যোৱা
৯ মে’ ২০১৮ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ কলা
আৰু বিজ্ঞান-দুয়োটা শাখাৰে পৰীক্ষা অনুষ্ঠিত হৈ যায়। পৰীক্ষাটোৰ বাবে প্ৰস্তুত কৰা
অৰ্থ বিজ্ঞানৰ প্ৰশ্ন কাকতখনৰ সন্দৰ্ভত দুটামান কথা নিলিখাকৈ থাকিব নোৱাৰিলোঁ।
প্ৰথম কথা-প্ৰশ্ন কাকতখনৰ 1 (g) নম্বৰৰ
প্ৰশ্নটোত অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত CM ৰেখাৰ আকৃতি সম্পৰ্কে পৰীক্ষাৰ্থীক প্ৰশ্ন কৰা হৈছে। আমি জনাত অৰ্থ
বিজ্ঞানত এতিয়ালৈকে CM ৰেখা বুলি কোনো ধৰণা উদ্ভাৱন হোৱা নাই। অৱশ্যে, LM
ৰেখা বুলি ধাৰণা এটা
আছে। প্ৰশ্ন কাকতখন প্ৰস্তুত কৰাজনে হয়তো LM বুলিয়ে লিখিছিল (আমি ধৰিহে লৈছোঁ)। প্ৰেছৰ
পৰা CM হৈ
ওলাল। প্ৰশ্ন কাকতখনত মুঠ সাতটা পৃষ্ঠাত ছপা আখৰ আছে। গড় হিচাপে প্ৰতি পৃষ্ঠাত মাত্ৰ
৫০ টাকৈ শব্দ আছে (সচৰাচৰ কিতাপ এখনৰ এটা পৃষ্ঠাত থকা শব্দৰ সংখ্যাতকৈ বহুত কম)। খচৰা
প্ৰশ্ন কাকতখন চুড়ান্ত কৰি ছপাশালত দিয়াৰ আগতে ৩৫০ টা শব্দৰ প্ৰতিটোকে অন্তত: এবাৰ
মনোযোগেৰে চাই দিলে আমি ভাবো এনেধৰণৰ ভুল নাথাকিলেহেঁতেন।
দ্বিতীয় কথা-প্ৰশ্ন কাকত এখনৰ প্ৰতিটো প্ৰশ্ন
পৃথক হোৱা বাঞ্চনীয় বুলি আমি অনুভৱ কৰোঁ। অৰ্থাত, প্ৰতিটো পৃথক প্ৰশ্নৰে মূল উত্তৰ
পৃথক হ’লে ভাল হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এইবাৰৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ
মেজৰৰ প্ৰশ্ন কাততখনত দুটা প্ৰশ্ন ওপৰা-উপৰি (overlap) হৈছে। প্ৰশ্ন নম্বৰ 1 (h) ত সুধিছে ‘Mention one method
of correcting disequilibrium in Balance of Payments (BoP)’। দীঘল প্ৰশ্ন হিচাপে প্ৰশ্ন নম্বৰ
7 (b) ৰ শেষৰ অংশটোত সুধিছে
‘How can a disequilibrium in Balance of Payments be corrected?’। বুজাত অসুবিধা নাই যে 7 (b) প্ৰশ্নটোৱে উত্তৰ হিচাপে যি বিচাৰিছে, 1
(h) প্ৰশ্নটোত তাৰে যিকোনো
এটা উল্লেখ কৰিলেই হ’ল। সেইদৰে, প্ৰশ্ন নম্বৰ 2 (e) ত Ratchet effect ৰ বিষয়ে চমু টোকা লিখিবলৈ দি প্ৰশ্ন
নম্বৰ 5 (a) ৰ
প্ৰথম অংশটোত সুধিছে,
‘Explain the relative income hypothesis’। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অৰ্থনীতি
বিষয়ত স্নাতক শ্ৰেণীলৈকে পঢ়া ব্যক্তি মাত্ৰেই জানে যে Ratchet effect ধাৰণাটো Relative income
hypothesis ধাৰণাটোৰে এটা অংশ। দ্বিতীয়
ষাণ্মাসিকৰ বাবে নিৰ্ধাৰিত পাঠ্যক্ৰমটোৰ অধ্যায় পাঁচটা ইমান সৰু সৰু নহয় যে দীঘল
প্ৰশ্ন এটা সুধিলে একে উত্তৰে লিখিব নলগাকৈ আঠটা চুটি প্ৰশ্ন সুধিবলৈ প্ৰশ্নৰ অভাৱ
হ’ব।
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ২৯ মে’ ২০১৮]
No comments:
Post a Comment