শেহতীয়াকৈ অসমৰ ছয় জনগোষ্ঠী-মৰাণ, মটক,
তাই-আহোম, চুতীয়া, কোচ֭-ৰাজবংশী আৰু চাহ-জনগোষ্ঠীৰ কেইবাটাও
গোটক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদানৰ যো-জা চলিছে। এই ক্ষেত্ৰত এটা প্ৰধান
সমস্যাই দেখা দিছে। সেয়া হ’ল-উল্লিখিত জনগোষ্ঠীসমূহক অনুসূচিত জনজাতি হিচাপে
স্বীকৃতি প্ৰদান কৰিলে ইতিমধ্যে অনুসূচিত জনজাতি হিচাপে স্বীকৃতি লাভ কৰা
জনগোষ্ঠীসমূহ ক্ষতিগ্ৰস্ত হ’ব। স্বাভাৱিকতে সদৌ অসম জনজাতি সংঘৰ উপৰি হাগ্ৰামা
মহিলাৰী নেতৃত্বৰ বিপিএফ দলে উল্লিখিত ছয় জনগোষ্ঠীক জনজাতিকৰণত আপত্তি দৰ্শাইছে। এই
আপত্তি নিষ্পত্তি কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে অসমৰ মুখ্যমন্ত্ৰী
সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লগত লৈ বিপিএফৰ
নেতৃত্বৰ সৈতে এক আলোচনাত মিলিত হৈছে। এই আলোচনাৰ পৰা ইংগিত পোৱা গৈছে যে ইতিমধ্যে
অনুসূচিত জনজাতি হিচাপে স্বীকৃতি লাভ কৰা জনগোষ্ঠীসমূহে তেওঁলোকে লাভ কৰি থকা
সা-সুবিধাসমূহৰ পৰা বঞ্চিত নকৰাকৈ উল্লিখিত জনগোষ্ঠীসমূহক অনুসূচিত জনজাতি হিচাপে
স্বীকৃতি প্ৰদান কৰা হ’ব। ইতিমধ্যে অসমত অনুসূচিত জনজাতি (ভৈয়াম) আৰু অনুসূচিত জনজাতি
(পাহাৰ)-এই দুটা ভাগত ভাগ কৰি মুঠ ২৩টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত
অন্তৰ্ভূক্ত কৰি সংৰক্ষণৰ জৰিয়তে তেওঁলোকক সা-সুবিধা প্ৰদান কৰি থকা হৈছে। এই দুটা
ভাগৰ উপৰি ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে আন এটা ভাগ সৃষ্টি কৰি অসমৰ
উল্লিখিত ছয়টা জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ব বুলি বাতৰি
প্ৰকাশ পাইছে। এনেধৰণে ভাগ কৰাৰ ফলত ইতিমধ্যে অনুসূচিত জনজাতিৰ স্বীকৃতি লাভ কৰা জনগোষ্ঠীসমূহৰ
সা-সুবিধাৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নপৰিব বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে। এই
সন্দৰ্ভত স্পষ্ট সমাধান সূত্ৰ উলিয়াবলৈ ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ ৰাজ্যিক
পৰ্যায়ৰ এখন সমিটি গঠন কৰা হৈছে আৰু সমিটিখনৰ এখন সভাও অনুষ্ঠিত হৈ গৈছে।
উল্লিখিত জনগোষ্ঠীসমূহক ‘অনুসূচিত জনজাতি
(অন্যান্য)’ হিচাপে স্বীকৃতি প্ৰদান কৰিলে অসমত অন্যান্য পিচপৰা শ্ৰেণী (অবিচি)ত
তালিকাভূক্ত জনগোষ্ঠীৰ সংখ্যা হ্ৰাস পাব। কাৰণ, আজিৰ তাৰিখলৈকে উল্লিখিত ছয়টা
জনগোষ্ঠী অন্যান্য পিচপৰা শ্ৰেণীত তালিকাভূক্ত হৈ আছে। ফলত, অসমৰ যিকেইটা জনগোষ্ঠী
অন্যান্য পিচপৰা শ্ৰেণীত থাকি যাব সাংবিধানিক সংৰক্ষণৰ জৰিয়তে আগতকৈ তেওঁলোকৰ অধিক
সংখ্যক লোকে সা-সুবিধা লাভ কৰিব (ধৰি লোৱা হৈছে যে অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে
নিৰ্ধাৰিত সংৰক্ষণৰ অংশ একে আছে)। এনে পৰিস্থিতিত সংবিধানে প্ৰদান কৰা সমতাৰ
অধিকাৰৰ ওপৰত প্ৰশ্ন অৱতাৰণা কৰিব পৰাৰ সুৰুঙা কিছু হ’লেও থাকি যাব। অৱশ্যে, ইয়াৰ
অৰ্থ এইটো নহয় যে অন্যান্য পিচপৰা শ্ৰেণীত থাকি যোৱা জনগোষ্ঠীসমূহৰ অধিক সংখ্যক লোকে
সাংবিধানিক সংৰক্ষণৰ জৰিয়তে সা-সুবিধা লাভ কৰাৰ সম্ভাৱনাৰ প্ৰতি আমাৰ ঈৰ্ষা উপজিছে।
