Friday, 6 April 2018

অসমত বৰ্ণবাদ আৰু শংকৰদেৱ (Racism in Assam and Sankardeva)


     যোৱা ৩০ মাৰ্চত ‘আমাৰ অসম’ত প্ৰকাশিত ডা: অজিত বৰুৱাই তেখেতৰ ‘নাগৰিক সভাত শংকৰদেৱৰ প্ৰসংগ’ শীৰ্ষক লেখাটোত অসমত বৰ্ণবাদৰ অৱস্থিতি সম্পৰ্কত শ্ৰীমন্ত শংকৰদেৱৰ অৱদানৰ প্ৰসংগ টানি আনিছে। তেখেতৰ মতে মহাপুৰুষ শংকৰদেৱে ১৬ শতিকাতে অসমৰ পৰা বৰ্ণবাদ বহুলাংশ নাইকীয়া কৰি থৈ গৈছিল বুলি ক’লে নিশ্চয় ভুল কৰা মুঠেই নহ’ব। ডা: বৰুৱাই একেটা যুক্তিকে ২০১৬ চনৰ ১১ ফেব্ৰুৱাৰীত একেখন কাকতে প্ৰকাশিত তেখেতৰ ‘বৰ্ণ-বৈষম্য: একলব্য, কৰ্ণ, আম্বদেকাৰৰ পৰা ৰৌহিতলৈকে’ শীৰ্ষক লেখাটোত দিছিল। অসমত বৰ্ণবাদৰ প্ৰসংগ আহিলেই শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগ টানি আনি কোৱা হয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ্ণবাদৰ পৰা অসমখনক কেতিয়াবাই মুক্ত কৰি থৈ গৈছে। সন্দেহ নাই যে সাম্প্ৰতিক সময়ত বৰ্ণবাদৰ ভিত্তিত উদ্ভৱ হৈ সমগ্ৰ ভাৰতবৰ্ষত এক জটিল পৰিস্থিতি অব্যাহত থকাৰ সময়ত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগই অসমত এক ইতিবাচক প্ৰভাৱ পেলাব। কিন্তু, এনেধৰণৰ সান্তনাই অসমৰ বৰ্ণবাদৰ ইতিহাসক বিপথে পৰিচালিত কৰিব পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। তদুপৰি, শংকৰদেৱৰ তিৰোভাৱৰ পাছত তেখেতৰ উত্তৰসূৰীসকলে গুৰুজনাৰ আদৰ্শ আশানুৰূপভাবে বজাই ৰাখিবলৈ সক্ষম নোহোৱাৰ ফলত আজি তেখেতে প্ৰচলন কৰা ধৰ্মালম্বী মানুহৰ মাজতে বৰ্ণবাদৰ অৱস্থিতি দেখা গৈছে। 
     এইটো সঁচা যে ভাৰতৰ কিছুমান প্ৰদেশত বৰ্ণবাদৰ প্ৰভাৱ যিমান তীব্ৰ আছিল বা আছে, অসমত সিমান তীব্ৰ আগতেও নাছিল আৰু এতিয়াও নাই। কি কাৰণত অসমত বৰ্ণবাদ আন প্ৰদেশৰ তুলনাত কম, সেই সম্পৰ্কে পণ্ডিতসকলে বিভিন্ন ধৰণে বিশ্লেষণ আগবঢ়াইছে। ড° প্ৰফুল্ল মহন্তৰ মতে (জনগোষ্ঠীগত চেতনা: আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন, ২০০৯, পৃষ্ঠা: ২৩) তথাকথিত আৰ্য হিন্দুসকলৰ উন্নত জীৱন