হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ে গতানুগতিক কাৰ্য
যেনে-শিক্ষা, খেল-ধেমালি, সাংস্কৃতিক দিশ আদিৰ যোগেদি সামাজিক দায়িত্ব পালনৰ উপৰি
কিছুমান বিশেষ চিন্তা-ভাবনাৰে সমাজৰ ওচৰ চাপি যাবলৈ প্ৰয়াস চলাই আহিছে। প্ৰতিবছৰে
মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ (২৫ আগষ্ট) সৈতে সংগতি ৰাখি কিছুমান বিশেষ তথা একক
কাৰ্যসূচী হাতত লোৱা হয়। উদাহৰণস্বৰূপে-কোনো এখন বিদ্যালয়লৈ গৈ স্বাস্থ্য আৰু
অনাময় সম্পৰ্কে শিক্ষাৰ্থীসকলক সজাগ কৰি তোলা, গোলাঘাট চহৰৰ কিছু অংশ চাফা কৰা, গোলাঘাট
জিলা কাৰাগাৰৰ কয়দী আৰু আবাস গৃহসমূহৰ আবাসীসকলৰ মাজত ফলমূল বিতৰণ কৰি তেওঁলোকৰ
সৈতে ভাৱৰ আদান-প্ৰদান কৰা ইত্যাদি। প্ৰতিবছৰে বিশ্ব মহিলা দিৱসত মহাবিদ্যালয়খনৰ
মহিলা কোষে ছাত্ৰীসকলৰ সহযোগত কোনো এখন গাঁৱলৈ গৈ গাঁৱখনৰ মানুহৰ সৈতে মহিলা সবলীকৰণ,
স্বাস্থ্য, অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰীকৰণ সম্পৰ্কীয় সজাগতা সভা আয়োজন কৰে। বিভিন্ন
সামাজিক ব্যাধি ৰোধ কৰাৰ উদ্দেশ্যে মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে সঘনে বাটৰ নাট
প্ৰদৰ্শন কৰে। গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ সহযোগত ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰি
মহাবিদ্যালয় পৰিয়ালৰ সদস্যই ৰক্তদান কৰি সামাজিক দায়িত্ববোধৰ পৰিচয় দি আহিছে।
প্ৰাকৃতিক দুৰ্যোগ আৰু গোষ্ঠী সংঘৰ্ষৰ ফলত সৰ্বচ্চ হেৰুওৱা
পৰিয়ালবোৰক (বিশেষকৈ গোলাঘাট জিলাৰ) মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ উপৰি এন এছ এছ,
এন ছি ছি, মহিলা কোষ আৰু শিক্ষক গোটে সামৰ্থ অনুসৰি সহায়ৰ হাত আগবঢ়াই আহিছে। মহাবিদ্যালয়খনে
দুখন উচ্চতৰ মাধ্যমিক বিদ্যালয় তুলি লৈ (Adopted School) নিয়মীয়াকৈ প্ৰয়োজনীয় সেৱা আগবঢ়াই আহিছে। শেহতীয়াকৈ,
সকলো দিশৰ পৰা পিচপৰা গাঁও এখন চিনাক্ত কৰি সেই গাঁৱখনক মহাবিদ্যালয়খনে তুলি লোৱাৰ (Adopted
Village) বিষয়ে চিন্তাচৰ্চা
কৰি থকা হৈছে।
[প্ৰকাশিত, ‘শিক্ষা বাৰ্তা’ (নিয়মীয়া বাৰ্তা’ৰ পূৰিপূৰিকা), ২৪ আগষ্ট
২০১৮]
No comments:
Post a Comment