Wednesday, 27 February 2019

প্ৰসংগ: জাতীয়তাবাদ, হিন্দুত্ববাদ আৰু মানৱতাবাদ (Reference: Nationalism, Hindutva and Humanism)


যোৱা ১১ ফেব্ৰুৱাৰীত ‘আমাৰ অসমত’ত প্ৰকাশিত দেৱাঞ্জন বৰঠাকুৰৰ ‘থাক֭ৰেৰ জাতীয়তাবাদ, নাথুৰামৰ হিন্দুত্ববাদ নে গান্ধীৰ মানৱতাবাদ?’ শীৰ্ষক প্ৰবন্ধটো পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। বৰঠাকুৰে কৈছে যে থাক֭ৰেৰ জাতীয়তাবাদ,  নাথুৰামৰ হিন্দুত্ববাদ আৰু গান্ধীৰ মানৱতাবাদৰ মাজত আমি বিভক্ত হৈ গৈছোঁ। আমি ভাবোঁ-সময়, পৰিস্থিতি আৰু অঞ্চল সাপেক্ষে উল্লিখিত ভাৱধাৰাবোৰত বিশ্বাসী নেতাসকলে আমাক বিভক্ত কৰিবলৈ চেষ্টা চলাই থাকে। অৱশ্যে, ইয়াৰ অৰ্থ এইটো নহয় যে উল্লিখিত ভাৱধাৰাবোৰৰ প্ৰাসংগিকতা নাই। মহাৰাষ্ট্ৰৰ প্ৰেক্ষাপটত থাক֭ৰেৰ দৰে কঠোৰ জাতীয়তাবাদী নেতাৰ প্ৰয়োজন আছে। এইটো কথাও ঠিক যে বাল থাক֭ৰেৰ সময়ত মহাৰাষ্ট্ৰৰ জাতীয়তাবাদ আৰু তেখেতৰ পিছৰ মহাৰাষ্ট্ৰৰ জাতীয়তাবাদৰ তীব্ৰতা একে নহয়। তদুপৰি, দেশখনৰ আৰু আন ৰাজ্যৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক পৰিস্থিতিয়ে ৰাজ্যখনৰ জাতীয়তাবাদৰ তীব্ৰতাৰ ওপৰত প্ৰভাৱ পেলায় থাকে। অসমৰ দৰে ৰাজ্যত থাক֭ৰেৰ দৰে কঠোৰ জাতীয়তাবাদী নেতাৰ অভাৱ অনুভৱ কৰা নাযায়। তেনেধৰণৰ কঠোৰ জাতীয়তাবাদী নেতাক অসমৰ মানুহে সমৰ্থন জনাব বুলিও মনে নধৰে। সেইবুলি অসমৰ জাতীয় স্বাৰ্থৰ বাবে জাতীয়তাবাদৰ প্ৰয়োজন নাই বুলি একে আষাৰে উৰুৱাই দিব নোৱাৰি। অসমৰ বৰ্তমানৰ প্ৰেক্ষাপটত জাতীয়তাবাদৰ প্ৰাসংগিকতা বৃদ্ধিহে পাইছে। অৱশ্যে, বৰঠাকুৰৰ সৈতে আমি একমত যে জাতীয়তাবাদৰ বহি:প্ৰকাশ হিচাপে হাতত অস্ত্ৰ তুলি লোৱা বা হিংসাৰ আশ্ৰয় লোৱা উচিত নহয়।
আন কথা বাদ দিলে, ভাৰতৰ ৰাজ্যবোৰৰ জাতীয়তাবাদী ভাৱধাৰাৰ তীব্ৰতাৰ ওপৰত প্ৰভাৱ পেলোৱা মূল কাৰণ হ’ল- জোৰ কৰি হিন্দুত্ববাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ ভাৱধাৰা জাপি দিবলৈ চেষ্টা কৰা প্ৰৱণতাৰ প্ৰতিক্ৰিয়া। হিন্দুত্ববাদৰ তীব্ৰতা হ্ৰাস বা বৃদ্ধিৰ ওপৰতো জাতীয়তাবাদ তথা আঞ্চলিকতাবাদৰ প্ৰভাৱ নিহিত থাকে। অতিমাত্ৰা জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰভাৱে হিন্দুত্ববাদী ভাৱধাৰাৰ তীব্ৰতা বৃদ্ধিত অৰিহণা যোগাই আহিছে। অতিমাত্ৰা জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদে ৰাষ্ট্ৰীয় একতাৰ প্ৰতি ভাবুকি আনিব পাৰে বুলি ৰাষ্ট্ৰীয়তাবাদীসকলে অনুভৱ কৰে আৰু একমাত্ৰ হিন্দুত্ববাদী ভাৱধাৰাৰ দ্বাৰাহে ৰাষ্ট্ৰীয় একতা অটুট থাকিব বুলি বিশ্বাস কৰে।
