Monday, 2 April 2018

হাতী-মানুহৰ সংঘাত (Man-Elephant Conflict)


অসমত হাতী-মানুহৰ সংঘাতে এক ভয়াৱহ সমস্যা হিচাপে দেখা দিছে। বিশেষকৈ বনাঞ্চলৰ ওচৰৰ গাঁৱলীয়া লোকসকল গড় হিচাপে বছৰটোৰ প্ৰতিমাহে বনৰীয়া হাতীৰ সৈতে তিতা-কেঁহা অভিজ্ঞতাৰে সময় অতিবাহিত কৰিব লগা হৈছে। দিনক দিনে বনৰীয়া হাতীৰ সৈতে মানুহৰ বেয়া সম্পৰ্ক, ক্ৰমে আৰু বেয়াৰ ফাললৈ ঢাল খাবলৈ ধৰিছে। যোৱা পাঁচ বছৰত বনৰীয়া হাতীৰ আক্ৰমণত ৮৫ জন মানুহৰ মৃত্যু হৈছে। একে সময়ছোৱাতে মানুহৰ হাতত ৩৫ টা বনৰীয়া হাতীৰ মৃত্যু হৈছে। শেহতীয়াকৈ ২০১৭ চনৰ নৱেম্বৰ মাহৰ প্ৰথম দুটা সপ্তাহ আৰু ডিচেম্বৰ মাহৰ প্ৰতিদিনেই কামৰূপ জিলাৰ (গ্ৰাম্য) দক্ষিণ-পশ্চিম অঞ্চল আৰু গোৱালপাৰা জিলাৰ মানুহবিলাক হাতীৰ আতংকত সময় কটাবলগা হৈছে। ১১ ডিচেম্বৰৰ ৰাতিপুৱা গোৱালপাৰা জিলাৰ কোঠাকুঠি গাঁও পঞ্চায়তৰ অন্তৰ্গত অম্বুক হাকোজুলি নামৰ গাঁওখনৰ বিষ্ণু ৰাভা নামৰ আঠাইশ বছৰীয়া ডেকা এজনক বনৰীয়া হাতীয়ে মাৰি থৈ যায়। ১৪ ডিচেম্বৰৰ নিশা একে পঞ্চায়তৰে অন্তৰ্গত জ্যোতিগাঁও নামৰ গাঁওখনৰ তিনিটা পৰিয়ালৰ ঘৰ হাতীয়ে ভাঙিছে। ১৫ ডিচেম্বৰৰ নিশা অম্বুক হাকোজুলি গাঁওৰে আঠটা পৰিয়ালৰ তেৰটা ঘৰ ভাঙি তচনচ কৰি গৈছে। ১৬ ডিচেম্বৰৰ নিশা আমগুৰি আৰু বাঁহবাৰী গাঁওৰ দুটা পৰিয়ালৰ ঘৰ ভাঙিছে। ২৪ ঘণ্টাৰ ব্যৱধানত গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ উইলিংষ্টন মাৰাক আৰু অৰুণজ্যোতি নাথ নামৰ দুজনকৈ লোকক বনৰীয়া হাতীয়ে মাৰি থৈ যায়। পথাৰৰ পকা ধান আৰু কলৰ বাগানবোৰৰ কিমান যে ক্ষতি কৰিলে তাৰ কোনো হিচাপ নাই। তদুপৰি, হাতী খেদা আৰু পহৰা দিয়া কামত মানুহৰ ধন আৰু সময়ৰ অপচয়ৰ লগতে শাৰীৰিক কষ্টৰ প্ৰসংগতো আছেই।
