Monday, 18 February 2019

সত্ৰৰ মাটি বেদখল সম্পৰ্কে


যোৱা কেইটামান বছৰ ধৰি অসমৰ সত্ৰৰ মাটি বেদখল প্ৰসংগটোৱে এক বিশেষ গুৰুত্ব লাভ কৰিছে। অসমৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সুৰক্ষাৰ প্ৰশ্নৰ সৈতে সত্ৰৰ মাটি বেদখলৰ প্ৰসংগ টানি অনা পৰিলক্ষিত হৈছে। এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে যে নিৰ্বাচনী যুদ্ধত এটা নিৰ্দিষ্ট ৰাজনৈতিক দলে জয়লাভ কৰি থাকিলেহে সত্ৰৰ মাটি বেদখল ৰোধ কৰিব পৰা যাব আৰু ইতিমধ্যে বেদখল হোৱা মাটিখিনি বেদখলমুক্ত কৰিব পাৰিব। এই লেখাটোত সত্ৰৰ মাটি বেদখলৰ সৈতে জড়িত কেইটামান প্ৰসংগ আলোচনা কৰা হৈছে।
শ্ৰীমন্ত শংকৰদেৱ যুৱমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ আলোচনী সম্পাদকে প্ৰকাশ কৰা তথ্য অনুসৰি অসমৰ প্ৰায় এহাজাৰ সৰু-বৰ সত্ৰৰ ভিতৰত বেদখল হোৱা সত্ৰৰ মুঠ মাটিৰ পৰিমাণ হ’ল ৮,১০১ বিঘা (নীলিম আকাশ কাশ্যপ, ‘কোনখন সত্ৰৰ কিমান মাটি বেদখল হৈছে?’, ‘নিয়মীয়া বাৰ্তা’, ১২/০২/২০১৯)। বেদখল নোহোৱা মাটিৰ পৰিমাণ বাদ দি, গৰাখহনীয়াত নি:চিহ্ন হোৱা আৰু বেদখল হোৱা মাটিৰ পৰিমাণৰ ভিত্তিত এইটো স্পষ্ট হৈ পৰিছে যে মাটি-বাৰীৰ ক্ষেত্ৰত সত্ৰসমূহ চকুত লগাকৈ ধনী আছিল। আমাৰ মনলৈ অহা এটা প্ৰশ্ন হ’ল-ইতিমধ্যে যিখিনি মাটি বেদখল হৈছে, বেদখল হোৱাৰ আগতে সেই মাটিখিনি কিবা কামত ব্যৱহাৰ কৰি থকা হৈছিল নেকি? আমাৰ মনলৈ এই প্ৰশ্নটো অহাৰ কাৰণ হ’ল-মাটিৰ গৰাকীয়ে নিজৰ মাটিখিনি উৎপাদনমূলক কামত ব্যৱহাৰ কৰি থাকিলে আনে বেদখল কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা তেনেই কম। মাটিখিনি উৎপাদনমূলক কামত ব্যৱহাৰ কৰি থাকিলে নিৰাপত্তাৰ প্ৰয়োজনত সংশ্লিষ্ট মাটিখিনিৰ চাৰিসীমা কটকটীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হয়।
ইতিমধ্যে যিকেইখন সত্ৰৰ মাটি বেদখল হৈছে, সেয়া নিশ্চয় এদিন বা এৰাতিৰ ভিতৰতে হোৱা নাই। এখন সত্ৰৰ সৈতে সংশ্লিষ্ট অঞ্চলটোৰ বহুত মানুহ জড়িত হৈ থাকে। সত্ৰ এখন পৰিচালনাৰ বাবে সত্ৰ পৰিচালনা সমিতি থকাৰ উপৰি অসম সত্ৰ মহাসভাৰ দৰে বৃহৎ আৰু শক্তিশালী সংগঠনও আছে। সত্ৰসমূহৰ মাটি বেদখল হ’বলৈ আৰম্ভ কৰাৰ সময়তেই এই সংগঠনসমূহে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে বেদখলকাৰীয়ে সত্ৰৰ মাটি বেদখল কৰাৰ সাহস আৰু সুবিধা দুয়োটাই নাপালেহেঁতেন। ইমানদিনে প্ৰায় এহাজাৰ সত্ৰৰ ৮,১০১ বিঘা মাটি বেদখল হোৱা মানে কি বুজায়? সংশ্লিষ্ট সত্ৰৰ পৰিচালনা সমিতি বা অসম সত্ৰ মহাসভাৰ দৰে অনুষ্ঠানসমূহে সত্ৰৰ মাটি বেদখলৰ দৰে গুৰুত্বপূৰ্ণ দিশটোত নিশ্চয় উদাসীন হৈ আছিল।  
যিহেতু ইতিমধ্যে সত্ৰৰ মাটি বেদখল হৈয়ে গ’ল, সেয়েহে বেদখল হোৱা মাটিখিনি বেদখলমুক্ত কৰা জুৰুৰী হৈ পৰিছে। সংশ্লিষ্ট সত্ৰৰ পৰিচালনা সমিতিয়ে বেদখল হোৱা মাটিখিনি বেদখলমুক্ত কৰিব নোৱাৰিলে মাটিৰ উপযুক্ত কাগজ পত্ৰৰ সৈতে আদালতৰ দ্বাৰস্থ হোৱাৰ বাহিৰে অন্য উপায় নাই। উপযুক্ত প্ৰমাণৰ ভিত্তিত আদালতে বেদখলকাৰীসকলক উচ্ছেদ কৰিবলৈ ৰায় নিদিয়াৰ কোনো যুক্তি নাই। উচ্ছেদৰ ৰায় পোৱাৰ পাছত উচ্ছেদ কৰাৰ দায়িত্ব প্ৰশাসনৰ। উচ্ছেদৰ ৰায় পোৱাৰ পাছতো প্ৰশাসনে উচ্ছেদ নকৰিলেহে এক নিৰ্দিষ্ট ৰাজনৈতিক দলৰ দ্বাৰা গঠিত চৰকাৰে উচ্ছেদ কৰিব পাৰিব বুলি সিদ্ধান্তত আহিব পৰা যায়।
আন এক প্ৰসংগ হ’ল-যিখিনি মাটি বেদখল হোৱা নাই সেইখিনিও বেদখল হোৱাৰ সম্ভাৱনা আছে নেকি? যদি আছে, তেন্তে সংশ্লিষ্ট সত্ৰসমূহে মাটিখিনি উৎপাদনমূলক কামত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা উচিত। কিছু সময়ৰ বাবে ধৰি লোৱা হ’ল যে সত্ৰৰ সৈতে জড়িত ব্যক্তিসকল আধ্যাত্মিক চিন্তচৰ্চাত ব্যস্ত থাকে বাবে মাটি-বাৰী ব্যৱহাৰৰ ক্ষেত্ৰত আন ব্যক্তিসকলতকৈ তুলনামূলকভাৱে উদাসীন। সেইবুলি মাটিখিনি অব্যৱহৃত হৈ থাকিবলৈ দিয়াৰ যুক্তি বিচাৰি পোৱা টান। সত্ৰৰ সৈতে জড়িত স্থানীয় উদ্যোমী লোকক লীজত দি হ’লেও উৎপাদনমূলক কামত মাটিখিনি ব্যৱহাৰ কৰি থাকিলে সত্ৰৰ মাটি বেদখলকাৰীৰ গ্ৰাসত পৰাৰ কোনো সম্ভাৱনা নাই। এই ব্যৱস্থা গ্ৰহণেৰে সত্ৰসমূহে সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে জিলিকি থকাৰ উপৰি কিছু পৰিমাণে হ’লেও আৰ্থিকভাৱে উপকৃত হ’ব পাৰিব।  


[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৮ ফেব্ৰুৱাৰী, ২০১৯, পৃষ্ঠা: ৪]

No comments:

Post a Comment