Wednesday, 4 June 2025

অসমৰ অৰ্থনীতিৰ দুটা দশকৰ ধাৰা (Trends in the Economy of Assam over Two Decades)

             নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতবৰ্ষৰ সেই সময়ৰ (বিংশ শতিকাৰ শেষৰ দশক) অৰ্থনৈতিক দুৰৱস্থা উদ্ধাৰৰ লগতে আগন্তুক দিনত তাৎপৰ্যপূৰ্ণ উন্নয়ন আশা কৰা হৈছিল । যোৱা শতিকাৰ শেষৰ দশকতে (১৯৯১ চনত) দেশখনত নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰা হৈছিল যদিও একৈশ শতিকাৰ আৰম্ভনিৰ পৰাহে  দেশখনৰ অৰ্থনৈতিক অৱস্থাৰ কিছুমান পৰিৱৰ্তন দেখা গৈছে ।  কেন্দ্ৰীয় চৰকাৰে দেশখনত নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তন কৰাৰ লগে লগে ৰাজ্যসমূহতো স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰে ।  উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিচিত অসমৰ অৰ্থনীতি যোৱা দুটা দশকত কোন দিশত গতি কৰিছে সেই সম্পৰ্কে এই প্ৰৱন্ধটোত আলোচনা কৰা হৈছে  

এখন অৰ্থনীতি কোন দিশত গতি কৰিছে সেয়া কেইবাটাও নিৰ্দেশকৰ (Indicators) দ্বাৰা উপস্থাপন কৰিব পাৰি । এই প্ৰবন্ধটোত পাঁচটা মূল নিৰ্দেশকৰ দ্বাৰা অসমৰ অৰ্থনীতিৰ ধাৰা উপস্থাপন কৰা হৈছে –(১) ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদন, (২) জনমূৰি আয়, (৩) মুদ্ৰাস্ফীতি, (৪) নিৱনুৱা, আৰু (৫) দৰিদ্ৰতা । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ২০০০-০১ বিত্তবৰ্ষৰ তুলনাত ২০২৩-২৪ বিত্তবৰ্ষত অসমৰ ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদনৰ পৰিমাণ ১৪ গুণ বৃদ্ধি হৈছে । ৰাজ্যখনৰ ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ২০২০-২১ বিত্তবৰ্ষত সৰ্বনিম্ন  (.৪৮ শতাংশ) আৰু ২০১২-১৩ বিত্তবৰ্ষত সৰ্বচ্চ আছিল  (২৭.০১ শতাংশ) ।  উল্লেখযোগ্য যে ২০২০-২১ বিত্তবৰ্ষত ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰো সৰ্বনিম্ন আছিল (২.২৮ শতাংশ) ।  ব্যাখ্যাৰ প্ৰয়োজন নাই যে কোভিড-১৯ ৰ প্ৰভাৱৰ ফলতে ২০২০-২১ বিত্তবৰ্ষত নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ঋনাত্মক হৈছিল ।  উল্লেখযোগ্য যে ২০১৩-১৪ বিত্তবৰ্ষৰ পিছত অসমৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা (Trend of annual growth rate) ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰাকৈ ওপৰত আৰু ক্ৰমবৰ্ধমান হৈ আছে ।  অৰ্থাত, ২০১৩-১৪ বিত্তবৰ্ষৰ আগত ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা অসমৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰতকৈ ওপৰত আছিল । যোৱা দুটা দশকত ভাৰতৰ নিগুট ঘৰুৱা উৎপাদনৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা প্ৰায় সুস্থিৰ (Steady) হৈ আছে   

