মনত আছে, অ-ফলা, ক-ফলা আৰু আ-কাৰ, ই-কাৰ শিকাৰ পিছতে নিজৰ নামটো লিখিব পাৰি যিমান আনন্দ লাগিছিল পঞ্চম শ্ৰেণীত ইংৰাজী বৰ্ণমালাত লিখিব পাৰি সিমান আনন্দ পোৱা নাছিলো। সেয়েহে এতিয়াও মোৰ চহীটো ‘ইংৰাজী ভাষাত নকৰিলে নহয়’ৰ বাহিৰে সকলোতে অসমীয়া ভাষাতে কৰো। হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ বিভিন্ন কাগজ পত্র বা পৰিচয় পত্রবোৰত সম্পূৰ্ণ নামটোৰ লগতে চুটি চহীৰো দৰকাৰ হয় (সম্পূৰ্ণ চহীটোকে কৰিলেও একো নহয়)। আগৰে পৰাই মোৰ চুটি চহীটো অসমীয়া ভাষাতে লিখাৰ অভ্যাস কৰিছো বাবে বিশ্ববিদ্যালয়খনৰ বিভিন্ন কাগজ পত্র বা পৰিচয় পত্রবোৰত দৰকাৰ হোৱা চুটি চহীটো অসমীয়া ভাষাতে কৰো; তেহেলৈ সেয়া উপাচাৰ্যৰ বা বিশ্ববিদ্যালয় অনুদান আয়োগ (University Grants Commission, UGC) ৰ কাৰ্যালয়লৈ যাবলগা কাগজ পত্রই হওক। মোৰ এই অভ্যাসটোক লৈ প্রথমতে কেইজনমান অসমীয়া ল’ৰা-ছোৱালীয়ে আপত্তি কৰিছিল যদিও পিছলৈ আপত্তি নকৰা হ’ল। সেইদৰে আন অনুষ্ঠান-প্রতিষ্ঠানৰ কাগজ পত্রবোৰত চুটি চহীৰ দৰকাৰ হ’লে অসমীয়া ভাষাতে কৰো। এতিয়ালৈকে মোৰ এই অভ্যাসটোৰ বাবে কোনো কাৰ্যালয়ৰ পৰা আপত্তি অহা নাই। আমি জনাত অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) ৰ বৰ্তমানৰ অধ্যক্ষ (Chairman) ভূবন চন্দ্র কোঁৱৰ আৰু একে পৰিষদৰে প্রশাসনীয় শাখাৰ তত্ত্বাৱধায়ক (Superintendent) মহেশ চন্দ্র মহন্তয়ও তেওঁলোকৰ চুটি চহীটো অসমীয়া ভাষাতে কৰে। এওঁলোকৰ বাহিৰও হয়তো আৰু বহু অসমীয়া ব্যক্তি আছে যিসকলে নিজৰ চহীটো ‘ইংৰাজী ভাষাত নকৰিলে নহয়’ৰ বাহিৰে সকলোতে অসমীয়া ভাষাতে কৰে।
(প্ৰকাশিত, ‘প্রান্তিক’ ০১-১৬ আগষ্ট, ২০১০)
ভাষাটোৰ প্ৰতি যেতিয়াই বেছিকৈ সচেতন হলো তেতিয়াৰ পৰা অসমীয়াতে চহী কৰি আহিছো । বছৰৰ হিচাপত প্ৰায় আঠবছৰ । সকলোতে কৰো । মাথোন অসমীয়াত । গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানত এবাৰ এজন অনা-অসমীয়া বিজ্ঞানীৰ সন্মুখত চহীটো অসমীয়াতে কৰাত তেখেতে এটা সন্তোষৰ হাঁহি মাৰিছিল ।
ReplyDeleteবেংকৰ চেকবুক , নিবিদা পত্ৰ , বাণিজ্যিক চুক্তি সকলোতে অসমীয়াত কৰো । দুটা আমেৰিকান , এটা জাৰ্মান কোম্পানীৰ সৈতে ব্যৱসায়িক চুক্তি পত্ৰত অসমীয়াত চহী কৰিছো , কোনো বাধা নোপোৱাকৈ । সিটো পক্ষইও একো আপত্তি কৰা নাই ।
সিদিনা গুৱাহাটিৰ কাছাৰীত কিবা এটা কামত কাগজ এখনত চহী কৰিছিলো । খাৰখোৱা কেৰাণীটোৱে ঠাট্টাৰ সুৰত সুধিলে কিয় চহী কৰো অসমীয়াত আৰু লগতে সুধিলে যে মই সকলো কথা খাটি অসমীয়াতে কওনেকি ?
অসমীয়া কেৰাণীবোৰে এনেও বেছিকৈ জানে (ব্যতিক্ৰমসকল প্ৰতি ক্ষমা প্ৰাৰ্থনাৰে)।
DeleteThis comment has been removed by the author.
ReplyDelete