আন এক প্ৰাসংগিক প্ৰশ্ন হ'ল-উল্লিখিত
আটাইকেইটা জনগোষ্ঠীয়ে ‘অনুসূচিত জনজাতি (অন্যান্য)’ৰ স্বীকৃতি গ্ৰহণ কৰিবলৈ সাজু
আছেনে? কেইটামান জনগোষ্ঠীয়ে এনে স্বীকৃতি গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি
প্ৰতিবাদ কৰাৰ খবৰ সংবাদ মাধ্যমযোগে ইতিমধ্যে পোৱা গৈছে। এইটো সঁচা যে উল্লিখিত
ছয়টা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ স্বীকৃতি লাভ কৰাৰ বাবে একেলগে আন্দোলন কৰি
আহিছে যদিও আটাইকেইটা জনগোষ্ঠীৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিৱেশ
একে নহয়। উল্লিখিত জনগোষ্ঠীসমূহক ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে স্বীকৃতি
প্ৰদান কৰিলে আটাইবোৰ জনগোষ্ঠীয়ে সমান সা-সুবিধা লাভ কৰিব বুলি দাবী কৰিব নোৱাৰি। একেসময়তে
উল্লিখিত জনগোষ্ঠীসমূহৰ কেইটামান জনগোষ্ঠীয়ে ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে
স্বীকৃতি লাভ কৰিলে, প্ৰচলিত অনুসূচিত জনজাতি [মানে-অনুসূচিত জনজাতি (ভৈয়াম) আৰু অনুসূচিত
জনজাতি (পাহাৰ)] ব্যৱস্থাতকৈ তেওঁলোক কিছু হ’লেও উচ্চ পৰ্যায়ৰ স্বীকৃতি লাভ কৰা
বুলি অনুভৱ নকৰিব বুলিও ক’ব নোৱাৰি। কাৰণ, উল্লিখিত জনগোষ্ঠীসমূহৰ অন্তৰ্গত এশ
শতাংশ মানুহেই নিজকে অনুসূচিত জনজাতি হিচাপে চিনাকি দিবলৈ সাজু আছে বুলি একে আষাৰে
মতামত দিব নোৱাৰি।
আটাইতকৈ বেছি চিন্তা কৰিবলগীয়া বিষয়টো
হ’ল-অসমৰ ৰাজ্যিক পৰ্যায়ৰ চৰকাৰী সা-সুবিধাৰ ক্ষেত্ৰত যেনিবা অনুসূচিত জনজাতি
(ভৈয়াম), অনুসূচিত জনজাতি (পাহাৰ) আৰু ‘অনুসূচিত জনজাতি (অন্যান্য)’ হিচাপে ভাগ কৰি সংৰক্ষণৰ
ব্যৱস্থা কৰা হ’ল; সৰ্বভাৰতীয় পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰতো একেধৰণৰ ভাগ কৰাৰ ব্যৱস্থা
থাকিবনে? যদি সৰ্বভাৰতীয় পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰতো একেধৰণৰ ভাগ কৰাৰ ব্যৱস্থা কৰা
হয়, ‘অনুসূচিত জনজাতি (অন্যান্য)’ ভাগটোত কেৱল উল্লিখিত ছয়টা জনগোষ্ঠীক তালিকাভুক্ত
কৰা হ’ব নে ভাৰতৰ আন ৰাজ্যৰ আন জনগোষ্ঠীকো সেই তালিকাত অন্তৰ্ভূক্ত কৰা হ’ব? যদি
এই তিনিধৰণৰ ভাগ কেৱল অসমৰ ৰাজ্যিক পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়,
(যদি উল্লিখিত ছয় জনগোষ্ঠীক সামগ্ৰিকভাৱে অনুসূচিত জনজাতি হিচাপে ধৰা হয়), তেন্তে সৰ্বভাৰতীয়
পৰ্যায়ৰ সা-সুবিধাৰ ক্ষেত্ৰত ২৩টা জনগোষ্ঠীক ইতিমধ্যে প্ৰদান কৰি অহা ন্যায়ৰ পৰা
বঞ্চিত কৰা হ’ব।
পুনশ্চ: সৰ্বভাৰতীয় পৰ্যায়ৰ চৰকাৰী চাকৰি
আৰু শিক্ষানুষ্ঠানসমূহত অনুসূচিত জাতিৰ বাবে ১৫ শতাংশ, অনুসূচিত জনজাতিৰ বাবে ৭.৫ শতাংশ আৰু
অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণৰ ব্যৱস্থা আছে। অনুসূচিত জনজাতিৰ
বাবে নিৰ্ধাৰিত অংশটোত পাহাৰ আৰু ভৈয়াম দুয়োবিধ অনুসূচিত জনজাতিকে সামৰি লোৱা হয়।
‘অনুসূচিত জনজাতি (অন্যান্য)’ত তালিকাভূক্ত জনগোষ্ঠীসমূহকো যে ৭.৫ শতাংশৰ ভিতৰতে
সামৰি লোৱা হ’ব তাত কোনো সন্দেহ নাই।
[প্ৰকাশিত,
‘আমাৰ অসম’, ৪ ফেব্ৰুৱাৰী ২০১৯, পৃষ্ঠা: ৫]
No comments:
Post a Comment