বনৰীয়া হাতী আৰু মানুহৰ মাজত গঢ়ি উঠা বেয়া সম্পৰ্ক ক্ৰমে বৃদ্ধি পোৱাৰ কেইবাটাও কাৰণ আছে। বনৰীয়া হাতী সুচলভাবে চলাফুৰা কৰি পেট পুৰাই খাবলৈ নোপোৱা ধৰণে বনাঞ্চলৰ পৰিমাণ ক্ৰমে হ্ৰাস পাই অহাটোৱেই ইয়াৰ ঘাই কাৰণ। ১৯৯১ চনৰ আগলৈকে গোৱালপাৰা আৰু কামৰূপ জিলাত পৰ্যাপ্ত পৰিমাণৰ বনাঞ্চল আছিল। শাল গছৰ বাবে গোৱালপাৰা জিলাৰ এটা বিশেষ পৰিচয়েই আছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনৰ সময়ছোৱাত সমগ্ৰ অসমৰ বনাঞ্চলৰ দৰে এই দুখন জিলাৰো আটাইবোৰ বনাঞ্চলৰ বৃহৎ বৃহৎ গছ আৰু বনৰীয়া বাঁহবিলাক সম্পূৰ্ণকৈ নোহোৱা হৈ গ’ল। সেই সময়ছোৱাত অসমৰ ৰাজনৈতিক পৰিস্থিতি কেনেধৰণৰ আছিল-সেয়া অনুধাৱন কৰিলেই অসমৰ বনাঞ্চল ধংসৰ কাৰণসমূহ স্পষ্টকৈ ওলায় পৰিব। গছবিহীন সংৰক্ষিত এলেকাবোৰত উল্লিখিত অঞ্চলৰ [কামৰূপ জিলাৰ (এতিয়া গ্ৰাম্য) দক্ষিণ-পশ্চিম অঞ্চল আৰু গোৱালপাৰা জিলা] স্থানীয় কিছুমান মানুহে কল আৰু ৰবৰৰ খেতি কৰিবলৈ ল’লে। হাতীয়ে ৰবৰ গছৰ ডাল আৰু পাত নাখায়। কলগছবিলাকত ঔষধ প্ৰয়োগ কৰে বাবে কল গছকো খুউব কমেইহে খায়। কিন্তু, নষ্ট কৰি থৈ যায়। কিছুমান মানুহে সেই এলেকাবোৰতে ঘৰ বান্ধি বসবাস কৰিবলৈ ল’লে। এতিয়ালৈকে বনৰীয়া হাতীৰ দ্বাৰা যিমানবিলাক ঘৰ ভঙাৰ ঘটনা ঘটিছে, বেছিভাগৰ ঘৰেই এসময়ত বনাঞ্চল থকা এলেকাত বন্ধা। ইয়াৰে সৰহসংখ্যক পৰিয়ালৰ ঘৰ বনৰীয়া হাতীয়ে অহাযোৱা কৰা পথৰ (?) আশে-পাশে বন্ধা।
প্ৰতিবছৰে অহা হাতীৰ জাকৰ সংখ্যা আৰু প্ৰতিটো জাকত থকা হাতীৰ সংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে বনৰীয়া হাতীৰ সংখ্যা আগতকৈ বাঢ়িছে। ১৯৭২ চনৰ আগলৈকে যৌৱনপ্ৰাপ্ত বনৰীয়া মখনা হাতীক হ্ত্যা কৰি হাতীৰ বংশবৃদ্ধিত বাধা দিয়াৰ ব্যৱস্থা বন বিভাগে কৰিছিল-যাক ‘কালিং’ কৰা বুলি জনা যায়। কিন্তু, ‘বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২’ অনুসৰি হাতী নিধন ব্যৱস্থা বন্ধ হোৱাৰ ফলত বনৰীয়া হাতীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। আগেয়ে প্ৰায় প্ৰতিখন গাঁওৰে ধনী মানুহৰ ঘৰত একোটাকৈ ঘৰচীয়া হাতী আছিল। বৰ্তমান এটা বৃহৎ এলেকাতো এটা ঘৰচীয়া হাতী পাবলৈ নাই। আজিকালি হাতী পুহিলে কেৰেলাতকৈ গুটি দীঘল হয়। হাতীৰ দ্বাৰা কৰোৱা কামবিলাক মেচিনৰ দ্বাৰা কৰোৱা হ’ল। অৰ্থাত, বনৰীয়া হাতী ধৰি ঘৰচীয়া কৰাৰ প্ৰক্ৰিয়া ক্ৰমে হ্ৰাস পাবলৈ ধৰাৰ ফলতো বনৰীয়া হাতীৰ সংখ্যা বৃদ্ধিত কিছু হ’লেও অৰিহণা যোগাইছে। তদুপৰি, হাতীৰ জীৱনকাল (Life Expectancy) দীঘলীয়া (প্ৰায় আশী বছৰ)আৰু বেমাৰৰ ফলত অতি কম সংখ্যক হাতীৰহে মৃত্যু ঘটে।