২০০০-০১ বিত্তবৰ্ষৰ পৰা ২০২৩-২৪ বিত্তবৰ্ষৰ সময়ছোৱাত অসমৰ জনমূৰি আয়ৰ পৰিমাণ ৮.৬ গুণ বৃদ্ধি হৈছে ।  অৱশ্যে, যোৱা দুটা দশক ধৰি সৰ্বভাৰতীয় জনমূৰি আয়ৰ তুলনাত অসমৰ জনমূৰি আয়ৰ পৰিমাণ কম হৈয়ে আছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ২০০০-০১ বিত্তবৰ্ষত ভাৰত আৰু অসমৰ জনমূৰি আয়ৰ পৰিমাণ আছিল ক্ৰমে ১৬,৬৮৮ টকা আৰু ১২,৮০৩ টকা । ২০২৩-২৪ বিত্তবৰ্ষত ভাৰত আৰু অসমৰ জনমূৰি আয়ৰ পৰিমাণ হ’ল ক্ৰমে ১,৮৪,২০৫ টকা আৰু  ১,৩৫,৭৮৭ টকা ।  কিন্তু, অসমৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা  (Trend of annual growth rate of per capita income) ২০১৩-১৪ বিত্তবৰ্ষৰ পিছত সৰ্বভাৰতীয় ধাৰাতকৈ ওপৰত আৰু ক্ৰমবৰ্ধমান হৈ আছে । অৱশ্যে, কোভিড-১৯ ৰ বাবে ২০২০-২১ বিত্তবৰ্ষত ৰাজ্যখনৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ঋনাত্মক আছিল (৩.৫২ শতাংশ) ।

জনমূৰি আয়ৰ বৃদ্ধিৰ সমান্তৰালকৈ সামগ্ৰী আৰু সেৱাৰ দামো বৃদ্ধি হৈ থাকিলে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থাৰ কোনো পৰিৱৰ্তন নহয় । কাৰণ, তেওঁলোকৰ ক্ৰয় ক্ষমতাৰ কোনো পৰিৱৰ্তন নঘটে ।  জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ তুলনা কৰিলে জনসাধাৰণৰ ক্ৰয় ক্ষমতা পৰিৱৰ্তনৰ উমান পোৱা যায়   ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ২০০০-০১ বিত্তবৰ্ষত অসমৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ আছিল ক্ৰমে ৪.২ শতাংশ আৰু ৪.১ শতাংশ ।  ২০২০-২১ বিত্তবৰ্ষত ৰাজ্যখনৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ বাৰ্ষিক হাৰ হ’ল ক্ৰমে ৩.৫২ শতাংশ আৰু ৮.৫ শতাংশ ।  ২০২০-২১ বিত্তবৰ্ষটোক অস্বাভাৱিক বিত্তবৰ্ষ (কোভিড-১৯ ৰ বাবে) হিচাপে ধৰিলে এইটো স্পষ্ট যে যোৱা দুটা দশক ধৰি ৰাজ্যখনৰ জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ আৰু মুদ্ৰাস্ফীতিৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ পাৰ্থক্য ধনাত্মক হৈ আছে ।  আন কথাত, যোৱা দুটা দশকত ৰাজ্যখনৰ জনসাধাৰণৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাইছে ।

নিৱনুৱা সমস্যা অসমৰ অৰ্থনীতিৰ এটা জলন্ত সমস্যা ।  ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ১৯৯৯-০০ বৰ্ষত অসমৰ গ্ৰামাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৩৯ জন নিৱনুৱা আছিল ।  ২০০৪-০৫ বৰ্ষত নিৱনুৱাৰ সংখ্যা প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ২৬ জনলৈ  হ্ৰাস হৈছিল যদিও ২০১৭-১৮ বৰ্ষত প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৮৩ জনলৈ (যোৱা দুটা দশকত সৰ্বচ্চ) বৃদ্ধি হৈছিল ।  যোৱা দুটা দশকত, ২০২২-২৩ বৰ্ষত অসমৰ গ্ৰাম্য নিৱনুৱাৰ সংখ্যা সৰ্বনিম্ন আছিল (প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ১৫ জন) । শেহতীয়া তথ্য অনুসৰি (২০২৩-২৪), ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৩৫ জন নিৱনুৱা আছে ।  ৰাজ্যখনৰ গ্ৰাম্য নিৱনুৱাতকৈ নগৰীয়া নিৱনুৱাৰ সংখ্যা বেছি । ১৯৯৯-২০০০ বৰ্ষত  অসমত নগৰাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৯৭ জন নিৱনুৱা আছিল ।  ২০০৯-১০ বৰ্ষত নগৰীয়া নিৱনুৱাৰ সংখ্যা প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৫২ জনলৈ (যোৱা দুটা দশকত সৰ্বনিম্ন) হ্ৰাস পাইছিল যদিও ২০১৮-১৯ বৰ্ষত ১০৭ জনলৈ (যোৱা দুটা দশকত সৰ্বচ্চ) বৃদ্ধি হৈছিল ।  শেহতীয়া তথ্য অনুসৰি (২০২৩-২৪), ৰাজ্যখনৰ নগৰাঞ্চলৰ প্ৰতি ১০০০ জন ব্যক্তিৰ ভিতৰত ৭৪ জন নিৱনুৱা আছে ।  নতুন অৰ্থনৈতিক নীতিৰ প্ৰৱৰ্তনেৰে ব্যক্তিগত খণ্ডৰ জৰিয়তে নিয়োগ বৃদ্ধি কৰি নিৱনুৱা সমস্যা লাঘৱ কৰিব বিচৰা হৈছিল । কিন্তু, বাস্তৱত ইয়াৰ উল্লেখযোগ্য ফলাফল দেখা নগ’ল ।  নিৱনুৱা সমস্যা ৰাজ্যখনৰ এটা জলন্ত সমস্যা হিচাপে থাকি গ’ল । 