প্ৰণালীয়ে অসমৰ চাৰিওফালৰ জনজাতীয় লোকক ওচৰ চপাই আনিলেও জাত-পাতৰ লগত পৰিচয়হীন থলুৱা মানুহখিনিয়ে বৰ্ণবাদী ব্যৱস্থাটো গ্ৰহণ কৰিবলৈ মুঠেই সাজু নাছিল। হীৰেন গোহাঁইৰ (অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ২০১৪) মতে আহোমসকলে অসমখন শাসন কৰাৰ সময়ত অধিকাংশ জনজাতীয় গোষ্ঠীৰ লোক ভাৰতীয় সামন্তবাদী সমাজৰ অন্তৰ্ভূক্ত হৈছিল। সেই সমাজে ভাৰতীয় সামন্তবাদকে অধিক উদাৰ, মানৱীয় ৰূপলৈ পৰিৱৰ্তিত কৰিব বিছাৰিছিল। কিন্তু আহোমসকলে শাসন কৰা অঞ্চলত তেওঁলোকে সেই প্ৰক্ৰিয়াৰ ওপৰত নিজস্ব পৰম্পৰাৰ সাঁচ বহুৱাইছিল। অৰ্থাত, অসমত ভাৰতীয় বৰ্ণবাদী সমাজখন পূৰ্ণৰূপত গঢ়ি উঠাৰ ক্ষেত্ৰত আহোমসকলৰ সাঁচেই প্ৰত্যাহ্বান হিচাপে থিয় দিছিল। অসমত বৰ্ণবাদে তীব্ৰ হৈ উঠিব নোৱাৰা সম্পৰ্কত অজিত কুমাৰ গোস্বামীয়ে (‘বৰ্ণবাদ আৰু অসম’, প্ৰসেনজিৎ চৌধুৰী আৰু ইন্দিবৰ দেউৰী সম্পাদিত, যুক্তিৰ পোহৰত সমাজ, ২০১৪ পৃষ্ঠা: ৪৫-৬৪) পাঁচটা কাৰণ চিনাক্ত কৰিছে। সেইবোৰ হ’ল-(১) অসমত হিন্দু ধৰ্মই বহু পলমকৈ প্ৰৱেশ কৰিছিল, (২)অসমৰ জনজাতি প্ৰধান জনগাঁথনি, (৩)অসমৰ ভৌগোলিক অৱস্থা, (৪)শংকৰদেৱৰ প্ৰভাৱ, আৰু (৫)ইয়াৰ ৰাজনৈতিক অৱস্থা। ইয়াৰ পৰা স্পষ্ট যে শংকৰদেৱৰ প্ৰভাৱ অসমত বৰ্ণবাদে তীব্ৰভাবে গা কৰি উঠিব নোৱাৰা কাৰণবোৰৰ ভিতৰৰ এটা কাৰণহে। একমাত্ৰ মূল কাৰণ নহয়।     
     শংকৰদেৱৰ তিৰোভাৱৰ পাছত তেখতৰ উত্তৰসূৰীসকলে যে বৰ্ণবাদৰ বিৰূদ্ধে থকা তেখেতৰ আদৰ্শ বৰ্তাই ৰাখিব পৰা নাই ব্ৰহ্ম সংহতিৰ সৃষ্টিয়েই তাৰ প্ৰমাণ। শংকৰদেৱে সাতজন ধৰ্মাচাৰ্য পাতি থৈ গৈছিল। শংকৰদেৱৰ তিৰোভাৱৰ আগতে তেওঁলোক সাতোজন সমান মৰ্যাদাবিশিষ্ট আছিল। কিন্তু তাৰে মাধৱদেৱক উত্তৰাধিকাৰ দি থৈ যোৱাত দুই এজন ধৰ্মাচাৰ্য স্বাভাৱিকতে ক্ষুণ্ন হৈছিল। শংকৰদেৱৰ শিষ্যত্ব স্বীকাৰ কৰিছিল সঁচা, সেইবুলি একালৰ সমমৰ্যাদা বিশিষ্ট শিষ্য মাধৱদেৱক গুৰু অধিকাৰ হিচাপে স্বীকৃতি দিবলৈ মানসিক প্ৰস্তুতি নাছিল। পৰিণতিস্বৰূপে ব্ৰাহ্মণ দামোদৰদেৱ আৰু