Wednesday, 4 June 2025

অসমৰ অৰ্থনীতিৰ দুটা দশকৰ ধাৰা (Trends in the Economy of Assam over Two Decades)

             নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতবৰ্ষৰ সেই সময়ৰ (বিংশ শতিকাৰ শেষৰ দশক) অৰ্থনৈতিক দুৰৱস্থা উদ্ধাৰৰ লগতে আগন্তুক দিনত তাৎপৰ্যপূৰ্ণ উন্নয়ন আশা কৰা হৈছিল । যোৱা শতিকাৰ শেষৰ দশকতে (১৯৯১ চনত) দেশখনত নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰা হৈছিল যদিও একৈশ শতিকাৰ আৰম্ভনিৰ পৰাহে  দেশখনৰ অৰ্থনৈতিক অৱস্থাৰ কিছুমান পৰিৱৰ্তন দেখা গৈছে ।  কেন্দ্ৰীয় চৰকাৰে দেশখনত নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰাৰ লগে লগে ৰাজ্যসমূহতো স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰে ।  উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিচিত অসমৰ অৰ্থনীতি যোৱা দুটা দশকত কোন দিশত গতি কৰিছে সেই সম্পৰ্কে এই প্ৰৱন্ধটোত আলোচনা কৰা হৈছে  

এখন অৰ্থনীতি কোন দিশত গতি কৰিছে সেয়া কেইবাটাও নিৰ্দেশকৰ (Indicators) দ্বাৰা উপস্থাপন কৰিব পাৰি । এই প্ৰবন্ধটোত পাঁচটা মূল নিৰ্দেশকৰ দ্বাৰা অসমৰ অৰ্থনীতিৰ ধাৰা উপস্থাপন কৰা হৈছে –(১) ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদন, (২) জনমূৰি আয়, (৩) মুদ্ৰাস্ফীতি, (৪) নিৱনুৱা, আৰু (৫) দৰিদ্ৰতা । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ২০০০-০১ বিত্তবৰ্ষৰ তুলনাত ২০২৩-২৪ বিত্তবৰ্ষত অসমৰ ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদনৰ পৰিমাণ ১৪ গুণ বৃদ্ধি হৈছে । ৰাজ্যখনৰ ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ২০২০-২১ বিত্তবৰ্ষত সৰ্বনিম্ন  (.৪৮ শতাংশ) আৰু ২০১২-১৩ বিত্তবৰ্ষত সৰ্বচ্চ আছিল  (২৭.০১ শতাংশ) ।  উল্লেখযোগ্য যে ২০২০-২১ বিত্তবৰ্ষত ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰো সৰ্বনিম্ন আছিল (২.২৮ শতাংশ) ।  ব্যাখ্যাৰ প্ৰয়োজন নাই যে কোভিড-১৯ ৰ প্ৰভাৱৰ ফলতে ২০২০-২১ বিত্তবৰ্ষত নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ঋনাত্মক হৈছিল ।  উল্লেখযোগ্য যে ২০১৩-১৪ বিত্তবৰ্ষৰ পিছত অসমৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা (Trend of annual growth rate) ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰাকৈ ওপৰত আৰু ক্ৰমবৰ্ধমান হৈ আছে ।  অৰ্থাত, ২০১৩-১৪ বিত্তবৰ্ষৰ আগত ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা অসমৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰতকৈ ওপৰত আছিল । যোৱা দুটা দশকত ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা প্ৰায় সুস্থিৰ (Steady) হৈ আছে   

২০০০-০১ বিত্তবৰ্ষৰ পৰা ২০২৩-২৪ বিত্তবৰ্ষৰ সময়ছোৱাত অসমৰ জনমূৰি আয়ৰ পৰিমাণ ৮.৬ গুণ বৃদ্ধি হৈছে ।  অৱশ্যে, যোৱা দুটা দশক ধৰি সৰ্বভাৰতীয় জনমূৰি আয়ৰ তুলনাত অসমৰ জনমূৰি আয়ৰ পৰিমাণ কম হৈয়ে আছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ২০০০-০১ বিত্তবৰ্ষত ভাৰত আৰু অসমৰ জনমূৰি আয়ৰ পৰিমাণ আছিল ক্ৰমে ১৬,৬৮৮ টকা আৰু ১২,৮০৩ টকা । ২০২৩-২৪ বিত্তবৰ্ষত ভাৰত আৰু অসমৰ জনমূৰি আয়ৰ পৰিমাণ হ’ল ক্ৰমে ১,৮৪,২০৫ টকা আৰু  ১,৩৫,৭৮৭ টকা ।  কিন্তু, অসমৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা  (Trend of annual growth rate of per capita income) ২০১৩-১৪ বিত্তবৰ্ষৰ পিছত সৰ্বভাৰতীয় ধাৰাতকৈ ওপৰত আৰু ক্ৰমবৰ্ধমান হৈ আছে । অৱশ্যে, কোভিড-১৯ ৰ বাবে ২০২০-২১ বিত্তবৰ্ষত ৰাজ্যখনৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ঋনাত্মক আছিল (৩.৫২ শতাংশ) ।

জনমূৰি আয়ৰ বৃদ্ধিৰ সমান্তৰালকৈ সামগ্ৰী আৰু সেৱাৰ দামো বৃদ্ধি হৈ থাকিলে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থাৰ কোনো পৰিৱৰ্তন নহয় । কাৰণ, তেওঁলোকৰ ক্ৰয় ক্ষমতাৰ কোনো পৰিৱৰ্তন নঘটে ।  জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ তুলনা কৰিলে জনসাধাৰণৰ ক্ৰয় ক্ষমতা পৰিৱৰ্তনৰ উমান পোৱা যায়   ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ২০০০-০১ বিত্তবৰ্ষত অসমৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ আছিল ক্ৰমে ৪.২ শতাংশ আৰু ৪.১ শতাংশ ।  ২০২০-২১ বিত্তবৰ্ষত ৰাজ্যখনৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ হ’ল ক্ৰমে ৩.৫২ শতাংশ আৰু ৮.৫ শতাংশ ।  ২০২০-২১ বিত্তবৰ্ষটোক অস্বাভাৱিক বিত্তবৰ্ষ (কোভিড-১৯ ৰ বাবে) হিচাপে ধৰিলে এইটো স্পষ্ট যে যোৱা দুটা দশক ধৰি ৰাজ্যখনৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ পাৰ্থক্য ধনাত্মক হৈ আছে ।  আন কথাত, যোৱা দুটা দশকত ৰাজ্যখনৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাইছে ।

