নৰেন্দ্ৰ
মোডী নেতৃত্বৰ চৰকাৰে উত্থাপন কৰা ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’খনৰ সন্দৰ্ভত
হাগ্ৰামা মহিলাৰীৰ দল বড়োলেণ্ড পিপুলছ ফ্ৰ’ন্টে (চমুকৈ বি পি এফ) নিজৰ স্থিতি
স্পষ্ট কৰিলে। দলটোৰ স্থিতি হ’ল-বিধেয়কখনৰ সন্দৰ্ভত তেওঁলোকৰ কোনো মতামত নাই। এই
বিষয়ত তেওঁলোকে হস্তক্ষেপ নকৰে। সময় হ’লে মাত মাতিব। বি টি এ ডিৰ উন্নয়নৰ স্বাৰ্থত
সুবিধাবাদী হ’বলৈও তেওঁলোক প্ৰস্তুত আছে (‘আমাৰ অসম’, ১১ মে’ ২০১৮)। মন
কৰিবলগীয়া যে কেন্দ্ৰ বা ৰাজ্যত যি দলৰে চৰকাৰ নাথাকক, বি টি এ ডিৰ স্বাৰ্থত
বিঘিনি ঘটাৰ উপক্ৰম হ’লে বি পি এফৰ সহযোগ থাকিলেও তেওঁলোকে চৰকাৰৰ বিপক্ষে মাত
মতাৰ উদাহৰণ আছে। উদাহৰণস্বৰূপে, ২০১০ চনৰ ২০ নৱেম্বৰ তাৰিখে তেওঁলোক চৰকাৰৰ
সহযোগী দল হোৱা সত্ত্বেও হাগ্ৰামা মহিলাৰী, তেতিয়াৰ পৰিবহণ মন্ত্ৰী চন্দন ব্ৰক্ষ্ম,
জনস্বাস্থ্য মন্ত্ৰী ৰিহণ দৈমাৰী, কৃষি মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্ম আদিৰ
নেতৃত্বৰ প্ৰতিবাদকাৰীয়ে বড়োভূমিত অধিক নিৰাপত্তা বাহিনী নিয়োগ, হিংসা বন্ধ কৰা
আৰু অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ দাবীত লাষ্ট গেটত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল
(ৰত্নেশ্বৰ বসুমতাৰী, ‘বিষয়: বড়োভূমি’, পৃষ্ঠা:১৩৭, সৃজন প্ৰকাশ)। কিন্তু,
‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬’ সন্দৰ্ভত তেওঁলোকে গ্ৰহণ কৰা স্থিতিয়ে কেইটামান
কথা স্পষ্ট কৰিলে।
প্ৰথমে, বি পি এফে কেৱল বি টি এ ডিৰ স্বাৰ্থৰ
বাবেহে চিন্তা কৰে। বিধেয়কখন অসম চুক্তিৰ এটা বিষয়হে বুলি মতামত দি তেওঁলোকে ইয়াকে
প্ৰমাণ কৰিলে অসমৰ নিৰাপত্তা সম্পৰ্কত বি পি এফৰ কোনো দায়িত্ব নাই। নিৰ্বাচনৰ সময়ত
বি টি এ ডিৰ বাহিৰৰ আসনসমূহত দলটোৱে
প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উদ্দেশ্যও বি টি এ ডিৰ উন্নয়নতে সীমাবদ্ধ। ইমানদিনে
তেওঁলোকে পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছিল যে কিছুমান মূলসূঁতিৰ অসমীয়া নেতা আৰু
বুদ্ধিজীৱীয়ে বড়োসকলক সমান চকুৰে নাচায়। কিন্তু ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক,
২০১৬’খনৰ সন্দৰ্ভত দলটোৱে লোৱা স্থিতিৰ পৰা স্পষ্ট হ’ল যে বি পি এফৰ নেতা আৰু
বুদ্ধিজীৱীয়ে অসম নামৰ ভূখণ্ডটোৰ বিষয়ে তিলমনো চিন্তা নকৰে। বি পি এফে যদি অসমৰ
কথা চিন্তা নকৰি কেৱল বড়োসকলৰ কথাও চিন্তা কৰিলেহেঁতেন, আমি ভাৱো তেওঁলোকে এই
স্থিতি নল’লেহেঁতেন। কাৰণ, বৃহৎ সংখ্যক বড়ো সম্প্ৰদায়ৰ লোক বি টি এ ডিৰ বাহিৰেও
অসমৰ আন অঞ্চলতো সিচঁৰিত হৈ আছে। বিধেয়কখনৰ নেতিবাচক প্ৰভাৱ বি টি এ ডিৰ বাহিৰৰ আন
জনগোষ্ঠীসমূহৰ লগতে বড়োসকলৰ ওপৰতো পৰিব।
দ্বিতীয়তে, কেইজনমান বি প এফৰ নেতাৰ মত এনেধৰণৰ-বি টি এ ডি যিহেতু
ভাৰতৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত, সেয়েহে অঞ্চলটোত বিধেয়কখনৰ নেতিবাচক প্ৰভাৱ পৰাৰ
কোনো সম্ভাৱনা নাই। বি পি এফে যদি কেৱল বি টি এ ডিৰ উন্নয়নৰ স্বাৰ্থত সুবিধা আদায়
কৰাৰ উদ্দেশ্যে চৰকাৰ গঠন কৰা দলক সমৰ্থন দি থাকে, তেন্তে চৰকাৰে গ্ৰহণ কৰা
সামগ্ৰিক নীতিয়ে তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিব বুলি ভবাটো অপৰিপক্কতাৰহে
পৰিচায়ক।
তৃতীয়তে, অলপ দকৈ ভাবিলে ওলাই পৰে যে আচলতে বি পি এফে কেৱল বি
টি এ ডিৰ উন্নয়নৰ স্বাৰ্থত এনে স্থিতি লোৱা নাই। দলটোৱে এনেদৰে প্ৰতিষ্ঠা কৰিবলৈ
চেষ্টা কৰিছে যে বি টি এ ডিৰ উন্নয়নৰ বাহিৰে তেওঁলোকে আন একোৱেই ভাবিব নোৱাৰে। এয়া
আচলতে দলটোৱে ক্ষমতাত তিস্তি থকাৰ এটা কৌশলহে। তেওঁলোকে জানে যে অঞ্চলটোত বি পি
এফৰ কেইটামান বিপৰীত শক্তি আছে। সেই শক্তিবোৰে যিকোনো সময়তে বি পি এফক ক্ষমতাৰ পৰা
ওফৰাই পেলাব পাৰে।
অসমৰ জনজাতীয় শক্তিসমূহ একগোট হৈ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত
সন্মিলিত আঞ্চলিক দল গঠন কৰি যি তৃতীয় বিকল্পৰ কথা চিন্তা কৰা হৈছিল তাৰ আৰু কোনো
অৰ্থ নাই। হাগ্ৰামা মহিলাৰীৰ সীমাবদ্ধতা অনুধাৱন কৰিবলৈ বিধেয়কখনৰ সন্দৰ্ভত লোৱা
বৰ্তমানৰ স্থিতিটোৱে যথেষ্ঠ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ১৯ মে’ ২০১৮, পৃষ্ঠা: ৬]
No comments:
Post a Comment