জাতীয়তাবাদৰ তীব্ৰতা বৃদ্ধিৰ বাবে থাক֭ৰেই কিশোৰসকলক ব্যৱহাৰ কৰিছিল বুলি এখন কিতাপৰ প্ৰসংগেৰে বৰঠাকুৰে উল্লেখ কৰিছে। হিন্দুত্ববাদী, আঞ্চলিকতাবাদী আৰু জোৰ কৰি জাপি দিব খোজা ৰাষ্ট্ৰীয়তাবাদীসকলেও তেওঁলোকৰ ভাৱধাৰাৰ তীব্ৰতা বৃদ্ধিৰ বাবে কম-বেছি পৰিমাণে কিশোৰসকলক ব্যৱহাৰ কৰি আহিছে। কঠোৰ জাতীয়তাবাদত বিশ্বাসী নেতা থাক֭ৰে বুলি নহয়, হিন্দুত্ববাদী, আঞ্চললিকতাবাদী আৰু জোৰ কৰি ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা জাপি দিব খোজা কোনো এজন নেতাই তেওঁলোকে বিশ্বাস কৰা ভাৱধাৰাটোৰ তীব্ৰতা বৃদ্ধিৰ বাবে কিশোৰসকলক আহিলা হিচাপে ব্যৱহাৰ কৰা উচিত নহয়।
সমগ্ৰ পৃথিৱীতে এক নিৰ্দিষ্ট দিশবিহীন আৰু সাধাৰণীকৰণ কৰিব নোৱাৰা ধৰণৰ পৰিস্থিতি আহি পৰিছে। মানুহৰ মাজত বিশ্বাসযোগ্যতা আৰু নিৰ্ভৰযোগ্যতাৰ অভাৱ পৰিলক্ষিত হৈছে। বৰঠাকুৰৰ সৈতে একমত যে গান্ধীৰ মানৱতাবাদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰাহে নতুন প্ৰজন্মক ধৰ্মীয় সংকীৰ্ণতাৰ পৰা আঁতৰাই ৰাখিব পৰা যাব। দুখৰ বিষয়টো হ’ল- মহাত্মা গান্ধীৰ মানৱতাবাদী ভাৱধাৰাও এই পৰিস্থিতিক উদ্ধাৰ কৰিব নোৱাৰা হৈ পৰিছে।
মূল কথাটো হ’ল-ভাৰতৰ দৰে গণতান্ত্ৰিক আৰু ধৰ্মনিৰেপেক্ষ ৰাষ্ট্ৰ এখনত ৰাষ্ট্ৰীয়তাবাদ, হিন্দুত্ববাদ, আঞ্চলিকতাবাদ, জাতীয়তাবাদ আদি সকলো ভাৱধাৰাৰে প্ৰাসংগিকতা আছে আৰু থাকিব। কিন্তু, সময় আৰু পৰিস্থিতি সাপেক্ষে যিকোনো এটা ভাৱধাৰাৰ তীব্ৰতাৰ হ্ৰাস বা বৃদ্ধিয়ে আন ভাৱধাৰাবোৰৰ তীব্ৰতাৰ ওপৰত প্ৰভাৱ পেলায় আৰু দেশখনত অস্থিৰতাৰ পৰিৱেশ সৃষ্টি কৰে। দেশখনৰ সামগ্ৰিক সুস্থিৰতাৰ স্বাৰ্থত বিভিন্ন ভাৱধাৰাত বিশ্বাসী লোকসকলে ইজনে সিজনক সন্মান জনাব জানিলে (বা শিকিলে) ভাৱধাৰাবোৰৰ দ্বাৰা অস্থিৰতাৰ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা নাই। কোনো এটা ভাৱধাৰাৰে যাতে তীব্ৰতা বৃদ্ধি নাপায় তাৰ বাবে সকলোৱে সততে সাৱধান হৈ থকা উচিত।

[প্ৰকাশিত, ‘আমাৰ অসম’, ২৮ ফেব্ৰুৱাৰী, ২০১৯,পৃষ্ঠা: ৪]

No comments:

Post a Comment