Tuesday, 21 August 2018

প্ৰসংগ: ধৰ্ম আৰু নাগৰিকত্ব


যোৱা ৯ আগষ্টত ‘আমাৰ অসম’ত প্ৰকাশিত তাজহাৰুল হকৰ ‘ধৰ্ম আৰু নাগৰিকত্ব’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ তাড়না অনুভৱ কৰিলোঁ। প্ৰবন্ধকাৰ হকে ধৰ্মৰ দুটা দিশৰ কথা কৈছে-ভিতৰুৱা দিশ আৰু বাহ্যিক দিশ। ধৰ্মৰ ভিতৰুৱা দিশটো সকলো ধৰ্মৰে প্ৰায় একেই। ধৰ্মৰ বাহ্যিক দিশটোহে (নীতি-নিয়ম, সাজ-পোছাক, খোৱা-বোৱা ইত্যাদি) দুটা বেলেগ ধৰ্মৰ মানুহৰ মাজত দূৰত্ব বঢ়ায়। আমি ভাবোঁ, উপযুক্ত শিক্ষাৰ জৰিয়তে ধৰ্মৰ বাহ্যিক দিশটোকো ইতিবাচক চিন্তাৰে গ্ৰহণ কৰিব পাৰিলে মানুহৰ মাজত থকা ধৰ্মীয় বৈষম্যৰ মাত্ৰা বহুখিনি কমি যাব। এই সম্পৰ্কত এটা কাহিনী টানি অনাৰ লোভ সামৰিব নোৱাৰিলোঁ। দিল্লীৰ ৰাজপথত মানুহ এজনে সন্ধিয়া সময়ত বাছেৰে ভ্ৰমণ কৰি আছিল। মানুহজনৰ ওচৰৰ আসনখনত এগৰাকী মাইকী মানুহ তেওঁৰ সৰু ছোৱালী এজনীৰ সৈতে বহিছিল। তেওঁলোকৰ আগৰ আসনখনত বগা ৰঙৰ টুপী আৰু কুৰ্তা পৰিহিত আন এজন মানুহ বহি আছিল। সৰু ছোৱালীজনীয়ে মাকক সুধিছিল যে তেওঁলোকৰ আগৰ আসনখনত বহি থকা মানুহজনে ৰ’দ নথকা সময়তো কিয় টুপী পিন্ধি আছে। মাকে ছোৱালীজনীক বুজালে যে মাকে মন্দিৰলৈ গ’লে মূৰত ওৰণি লোৱা তাই নিশ্চয় দেখিছে। তদুপৰি তাইৰ আইতা বা ককাকক সেৱা কৰাৰ সময়ত ৰ’দ নাথাকিলেও মাকে মূৰত ওৰণি লয়। বয়সীয়াল মানু্হক সন্মান প্ৰদৰ্শনৰ অৰ্থে মূৰত টুপী পিন্ধা বা ওৰণি লোৱা হয়। ছোৱালীজনীয়ে মাকৰ এনে উত্তৰত সন্তুষ্ট হোৱা নাছিল। তাই মাকক কৈছিল যে সেই বাছখনত সেই সময়ত এজনো বয়সীয়াল মানুহ নাই, টুপী পিন্ধা মানুহজনে কাকো সেৱা কৰি থকা নাই আৰু তেওঁলোক মন্দিৰতো নাই। তেনেহ’লে মানু্হজনে কাক সন্মান প্ৰদৰ্শন কৰিছে? মাকে ছোৱালীজনীৰ সেই প্ৰশ্নটোৰ উত্তৰো সাজু কৰি ৰাখিছিল। মাকৰ উত্তৰটো আছিল-সেই মানুহজনৰ মাক-দেউতাকে তেওঁক শিকাইছে যে মানুহজনে লগ পোৱা সকলো মানুহকে সন্মান প্ৰদৰ্শন কৰিব লাগে, যেনেদৰে সকলো আলহীকে নমস্কাৰ জনাবলৈ তাইৰ মাকে তাইক শিকাইছে। কাহিনীটো কৈছে মাক-জীয়েকৰ ওচৰত বহি থকা মানুহজনে। কাহিনীটো সঁচা নে মিছা-সেয়া মূল বিষয় নহয়। মূল বিষয় হ’ল-সকলো ধৰ্মৰ মানুহে যদি সেই মাহিলাগৰাকীয়ে নিজৰ সন্তানক শিক্ষা দিয়াৰ দৰে শিক্ষা দিয়ে তেন্তে ধৰ্মৰ বাহ্যিক দিশটোৱে মানুহৰ মাজত ধৰ্মীয় বৈষম্য সৃষ্টি কৰাৰ সম্ভাৱনা নাই। এনেধৰণৰ সু-শিক্ষা ধৰ্মীয় কাৰবাৰৰ সৈতে জড়িত মানুহবোৰে দিয়ক বা নিদিয়ক সাধাৰণ নাগৰিকে নিজৰ সন্তানক নিশ্চয় দিব পাৰে। 

  [প্ৰকাশিত, ‘আমাৰ অসম’, ২২ আগষ্ট, ২০১৮, পৃষ্ঠা: ১০]           

No comments:

Post a Comment