আমাৰ দেশখনত যে ভাৱিব নোৱাৰাকৈ অপশাসনে বিৰাজ কৰি আছে তাত কৰো দ্বিমত নাই। আনকি অপশাসনত লিপ্ত শাসকসকলেও এই সত্যক নুই কৰিব নোৱাৰে। আমাৰ লেখাটোৰ উদ্দেশ্য হ’ল: সম্প্রতি দেশখনত বিৰাজ কৰা অপশাসনৰ স্বৰূপ কেনেকুৱা? ৰাম, কৃষ্ণ তথা মহাত্মা গান্ধীৰ দেশখনত অপশাসনে গা কৰি উঠিল কিয়? আজিৰ তাৰিখত অপশাসনৰ পৰা পৰিত্ৰাণ পোৱাৰ কিবা উপায় আছেনে? আমাৰ আলোচনাটো সৰ্বভাৰতীয় পৰ্যায়ৰকৈ যুগুত কৰা হৈছে যদিও প্রসংগক্ৰমে অসমৰ ৰাজ্যিক পৰ্যায়ৰ অপশাসনৰ ছবিখনকো দাঙি ধৰা হৈছে। কাৰণ, অপশাসনত অসমো সৰ্বভাৰতীয় পৰ্যায়তকৈ কোনো গুণে কম নহয়।
এতিয়া, আমাৰ প্রথম প্রশ্নটোলৈ অহা যাওক। আমি একবিংশ শতিকাৰ মানুহ। অৱশ্যে, একবিংশ শতিকাত আমি যিবোৰ অপশাসনৰ সৈতে পৰিচিত সেয়া বিগত শতিকা বা তাৰ আগৰ শতিকাৰো গুৰুত্বপূৰ্ণ প্রভাৱ আছে। দেশখনক উন্নতিৰ শীৰ্ষত উপনিত কৰিবলৈ আমি গণতান্ত্ৰিক পদ্ধতিৰে ভোটাধীকাৰ সাব্যস্ত কৰি আমাৰ মাজৰ পৰাই আমাৰ প্রতিনিধি হিচাপে নিৰ্বাচন কৰি পঠাও। গাদীটো লাভ কৰাৰ পিছত তেওঁলোকে কি কৰেগৈ? প্রথমে নিজৰ পেটটো মোটা কৰি লয়। তাৰ পিছত পত্নীৰ হিচাপ বহীৰ (Pass Book) জমাৰ ঘৰৰ অংকটো মোটা কৰে। ল’ৰা ছোৱালীৰ ভৱিষ্যতৰ কথাতো আছেই। সিহঁতৰ ইচ্ছা থাকক বা নাথাকক বিদেশতহে পঢ়িবলৈ পঠাব। তাৰ পিছত আহে অঙহী-বঙহী বন্ধু-বান্ধৱীৰ সন্মান (?) ৰক্ষাৰ দ্বায়িত্ব। চাৰিবছৰ এইবোৰক সন্তুষ্ট কৰোতে গুচি যায়। পৰিয়াল কেন্দ্ৰীক নামাকৰণৰ ৰাজনীতিৰ প্রসংগতো আছেই। অৱশ্যে আধাৰশীলা স্থাপন, বিভিন্ন জ্যোতি আদিৰে মাজে সময়ে কাৰ্যকালৰ পঞ্চমটো বছৰত মনত পেলাব পৰাকৈ আভুৱা ভাঁৰি থাকে। আমিতো মাটিৰেই মানুহ। এখন কম্বলকে দুফাল কৰি দুটা পৰিয়ালক ভগাই দিলেই হ’ল বা এসাজ মাছে-মাংসই বৰভোজ খাব পালেই হ’ল, ভোটটো তেখেতকেই দিমে। এতিয়াও সৎ জনপ্রতিনিধি আছে যদিও তেওঁলোক সংখ্যালঘু শ্রেণীত পৰি একো মাত মাতিব নোৱাৰে, যিহেতু গণতন্ত্রত সংখ্যাগৰিষ্ঠ নীতি মতেহে শাসন চলে। সুযোগ সন্ধানী বিৰোধী দলবোৰৰ ভুমিকাও সন্দেহৰ বাহিৰত নহয়। সেয়েহে কোৱা হয়, ৰাজনীতিত কোনো স্থায়ী শত্ৰুও নাই, মিত্ৰও নাই।