নিৱনুৱা সমস্যা অসমৰ অৰ্থনীতিৰ এটা জলন্ত সমস্যা ।  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ১৯৯৯-০০ বৰ্ষত অসমৰ গ্ৰামাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৩৯ জন নিৱনুৱা আছিল ।  ২০০৪-০৫ বৰ্ষত নিৱনুৱাৰ সংখ্যা প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ২৬ জনলৈ  হ্ৰাস হৈছিল যদিও ২০১৭-১৮ বৰ্ষত প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৮৩ জনলৈ (যোৱা দুটা দশকত সৰ্বচ্চ) বৃদ্ধি হৈছিল ।  যোৱা দুটা দশকত, ২০২২-২৩ বৰ্ষত অসমৰ গ্ৰাম্য নিৱনুৱাৰ সংখ্যা সৰ্বনিম্ন আছিল (প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ১৫ জন) । শেহতীয়া তথ্য অনুসৰি (২০২৩-২৪), ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৩৫ জন নিৱনুৱা আছে ।  ৰাজ্যখনৰ গ্ৰাম্য নিৱনুৱাতকৈ নগৰীয়া নিৱনুৱাৰ সংখ্যা বেছি । ১৯৯৯-২০০০ বৰ্ষত  অসমত নগৰাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৯৭ জন নিৱনুৱা আছিল ।  ২০০৯-১০ বৰ্ষত নগৰীয়া নিৱনুৱাৰ সংখ্যা প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৫২ জনলৈ (যোৱা দুটা দশকত সৰ্বনিম্ন) হ্ৰাস পাইছিল যদিও ২০১৮-১৯ বৰ্ষত ১০৭ জনলৈ (যোৱা দুটা দশকত সৰ্বচ্চ) বৃদ্ধি হৈছিল ।  শেহতীয়া তথ্য অনুসৰি (২০২৩-২৪), ৰাজ্যখনৰ নগৰাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৭৪ জন নিৱনুৱা আছে ।  নতুন অৰ্থনৈতিক নীতিৰ প্ৰৱৰ্তনেৰে ব্যক্তিগত খণ্ডৰ জৰিয়তে নিয়োগ বৃদ্ধি কৰি নিৱনুৱা সমস্যা লাঘৱ কৰিব বিচৰা হৈছিল । কিন্তু, বাস্তৱত ইয়াৰ উল্লেখযোগ্য ফলাফল দেখা নগ’ল ।  নিৱনুৱা সমস্যা ৰাজ্যখনৰ এটা জলন্ত সমস্যা হিচাপে থাকি গ’ল । 

নিৱনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ মাজত ঋনাত্মক সহসম্বন্ধ আছে । আন সকলো কথা একে থাকিলে (যেনে-সামগ্ৰী আৰু সেৱাৰ দাম, স্বাভাৱিক বিত্তবৰ্ষ আদি),  নিয়োগ বৃদ্ধি হ’লে দৰিদ্ৰতা হ্ৰাস হয় । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ১৯৯৯-২০০০ বৰ্ষত ৰাজ্যখনৰ দৰিদ্ৰতাৰ হাৰ আছিল ৩৬.১ শতাংশ । ২০০৪-০৫ বৰ্ষত দৰিদ্ৰতাৰ হাৰ ৩৪.৪ শতাংশলৈ নামিছিল যদিও ২০০৯-১০ বৰ্ষত পুনৰ বৃদ্ধি হৈ ৩৭.৯ শতাংশ হৈছিল ।  ২০১৯-২০২০ বৰ্ষত ৰাজ্যখনৰ দৰিদ্ৰতাৰ হাৰ ১৪.৪৭ শতাংশ হৈছে ।  অৰ্থাত, যোৱা দুটা দশকত অসমৰ দৰিদ্ৰতাৰ হাৰ হ্ৰাস হৈছে ।  সৰ্বভাৰতীয় দৰিদ্ৰতাৰ হাৰৰ সৈতে তুলনা কৰিলে দেখা গৈছে যে ২০১৯-২০ বৰ্ষত অসম আৰু ভাৰতৰ দৰিদ্ৰতাৰ হাৰ প্ৰায় সমান হৈছে  (ভাৰত আৰু অসমৰ দৰিদ্ৰতাৰ হাৰ ক্ৰমে ১৪.৯ শতাংশ আৰু ১৪.৪৭ শতাংশ)  । অৱশ্যে, অসমৰ দৰিদ্ৰতাৰ হাৰৰ ধাৰা (Trend of poverty rate) সৰ্বভাৰতীয় দৰিদ্ৰতাৰ হাৰৰ ধাৰাতকৈ ওপৰত আছে ।   

অসমৰ ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদন আৰু জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা যোৱা দুটা দশকত উৰ্ধমুখী হৈছে । নিৱনুৱাৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্যখনে উল্লেখযোগ্য পাৰদৰ্শিতা দেখুৱাব পৰা নাই । কিন্তু, ৰাজ্যখনৰ জনসাধাৰণৰ  ক্ৰয় ক্ষমতা বৃদ্ধি হৈছে  আৰু দৰিদ্ৰতাৰ হাৰ প্ৰায় আধাতকৈ বেছি হ্ৰাস হৈছে ।  তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, কাৰণ যিয়েই নহওক, ২০০৮ চনৰ বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাই  ভাৰত বা অসমৰ অৰ্থনীতিৰ ওপৰত  ঋণাত্মক প্ৰভাৱ পেলাব পৰা নাছিল ।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ৪ জুন ২০২৫, পৃষ্ঠা: ৭]

Saturday, 31 May 2025

ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহৰ উন্নয়ন (Development of Sixth Schedule Districts of Assam)

             ভাৰতৰ সংবিধানৰ ২৪৪(২) অনুচ্ছেদ অনুসৰি অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ ৰাজ্যপালে সংশ্লিষ্ট ৰাজ্যখনৰ জনজাতি অধ্যূসিত অঞ্চলক সংবিধানখনৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰি ৰাজ্যৰ ভিতৰতে স্বায়ত্বশাসিত অঞ্চল হিচাপে ঘোষণা কৰিব পাৰে । সংবিধানখনৰ ২৭৫(১) অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে সেই অঞ্চলসমূহলৈ বিত্তীয় সাহাৰ্য প্ৰদান কৰিব পাৰে ।  সংবিধানখনৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত অসমত বৰ্তমান তিনিখন স্বায়্ত্বশাসিত পৰিষদ আছে ।  সেই তিনিখন হ’ল- কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ (ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদ হিচাপেও জনা যায়) আৰু বড়োলেণ্ড টেৰিট’ৰিয়েল পৰিষদ (চমুকৈ, বি টি ছি) । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ দুখন ক্ৰমে ১৯৫১ আৰু ১৯৫২ চনত গঠন কৰা হৈছিল ।  বড়োসকলৰ দীঘলীয়া সংগ্ৰামৰ ফলস্বৰূপে ২০০৩ চনত বি টি ছি গঠন কৰা হৈছিল ।  অসম ৰাজ্যৰ জিলা হিচাপে বৰ্তমান ডিমা হাছাও পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদে ডিমা হাছাও জিলা আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে  কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি লয় । বি টি ছিয়ে ৰাজ্যখনৰ পাঁচখন জিলাক (কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ) সামৰি লয় ।  

