মহামাৰীৰ সময়ত কম-বেছি পৰিমাণে সকলোৰে উদ্বিগ্নতা বাঢ়ে । ছাত্ৰ-ছাত্ৰীসকলেও
ইয়াৰ ব্যতিক্ৰম নহয় । বিভিন্ন গৱেষকৰ
অধ্যয়নৰ পৰা এই কথা প্ৰকাশ পাইছে যে ক’ৰোনা মহামাৰীৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ
উদ্বিগ্নতা ব্যাপকভাবে বৃদ্ধি পাইছে । গ্ৰিটচেনকো
আৰু তেওঁৰ সংগীসকলে Belarusian
Universityৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত
এটা অধ্যয়ন চলাই পাইছে যে যিসকল ছাত্ৰ-ছাত্ৰী কোৱাৰিণ্টীন কেন্দ্ৰ বা আত্ম-একাকীকৰণত (Self-isolation) আছিল তেওঁলোকৰ উদ্বিগ্নতা আন ছাত্ৰ-ছাত্ৰীসকলৰ তুলনাত বেছি । আমাৰ দেশতো ক’ৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে
চৰকাৰে তলাবন্ধ ঘোষণা কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ তথ্য
পোৱা গৈছে ।
ছাত্ৰ-ছাত্ৰীসকলৰ উদ্বিগ্নতাক লৈ আমি শিক্ষকসকল স্বাভাৱিকতে
চিন্তিত হৈ পৰোঁ । সিহঁতৰ উদ্বিগ্নতা কেনেদৰে হ্ৰাস কৰিব পাৰি, সেই বিষয়ে
চিন্তা-চৰ্চা কৰি আমি এটা সৰু সম্পৰীক্ষা কৰিছিলোঁ । এপ্ৰিল মাহটোত অনলাইন ক্লাছবোৰ চলি থকাৰ বাবে
ছাত্ৰীসকলৰ উদ্বিগ্নতা কিছু কম আছিল । কিন্তু, নিৰ্ধাৰিত পাঠ্যক্ৰম পঢ়াই শেষ কৰাৰ
পাছত পৰীক্ষাবোৰ অনুষ্ঠিত নোহোৱাৰ ফলত সিহঁতৰ উদ্বিগ্নতা বৃদ্ধি পাবলৈ ধৰিলে । কোনো
সন্দেহ নাই যে নিজৰ মনৰ কথাখিনি আনৰ আগত প্ৰকাশ কৰিব পাৰিলে উদ্বিগ্নতা হ্ৰাস পায়
। নিজৰ মনৰ কথাখিনি আনৰ আগত খোলাকৈ ক’বলৈ সুবিধা দিয়াৰ অনলাইন ব্যৱস্থা এটা আমি
কৰিছিলোঁ । আমাৰ সম্পৰীক্ষাটোত গোলাঘাটৰ ‘হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়’ৰ
অৰ্থনীতি বিভাগৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছিল (মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ এগৰাকী শিক্ষক
হিচাপে বিভাগটোৰ ছাত্ৰীসকলক সামৰি ল’বলৈ আমাৰ সুবিধা হৈছিল) । প্ৰতিদিনে সন্ধিয়া ৭ বজাত Google Meet ত ছাত্ৰীসকলক অনলাইনত
অহাৰ ব্যৱস্থা কৰা হৈছিল (Google Meet ত এঘণ্টাৰ বাবে বিনামূলীয়াকৈ অনলাইনত অহাৰ সুবিধা আছে) । প্ৰতিদিনে বিভাগটোৰ প্ৰতিটো ষান্মাসিকৰে এগৰাকীকৈ
ছাত্ৰীক নিজৰ কথাখিনি ক’বলৈ সুবিধা দিয়া হৈছিল ।
কোন কেইগৰাকী ছাত্ৰীয়ে কোনদিনা নিজৰ মনৰ কথাখিনি ক’ব, সেয়া এদিন আগতে বিভাগৰ ৱাটছ্এপ গ্ৰুপত সিহঁতৰ ফটোসহ একোখন ই-পষ্টাৰ