দুৰ্নীতিৰ প্রসংগটো নানিলে আমাৰ প্রথম প্রশ্নটোৰ উত্তৰ আধৰুৱা হ’ব। ২০১০ চনৰ অক্টোবৰ মাহত দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছৰ আয়োজক সমিতিৰ সভাপতিজনৰ দুৰ্নীতিৰ খবৰ কোনে পোৱা নাই? প্রিয় পাঠক, আপোনালোক হয়তো জ্ঞাত যে খেলখন আয়োজন কৰোতে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নৰ বাবে সাঁচতীয়া ধন খৰচ কৰা হৈছিল । তাৰ ভিতৰত জনজাতি উন্নয়ন পূঁজিৰ ধনো আছিল। শেহতীয়াকৈ পোহৰলৈ অহা টেলিকম বিভাগৰ মন্ত্ৰী এ ৰাজাৰ দুৰ্নীতিৰ কথা কোনে নাজানে? উইকিপিডিয়াই উদঙাই দিয়া বিদেশী বেংকত অবৈধভাৱে ধন জমা ৰখা মহাৰজা-মহাৰাণীৰ কথা নক’লোৱেইবা! মুঠৰ ওপৰত, আমাৰ দেশত ৰক্ষকেই যে ভক্ষক হৈ পৰিছে তাত কোনো সন্দেহ নাই। এয়া হ’ল, সৰ্বভাৰতীয় পৰ্যায়ৰ অপশাসনৰ স্বৰূপ।
এই ক্ষেত্রত অসমত কি ঘটিছে? দুৰ্নীতিৰ ক্ষেত্ৰখনত অসমৰ মানুহবোৰ আৰু এঢাপ ওপৰত আছে। Transparency International India আৰু Centre for Media Study এ যুটীয়াভাৱে ১১টা গুৰুত্বপূৰ্ণ সেৱাৰ ওপৰত চলোৱা সমীক্ষাৰ India Corruption Study 2007 ৰ তথ্যমতে অসম হ’ল দেশখনৰ ভিতৰতে আটাইতকৈ বেছি দুৰ্নীতিগ্রস্থ ৰাজ্য। অসমৰ পাছতে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে বিহাৰ, জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ প্রদেশ। (অৱশ্যে, শেহতীয়াকৈ বিহাৰত নিতিশ কুমাৰৰ চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে আইন প্রণয়ন কৰিবলৈ সক্ষম হৈছে।) চৰকাৰী কাম-কাজৰ বাবে কাৰ্যালয়লৈ যোৱা ব্যক্তি মাত্ৰেই যে পিছ দুৱাৰৰ অভিজ্ঞতা লাভ কৰিছে তাত সন্দেহ নাই। কোনো ৰজা/ৰাণীৰ অঙহী-বঙহী নহ’লে বিভাগীয় কৰ্মচাৰীজনক ‘ভিটামিন-এম’ (Money) নিদিয়াকৈ তেখেতৰ পৰা সেৱা (?) আদায় কৰিবলৈ আপোনাৰ সাধ্য নাই।
প্রশ্ন হ’ল, বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এখনত এনে অপশাসন ঘটিবলৈ পালে কিয় ? উত্তৰবোৰ অতি সৰল। ভোগবাদে মানুহক বিবেকহীন কৰি তুলিছে । ভোগবাদ আৰু ব্যক্তিগত স্বাৰ্থৰ মাজত এক সু-সম্পৰ্ক আছে। মানুহৰ আটাইতকৈ ভয়ানক বেমাৰবিধ হ’ল-আনৰ সৈতে তুলনা কৰা আৰু চকুৰ কূটা স্বভাৱ। এটা সৰু উদাহৰণ-তেখেত যদি গাড়ী কিনিছে মই কিয় নোৱাৰিম? ভোগবাদৰ দৌৰত সামগ্রিক উন্নয়নৰ প্রসংগ কোনোবা লংকাত থাকেগৈ।
