যোৱা ২৬ আগষ্টত ‘নিয়মীয়া বাৰ্তা’ত প্ৰকাশিত হোমেন বৰগোহাঞিৰ ‘মই শিক্ষক হ’বলৈ বিচাৰিছিলোঁ’ শীৰ্ষক লেখাটো পঢ়ি দুষাৰ লিখাৰ লোভ সামৰিব
নোৱাৰিলোঁ। বৰগোহাঞি ছাৰৰ ছমহীয়া শিক্ষকতাৰ সময়ত যিসকলে তেখেতৰ ছাত্ৰ/ছাত্ৰী হ’বলৈ
সুযোগ পাইছে, আমাৰ বোধেৰে তেওঁলোক খুউব ভাগ্যবান। শিক্ষক হিচাপে বৰগোহাঞি ছাৰ যে
সফল হ’ব পাৰিলেহেঁতেন তাত কোনো সন্দেহ নাই। তেখেতৰ প্ৰচুৰ অধ্যয়নশীলতা, কথা কোৱা
আৰু গদ্য লিখা শৈলীৰ পৰাই সেয়া অনুমান কৰিব পাৰি। তদুপৰি ছাৰে নিজে উল্লেখ কৰিছে
যে সেই ছমাহৰ ভিতৰতে তেখেতে তেখেতৰ ছাত্ৰসকলৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল।
এইটো সত্য যে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ আৰু শিক্ষকৰ
সম্পৰ্কটো যিমান গভীৰ আৰু আৱেগপূৰ্ণ হৈ থাকে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়
পৰ্যায়ত সিমান গভীৰ আৰু আৱেগপূৰ্ণ হৈ নাথাকে বা থকাটো সম্ভৱো নহয়। অৱশ্যে, এটা কথা
ঠিক যে মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো
পিতা-পুত্ৰতকৈ বন্ধুত্ব বেছি হয়। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ/ছাত্ৰীসকলে
বিদ্যালয়খনৰ প্ৰায় আটাইকেইজন শিক্ষককে খুউব ওচৰৰ পৰা পায় (ব্যতিক্ৰমসকলৰ বাহিৰে)।
কিন্তু মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ত সকলো শিক্ষককে ওচৰৰ পৰা নাপায়।
ছাত্ৰ/ছাত্ৰীসকলৰ প্ৰতি অত্যন্ত দায়িত্ববোধ থকা শিক্ষকসকলকহে ছাত্ৰ/ছাত্ৰীসকলে
ওচৰৰ পৰা পায় আৰু সেই শিক্ষকসকলৰ সৈতেহে ছাত্ৰ/ছাত্ৰীসকলৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি
উঠে।
মহাবিদ্যালয় পৰ্যায়ত উচ্চতৰ মেধা, কঠোৰ কৰ্তব্যনিষ্ঠা,
অধ্যয়নপুষ্ট বিদগ্ধ ব্যক্তিত্ব আৰু নিত্য-নৱ্য বৌদ্ধিক অভিযানেৰে ছাত্ৰসকলক
বৌদ্ধিক দিশত আগবাঢ়ি যোৱাত প্ৰেৰণা জগাব পৰা ধৰণৰ শিক্ষক নাপালে বুলি বৰগোহাঞি
ছাৰে আক্ষেপ কৰিছে। ব্যক্তিগতভাবে দুয়োটা পৰ্যায়তে মই বৰগোহাঞি ছাৰতকৈ কিছু
ভাগ্যবান বুলি অনুভৱ কৰোঁ। কাৰণ, মই পোৱা শিক্ষকসকলৰ দুজনমান শিক্ষকৰ কঠোৰ
কৰ্তব্যনিষ্ঠা, নিত্য-নৱ্য বৌদ্ধিক অভিযান আৰু সামাজিক দায়িত্ববোধে জীৱনত আগবাঢ়ি
যাবলৈ মোক সদায় প্ৰেৰণা যোগাই আহিছে।
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০৭ ছেপ্টেম্বৰ ২০১৮]
No comments:
Post a Comment