বনাই জনাই দিয়া হৈছিল । অৱশ্যে, কেইবাগৰাকী
ছাত্ৰীৰ নেটৱৰ্কৰ সমস্যা হৈছিল (Google Meet ৰ বাবে নেটৱৰ্ক ভাল হ’ব লাগে) । সিহঁতেও যাতে নিজৰ মনৰ কথাখিনি সহপাঠীসকলক জনাব
পাৰে তাৰ বাবে আমি সিহঁতলৈ ফোন কৰিছিলোঁ । ফোনটো আমাৰ হ’ম থিয়েটাৰটোত সংযোগ কৰি
সিহঁতৰ কথাখিনি Google Meet ত সংযোগ হৈ থকা সকলো
ছাত্ৰীয়ে শুনিব পৰাৰ ব্যৱস্থা কৰিছিলোঁ । অনুষ্ঠানটোৰ
মাজে মাজে আমাৰ বিভাগৰ শিক্ষকসকলে তলাবন্ধৰ সময়ত নিজৰ সময়খিনি কেনেদৰে পাৰ কৰি
আছে, ক’ৰোনা মহামাৰীৰ পৰিৱেশটোক তেওঁলোকে কেনেদৰে লৈছে আদি বিভিন্ন ইতিবাচক কথাৰে
সিহঁতক মানসিক সাহস দি থাকিবলৈ চেষ্টা কৰা হৈছিল । তাৰ মাজতে এদিন ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ
ইউনিভাৰ্ছিটিৰ শ্বিলং চৌহদৰ জাৰ্নেলিজিম এণ্ড মাচ্ কমউনিকেশ্বেনৰ সহকাৰী অধ্যাপক
ড° অলংকাৰ কৌশিকক আমাৰ অনুষ্ঠানটোলৈ অতিথি
হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল । ড°
কৌশিকে ‘ভাইৰাছৰ সৈতে সহবাস’ সম্পৰ্কে এক
সুন্দৰ বক্তৃতা প্ৰদান কৰি ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিছিল ।
কেইবাদিন ধৰি চলা অনলাইন মত-বিনিময় অনুষ্ঠানটোৰ শেষত অনুষ্ঠানটোৱে সিহঁতৰ উদ্বিগ্নতা হ্ৰাস কৰা বা নকৰা সম্পৰ্কত জানিবৰ বাবে Google Form ৰ যোগেদি মতামত বিচৰা হৈছিল । ৮১ শতাংশ ছাত্ৰীয়ে নিজৰ উদ্বিগ্নতা অনুষ্ঠানটোত জনোৱা বুলি মতামত দিছে । ১৩ শতাংশ ছাত্ৰীয়ে অনুষ্ঠানটোত নিজৰ উদ্বিগ্নতা জনোৱা নাই আৰু ৬ শতাংশই জনাইছে নে নাই সেই সম্পৰ্কে নিশ্চিত নহয় বুলি মতামত দিছে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ পাছত ৯১ শতাংশ ছাত্ৰীৰে নিজৰ মনটো মুকলি লাগিছে আৰু ৩ শতাংশই মুকলি লগা নাই আৰু ৬ শতাংশই মুকলি লগা বা নলগাৰ সম্পৰ্কত নিশ্চিত নহয় বুলি মতামত দিছে । ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব লাগে বুলি আটাইকেইগৰাকীয়ে ছাত্ৰীয়ে মতামত দিছে । আমাৰ এই সৰু সম্পৰীক্ষাটোৰ ভিত্তিত এই কথা ক’ব পাৰি যে মহামাৰী তথা তলাবন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ উদ্বিগ্নতা হ্ৰাস কৰাৰ ক্ষেত্ৰত অনলাইন মত-বিনিময় অনুষ্ঠান এক সুন্দৰ উপায় হিচাপে বিবেচিত হৈছে ।
[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১৫ আগষ্ট, ২০২০]
No comments:
Post a Comment