অসমৰ সাধাৰণ মানুহবোৰে এতিয়াও মধ্যযুগৰ কু-সংস্কাৰবোৰক লৈয়ে ব্যস্ত। তেওঁলোকক বুজাব কোনে যে তেওঁলোকে সন্দেহ কৰি থকা বা ইতিমধ্যে হত্যা কৰা গাঁৱবোৰৰ ডাইনীবোৰতকৈ আৰু অধিক ভয়ানক ডাইনীয়ে আমাক গো-গ্রাসে গিলি আছে-যাক আমি বিশ্বায়ন (Globalization) বুলি কওঁ। বিশ্বায়নে আমাক আৰু বেছি ভোগবাদী কৰি তুলিছে। এইবিধ ডাইনীৰ ফলত দুখীয়া মানুহখিনি অস্থিত্বৰ সংটকত পৰিছ। এইবিধ ডাইনীৰ আক্ৰমণত চৰকাৰ গঠনৰ বাবে গঠন কৰা ৰাজনৈতিক দলবোৰো সাৰি যাব পৰা নাই। বিভিন্ন সময়ত দেশৰ চৰকাৰী নীতি-নিয়মবোৰ বিভিন্ন কোম্পানীবোৰৰ সপক্ষে প্রণয়ন কৰাটোৱে তাকে সূচায়। শুনিবলৈ অশুৱলা যদিও এইটো সত্য যে দেশী-বিদেশী বৃহৎ কোম্পানীবোৰৰ ওচৰত আমাৰ দেশৰ ৰাজনৈতিক দলবোৰ একপ্রকাৰ বিক্রী হৈ গৈছে। উদাহৰণস্বৰূপে-বৃহৎ নদীবান্ধবোৰৰ কথা ক’ব পাৰি। নদীবান্ধ এটা কাৰ্যকাৰী হ’লে সংশ্লিষ্ট অঞ্চলটোৰ লাখ লাখ খিলঞ্জীয়া লোক স্থানান্তৰিত হ’ব লাগে। পৰিয়াল এটাৰ স্থানান্তৰ মানে কেৱল থকা ঘৰটোৰ স্থানান্তৰ কৰা নুবুজায়। থকা ঘৰটোৰ লগতে পৰিয়ালটোক থলুৱা সংস্কৃতি, থলুৱা বুৰঞ্জী, বৃত্তি, থলুৱা সামাজিক মূলধন ইত্যাদিৰ পৰাও স্থানান্তৰ কৰা হয়। বৃহৎ নদীবান্ধ সম্পৰ্কে চৰকাৰে আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া দিশটো হ’ল খিলঞ্জীয়া লোকসকলৰ সন্মতি (Consent)। কিন্তু বাস্তৱ ক্ষেত্ৰত সন্মতিৰ পৰিবৰ্তে শক্তি প্রয়োগ বা দাবী-দমকিৰে হ’লেও নদীবান্ধসমূহ কাৰ্যকৰী কৰি থকা দেখা হৈছে। ১৯৬১ চনত হিমাচল প্রদেশৰ পোংগ বান্ধ (Pong Dam) ফলৱতী কৰাৰ কাৰণে মোৰাৰজী দেচাইয়ে এখন ৰাজহুৱা সভাত খিলঞ্জীয়া লোকসকলক এনেদৰে ধমকি দিছিল, “We will request you to move from your houses after the dam comes up. If you move it will be good. Otherwise we shall release the waters and drawn you all.” (Arundhati Roy, ‘The Algebra of Infinite Justice’, Penguin Books, 2002, Revised & Updated, Page: 47)। এয়াই হ’ল বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশখনৰ প্রকৃত স্বৰূপ । জনসাধাৰণেই ৰজা পাতি দিয়ে আৰু সেই ৰজাই জনসাধাৰণক দাবী-ধমকি দিয়ে। লাভবান হয়-বান্ধবোৰৰ ঠিকা লোৱা বৃহৎ কোম্পানীবোৰ, দেশী-বিদেশী পূঁজিপতিসকল।
