Sunday, 8 April 2018

মুক্ত বজাৰ, ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ আৰু আঞ্চলিকতাবাদ


ভাৰতত মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত দেশখনৰ অৰ্থ ব্যৱস্থা, সমাজ ব্যৱস্থা, সংস্কৃতি আদি সকলো দিশতে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ক্ষমতা ক্ৰমেন্বয়ে হ্ৰাস পাই আহিছে। যিবোৰ ৰাষ্ট্ৰই স্বাধীন ৰাষ্ট্ৰ গঠন হোৱাৰ সময়তে মুক্ত বজাৰ ব্যৱস্থাক আকোঁৱালী লৈছিল, সেইবোৰ ৰাষ্ট্ৰৰ বাবে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ক্ষমতা হ্ৰাস পোৱা পৰিস্থিতিটোক নতুন সমস্যা হিচাপে চিহ্নিত কৰিব নোৱাৰি। প্ৰথম অৱস্থাত মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ নকৰা বহু ৰাষ্ট্ৰ পাছলৈ পৰিস্থিতিৰ তাড়নাত পৰি মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। ৰাষ্ট্ৰবোৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ ক্ষমতা হ্ৰাস পাই অহা পৰিস্থিতিয়ে জটিল সমস্যাৰ সৃষ্টি কৰিছে। নতুনকৈ মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰবোৰে প্ৰতিযোগিতাৰ সৈতে নতুনকৈ মুখামুখি হৈ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে নতুন নতুন কৌশল চিন্তা কৰি থাকিবলগীয়া হয়। কিন্তু এই ৰাষ্ট্ৰবোৰে প্ৰয়োগ কৰা নতুন কৌশলসমূহ, আগৰে পৰা মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ কৌশলৰ সৈতে ফেৰ মাৰিব নোৱাৰে। ফলস্বৰূপে, আগৰে পৰে মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহে বজাৰত প্ৰভাৱ বিস্তাৰ কৰি নতুনকৈ মুক্ত বজাৰ ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহক সকলো দিশতে দুৰ্বল কৰি পেলায়।
ভাৰতবৰ্ষৰ দৰে নতুনকৈ (১৯৯১ চনত) মুক্ত বজাৰ ব্যৱস্থাক আকোঁৱালী লোৱা ৰাষ্ট্ৰসমূহে বু্জি উঠিছে যে অৰ্থনীতিৰ ক্ষেত্ৰত আৰু নতুনকৈ কৌশল চিন্তা কৰি কোনো লাভ নাই। পুঁজিপতিৰ ইচ্ছানুসৰি বিশ্বৰ উন্নয়নশীল দেশবোৰৰ অৰ্থনীতি যি দিশত গতি কৰিছে, ভাৰতৰ অৰ্থনীতিও সেই দিশতে গতি কৰিব লাগিব। সেইকাৰণে যোৱা কিছু বছৰ ধৰি বিশ্বৰ বুকুত ভাৰতবৰ্ষৰ চিনাকি উজ্জ্বল কৰি ৰাখিবৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰখনক তল পেলাই ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ অধিক কৰিবলৈ চেষ্টা কৰা দেখা হৈছে। তাৰ বাবে ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ৰ সৈতে জড়িত সংশ্লিষ্ট মহলে তেওঁলোকৰ পূৰ্বৰ স্থিতিতকৈ কিছু নমনীয় স্থিতি গ্ৰহণ কৰিবলৈকো সাজু হৈছে। ফলত তেওঁলোকে অৰ্থনীতিৰ ক্ষেত্ৰত মুক্ত বজাৰৰ সৈতে ফেৰ মাৰিব নোৱাৰা পৰিস্থিতিটোক কিছু পৰিমানে তল পেলাবলৈ সক্ষম হৈছে।    
মুক্ত বজাৰ ব্যৱস্থাই সমগ্ৰ ভাৰতত সৃষ্টি কৰা সমস্যাবোৰৰ উপৰিও দেশখনক ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ হিচাপে চিনাকি দিব বিচৰা ধাৰণাটোৱে অসমৰ বাবে অতিৰিক্ত সমস্যা হিচাপে দেখা দিছে। নিয়োগৰ দৰে অৰ্থনৈতিক দিশত মু্ক্ত বজাৰে যদি সমগ্ৰ পৃথিৱীৰ প্ৰসংগ আনিছে, চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত অসমত স্থানীয় লোকক নিয়োগ কৰাৰ পৰিবৰ্তে সমগ্ৰ ভাৰতৰ প্ৰসংগ টানি অনা হৈছে। আদৰ্শৰ পাৰ্থক্য থকা সত্বেও অসমৰ আঞ্চলিকতাবাদী শিবিৰৰ এটা অংশই ‘এক ধৰ্ম’ আৰু ‘এক সংস্কৃতি’ৰ ওপৰত জোৰ দিয়া শক্তিৰ সৈতে হাত মিলোৱাৰ ফলত দুৰ্বল আঞ্চলিকতাবাদী শিবিৰটোক অধিক দুৰ্বল কৰি পেলাইছে। এনে পৰিস্থিতিত আঞ্চলিকতাবাদী শিবিৰৰ কিছুমান নেতা আৰু বুদ্ধিজীৱীয়ে সময় আৰু স্থানৰ সুবিধা বুজি কেতিয়াবা ৰাষ্ট্ৰয়তাবাদী আৰু কেতিয়াবা আঞ্চলিকতাবাদী ভাৱধাৰাৰ বিষয়ত মাত মাতি নিজে সুবিধাজনক স্থিতিত থাকি অসমৰ জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে।
অৰ্থনীতিৰ ক্ষেত্ৰত, যি সময়ত পৃথিৱীৰ উন্নত দেশবোৰে মুক্ত বজাৰ ব্যৱস্থাক ক্ৰমে সংকুচিত কৰিবলৈ চেষ্টা কৰিছে (যেনে-Brexit, দেশবিলাকৰ মাজত বহুমাত্ৰিক সম্পৰ্কৰ পৰিবৰ্তে দ্বিমাত্ৰিক বা ত্ৰিমাত্ৰিক সম্পৰ্ক স্থাপনৰ আগ্ৰহ ইত্যাদি) সেই সময়ত ভাৰতত সম্প্ৰসাৰণ কৰিব বিচৰা হৈছে। এফালে মুক্ত বজাৰ ব্যৱস্থা আৰু আনফালে ‘এক ধৰ্ম, এক সংস্কৃতি’য়ে অসমখনক চেপি ধৰাৰ ফলত অসমৰ আঞ্চলিকতাবাদৰ অস্তিত্বৰ ওপৰতে প্ৰশ্ন আহি পৰিছে। 

[প্ৰকাশিত, ‘আমাৰ অসম’, ০৯ এপ্ৰিল ২০১৮]

No comments:

Post a Comment