হৰিদেৱ আঁতৰি যায়। তেওঁলোকে শংকৰ-মাধৱ কৰ্তৃত্বৰ পৰা মুকলি হৈ শংকৰদেৱ প্ৰৱৰ্তিত বৈষ্ণৱ আদৰ্শৰ লগতে ব্ৰাহ্মণ ৰীতি-নীতি, আনকি থল বিশেষে বৈদিক ক্ৰিয়া-কাণ্ডৰো স্থিতি স্বীকাৰ কৰি লয়। বিষ্ণু তথা কৃষ্ণৰ মূৰ্তি হ’লেও শ্ৰাৱণ-কীৰ্তনৰ লগতে মূৰ্তিপূজাৰ প্ৰচলন কৰে (লীলা গগৈ, ১৯৯৪, অসমৰ সংস্কৃতি)। কালক্ৰমত ব্ৰহ্ম সংহতিৰ সত্ৰকেইখনতে বৰ্ণবাদক তুলনামূলকভাবে অধিক গুৰুত্ব দিয়া দেখা গ’ল। এই সম্পৰ্কে অজিত কুমাৰ গোস্বামীয়ে (পূৰ্বোল্লেখিত, পৃষ্ঠা: ৬২-৬৩) তেখেতৰ এটা ব্যক্তিগত অভিজ্ঞতা উল্লেখ কৰিছে। এবাৰ তেখেতে মাজুলীত অৱস্থিত চাৰি সত্ৰৰে এখন বৃহৎ সত্ৰৰ সত্ৰাধিকাৰৰ আগত বৰ্ণবাদৰ বিষয় উত্থাপন কৰোতে সত্ৰাধিকাৰজনে মাত্ৰ এটা প্ৰশ্ন তেখেতলৈ নিক্ষেপ কৰিছিল। সেয়া হ’ল “কাউৰীৰ গৰ্ভৰ পৰা কুলি চৰাইৰ জন্ম হ’ব পাৰেনে?”।       
     নৱবৈষ্ণৱ ধৰ্মালম্বী, গৰিষ্ঠসংখ্যক অসমীয়াভাষী লোকে জনজাতীয় লোকসকলক এতিয়াও সমমৰ্যাদা দিবলৈ সাজু নহয়। কেতিয়াবা সভা-সমিতিত তেওঁলোকক বুকুৰ আপোন কৰি লোৱাৰ কথা কয় যদিও আচল সময়ত কিন্তু তেওঁলোকে কাম নকৰে। অসমীয়াভাষী এচামৰ কথা আৰু কৰ্মৰ বিশাল ব্যৱধানৰ বাবেও বহু জনজাতিৰ লোকে খ্ৰীষ্টান ধৰ্ম আঁকোৱালী লৈছে (ময়ুৰ বৰা, পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ, ২০১৪, পৃষ্ঠা: ৮২-৮৩)। কিছুমান সত্ৰৰ সমিটিয়ে সত্ৰাধিকাৰ বাছনিৰ ক্ষেত্ৰত এতিয়াও ব্ৰাহ্মণৰ গাতহে সত্ৰাধিকাৰ হ’ব পৰা গুণ দেখা পায়। তেহেলৈ সংশ্লিষ্ট ব্যক্তিজনৰ শিক্ষাগত অৰ্হতা যিয়েই নহওক (ময়ুৰ বৰা, ‘জাত্যভিমান, কুসংস্কাৰ আৰু সত্ৰাধিকাৰ’, ২০১৫, আমাৰ অসম, ৮ জুন)।  
     অৱশ্যে, দ্বিমত নাই যে শ্ৰীমন্ত শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসম মূলকৰ পৰা বৰ্ণবাদ নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল আৰু এই কাৰ্যত মহাপুৰুষজনে বহু পৰিমানে সফলতাও লাভ কৰিছিল।
  
[প্ৰকাশিত, ‘আমাৰ অসম’, ০৭ এপ্ৰিল ২০১৮]

No comments:

Post a Comment