ইমানদূৰ যাবই নালাগে। গাঁও পঞ্চায়তবোৰৰ নিৰ্বাচনৰ সময়ত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রাৰ্থীবোৰে সংশ্লিষ্ট অঞ্চলটোৰ অৰ্থনৈতিকভাৱে ক্ষমতাশালী লোকসকলৰ সৈতে হাত মিলায়। নিৰ্বাচনৰ পিছত নেতা-নেত্ৰীবোৰে প্রথমে তেওঁলোকৰ ধাৰবোৰ পৰিশোধ কৰাৰ বাবে বিভিন্ন অসৎ উপায় অবলম্বন কৰে। যেনে-বেইমানী কৰি হ’লেও ঠিকাবোৰ তেওঁলোককে দিয়ে। নিবিদাবোৰ দিব লাগে বাবেহে দিয়ে। মাজে সময়ে জনসাধাৰণৰ উন্নয়নৰ বাবে পঞ্চায়তবোৰলৈ অহা ধন-সম্পত্তিবোৰ চুৰি হোৱাৰ অন্তৰালতো এইবোৰেই। চুৰবোৰ ধৰা পৰিলেও শাস্তি নাপায়। আইনৰ বিভিন্ন সুৰুঙাৰে তেওঁলোক সাৰি যায়। আচলতে গোটেই প্রক্রিয়াটোত বিয়াগোম চোৰবোৰ জড়িত থাকে। কিন্তু আপোনাৰ মোৰ দৰে সাধাৰণ মানুহে সাধাৰণ ভুল এটা কৰিলেও আইনবিহিত শাস্তিৰ সম্মুখীন হ’ব লাগে। সেইফালৰ পৰা এওঁলোকেও ডাইনীৰ শ্রেণীতে পৰে। পাৰ্থক্য হ’ল-গাঁৱৰ ডাইনীবোৰে মানুহক মন্ত্রৰ দ্বাৰা খায়, আনহাতে এইবোৰ ডাইনীয়ে সৰ্বসাধাৰণৰ উন্নয়নৰ বাবে যোগান ধৰা টকা-পইচা, ধান-চাউলবোৰ খায়।
এই অপশাসনৰ পৰা উদ্ধাৰ পোৱাৰ কিবা উপায় আছেন? ইতিহাসে বাট দেখুৱাই গৈছে, গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন চলাই বিপথে পৰিচালিত দেশ এখনক ৰক্ষা কৰিব পৰা যায়। আমাৰ দেশৰ প্রসিদ্ধ সমাজকৰ্মী আন্না হাজাৰে আৰু যোগগুৰু ৰামদেৱে সেই পদ্ধতিকে অৱলম্বন কৰি দেশ উদ্ধাৰৰ কথা চিন্তা কৰি লক্ষ্যত উপনিত হ’বলৈ চেষ্টা অব্যাহত ৰাখিছে। আন্না হাজাৰে ১৯৬৫ চনৰ পৰাই দেশখনত চলা অপশাসনৰ বিৰুদ্ধে মাত মাতি আহিছে। শেহতীয়াকৈ লোকপাল বিলখনত অৰাজনৈতিক ব্যক্তিৰ অন্তৰ্ভূক্তিৰ দাবীত তিনিদিন অনশনত বহা হাজাৰে চাহাবে দেশখনৰ বৃহৎ সংখ্যক মানুহৰ সমৰ্থন আদায় কৰিব পাৰিছে।বাবা ৰামদেৱে তেখেতৰ প্রধান কৰ্তব্য যোগ শিক্ষা প্রদানৰ উপৰিও ভাৰত স্বভিমান যাত্ৰা যোগে দেশখনত চলি থকা দুৰ্নীতি, পৰিয়াল কেন্দ্ৰীক ৰাজনীতি আৰু ভ্রস্তাচাৰৰ বিৰুদ্ধে ব্যাপক জনমত গঠন কৰিবলৈ সক্ষম হৈছে। অসমতো কৃষক মুক্তি সংগ্রাম মঞ্চৰ সাধাৰণ সম্পাদক অখিল গগৈয়ে অসমত চলি থকা দুৰ্নীতিৰ ছবিখন উদঙাই দি অপশাসনৰ বিৰুদ্ধে অবিৰতভাৱে আন্দোলন চলাই আহিছে। অখিল গগৈক সমৰ্থন কৰা অসমীয়া মানুহৰ সংখ্যাও তাকৰ নহয়।
এই তিনিগৰাকী নেতাক সমৰ্থন কৰা কাৰ্যই প্রমাণ কৰে যে দেশখনত মুষ্টিমেয় মানুহ কেইজনমানৰ দ্বাৰাহে অপশাসন চলি আছে আৰু সৎ তথা সত্য নীতি-নিয়মক আদৰ্শ হিচাপে লোৱা মানুহৰ এতিয়াও অভাৱ হোৱা নাই। তেওঁলোকৰ সংগ্রামৰ পথগত কিছু পাৰ্থক্য আছে যদিও লক্ষ্য একেটাই : দেশখনত চলি থকা অপশাসনৰ অৱসান হওক আৰু সংসদত সৎ আৰু নিস্বাৰ্থ সাংসদৰ সংখ্যা বৃদ্ধি পাওক। দেশখনৰ বৃহৎ সংখ্যক জনসাধাৰণেও তেওঁলোকেই পৰিবৰ্তন আনিব পাৰিব বুলি আশা কৰি আছে।