প্ৰথম অৱস্থাত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৰিষদসমূহক সামজিক প্ৰথা, সংস্কৃতি, ধৰ্ম, ভূমি, বিবাহ আৰু পৰম্পৰাৰ ক্ষেত্ৰতহে ক্ষমতা প্ৰদান কৰা হৈছিল । কিন্তু, পিছলৈ (১৯৭০ চনত) কৃষি, উদ্যোগ, শিক্ষা (প্ৰাথমিক, মাধ্যমিক, প্ৰাপ্তবয়স্ক), সাংস্কৃতিক পৰিক্ৰমাকে ধৰি ত্ৰিছটা বিষয়ত ক্ষমতা প্ৰদান কৰা হয় । অৱশ্যে, বি টি ছিক আন দুখন স্বায়ত্বশাসিত পৰিষদতকৈ অধিক ক্ষমতা প্ৰদান কৰা হৈছে । বহলাই কোৱাৰ প্ৰয়োজন নাই যে স্বায়ত্বশাসন প্ৰদানৰ জৰিয়তে জনজাতি অধ্যূসিত জিলাসমূহৰ সাৱলীকৰণ আৰু ৰাজ্য চৰকাৰৰ পৰা ক্ষমতা বিকেন্দ্ৰীভূত কৰাৰ উদ্দেশ্য নিহিত আছে ।  সংবিধানখনৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্বশাসিত পৰিষদসমূহৰ পাৰদৰ্শিতা সন্দৰ্ভত মাজে সময়ে প্ৰশ্ন উত্থাপিত হৈ থাকে । এই লেখাটোত ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহৰ মানৱ উন্নয়ন, আয়ৰ অসমতা আৰু দৰিদ্ৰতাৰ ছবিখন দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে ।

অসম চৰকাৰে ২০০৩ চনত প্ৰকাশ কৰা মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি, অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ (০.৪০৭) কাৰ্বি আংলং জিলাৰ মান বেছি (০.৪৯৪) আছিল । কিন্তু, ডিমা হাছাও জিলাৰ মান অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ কম (০.৩৬৩) আছিল ।  ২০১৪ চনত প্ৰকাশ কৰা মানৱ উন্নয়ন প্ৰতিবেদন অনসৰি (মানৱ উন্নয়ন সম্পৰ্কে অসম চৰকাৰে প্ৰকাশ কৰা এইখনেই শেহতীয়া প্ৰতিবেদন), অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মান বৃদ্ধি পোৱাৰ সমান্তৰালকৈ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ মানো বৃদ্ধি পাইছে । দুয়োখন জিলাৰে অসমৰ সামগ্ৰিক মানৱ উন্নয়নৰ মানতকৈ বেছি হৈছে । কিন্তু, বি টি ছিৰ  অন্তৰ্গত এখন জিলাৰ বাহিৰে (চিৰাং)  আটাইকেইখন জিলাৰে মানৱ উন্নয়নৰ মান অসমৰ সামগ্ৰিক মানতকৈ কম দেখা গৈছে । ইয়াৰ পৰা এইটো স্পষ্ট যে মানৱ উন্নয়নৰ ক্ষেত্ৰত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে, অসমৰ সামগ্ৰিক অৱস্থাতকৈ ভাল  পাৰদৰ্শিতা দেখুৱাব পাৰিছে ।  কিন্তু, বি টি ছিৰ ক্ষেত্ৰত ইয়াৰ ওলোটা ছবি দেখা গৈছে । পৰিষদকেইখনৰ অন্তৰ্গত জিলাকেইখনৰ চাৰিসীমাত অৱস্থিত অথচ পৰিষদৰ অন্তৰ্গত নোহোৱা জিলাসমূহৰ তুলনামূলক অধ্যয়নৰ পৰা পৰিষদকেইখনৰ পাৰদৰ্শিতাৰ ইংগিত পাব পাৰি । কাৰ্বি আংলং জিলাৰ চাৰিসীমাত মৰিগাঁও, গোলাঘাট, নগাঁও আৰু হোজাই জিলা অৱস্থিত । ২০১৪ চনৰ অসমৰ মানৱ উন্নয়ন প্ৰতিবেদন অনুসৰি, কাৰ্বি আংলং জিলাৰ মানৱ উন্নয়নৰ মান মৰিগাঁও, গোলাঘাট আৰু নগাঁও জিলাতকৈ বেছি । ডিমা হাছাও জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত কাছাৰ আৰু নগাঁও জিলাতকৈ বেছি (হোজাই জিলা ডিমা হাছাও জিলাৰ চাৰিসীমাত অৱস্থিত, জিলাখন ২০১৫ চনত গঠন হৈছিল, সেয়েহে তুলনাৰ বাবে নগাঁও জিলাকে সামৰি লোৱা হৈছে) । বি টি ছিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত বৰপেটা আৰু বঙাইগাঁও জিলাতকৈ কম, কিন্তু ধুবুৰী জিলাতকৈ বেছি । চিৰাং জিলাৰ মানৱ উন্নয়নৰ মান, জিলাখনৰ চাৰিসীমাত অৱস্থিত বঙাইগাঁও জিলাতকৈ বেছি, কিন্তু বৰপেটা জিলাতকৈ কম । বাক্সা জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ (বৰপেটা, নলবাৰী আৰু কামৰূপ) কম । ওদালগুৰি জিলাৰ মানৱ উন্নয়নৰ মান জিলাখনৰ চাৰিসীমাত অৱস্থিত শোণিতপুৰ জিলাতকৈ কম, কিন্তু দৰং জিলাতকৈ বেছি ।  ইয়াৰ পৰা বুজা যায় যে মানৱ উন্নয়নৰ ক্ষেত্ৰত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত জিলাকেইখনে সংশ্লিষ্ট জিলাখনৰ  চাৰিসীমাত অৱস্থিত জিলাসমূহতকৈ ভাল পাৰদৰ্শিতা দেখুৱাইছে । কিন্তু, বি টি ছিৰ অন্তৰ্গত জিলাকেইখনে সংশ্লিষ্ট জিলাখনৰ চাৰিসীমাত অৱস্থিত জিলাসমূহৰ তুলনাত মিশ্ৰিত পাৰদৰ্শিতা দেখুৱাইছে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদতকৈ পঞ্চাছ বছৰৰ পিছত বি টি ছি গঠন হোৱাৰ বাবে মানৱ উন্নয়নৰ ক্ষেত্ৰত পৰিষদখনৰ অন্তৰ্গত জিলাকেইখনে ভাল পাৰদৰ্শিতা দেখুৱাব পৰা নাই বুলি ক’ব পাৰি (আন কাৰণৰ উপৰি) ।  

তালিকা ১: ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাকেইখনৰ মানৱ উন্নয়নৰ মান,

জিনি সহগ আৰু এম পি আই

জিলাৰ নাম

মানৱ উন্নয়নৰ

মান (২০১৪)

জিনি সহগ

(২০১৪)

এম পি আই

(২০২৩)

কাৰ্বি আংলং

০.৬১২

০.৬

১৬.৬০

পশ্চিম কাৰ্বি আংলং*

-----

----

২৪.০৯

ডিমা হাছাও

০.৬৩৮

০.৩

১৩.৬৩

কোকৰাঝাৰ

০.৫১৯

০.৪

১৮.৯২

চিৰাং

০.৬১৪

০.৫

১৮.৯২

বাক্সা

০.৪৩৭

০.৪

১৬.৭৯

ওদালগুৰি

০.৫২৩

০.৫

১৯.১৬

অসম

০.৫৫৭

০.৫

১৯.৩৫

    Source:  Assam Human Development Report, 2014 & India Multidimensional

     Poverty Index, 2023.

