমি ডাঙৰ ডাক্টৰ বুলি কৈছা, নিজৰ ৰোগীক সময় দি সময়মতে নিজৰ কামখিনি কৰিব নোৱাৰাজন কিহৰ ডাঙৰ ডাক্টৰ?” “আপুনি কোৱা কথাখিনিও সঁচা” বুলি সি মনে মনে থাকিল। মই বুজি পাইছোঁ যে সিও নিৰুপায়।
এক বজাৰ অলপ আগে আগে যেনিবা আমাক মাতিলে আৰু আমাৰ পৰীক্ষাটো সুন্দৰভাবে সম্পন্ন কৰিলে। পিছে, ডাঙৰ ডাক্টৰজনৰ সময়ৰ জ্ঞান দেখিহে আমাৰ আচৰিত লাগিল। অৱশ্যে, এটা লাভো হ’ল। ডাঙৰ ডাক্টৰৰ এটা সুন্দৰ (?) বৈশিষ্ট্য গম পালোঁ।  

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ নৱেম্বৰ, ২০১৬]

No comments:

Post a Comment