নিৱনুৱা সমস্যা আৰু দৰিদ্ৰতাৰ মাজত ঋনাত্মক সহসম্বন্ধ আছে । আন সকলো কথা একে থাকিলে (যেনে-সামগ্ৰী আৰু সেৱাৰ দাম, স্বাভাৱিক বিত্তবৰ্ষ আদি),  নিয়োগ বৃদ্ধি হ’লে দৰিদ্ৰতা হ্ৰাস হয় । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, ১৯৯৯-২০০০ বৰ্ষত ৰাজ্যখনৰ দৰিদ্ৰতাৰ হাৰ আছিল ৩৬.১ শতাংশ । ২০০৪-০৫ বৰ্ষত দৰিদ্ৰতাৰ হাৰ ৩৪.৪ শতাংশলৈ নামিছিল যদিও ২০০৯-১০ বৰ্ষত পুনৰ বৃদ্ধি হৈ ৩৭.৯ শতাংশ হৈছিল ।  ২০১৯-২০২০ বৰ্ষত ৰাজ্যখনৰ দৰিদ্ৰতাৰ হাৰ ১৪.৪৭ শতাংশ হৈছে ।  অৰ্থাত, যোৱা দুটা দশকত অসমৰ দৰিদ্ৰতাৰ হাৰ হ্ৰাস হৈছে ।  সৰ্বভাৰতীয় দৰিদ্ৰতাৰ হাৰৰ সৈতে তুলনা কৰিলে দেখা গৈছে যে ২০১৯-২০ বৰ্ষত অসম আৰু ভাৰতৰ দৰিদ্ৰতাৰ হাৰ প্ৰায় সমান হৈছে  (ভাৰত আৰু অসমৰ দৰিদ্ৰতাৰ হাৰ ক্ৰমে ১৪.৯ শতাংশ আৰু ১৪.৪৭ শতাংশ)  । অৱশ্যে, অসমৰ দৰিদ্ৰতাৰ হাৰৰ ধাৰা (Trend of poverty rate) সৰ্বভাৰতীয় দৰিদ্ৰতাৰ হাৰৰ ধাৰাতকৈ ওপৰত আছে ।   

অসমৰ ৰাজ্যিক নিগুট ঘৰুৱা উৎপাদন আৰু জনমূৰি আয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰৰ ধাৰা যোৱা দুটা দশকত উৰ্ধমুখী হৈছে । নিৱনুৱাৰ সংখ্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্যখনে উল্লেখযোগ্য পাৰদৰ্শিতা দেখুৱাব পৰা নাই । কিন্তু, ৰাজ্যখনৰ জনসাধাৰণৰ  ক্ৰয় ক্ষমতা বৃদ্ধি হৈছে  আৰু দৰিদ্ৰতাৰ হাৰ প্ৰায় আধাতকৈ বেছি হ্ৰাস হৈছে ।  তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, কাৰণ যিয়েই নহওক, ২০০৮ চনৰ বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাই  ভাৰত বা অসমৰ অৰ্থনীতিৰ ওপৰত  ঋণাত্মক প্ৰভাৱ পেলাব পৰা নাছিল ।

[প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ৪ জুন ২০২৫, পৃষ্ঠা: ৭]

No comments:

Post a Comment