               * পশ্চিম কাৰ্বি আংলং জিলাখন ২০১৬ চনত গঠন কৰা হৈছে ।

 

জিনি সহগৰ জৰিয়তে আয়ৰ অসমতাৰ আভাষ পাব পাৰি গিনি সহগ হ’ল- কোনো এখন অৰ্থনীতিৰ ধনী আৰু দৰিদ্ৰ ব্যক্তি বা পৰিয়ালৰ মাজৰ ব্যৱধানৰ জোখাৰ পৰিমাপ ।  জিনি সহগ বেছি হোৱা মানে আয়ৰ অসমতা অধিক থকা বুজায় ।  ২০১৪ চনৰ তথ্য অনুসৰি, কাৰ্বি আংলং জিলাৰ আয়ৰ অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাতকৈ বেছি । ডিমা হাছাও জিলাৰ আয়ৰ অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাতকৈ কম পোৱা গৈছে ।  বি টি ছিৰ অন্তৰ্গত চিৰাং আৰু ওদালগুৰি জিলাৰ আয়ৰ অসমতা অসমৰ সামগ্ৰিক আয়ৰ অসমতাৰ সৈতে সমান । কিন্তু, অসমৰ সামগ্ৰিক আয়ৰ অসমতাৰ তুলনাত কোকৰাঝাৰ আৰু বাক্সা জিলাৰ আয়ৰ অসমতা কম  (তামুলপুৰ জিলাখন ২০২৩ চনত গঠন হৈছিল বাবে জিলাখনৰ আয়ৰ অসমতাৰ তুলনাত আনিব পৰা নাযায়) ।  ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ চাৰিসীমাত অৱস্থিত ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ সৈতে তুলনা কৰিলে দেখা যায় যে  কাৰ্বি আংলং জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত (মৰিগাঁও, নগাঁও, গোলাঘাট) আটাইকেইখন জিলাৰ আয়ৰ অসমতাতকৈ বেছি । আয়ৰ অসমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত ডিমা হাছাও জিলাই ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিছে । জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ (কাছাৰ আৰু নগাঁও) ডিমা হাছাও জিলাৰ আয়ৰ অসমতা কম ।  কোকৰাঝাৰ জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত (বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী) আটাইকেইখন জিলাতকৈ  কম ।  চিৰাং জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত বঙাইগাঁও জিলাতকৈ কম হোৱাৰ বিপৰীতে বৰপেটা জিলাতকৈ বেছি ।  কোকৰাঝাৰ জিলাৰ দৰে বাক্সা জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত (বৰপেটা, নলবাৰী আৰু কামৰূপ) অৱস্থিত আটাইকেইখন জিলাতকৈ কম । ওদালগুৰি জিলাৰ আয়ৰ অসমতা জিলাখনৰ চাৰিসীমাত অৱস্থিত শোণিতপুৰ জিলাতকৈ কম । কিন্তু, দৰং জিলাৰ সৈতে সমান ।  ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলা আৰু ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ আয়ৰ অসমতাৰ  জিনি সহগৰ গড় মান তুলনা কৰিলে দেখা যায় যে ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহে ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাতকৈ ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিছে (ষষ্ঠ অনুসূচীত অন্তৰ্গত আৰু বাহিৰৰ জিলাসমূহৰ গড় জিনি সহগ ক্ৰমে ০.৪৬ আৰু ০.৫৩)    এক কথাত, স্বায়ত্বশাসন ব্যৱস্থাই জনজাতীয় অঞ্চলসমূহক আয়ৰ অসমতা হ্ৰাস কৰাত অৰিহণা যোগাইছে ।  

তালিকা ২: ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ  চাৰিসীমাত অৱস্থিত (ষষ্ঠ অনুসূচীৰ বাহিৰৰ)

জিলাকেইখনৰ মানৱ উন্নয়নৰ মান, জিনি সহগ আৰু এম পি আই

জিলাৰ নাম

মানৱ উন্নয়নৰ মান (২০১৪)

জিনি সহগ

(২০১৪)

এম পি আই

(২০২৩)

মৰিগাঁও

০.৫৭৬

০.৪

২২.৪৬

নগাঁও

০.৫৯২

০.৫

২০.৮৪

হোজাই*

-----

-----

১৪.১৩

গোলাঘাট

০.৫৪৩

০.৪

১৪.৬০

কাছাৰ

০.৪৬৩

০.৫

৩০.৫৮

বৰপেটা

০.৬২৪

০.৫

১৯.১২

বঙাইগাঁও

০.৫৬৪

০.৬

১৭.৩৯

ধুবুৰী

০.৪৮২

০.৫

২৬.০২

দ: শালমাৰা-মানকাচাৰ**

-----

-----

২৮.২৪

নলবাৰী

০.৫৬৪

০.৬

১৭.৩৯

কামৰূপ

০.৬২৪

০.৪

১৯.১২

শোণিতপুৰ

০.৫২৬

০.৯

১৯.২৪

দৰং

০.৫১৯

০.৫

২৩.৬৫

   Source: Assam Human Development Report, 2014 & India Multidimensional

  Poverty Index, 2023.

      *হোজাই জিলাখন ২০১৫ চনত গঠন কৰা হৈছে ।

 **দক্ষিণ শালমাৰা-মানকাচাৰ জিলাখন ২০১৬ চনত গঠন কৰা হৈছে ।

     দৰিদ্ৰতাৰ ক্ষেত্ৰত দেখা গৈছে যে ষষ্ঠ অনুসূচীত অন্তৰ্গত পশ্চিম কাৰ্বি আংলং জিলাৰ বাহিৰে আটাইকেইখন জিলাৰে বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক অসমৰ সামগ্ৰিক বহুমাত্ৰিক সূচকাংকতকৈ কম (বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচকাংক কম হোৱা মানে দুখীয়া লোক কম থকা বুজায়) ।  কাৰ্বি আংলং জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ  চাৰিসীমাত অৱস্থিত গোলাঘাট আৰু হোজাই জিলাতকৈ বেয়া, কিন্তু নগাঁও জিলাতকৈ ভাল । পশ্চিম কাৰ্বি আংলং জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ বেয়া দেখা গৈছে ।  ডিমা হাছাও, চিৰাং আৰু ওদালগুৰি জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাকেইখনৰ চাৰিসীমাত অৱস্থিত জিলাসমূহতকৈ ভাল । কোকৰাঝাৰ জিলাৰ বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচকাংক জিলাখনৰ চাৰিসীমাত অৱস্থিত বঙাইগাঁও জিলাৰ বাহিৰে আটাইকেইখন জিলাতকৈ কম পোৱা গৈছে । বাক্সা জিলাৰ দৰিদ্ৰতাৰ ছবিখন জিলাখনৰ চাৰিসীমাত অৱস্থিত আটাইকেইখন জিলাতকৈ ভাল দেখা গৈছে ।

ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্বশাসনৰ ব্যৱস্থা থকা জিলাসমূহে মানৱ উন্নয়নৰ বৃদ্ধি, আয়ৰ অসমতা আৰু দৰিদ্ৰতা হ্ৰাসৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ পাৰদৰ্শিতা দেখুৱাব পৰা নাই । কিন্তু, উল্লিখিত দিশসমূ্হত এই জিলাসমূহে তুলনামূলকভাবে অসমৰ সামগ্ৰিক অৱস্থাতকৈ ভাল অৱস্থাত উপনিত হ’ব পাৰিছে । ষষ্ঠ অনুসূচীৰ বাহিৰৰ জিলাসমূহৰ (ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাৰ চাৰিসীমাত অৱস্থিত) তুলনাত ষষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহে সামগ্ৰিকভাবে ভাল পাৰদৰ্শিতা দেখুৱাব পাৰিছে । এক কথাত, ষষ্ঠ অনুসূচীৰ অধীনত প্ৰদান কৰা স্বায়ত্বশাসন ব্যৱস্থাই জনজাতি অধ্যূসিত অঞ্চলসমূহৰ সাৱলীকৰণত কিছু পৰিমাণে হ’লেও অৰিহণা যোগাইছে ।

তথ্যৰ উৎস

১) Assam Human Development Report, 2003, Planning and Development Department, Government of Assam.   