আমাৰ দীঘলীয়া অভিজ্ঞতাৰ পৰা ক’ব পাৰোঁ যে হাতীয়ে কিছুমান বিশেষ কাৰণতহে ঘৰ-দুৱাৰ ভাঙি মানুহৰ অপকাৰ কৰে বা মানুহ মাৰে। বহু সময়ত সিহঁতে অহাযোৱা কৰা পথত বন্ধা ঘৰকো ভঙা দেখা নাযায়। সিহঁতে মানুহৰ ঘৰ ভাঙি চাৰখাৰ কৰাৰ কিছুমান বিশেষ কাৰণ আছে। প্ৰথমতে, দিনত মানুহে হাতীবোৰক আন ঠাইলৈ খেদি পঠাবলৈ চেষ্টা কৰাৰ ফলত যিদিনা সিহঁতে পেট ভৰাই খাবলৈ নাপায়, সেইদিনা গধূলি হোৱাৰ লগে লগে বনাঞ্চলৰ ওচৰৰ মানুহৰ ঘৰৰ বাৰীত প্ৰৱেশ কৰি পেট পুৰাবলৈ চেষ্টা কৰে। বাৰীৰ পৰা খেদি পঠাব নোৱাৰিলে সংশ্লিষ্ট মানুহঘৰৰ ঘৰবিলাক ভাঙি খাদ্যৰ সন্ধান কৰে। জাকটোৱে এঘৰ মানুহৰ ঘৰ ভাঙিলে জাকৰ পৰা বহিষ্কৃত এটা বা দুটা হাতীয়ে ওচৰৰ আন এঘৰ বা দুঘৰ মানুহৰ ঘৰ ভাঙিবলৈ ধৰে। দ্বিতীয়তে, দিনৰ ভাগত মানুহে সিহঁতক অত্যাচাৰ নকৰিলেও যদি সিহঁতে থকা বনাঞ্চলত পৰ্যাপ্ত পৰিমাণৰ খাদ্য খাবলৈ নাপায়, তেন্তে ৰাতিৰ ভাগত মানুহৰ বাৰীত সোমায় আৰু সুবিধা পালেই মানুহঘৰৰ ঘৰ ভাঙি খাদ্য বিচাৰি পেট ভৰাবলৈ চেষ্টা কৰে। তৃতীয়তে, দিনৰ ভাগত পেট ভৰাই খাদ্য খাবলৈ পালেও, মানুহে যাঠি-জঙেৰে সিহঁতক অত্যাচাৰ কৰিলে, বিশেষকৈ জাকটোৰ পৰা বহিষ্কৃত হাতীবোৰৰ আচৰণ অতি ভয়ানক হৈ পৰে। এনে লাগে যেন সিহঁতে প্ৰতিশোধ ল’বলৈ নাপালে শান্তিয়ে নাপাব। গতিকে, এনে আচৰণৰ সময়ত সিহঁতে কোনো মানুহৰ ঘৰ ভাঙি বা সুবিধা পালে মানুহ মাৰিহে শান্ত হৈ পৰে। চতুৰ্থতে, পোৱালী অৱস্থাৰ সময়ত মানুহে ডাঙৰ হাতীবোৰক কৰা অত্যাচাৰ দেখিলে বা কোনো পোৱালী হাতীয়ে তাৰ মাকক মানুহৰ দ্বাৰা হত্যা কৰা দেখিলে, ডাঙৰ হোৱাৰ পাছত সেই হাতীটো স্বাভাৱিকতে খঙাল হৈ পৰে। সেই হাতীটোৱে মানুহ দেখিলেই চোঁচা মৰি আহে আৰু সুবিধা পালে মাৰি থৈ যায়। পঞ্চমতে, মানুহ মাৰি থৈ যোৱা ঘটনাবিলাক সুক্ষ্মভাবে