আমাৰ মনলৈ অহা চিন্তাবোৰ হ’ল, দেশখনৰ দ্বিতীয় স্বাধীনতা আন্দোলন হিচাপে খ্যাত আন্দোলনটোৰ গুৰি ধৰোঁতা এই নেতা তিনিগৰাকীক সকলো শ্রেণীৰ জনগণে সঁচায়ে সমৰ্থন জনাইছে, নে অৱসৰ বিনোদনৰ আহিলা হিচাপে লৈছে? সুবিধা পালেই ভোগ বৃদ্ধি কৰিব বিচৰা দেশখনৰ মধ্যবিত্ত শ্রেণীটোৱে তেওঁলোকৰ আদৰ্শক আন্তৰিকভাৱে সমৰ্থন জনাইছে বুলি আমাৰ মনে নধৰে। দ্বিতীয়তে, তেওঁলোকৰ আন্দোলনত সক্ৰীয়ভাৱে অংশগ্রহণ কৰা কিছুমান লোক প্রত্যক্ষভাৱে অপশাসনত লিপ্ত থকা শাসক বা পৰোক্ষভাৱে লিপ্ত বহুজাতিক কোম্পনীবোৰৰ সৈতে মিলামিছা নকৰে বুলি ন দি ক’ব নোৱাৰি। উদাহৰণস্বৰুপে-আন্না হাজাৰেৰ সৈতে একে মতত বিশ্বাসী কিৰণ বেদী নামৰ সুবিধাবাদী সমাজকৰ্মীজনে বহুজাতিক কোম্পানীৰ ডিটাৰজেন্ট পাউদাৰৰ বিজ্ঞাপন কৰে। বাবা ৰামদেৱ আৰু অখিল গগৈৰ সোঁৱে-বাওঁৱেও যে দুই-এজন সুবিধাবাদী লোক আছে তাত সন্দেহ নাই। শেষত, তেওঁলোকৰ প্রতি থকা জনসাধাৰণৰ আস্থা একেদৰে অব্যাহত থাকিবনে, সেয়াও এক গুৰুত্বপূৰ্ণ প্রশ্ন। তেওঁলোকৰ প্রতি থকা আস্থা নিৰ্ভৰ কৰিব তেওঁলোকৰ চৰিত্ৰ আৰু কাৰ্যৰ ফলাফলৰ ওপৰত। আগেয়ে উল্লেখ কৰিছোঁ যে আন্না হাজাৰে ১৯৬৫ চনৰ পৰাই দেশখনত চলা অপশাসনৰ বিৰুদ্ধে মাত মাতি আহিছে । তেখেতৰ চৰিত্ৰ সম্পৰ্কত কোনো সন্দেহ নাই। অন্যথা, আজিলৈকে তেখেতৰ আন্দোলন সক্ৰীয় হৈ নাথাকিলেহেঁতেন। কিন্তু, আশা কৰা ধৰণে তেখেতে ফলাফল দেখুৱাব পাৰিছেনে ? আস্থা সম্পৰ্কত বাবা ৰামদেৱৰ সমস্যা হ’ল, যোগগুৰু হিচাপে তেখেতে দেশখনৰ লগতে সমগ্র পৃথিৱীৰ মানুহৰ পৰা যি আস্থা লাভ কৰিব পাৰিছে, ৰাজনৈতিক গুৰু হিচাপে দেশখনৰ জনসাধাৰণৰ পৰা সমানে আস্থা লাভ কৰিব পাৰিবনে ? অখিল গগৈৰ ক্ষেত্ৰতো একেই কথা। আজিৰ তাৰিখলৈকে অসমৰ এই যুৱ নেতা গৰাকীৰ চৰিত্ৰ আৰু দুসাহসী কাৰ্যপ্রণালীৰ ওপৰত দুৰ্নীতিগ্রস্থ আৰু অপশাসনত জড়িত লোকসকলৰ বাহিৰে কোনোৱেই সন্দেহৰ চকুৰে চোৱা নাই। অসমৰ জনসাধাৰণে তেতিয়ালৈকে তেখেতক সমৰ্থন আগবঢ়াব যেতিয়ালৈকে তেখেতে ৰাজনৈতিক দলত নোসোমোৱাকৈ থাকিব। অৱশ্যে, তেখেতে যাতে তেনে কাৰ্যত লিপ্ত নহয় তাৰ বাবে অসমৰ জনসাধাৰণেও মাজে সময়ে তেখেতক সজাগ কৰি থাকিব লাগিব।
No comments:
Post a Comment