২) Assam Human Development Report, 2014, Planning and Development Department, Government of Assam.   

৩) Hansaria, V. (2016): Justice Hansaria’s Sixth Schedule to the Constitution, 4th Edition, (Delhi: Universal Law Publishing).

৪)  India Multidimensional Poverty Index, 2023, NITI Aayog.

৫) The Constitution of India, (2024), Fingerprint.

৬) নাথ, মনোজ কুমাৰ (২০১৩): অসমৰ জনজাতি ৰাজনীতি, (গুৱাহাটী: আলিবাট) ।

[প্ৰকাশিত, ‘প্ৰান্তিক’, Vol. XLIV, No. 3, 1-15 January 2025]

 

অসমৰ জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন (Change in Identity of Tribals of Assam)

             পৃথিৱীৰ সকলো জনগোষ্ঠীয়ে সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিব বিচাৰে । সুকীয়া পৰিচয়ে সংশ্লিষ্ট জনগোষ্ঠীটোত অন্তৰ্ভূক্ত লোকসকলক আত্মবিশ্বাসী আৰু শক্তিশালী কৰি তোলে । জনগোষ্ঠী এটাৰ সুকীয় পৰিচয় প্ৰতিষ্ঠা হ’লে কেৱল সংশ্লিষ্ট জনগোষ্ঠীটোৰ লোকসকলহে যে আত্মবিশ্বাসী আৰু শক্তিশালী হৈ উঠে তেনে নহয়, অঞ্চলটোৰ সামগ্ৰিক পৰিচয়য়েই উজ্জ্বল হৈ পৰে । অসমৰ জনজাতিসকলে সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ দীঘলীয়া সময় ধৰি সংগ্ৰাম চলাই আহিছে । সুকীয়া পৰিচয় সম্পৰ্কীয় বিচাৰ্য বিষয়বোৰে বিভিন্ন সময়ত অসমত আন্ত:জনগোষ্ঠীয় সংঘাতৰ (Inter-ethnic conflict) কাৰক হিচাপে চিহ্নিত হৈ আহিছে । সংঘাতৰ পিছত  জনগোষ্ঠীবোৰৰ মাজত সমন্বয়ৰ পৰিৱেশো সৃষ্টি হৈছে ।  চিন্তাজনক কথাটো হ’ল- সেই সমন্বয় সুস্থিৰ (Steady) হৈ নাথাকে । আন্ত:জনগোষ্ঠীয় সংঘাত আৰু  সমন্বয়ৰ ফলত ৰাজ্যখনৰ জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটি আহিছে । কি পৰিস্থিতিত, অসমৰ জনজাতিসকলৰ পৰিচয়ৰ কেনেধৰণৰ পৰিৱৰ্তন ঘটিছে সেই সম্পৰ্কে এই প্ৰবন্ধটোত আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে । 

            প্ৰশ্ন হ’ল-অসমৰ জনজাতিসকলৰ আৰম্ভণি পৰিচয় কি আছিল ? এই প্ৰশ্নটোৰ পোনপতীয়া উত্তৰ দিয়া সহজ নহয় ।  কিন্তু, এইটো ঠিক যে অসমৰ জনজাতিসকলে স্বাভাৱিকতে নিজে দিয়া পৰিচয় আৰু আন জনগোষ্ঠীয়ে জনজাতিসকলৰ বাবে গঢ়ি তোলা পৰিচয়ৰ মাজত পাৰ্থক্য আছে । পাৰ্থক্য নথকা হ’লে ৰাজ্যখনৰ জনজাতিসকলে আত্মপৰিচয়ৰ বাবে দীঘলীয়া সময় ধৰি সংগ্ৰাম চলাই থকাৰ প্ৰয়োজন নাছিল আৰু তাৰ ফলত পৰিচয়ৰ পৰিৱৰ্তন ঘটাৰো সম্ভাৱনা নাছিল । গতিকে, আন জনগোষ্ঠীয়ে জনজাতিসকলক প্ৰথমতে কেনেধৰণৰ পৰিচয় দিছিল বা দিবলৈ বিচাৰিছিল, সেয়াই তেওঁলোকৰ আৰম্ভণিৰ পৰিচয় আছিল বুলি ক’ব পৰা যায় ।

            প্ৰাকৃতিক তথা ভৌগোলিক পৰিৱেশৰ ভিত্তিত জনগোষ্ঠী এটাৰ সুকীয়া সামাজিক, সাংস্কৃতিক তথা ৰাজনৈতিক পৰিচয় গঢ়ি উঠে । উদাহৰণস্বৰূপে, আফ্ৰিকাৰ কোনোবা এখন দেশৰ জনগোষ্ঠী এটাৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিচয় অসমৰ জনগোষ্ঠী এটাৰ সৈতে একে নহয় ।  সংশ্লিষ্ট অঞ্চলটোৰ প্ৰাকৃতিক তথা ভৌগোলিক পৰিৱেশৰ ভিত্তিত জনগোষ্ঠী এটাৰ যি পৰিচয় গঢ়ি উঠে, তেওঁলোকৰ দৃষ্টিভংগীৰে সেয়াই সন্মানজনক আৰু গ্ৰহণযোগ্য পৰিচয় । কিন্তু, আন জনগোষ্ঠীয়ে তেওঁলোকৰ সেই পৰিচয়ক সহজভাবে নলৈ তেওঁলোকৰ দৃষ্টিভংগীৰে সংশ্লিষ্ট জনগোষ্ঠীটোক বেলেগ এটা পৰিচয় দিবলৈ চেষ্টা কৰে ।  আন জনগোষ্ঠীৰ পৰিচয় নিৰ্ধাৰণ কৰাৰ অন্তৰালত সাধাৰণতে তেওঁলোকৰ তুলনাত সংশ্লিষ্ট জনগোষ্ঠীটোক ‘হীন’ বা ‘নীচ’ জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাৰ অভিপ্ৰায় লুকাই থাকে । অসমৰ জনজাতিসকলো এই অভিপ্ৰায়ৰ চিকাৰ হৈছিল ।  বৰ্তমানৰ উত্তৰ-পূৱ ভাৰতৰ জনজাতীয় লোকসকলক মহাভাৰত, পুৰাণ আদি পৌৰাণিক কাহিনীবোৰত দেশখনৰ আন অঞ্চলৰ জনগোষ্ঠীবোৰৰ তুলনাত ‘নীচ জাতৰ’ জনগোষ্ঠী হিচাপে পৰিচয় দিবলৈ চেষ্টা কৰা হৈছে । আৰ্যসকলে বৰ্তমানৰ জনজাতিসকলক ‘কিৰাত’ অৰ্থাত, ‘ম্লেছ’ হিচাপে পৰিচয় দিছিল ।  তেওঁলোকৰ দৃষ্টিত জনজাতীয় লোকসকল পাহাৰত থকা খঙাল, জ্ঞান-বুদ্ধি কম থকা ধৰণৰ লোক । ‘পদ্মপুৰাণ’ৰ ‘সৃষ্টি খণ্ডত’ত তেওঁলোকক বৰ্বৰ, সৰ্বভক্ষণকাৰী, জধামুৰ্খ, গো আৰু ব্ৰাক্ষ্মণ হত্যাকাৰী আৰু কোনো ভাল ৰীতি-নীতি নথকা লোক বুলি কোৱা হৈছে । মহাভাৰত, ৰামায়ণ, পুৰাণ আদি পৌৰাণিক কাহিনীবোৰে জনজাতীয় লোকসকলৰ মাজত প্ৰচাৰ লাভ কৰাৰ ফলত তেওঁলোকৰ নেতৃস্থানীয় লোকসকলে সঁচাকৈয়ে ‘নীচ জাত’ৰ জনগোষ্ঠী হিচাপে ভাবিবলৈ ধৰিলে । ফলসস্বৰূপে, তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক ইতিহাস অতি প্ৰাচুৰ্যমণ্ডিত আৰু উজ্জ্বল হোৱাৰ পিছতো তেওঁলোকে আৰ্য সংস্কৃতি  গ্ৰহণ কৰিবলৈ ধৰিলে ।  কিন্তু, আৰ্য সংস্কৃতি গ্ৰহণ কৰিলেও তেওঁলোকে পূৰ্বৰ অনাৰ্য সংস্কৃতি এৰি দিয়া নাছিল বা এৰি দিব পৰা নাছিল । এক কথাত, আৰ্য  আৰু অনাৰ্য সংস্কৃতিৰ সংমিশ্ৰণেৰে অসমৰ জনজাতিসকলৰ এক নতুন পৰিচয় গঢ়ি উঠিল যাক ‘কৈৰাতজ সংস্কৃতি’ হিচাপে চিহ্নিত কৰিব পাৰি ।   

