কেইদিনমান আগতে গুৱাহাটীৰ এখন বিহুমঞ্চত অসমৰ এজন জনপ্ৰিয় শিল্পীয়ে জীনছ পেণ্ট পৰিধান কৰি সংগীত পৰিৱেশন কৰি থকাৰ সময়তে বিহু উদ̢যাপন সমিতিখনৰ একাংশ সদস্যই তেখেতক মঞ্চখনৰ পৰা দৃষ্টিকটুভাবে নমাই দিয়ে । সংশ্লিষ্ট বিহু উদ̢যাপন সমিতিখনৰ সদস্যকেইজনৰ এনে আচৰণত শিল্পীগৰাকীয়ে স্বাভাৱিকতে অপমানবোধ কৰিছে । বিহু উদ̢যাপন সমিতিখনৰ সদস্যসকলৰ মতে শিল্পীজনে ধুতি পৰিধান কৰি মঞ্চখনত উঠিব লাগিছিল । আনহাতে, শিল্পীগৰাকীয়ে জনাইছে যে তেখেতে দৰ্শক হিচাপেহে সেই অনুষ্ঠানটোত উপস্থিত আছিল । উদ̢যাপন সমিতিখনৰ কেইজনমান সদস্যই অনুৰোধ জনোৱাৰ বাবেহে তেখেতে মঞ্চত উঠি সংগীত পৰিৱেশন কৰিছিল । এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা আন বিহু মঞ্চত আন শিল্পীৰ ক্ষেত্ৰতো মাজে সময়ে ঘটি থকাৰ খবৰ সামজিক আৰু সংবাদ মাধ্যমযোগে পোৱা গৈছে । সমূহীয়াভাবে আয়োজিত অসমৰ সংস্কৃতিৰ সৈতে জড়িত অনুষ্ঠানবোৰত সাজপাৰ সম্পৰ্কীয় এনেধৰণৰ বিতৰ্ক প্ৰায়ে চলি থাকে ।
সমগ্ৰ পৃথৱীতে ঔপনিৱেশিক কালৰে পৰাই আৰম্ভ হোৱা নৃগোষ্ঠীয়, ধৰ্মীয়,
ভাষা বা অঞ্চলভিত্তিক সমূহীয়া পৰিচয়ৰ স্বীকৃতি লাভৰ বাবে চলি থকা সংগ্ৰামবোৰ উত্তৰ
ঔপনিৱেশিক কালত সফল হ’বলৈ ধৰে । ফলস্বৰূপে,
এসময়ত এলাগী হিচাপে বিবেচনা কৰা সংস্কৃতিকে ধৰি বহু বিষয় উত্তৰ ঔপনিৱেশিক কালত
প্ৰতিষ্ঠা লাভ কৰি বহুত্ববাদী পৰিচয়ৰ সমাজ ঠন ধৰি উঠিবলৈ ধৰে । অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনো ইয়াৰ
ব্যতিক্ৰম নহয় । ঔপনিৱেশিক কালত বিহুক সেই সময়ৰ তথাকথিত মধ্যবিত্ত সমাজখনৰ একাংশ নেতৃস্থানীয়
লোকে স্বীকৃতি দিবলৈ বিচৰা নাছিল । তেওঁলোকৰ প্ৰৰোচনাত পৰি ব্ৰিটিছ চৰকাৰে বিহুক
নিষিদ্ধও কৰিছিল । কিন্তু, উত্তৰ ঔপনিৱেশিক কালত কেৱল বিহু বুলিয়েই নহয়, ৰাজ্যখনৰ নৃগোষ্ঠীয়
সংস্কৃতিসমূহেও স্বীকৃতি লাভ কৰিবলৈ ধৰিলে । তাৎপৰ্যপূৰ্ণ কথাটো হ’ল- স্বীকৃতি লাভ
কৰা সংস্কৃতিয়ে সংশ্লিষ্ট জনগোষ্ঠীটোৰ সুকীয়া পৰিচয় অক্ষুন্ন ৰখাৰ এক গুৰুত্বপূৰ্ণ
উপাদান হিচাপে বিবেচিত হৈ পৰিল । কোৱা
বাহুল্য মাথো যে বিহুৱে সামাজিক স্বীকৃতি লাভ কৰাৰ পিছত অসমীয়া সংস্কৃতিৰ পৰিচয় অক্ষুন্ন
ৰখাৰ উদ্দেশ্যে প্ৰতিজন অসমীয়াই বিহুক উচ্চ স্থান দি আহিছে ।
