অসমৰ বহু চৰকাৰী কাৰ্যালয়ত ছি ছি টিভি প্ৰয়োগ কৰা দেখা গৈছে। ইয়াৰ
সহায়ত সংশ্লিষ্ট কাৰ্যালয়টোৰ শীৰ্ষ বিষয়াজনে নিজ কোঠাটোত বহিয়ে কাৰ্যালয়টোত কোন
কোন আহিছে, কোনে কাৰ লগত কথা পাতিছে, কৰ্মচাৰীসকলে কাম কৰিছে
নে নাই-সেয়া দেখি থাকে।
বুজিবলৈ বাকী নাই যে চৰকাৰী কৰ্মচাৰী তথা দালালবোৰে যাতে জনসাধাৰণৰ পৰা উৎকোচ ল’বলৈ
সাহস নকৰে তাৰ বাবে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰদ্বাৰা অসমত দুৰ্নীতিৰ
প্ৰকোপ কিছু হ’লেও কমিব বুলি আশা কৰা হৈছে। পিছে, দুৰ্নীতি কমিছেনে?
আচলতে কাৰ্যালয়টোৰ যিবিলাক স্থানত কেমেৰাসমূহ স্থাপন কৰিব লাগে
তেনে স্থানত স্থাপন কৰা নহয়। কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ, বাৰান্দা আদিৰ উপৰিও
কাৰ্যালয়টোৰ ভিতৰত-যি কেইখন টেবুলত তেখেতৰ তলতীয়া কৰ্মচাৰীসকল বহে তেনে কোঠাৰ চাৰিওফালে
কেমেৰা স্থাপন কৰিব লাগে যদিও সেয়া দেখা নাযায়। তাতোকৈ ডাঙৰ কথাটো হ’ল-শীৰ্ষ
বিষয়াজনে কামৰ মাজে মাজে কেমেৰাসমূহে যোগান ধৰি থকা দৃশ্যসমূহ চায় নে নাচায়? যদি
নাচায়, এইবোৰৰ প্ৰয়োজন ক’ত? যদি চায়, বিষয়াজন সৎ হ’লে কোনো কৰ্মচাৰীয়ে উৎকোচ লোৱা
দেখিলে লোৱাজনৰ লগতে দিয়াজনকো শাস্তি বিহে বুলি আশা কৰিব পাৰি। কিন্তু, শীৰ্ষ
বিষয়াজনো যদি একে চৰিত্ৰৰ হয়-তেন্তে কোনজন কৰ্মচাৰীয়ে, কাৰ পৰা, কিমান টকা উৎকোচ
লৈছে আৰু তাৰ পৰা দিনটোৰ শেষত তেখেতৰ কিমান ক’লা ধন উপাৰ্জন হ’ব, নিশ্চয় আনন্দ
মনেৰে তাৰে হিচাপ ৰাখি থাকে।
[প্ৰকাশিত, ‘প্ৰান্তিক’, ১-১৫
চেপ্তেম্বৰ, ২০১৪]
No comments:
Post a Comment