            ব্ৰিটিছ চৰকাৰে অসমত প্ৰৱৰ্তন কৰা আধুনিক শিক্ষা ব্যৱস্থাই জনজাতিসকলকো সামৰি লৈছিল ।  আধুনিক শিক্ষাৰ সুবিধা লাভ কৰাৰ পিছত তেওঁলোকৰ মাজৰ পৰা ওলাই অহা শিক্ষিতচামে বুজি উঠিছিল যে নিজকে ‘উচ্চ জাতৰ’ মানুহ বুলি পৰিচয় দিব বিচৰা অজনজাতীয় লোকসকলে জনজাতীয় লোকসকলক সামাজিক আৰু সাংস্কৃতিকভাবে ‘হীন জাতৰ’ লোক হিচাপে প্ৰতিষ্ঠা কৰি আহিছে । তদুপৰি, ৰাজনৈতিক আৰু অৰ্থনৈতিক সুবিধা উপভোগ কৰাৰ ক্ষেত্ৰতো তেওঁলোকক বঞ্চিত কৰি থকা হৈছে । এনেধৰণৰ বৈষম্যৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে তেওঁলোকে প্ৰথমে নিজ নিজ জনগোষ্ঠীৰ মাজত একগোট হৈছিল । বিংশ শতিকাৰ দ্বিতীয় দশকত গঠন হোৱা সদৌ অসম কছাৰী সন্মিলনী, মিৰি সন্মিলনী, লালুং সন্মিলনী আদি ইয়াৰ উৎকৃষ্ট উদাহৰণ ।  আন কথাত, তেওঁলোকে নিজ নিজ জনগোষ্ঠীৰ পৰিচয়ৰ স্বীকৃতি লাভৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছিল ।  সংগ্ৰামৰ আৰম্ভণিয়ে তেওঁলোকক সুকীয় পৰিচয় প্ৰতিষ্ঠাৰ এক নতুন দিশৰ সন্ধান দিছিল ।  আন কথাত, বিংশ শতিকাৰ দ্বিতীয় দশকত জনজাতিসকলৰ পৰিচয় সংগ্ৰামী সত্তালৈ পৰিৱৰ্তন হৈছিল । সামাজিক আৰু অৰ্থনৈতিক বঞ্চনাৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে নিজ নিজ জনগোষ্ঠীৰ মাজতে একগোট হৈ কৰা সংগ্ৰামৰ ধাৰা বিংশ শতিকাৰ তৃতীয় দশকলৈকে অব্যাহত আছিল ।  অৱশ্যে, পৰিস্থিতি সাপেক্ষে কিছুমান জনজাতিয়ে জনজাতীয় পৰিচয়ৰ উপৰি অসমীয়া হিচাপেও পৰিচয় দিছিল । উদাহৰণস্বৰূপে, ১৯২৮ চনত ছাইমন কমিছনক সাক্ষাৎ কৰাৰ সময়ত বড়োসকলে Bodo speaking Assamese হিচাপে পৰিচয় দিছিল ।

            সামাজিক আৰু অৰ্থনৈতিক বৈষম্যৰ সমান্তৰালকৈ ৰাজনৈতিক ক্ষেত্ৰত চলি থকা বৈষম্য হ্ৰাস কৰাৰ উদ্দেশ্যে অসমৰ জনজাতিসকলে একগোট হোৱাৰ আৱশ্যকতা অনুভৱ কৰিছিল । ১৯৩৩ চনত ‘আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ’ (Assam Backward Tribal League, পিছলৈ ট্ৰাইবেল লীগ হিচাপে জনপ্ৰিয় হয় ) গঠন কৰি সেই সংগ্ৰামৰ আৰম্ভণি কৰিছিল । অৰ্থাত, জনজাতিসকলৰ পৰিচয় সামাজিক আৰু অৰ্থনৈতিক দিশৰ উপৰি ৰাজনৈতিক ক্ষেত্ৰলৈও উত্তৰণ ঘটিছিল । ৰাজনৈতিক পৰিচয় শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ১৯৩৩ চনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰা সময়লৈকে (১৯৪৭) জনজাতিসকলে কেতিয়াবা মুছলিম লীগ আৰু কেতিয়াবা ভাৰতীয় জাতীয় কংগ্ৰেছক সমৰ্থন জনাই প্ৰাদেশিক চৰকাৰৰ অংশীদাৰ হৈছিল । ভাৰতৰ স্বাধীনতাৰ পিছত ট্ৰাইবেল লীগৰ নেতৃত্বই লীগক ভংগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদানেৰে ৰাজনৈতিক ক্ষেত্ৰত অসমৰ জনজাতিসকলে মূলসূঁতিৰ অসমীয়াৰ সৈতে একে পৰিচয়  দিয়াৰ ইংগিত দিছিল । 