সমূহীয়া পৰিচয়ৰ উত্তৰণৰ সমান্তৰালকৈ উত্তৰ ঔপনিৱেশিক কালত বজাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাই প্ৰচুৰ প্ৰসাৰ লাভ কৰিবলৈ ধৰিলে । সমূহীয়া পৰিচয়ৰ নিৰ্দেশক হিচাপে সংস্কৃতিয়ে স্বীকৃতি লাভ কৰিলে যদিও বজাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাই প্ৰত্যাহ্বান হিচাপে দেখা দিলে । বজাৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল-স্বাধীনতা । কিন্তু, স্বাধীনতাৰ ক্ষেত্ৰত প্ৰাচ্য আৰু পাশ্চাত্যৰ দেশবোৰৰ মাজত পাৰ্থক্য আছে । পাশ্চাত্যৰ দেশবোৰত ব্যক্তি স্বাধীনতাত অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে প্ৰাচ্যৰ দেশবোৰত গোট বা সমূহৰ স্বাধীনতাত অধিক গুৰুত্ব প্ৰদান কৰে । সেয়েহে, ব্যতিক্ৰমৰ বাহিৰে প্ৰাচ্যৰ দেশবোৰত ব্যক্তি স্বাধীনতা আৰু সমূহীয়া পৰিচয়ৰ উত্তৰণ দোধোৰ-মোধোৰ অৱস্থাৰ মাজেৰে আগবাঢ়ে । বিশেষকৈ সংস্কৃতিৰ সৈতে জড়িত বিচাৰ্য বিষয়বোৰৰ ক্ষেত্ৰত দোধোৰ-মোধোৰ অৱস্থাৰ তীব্ৰতা অধিক হৈ পৰে । ব্যক্তি স্বাধীনতাই সমূহীয়া পৰিচয় বিনষ্ট কৰাৰ শংকাত, নিজৰ সংস্কৃতিৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত লোকসকলে সংশ্লিষ্ট সমূহটোৰ (অঞ্চল বা জনগোষ্ঠী যিয়েই নহওক) সংস্কৃতি বৰ্তাই ৰখাৰ বাবে যি সামান্য সুযোগ লাভ কৰে, তেওঁলোকে সেই সুযোগ এৰিব নিবিচাৰে । সেই সুযোগৰ সময়ত তেওঁলোকে সমূহীয়া পৰিচয় অক্ষুন্ন ৰখাৰ বাবে ইমানেই আৱেগিক হৈ পৰে যে সংশ্লিষ্ট সংস্কৃতিৰ সৈতে সংগতি নথকা সাজপাৰ পৰিধান নকৰা লোকসকলৰ বিৰূদ্ধে প্ৰয়োজনাধিক কঠোৰ হৈ পৰে । সমূহীয়া পৰিচয়ৰ স্বাৰ্থত তেওঁলোকে নিজে গম নোপোৱাকৈ সাংস্কৃতিক মৌলবাদৰ আৱেষ্টনীত সোমাই পৰে । অসমৰ প্ৰেক্ষাপটত সাজপাৰৰ ক্ষেত্ৰতেই আটাইতকৈ বেছি সাংস্কৃতিক মৌলবাদী কাৰ্যকলাপ উত্থানৰ ইংগিত পোৱা যায় । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ডেৰবছৰমান আগতে অসমৰ কিছুমান অঞ্চলত চৰকাৰৰ অধীনৰ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সাজপাৰ কেন্দ্ৰিক সাংস্কৃতিক মৌলবাদৰ পৰিৱেশ সৃষ্টি হৈছিল । সাংস্কৃতিক মৌলবাদৰ পৰিৱেশ সৃষ্টি হ’লে সমাধানৰ বাবে ৰাষ্ট্ৰই হাত দিবলৈ বাধ্য হৈ পৰে । অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৎপৰতাত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সাজপাৰ কেন্দ্ৰিক সমস্যাটো সমাধান হৈছিল । মনত ৰখা দৰকাৰ যে বিহুৰ সাজপাৰৰ ওপৰতো ৰাষ্ট্ৰই হাত দিবলৈ বাধ্য হ’লে বিহু যে ৰাইজ বা সমূহৰ উৎসৱ সেয়া এশ শতাংশ দাবী কৰিব পৰাৰ থল নাথাকিব ।
[প্ৰকাশিত, ‘আমাৰ অসম’, ২৪ এপ্ৰিল ২০২৫, পৃষ্ঠা: ৫]