অধ্যয়ন কৰিলে দেখা যায় যে হাতীয়ে আত্মৰক্ষাৰ বাবেহে মানুহ মাৰে। বৃহৎ জন্তু হ’লেও হাতীয়ে মানুহক ভয় কৰে। জনাঞ্চলৰ পৰা পুনৰ বনাঞ্চললৈ ঘুৰি যোৱাৰ পাছত হাতীয়ে কিছু নিৰাপত্তা অনুভৱ কৰে। মানুহে জনাঞ্চলৰ পৰা সিহঁতক খেদি খেদি বনাঞ্চলত প্ৰৱেশ কৰিলে সিহঁতে আত্মৰক্ষাৰ বাবে সাজু হয় (জনাঞ্চলত প্ৰৱেশ কৰিলেহে হাতীয়ে মানুহক আক্ৰমণ কৰা বুলি ক’ব পাৰি)। জাকটোত পোৱালী হাতী থাকিলে হাতীৰ আত্মৰক্ষাৰ প্ৰৱণতা স্বাভাৱিকতে কিছু বেছি হয়। আত্মৰক্ষাৰ বাবে জাকত থকা হাতীয়ে সুবিধা পালেও মানুহ নামাৰিব পাৰে, কিন্তু অকলশৰীয়া হাতীয়ে সেই সুবিধা সহজে এৰি নিদিয়ে। শেষত, গৱেষণাৰ পৰা গম গোৱা গৈছে যে হাতীয়ে সেইসকল মানুহক আক্ৰমণ কৰে বা হত্যা কৰে যিসসকলে বেছিকৈ হাতীক ভয় খুৱায় বা যিসকল মানুহৰ হাতীৰ প্ৰতি খুউব বেয়া মনোভাৱ (Negative Attitude)  আছে। কাৰণ, কোনজন মানুহে সিহঁতৰ প্ৰতি কি মনোভাৱেৰে আৰু কেনে ভাষা ব্যৱহাৰ কৰে সেয়া চিনাক্ত কৰিব পাৰে।      
হাতী-মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ হ’লে ইতিমধ্যে ধংস হোৱা বনাঞ্চলসমূহ পুনৰ বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ গত্যন্তৰ নাই। ধংসপ্ৰাপ্ত বনাঞ্চলসমূহ দহ/বাৰ বছৰমান এনেয়ে পৰি থাকিবলৈ দিলে সেই অঞ্চলসমূহ স্বত:ফুৰ্তভাবে হাতীয়ে চলাফুৰা কৰি পেট পুৰাই খাব পৰাকৈ সাজু হৈ উঠিব। হাতী অহাযোৱা কৰা ৰাস্তাবিলাকত (?) মানুহে বসতি নকৰি বনাঞ্চললৈ ৰূপান্তৰ কৰিব লাগে। কাৰণ, হাতীয়ে একেটা স্থানতে বেছিদিন নাথাকে আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ একেটা ৰাস্তাৰে অহাযোৱা কৰে। এই ক্ষেত্ৰত চৰকাৰে স্থানীয় ৰাইজক বিভিন্ন ধৰণে সহায় কৰা উচিত। যেনে-বনাঞ্চল সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা গাঁওৰ মানুহবোৰক উৎসাহ দিয়া, যৌথ পৰিয়ালক বিভিন্ন ধৰণে সহায় কৰা, বিজুলীৰ ব্যৱস্থা নথকা গাঁওবোৰলৈ বিজুলী যোগান ধৰা (বিজুলী থকা অঞ্চলত হাতীয়ে সহজে প্ৰৱেশ নকৰে) ইত্যাদি। তদুপৰি, ওচৰৰ বনাঞ্চলত হাতী আহিলেই স্থানীয় ৰাইজে যাঠি-জং লৈ বনাঞ্চলত প্ৰৱেশ কৰি সিহঁতক আক্ৰমণ কৰি খেদি পঠাবলৈ প্ৰয়াস কৰাৰ বিপৰীতে (যাতে সিহঁতে আত্মৰক্ষাৰ বাবে প্ৰতি আক্ৰমণ কৰিবলগীয়া নহয়) প্ৰতিৰক্ষামূলক নীতিহে (Defensive Principle) অৱলম্বন কৰা উচিত। 
    
