বিধায়ক শিলাদিত্য দেৱে সু-সাহিত্যিক চৈয়দ আব্দুল মালিকক ‘বৌদ্ধিক জেহাদী’ আখ্যা দিয়া বিষয়টোৱে অসমৰ বহু লোকক স্তম্ভিত কৰি তুলিছে । আচলতে, অসমৰ একশ্ৰেণীৰ মানুহে প্ৰতিষ্ঠিত সাহিত্যিকজনক অসম বিৰোধী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দীৰ্ঘদিন ধৰি নিৰবিছিন্নভাবে ষড়যন্ত্ৰ চলাই আছে । নিজকে হিন্দুত্ববাদৰ আগশাৰীৰ সৈনিক হিচাপে হিন্দুত্ববাদী নেতাৰ আকৰ্ষণলৈ অহাৰ আশাত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীও এই ষড়ষন্ত্ৰটোত নামি পৰিছে । সামাজিক মাধ্যমসমূহত সক্ৰিয় হৈ থকা প্ৰতিজন ব্যক্তিয়ে ইয়াৰ উমান পাইছে । ইয়াৰ প্ৰমাণ আমি নিজেও পাইছোঁ । যোৱা ৫ মে’ত ‘আমাৰ অসম’ত “চৈয়দ আব্দুল মালিকৰ কবিতাত মোগল বন্দনা (?)” শীৰ্ষক আমাৰ লেখা এটা প্ৰকাশ পাইছিল । লেখাটোৰ প্ৰসংগত আমালৈ কেইবাটাও ফোন আহিছিল । বেছিভাগেই আমাৰ দৃষ্টিভংগীক সমৰ্থন কৰিছিল । কিন্তু, দুজনমানে আমাক বুজাবলৈ চেষ্টা কৰিছিল যে চৈয়দ আব্দুল মালিকে সাহিত্যক মাধ্যম হিচাপে লৈ অসমত মুছলমানৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ অহৰহ চেষ্টা চলাইছিল । আমাৰ ধাৰণাত, এই ষড়যন্ত্ৰটোত বিধায়ক শিলাদিত্য দেৱে এগৰাকী আশশাৰীৰ সেনাপতি হিচাপে নতুনকৈ যোগ দিছে ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ১১ আগষ্ট
২০২০]
No comments:
Post a Comment