            কিন্তু, দেশখনৰ স্বাধীনতাৰ এটা দশক পাৰ নহওতেই পাহাৰীয়া জনগোষ্ঠীবোৰৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটিছিল ।  উগ্ৰ অসমীয়া জাতীয়তাবাদীয়ে গ্ৰহণ কৰা কিছুমান সামাজিক আৰু সাংস্কৃতিক কামকাজে পাহাৰীয়া জনজাতীয় লোকসকলক আঘাত কৰিছিল । উদাহণস্বৰূপে, অসমীয়া ভাষাৰ ভিত্তিত অসম ৰাজ্যখন গঠন হৈছে বুলি পতিয়ন নিয়াবলৈ অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰিবলৈ অসমীয়া জাতীয়তাবাদী শিবিৰে আন্দোলন কৰিছিল । আন্দোলনটোৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই অসমত অসমীয়া ভাষাক বাধ্যতামূলকভাবে প্ৰয়োগ কৰিবৰ বাবে অসম চৰকাৰে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ নামৰ বিল এখন প্ৰস্তুত কৰিছিল । চৰকাৰী ভাষা সম্পৰ্কে অসম কংগ্ৰেছ সমিটিয়ে আগবঢ়োৱা প্ৰস্তাৱটোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ১৯৬০ চনৰ ২৮ এপ্ৰিলত অসমৰ পাহাৰীয়া জিলাৰ নেতাসকল মেঘালয়ৰ তুৰাত মিলিত হৈছিল, ইয়াক All Parties Hill Leaders Conference (APHLC) হিচাপে জনা যায় ।  APHLCএ কংগ্ৰেছৰ সেই সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ জনাইছিল মিকিৰ (বৰ্তমানৰ কাৰ্বি) পাহাৰ স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বৰ বাহিৰে অসমৰ আটাইবোৰ স্বায়ত্বশাসিত জিলাৰ জনজাতীয় নেতৃত্বই বিলখনৰ ঘোৰ বিৰোধিতা কৰিছিল  এই পৰিস্থিতিয়ে পিছলৈ পাহাৰীয়া জনজাতিসকলক সুকীয়া পৰিচয় গঢ়ি তোলাত যথেষ্ঠ সহায় কৰিছিল ।  উদাহৰণস্বৰূপে, ১৯৬৩ চনত নাগাসকলে নাগালেণ্ড নামেৰে সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল ।

            নাগাসকলে সুকীয়া ৰাজ্য লাভ কৰাৰ  পিছত ৰাজ্যখনৰ পাহাৰৰ আন জনজাতি, বিশেষকৈ মিজোসকলেও, ৰাজনৈতিক ক্ষেত্ৰত সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰাৰ দাবীত তীব্ৰ আন্দোলন কৰিছিল । মিজোসকলৰ এই দাবীৰ প্ৰতিক্ৰিয়া হিচাপে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমযোগে জনাইছিল যে অসমক ফেদাৰেলৰ ভিত্তিত পুনৰ গঠন কৰা হ’ব ।  প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পিছত ৰাজ্যখনৰ ভৈয়ামৰ জনজাতিসকলেও তেওঁলোকৰ ৰাজনৈতিক পৰিচয় শক্তিশালী কৰাৰ উদ্দেশ্যে সচেতন হৈ পৰিছিল । কংগ্ৰেছৰ নেতাসকলৰ ওপৰত আস্থা ৰাখি ট্ৰাইবেল লীগক ভংগ কৰি যে ৰাজনৈতিক ভুল কৰিছিল সেয়া ভৈয়ামৰ জনজাতিসকলে অনুভৱ কৰিছিল । সেয়েহে তেওঁলোকে ৰাজনৈতিকভাবে একগোট হোৱাৰ উদ্দেশ্যে ১৯৬৭ চনত বীৰুচান দলেক সভাপতি আৰু চৰণ নাৰ্জাৰীক সম্পাদক হিচাপে লৈ ‘অসম ভৈয়াম জনজাতি পৰিষদ (Plains Tribals Council of Assam, চমুকৈ PTCA) নামেৰে এটা নতুন ৰাজনেতিক দল গঠন কৰিছিল ।  জনজাতিসকলৰ বাবে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত ‘উদয়াচল’ নামেৰে অসমৰ ভিতৰতে এখন সুকীয়া ৰাজ্য গঠন কৰিবলৈ উত্থাপন কৰা দাবীটোক  PTCA সমৰ্থন জনাইছিল । ৰাজ্যখনৰ অজনজাতীয় ৰাজনৈতিক নেতৃত্বত গঢ়ি তোলা ১৯৭২ চনৰ মাধ্যম আন্দোলনে জনজাতিসকলৰ সুকীয় পৰিচয়ৰ সংগ্ৰাম ৰাজনৈতিক ক্ষেত্ৰৰ উপৰি শৈক্ষিক ক্ষেত্ৰলৈয়ো বিয়পি পৰিছিল । এই সংগ্ৰামে মূলসূঁতিৰ অসমীয়াৰ পৰা জনজাতিসকলক বহুদূৰ আঁতৰাই আনিলে । উদাহৰণস্বৰূপে, ৰাভা আৰু দেউৰী জনজাতিৰ বাহিৰে ৰাজ্যখনৰ আটাইবোৰ জনজাতিয়ে (যিসকলৰ নিজৰ ভাষা আছে) অসমীয়া লিপি ত্যাগ কৰি দেৱনাগৰী লিপি গ্ৰহণ কৰিলে ।

১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলা ‘বহিৰাগত খেদা (নে বিদেশী খেদা?) আন্দোলনটোৱে জনজাতিসকলক পুনৰ মূলসূঁতিৰ অসমীয়াৰ সৈতে একগোট হৈ অসমীয়া হিচাপে পৰিচয় দিয়াৰ সুযোগ আনি দিছিল । ছবছৰীয়া এই আন্দোলনটোক অসমৰ জনজাতিসকলে প্ৰথম অৱস্থাত পূৰ্ণ সমৰ্থন জনাইছিল । জনজাতিসকলে লক্ষ্য কৰিছিল যে অসম আন্দোলনৰ আগৰে পৰাই অসমীয়া জাতীয়তাবাদৰ ভিতৰচ’ৰাত ব্ৰাহ্মন্যবাদী মতাদৰ্শৰ নেতাসকল সোমাই পৰিছিল আৰু আন্দোলনৰ সময়ছোৱাত তেওঁলোকে অসমত খোপনি পুতি ল’বলৈ সক্ষম হৈছিল । আন্দোলনৰ সময়ছোৱাত আৰু পিছত ব্ৰাহ্মন্যবাদী ব্যৱস্থাৰ তিনিটা মূল বৈশিষ্ট্য-কৰ্ত্তৃত্বশীল, একৰূপপিকৃৎ আৰু পণ্ডিত্যাভিমান স্পষ্টৰূপত প্ৰকাশ পাইছিল । ফলস্বৰূপে, জনজাতিসকলে আন্দোলনটোক নৈতিক সমৰ্থন জনাই সুকীয়া পৰিচয়ৰ আন্দোলন তীব্ৰ কৰি তুলিছিল । অৱশ্যে, অসম আন্দোলনৰ আগৰ আৰু পিছত তেওঁলোকে কৰা সুকীয়া পৰিচয়ৰ আন্দোলনৰ মাজত এটা তাৎপৰ্যপূৰ্ণ পাৰ্থক্য দেখা গৈছিল । আন্দোলনটোৰ পিছত জনজাতিসকলে একগোট হৈ ৰাজনৈতিক পৰিচয়ৰ বাবে দাবী কৰাৰ পৰিৱৰ্তে নিজ নিজ জনগোষ্ঠীৰ বাবে সুকীয় পৰিচয়ৰ দাবী কৰিছিল । তেওঁলোকৰ দাবীৰ প্ৰতি সমৰ্থন জনাই চৰকাৰে প্ৰথমে বড়োসকলৰ বাবে স্বায়ত্বশাসিত পৰিযদ গঠন কৰি দিছিল । আচলতে, বড়োসকলক স্বায়ত্বশাসিত পৰিষদ গঠন কৰি দিয়াৰ পিছতে জনজাতিসকলে একেলগে সুকীয়া ৰাজনৈতিক পৰিচয় গঢ়ি তোলাৰ বাট ৰুদ্ধ হৈ পৰিছিল ।  পিছলৈ ৰাভা, তিৱা, মিছিং, ঠেঙাল কছাৰী আদি জনগোষ্ঠীভিত্তিক স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হৈছিল । অসম আন্দোলনৰ পিছত অসমৰ জনজাতিসকলে অসমীয়াৰ পৰিৱৰ্তে অসমৰ মানুহ হিচাপে পৰিচয় দিয়াৰ পৰিৱেশ সৃষ্টি হৈছিল ।