তথ্যসূত্ৰ আৰু প্ৰাসংগিক টোকা




দাস, জয়ন্ত কুমাৰ (২০১৭): “হাতী-মানুহৰ সম্পৰ্ক আৰু সংঘাত”, আমাৰ অসম, ১৭ ডিচেম্বৰ, পৃষ্ঠা: ১০।
আমি অম্বুক হাকোজুলি গাঁওৰ স্থায়ী বাসিন্দা। ২০১৭ চনৰ ডিচেম্বৰ মাহৰ ২ তাৰিখৰ পৰা ২৯ তাৰিখলৈ আমি অম্বুক হাকোজুলি গাঁওতে আছিলোঁ। উল্লিখিত ঘটনাবোৰৰ আমি প্ৰত্যক্ষদৰ্শী-লেখক।
‘আমাৰ অসম’, ২৯ ডিচেম্বৰ, ২০১৭, পৃষ্ঠা: ১ আৰু ৮ আৰু ‘নিয়মীয়া বাৰ্তা’, ২৯ ডিচেম্বৰ ২০১৭, পৃষ্ঠা: ১ আৰু ১২।
বৰা, বেদব্ৰত (২০১৪): হাতী ধৰিবলৈ গৈ, (গুৱাহাটী: আঁক-বাক), পৃষ্ঠা: ৪৭।
কামৰূপ জিলাৰ (গ্ৰাম্য) দক্ষিণ-পশ্চিম অঞ্চল আৰু গোৱালপাৰা জিলাৰ গাঁওলীয়া মানুহবোৰে দশক দশক ধৰি বনৰীয়া হাতীৰ সৈতে বহুতো তিতা-কেঁহা অভিজ্ঞতাৰে সময় অতিবাহিত কৰি আহিছে। ২০০৪ চনৰ আগলৈকে আমিও এইবোৰ অভিজ্ঞতাৰ প্ৰত্যক্ষ অংশীদাৰ আছিলোঁ। আমাৰ ঘৰৰ বাৰীখনত এতিয়ালৈকে দুবাৰ বনৰীয়া হাতী সোমাইছে। ২০১৭ বছৰটোত আমাৰ বাৰীখনৰ পিছপিনেদি তিনিবাৰ বনৰীয়া হাতী পাৰ হৈ গৈছে-লেখক।
Hullinger, Jessica (2017): “7 Behaviors That Prove Elephants Are Incredibly Smart”, Mental Floss, 1 April, ইণ্টাৰনেটত উপলব্ধ: http://mentalfloss.com/article/55640/7-behaviors-prove-elephants-are-incredibly-smart
যৌথ পৰিয়াল এটা ভাঙিলে সেই পৰিয়ালটোৰ পৰা পৃথক হোৱা কোনোবা নহয় কোনোবা এটা পৰিয়াল আন ঠাইত ঘৰ বান্ধিবলৈ বাধ্য হৈ পৰে। গাঁওৰ মানুহে এখন ডাঙৰ বাৰীসহ নতুনকৈ ঘৰ বান্ধি থাকিবলৈ ভাল পায়। সাধাৰণতে, নতুন পৰিয়ালটোৱে বনাঞ্চল বেদখল কৰিয়েই বসতি আৰম্ভ কৰে-লেখক।

[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫ এপ্ৰিল ২০১৮, পৃষ্ঠা: ১৫-১৬]

No comments:

Post a Comment