Tuesday, 1 October 2019

‘বুলবুল কেন চিং’-কিছু অনুভৱ


      যোৱা ২২ ছেপ্টেম্বৰত কথাছবিখন উপভোগ কৰিবলৈ সুবিধা পালোঁ। কোনো সন্দেহ নাই যে নিজস্ব শৈলী প্ৰয়োগ কৰি বিষয়বস্তু উপস্থাপন কৰাত পৰিচালক সফল হৈছে। কথাছবিখনৰ মূল বিষয়বস্তুটো হ’ল-সমাজে সজাই লোৱা কিছুমান নীতি-নিয়ম ভুল বুলি গম পালেও সেইবোৰৰ বিৰূদ্ধে কোনেও মুকলিকৈ মাত মাতিব নোৱাৰে। কথাছবিখনত দেখুওৱা হৈছে যে ‘বুলবুল’ৰ পৰিয়াল আৰু সিহঁতৰ ওচৰ-চুবুৰীয়াই সমাজত প্ৰচলিত কিছুমান পৰম্পৰা আৰু ৰীতি-নীতি সংকীৰ্ণ বুলি গম পায় যদিও তেওঁলোকে মুকলিভাবে প্ৰতিবাদ কৰিবলৈ সাহস কৰিব নোৱাৰে। তেওঁলোকে জানে যে যৌৱনৰ দুৱাৰদলিত ভৰি দিয়াৰ সময়ত বিপৰীত লিংগৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ হয়। কিন্তু, সমাজৰ দৃষ্টিত সেয়া কু-কৰ্ম। আনকি ‘বুলবুল’হঁতে পঢ়াশুনা কৰা বিদ্যালয়খনৰ বিদ্যালয় কৰ্তৃপক্ষয়ো ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰাকৃতিক সত্য আৰু ব্যক্তি স্বাধীনতাৰ প্ৰতি সন্মান জনাই সিদ্ধান্ত ল’বলৈ বিদ্যালয় কৰ্তৃপক্ষই সাহস কৰিব পৰা নাই। ভুল স্বীকাৰ কৰি এবাৰৰ বাবে ক্ষমা কৰি দিবলৈ অনুৰোধ কৰাৰ পাছতো সমাজৰ বৃহত্তৰ স্বাৰ্থত (?) ল’ৰা-ছোৱালীকেইটাক বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰা হৈছে। যাৰ ফলত ৰহস্যজনকভাবে পানীত পৰি ‘বনি’য়ে মৃত্যুক সাবটি ল’বলগীয়া হৈছে। ‘চুমন’ৰ দৰে কিছুমান ল’ৰাৰ আচাৰ-ব্যৱহাৰ ছোৱালী সদৃশ হয়। তাকে লৈ গাঁৱৰ কিছুমান মানুহে ‘চুমন’ক ‘লেডিছ’ বুলি পেংলাই কৰে। ‘চুমন’, ‘বুলবুল’ আৰু ‘বনি’য়ে সিহঁতৰ সমনীয়া বা সিহঁততকৈ কম বয়সীয়া ল’ৰাই ‘চুমন’ক কৰা পেংলাইৰ বিৰূদ্ধে প্ৰতিবাদ কৰিবলৈ সাহস কৰিছে। কিন্তু, সিহঁততকৈ বয়সত ডাঙৰ ব্যক্তিয়ে কৰা পেংলাইৰ বিৰূদ্ধে সিহঁতে মাত মাতিব পৰা নাই। ইয়াৰ জৰিয়তে ইয়াকে ক’ব বিচৰা হৈছে যে সিহঁতে অন্যায়ৰ বিৰূদ্ধে প্ৰতিবাদ কৰিব পাৰে, কিন্তু সকলোৰে আগত নোৱাৰে। অৰ্থাত, ‘বুলবুলে’ গান গাব পাৰে, কিন্তু মানু্হৰ উপস্থিতিত গাব নোৱাৰে। বিষয়বস্তু উপস্থাপন কৰিবলৈ যাওতে পৰিচালকে এখন অতি ভিতৰুৱা গাঁৱক অভিধাৰণা হিচাপে লৈছে। গাঁৱখনত বিজুলীৰ ব্যৱস্থা নাই, মোবাইল ফোন নাই, প্ৰশাসনৰ সৈতে কোনো যোগাযোগ নাই (পানীত পৰি ‘বনি’ৰ মৃত্যু ঘটাৰ সময়ত আৰক্ষীৰ সৈতে গাঁৱখনৰ মানুহে যোগাযোগ কৰা নাই)। এক কথাত, আধুনিক পৃথিৱীৰ সৈতে গাঁৱখনৰ মানুহৰ কোনো সম্পৰ্ক নাই। যিকোনো এটা বিষয়বস্তু উপস্থাপন কৰিবলৈ যাওতে উপস্থাপকে গ্ৰহণ কৰা অভিধাৰণাবিলাকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অভিধাৰণাবিলাক যিমানই বাস্তৱিক হয়, বিষয়বস্তুবিলাক সিমানেই বাস্তৱৰ ওচৰ চাপে। এইফালৰ পৰা চালে কথাছবিখনে বাস্তৱৰ পৰা কেইবা গজ দূৰত অৱস্থিত যেন আমাৰ অনুভৱ হৈছে। পৰিচালকে অভিধাৰণা হিচাপে লোৱা গাঁৱখনে অসমৰ পৰিবৰ্তিত গাঁৱৰ ছবিখনক প্ৰতিফলিত কৰিব পৰা নাই।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ০১ অক্টোবৰ ২০১৯, পৃষ্ঠা: ৪]

No comments:

Post a Comment