ভাৰত চৰকাৰে ছত্তিশগড়, উত্তৰাখণ্ড, তেলেংগানা নামেৰে নতুন ৰাজ্য গঠন কৰাৰ পিছত অসমতো কিছুমান জনজাতিয়ে সুকীয়া ৰাজ্যৰ বাবে তীব্ৰভাবে দাবী উত্থাপন কৰিছিল । বড়োসকলে বড়োলেণ্ড আৰু কাৰ্বিসকলে কাৰ্বিলেণ্ডৰ দাবী উত্থাপন কৰি সুকীয়া ৰাজ্যৰ বাসিন্দা হিচাপে পৰিচয় দিবলৈ বিচাৰিছিল ।  কিন্তু, পিছলৈ তেওঁলোকৰ এই দাবীৰ তীব্ৰতা হ্ৰাস পালে । ভাৰতৰ স্বাধীনতাৰ সময়ত জনজাতীয় ৰাজনৈতিক নেতৃত্বই মূলসূঁতিৰ ৰাজনৈতিক শক্তিবোৰত যোগদান কৰি জনজাতীয় ৰাজনৈতিক শক্তিক ভংগ কৰি দিয়াৰ দৰে বৰ্তমানৰ একাংশ জনজাতীয় ৰাজনৈতিক নেতৃত্বৰ মাজতো একেধৰণৰ প্ৰৱণতা গঢ়ি উঠিছ । একৈশ শতিকাৰ দ্বিতীয় দশকৰ পৰা ৰাজ্যখনৰ জনজাতীয় ৰাজনৈতিক নেতৃত্বই নিজৰ স্বাৰ্থৰ বাবে ধৰ্মভিত্তিক পৰিচয়ক অগ্ৰাধিকাৰ দিয়া শক্তিৰ সৈতে সহযোগ কৰি জনজাতিসকলকো ধৰ্মভিত্তিক পৰিচয়লৈ পৰিৱৰ্তন কৰাৰ সংকীৰ্ণ প্ৰৱণতা দেখা গৈছে ।

কেৱল অজনজাতীয় জনগোষ্ঠীবোৰৰ সৈতে থকা সংঘাতৰ ফলতহে যে অসমৰ জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটিছে তেনে নহয় । ভাৰত চৰকাৰে গ্ৰহণ কৰা নতুন অৰ্থনৈতিক নীতিয়ে জনজাতিসকলৰ পৰিচয়ৰ পৰিৱৰ্তন ঘটাইছে । বজাৰ অৰ্থনীতিয়ে এটা অজনজাতীয় আৰু এটা জনজাতীয় পৰিয়ালৰ জীৱন ধাৰণ-প্ৰণালীৰ মাজত থকা পাৰ্থক্য বহুখিনি হ্ৰাস কৰিছে ।  বিশেষকৈ, নগৰত বসবাস কৰা জনজাতীয় আৰু অজনজাতীয় পৰিয়ালৰ পৰিচয় প্ৰায় একে হৈ পৰিছে ।

অসমৰ জনজাতিসকলে সুকীয়া সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ স্বীকৃতি লাভৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল । সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰ স্বীকৃতি লাভৰ সমান্তৰালকৈ তেওঁলোকে ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক সুবিধা লাভৰ বাবেও সংগ্ৰাম চলাই নিবলগীয়া হৈছিল ।  তেওঁলোকৰ পৰিচয় সম্পৰ্কীয় সংগ্ৰাম বৰ্তমানো অব্যাহত আছে । কিন্তু, উদ্দেশ্যৰ ক্ষেত্ৰত পূৰ্বৰ সংগ্ৰাম আৰু বৰ্তমানৰ সংগ্ৰামৰ মাজত এটা তাৎপৰ্যপূৰ্ণ পাৰ্থক্য আছে । তেওঁলোকৰ  পৰিচয় সম্পৰ্কীয় সংগ্ৰামৰ উদ্দেশ্য স্বীকৃতি লাভৰ (struggle for recognition) পৰা সমান সুবিধা লাভৰ দাবীলৈ (Demand for equality) পৰিৱৰ্তন হৈছে ।  সমান সুবিধা লাভৰ বাবে তেওঁলোকৰ একাংশ নেতাই  জনজাতীয় সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্য পৰিহাৰ কৰাৰ প্ৰৱণতা দেখা গৈছে । অৱশ্যে, একাংশ জনজাতীয় নেতাৰ এনেধৰণৰ প্ৰৱণতাক জনজাতিসকলে দীৰ্ঘকাললৈ গ্ৰহণ কৰাৰ সম্ভাৱনা নাই ।

সহায়ক গ্ৰন্থ

চেট্টাৰ্জী, সুনীতি কুমাৰ (২০১৭): কিৰাত জন-কৃতি, অসমীয়া অনুবাদ অজিত কুমাৰ গোস্বামী, (গুৱাহাটী: অসম পাবলিচিং কোম্পানী) ।

চৌধুৰী, মেদিনী (২০০৭): “অসম আন্দোলন আৰু জনগোষ্ঠীগত সমস্যা”, হীৰেন গোহাঁই আৰু দিলিপ বৰা সম্পাদিত, অসম আন্দোলন: প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি, দ্বিতীয় সংস্কৰণ, (গুৱাহাটী: বনলতা), পৃষ্ঠা: ২৩৭-২৮৩

দাস, মনীন্দ্ৰ (২০১৮): বড়ো উত্তৰণৰ ইতিহাস, (গুৱাহাটী: বনলতা) ।

মহন্ত, প্ৰফুল্ল (২০০৯): জনগোষ্ঠীগত চেতনা: আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন, (গুৱাহাটী: লয়াৰ্চ বুক ষ্টল), দ্বিতীয় প্ৰকাশ

[প্ৰকাশিত, ‘প্ৰান্তিক’, বছৰ ৪৩, সংখ্যা ২০, ১৬-৩০ ছেপ্টেম্বৰ ২০২৪, পৃষ্ঠা: ২৩-২৫]