যোৱা ১৫ অক্টোবৰত
‘আমাৰ অসম’ত প্ৰকাশিত ডা° বিকাশ বৰুৱাৰ ‘এখন আলোচনীৰ এটা লেখা সম্পৰ্কত
দু-আষাৰ’ শীৰ্ষক চিঠিখন পঢ়ি দুষাৰ মতামত আগবঢ়োৱাৰ তাড়না অনুভৱ কৰিলোঁ। ‘প্ৰান্তিক’
আলোচনীৰ যোৱা ১-১৫ অক্টোবৰ ২০১৯ সংখ্যাত ডা° বিকাশ বৰুৱাই ‘ৰঞ্জন’ নামৰ শিতানত
লিখা ‘অজগৰ’ নামৰ লেখাটোৰ সন্দৰ্ভত ইতিমধ্যে কিছু বিতৰ্কৰ সূচনা হৈছে। সেয়েহে
লেখকে ‘প্ৰান্তিক’ আলোচনীখনৰ উপৰি বাতৰি কাকততো চিঠি লিখি আত্মপক্ষ সমৰ্থনত যুক্তি
দিবলগীয়া পৰিস্থিৰৰ সৃষ্টি হৈছে। তদুপৰি, প্ৰসংগটোৱে উল্লিখিত আলোচনীখনৰ ১৬-৩১
অক্টোবৰ সংখ্যাৰ সম্পাদকীয়টোৰ মূল বিষয় হিচাপে স্থান লাভ কৰিছে। ডা° বৰুৱাই অভিযোগ
কৰিছে যে লেখাটোক লৈ কোনো কোনোৱে সাম্প্ৰদায়িক ৰহন সানিব খুজিছে। আত্মপক্ষ সমৰ্থনত
লেখকে কৈছে যে ‘অজগৰ’ কোনো জাতি বা সম্প্ৰদায়ক লৈ লিখা হোৱা নাই। এচাম অমানুহেৰে
গঠিত এটা সম্পূৰ্ণ সুকীয়া প্ৰজাতিক লৈহে লিখা হৈছে। লেখাটোত আচলতে কোনো এটা
সাম্প্ৰদায়ক উদ্দেশ্য কৰি লিখাৰ কথা প্ৰকাশ পাইছে নে নাই, সেই সিদ্ধান্তত উপনীত
হোৱাৰ উদ্দেশ্যে আমি লেখাটো কেইবাবাৰো পঢ়িলোঁ। লেখাটোৰ কেইটামান বাক্য মন কৰা
যাওক। ডা° বৰুৱাই এঠাইত লিখিছে, “ৰোমান
সম্ৰাটসকলে অ’ৰত’ৰপৰা নিগ্ৰোবোৰক উঠাই অনাৰ দৰে ইয়াকো ক’ৰবাৰপৰা ধৰি আনিছিল।”
আন এঠাইত লিখিছে, “কিছুমানে ইয়াক লৈ ছিনেমা, ছিৰিয়েল আদিও কৰিছে। ইয়াৰ ভাষাত
গান লিখিছে।” কথোপকথন এটাত এনদেৰে লিখিছে, “ৰচোন। তহঁতৰ বাগানত মানুহ মৰেনে
নাই?” উক্ত প্ৰশ্নটোৰ উত্তৰ হিচাপে লিখিছে, “কিয় নাই মৰিব? ৰাত-দিন
মৰি থাকে।” ওপৰোক্ত বাক্যকেইটাই এটা নিৰ্দিষ্ট সম্প্ৰদায়ক অলপো সামৰি লোৱা নাই
বুলি ডা° বৰুৱাই নিশ্চয় এশ শতাংশ দাবী কৰিব নোৱাৰে। আমি ভাবোঁ ডা° বৰুৱাই ‘অজগৰ’
নামৰ লেখাটো লেখাৰ সময়ত আবেগৰ দ্বাৰা কিছু হ’লেও পৰিচালিত হৈ নিজৰ প্ৰতিক্ৰিয়া
প্ৰকাশ কৰিছে। ইয়াৰ আভাষ ‘প্ৰান্তিক’ৰ ১৬-৩১ অক্টোবৰ সংখ্যাৰ সম্পাদকীয়টোত পোৱা
গৈছে। সম্পাদকীয়টোত লিখিছে “আমি জনাত ডা° দত্ত ডা° বিকাশ বৰুৱাৰ এজন আন্তৰিক
বন্ধু আৰু সতীৰ্থ। তেনেস্থলত ডা° বিকাশ বৰুৱাই এজন মানুহ হিচাপে আন বাকী
হাজাৰজনতকৈ অধিক মৰ্মাহত হোৱাটো এটা স্বাভাৱিক প্ৰতিক্ৰিয়া।”
ব্যংগ লিখনি লিখাত কাৰো আপত্তি নাথাকে। কিন্তু, আবেগৰ দ্বাৰা পৰিচালিত হৈ লিখা
ব্যংগ লিখনিয়ে কেতিয়াবা ব্যংগৰ সীমা অতিক্ৰম কৰি ব্যংগৰ পৰা আঁতৰি আহে। ডা° বৰুৱাৰ
‘অজগৰ’ নামৰ লেখাটোত তাৰেই প্ৰতিফলন ঘটিছে।
[প্ৰকাশিত, 'আমাৰ অসম', ১৯ অক্টোবৰ ২০১৯, পৃষ্ঠা: ১২]
No comments:
Post a Comment