Tuesday, 25 April 2017

প্ৰসংগ: ‘ইংলেণ্ডত কেডবেৰীজৰ ধৰ্মনিৰপেক্ষতা অসমত ‘সংস্কৃতকৰণ’’



‘নিয়মীয়া বাৰ্তা’ কাকতখনত যোৱা ৮ এপ্ৰিল তাৰিখে ড° জয়ন্ত বিশ্ব শৰ্মাৰ ‘ইংলেণ্ডত কেডবেৰীজৰ ধৰ্মনিৰপেক্ষতা অসমত ‘সংস্কৃতকৰণ’’ শীৰ্ষক লেখা এটা প্ৰকাশ পাইছিল। ভাৰত তথা অসমৰ বৰ্তমানৰ পৰিস্থিতি- বিশেষকৈ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিস্থিতি প্ৰবাসীৰ দৃষ্টিকোণেৰে আলোচনা কৰা দেখি নিৰপেক্ষতাত কোনো সন্দেহ নাথাকিব বুলি ভাবি লেখাটো বিশেষ আগ্ৰহেৰে পঢ়িবলৈ ল’লোঁ। পিছে লেখাটোৰ শেষৰ পেৰাগ্ৰফটোৰ বাহিৰে নিৰপেক্ষতাৰ অভাৱ বাৰুকৈয়ে দেখা গ’ল। শৰ্মাৰ বক্তব্যত আপত্তি নাই যে প্ৰচীন ভাৰতীয় ঐতিহ্য-সংস্কৃতিক আকোঁৱালি লৈ অসমত অসমীয়া, ভাৰতত ভাৰতীয় হৈ থাকিব খোজাসকলৰ ভাবপ্ৰৱণতা আৰু সংবেনশীলতাক আঘাত কৰাৰ প্ৰয়োজন নাই। কিন্তু ভাৰতৰ প্ৰতিখন ৰাজ্য, অঞ্চলৰে কম-বেছি পৰিমানে কিছুমান স্থানীয় স্বকীয় প্ৰাচীন ঐতিহ্য-সংস্কৃতি আছে। আপত্তি এইখিনিতেই যে সংশ্লিষ্ট ৰাজ্য বা অঞ্চলৰ স্থানীয় স্বকীয় প্ৰাচীন ঐতিহ্য-সংস্কৃতিসমূক অৱজ্ঞা কৰি দেশখনৰ কিছুমান বিশেষ অঞ্চলৰ (সমগ্ৰ ভাৰতৰ নহয়) ঐতিহ্য-সংস্কৃতিক আকোঁৱালি লোৱাবলৈ প্ৰয়াস চলাই থকাৰ প্ৰৱণতা আগতকৈ বৃদ্ধি পাইছে।
অসমৰ স্তম্ভ লেখকবিলাক ইমান কম সংবেদনশীল নহয় যে প্ৰবাসী লেখক এজনে নজোনোৱাকৈ তেওঁলোকে অসমৰ ৰাজনীবিদৰ গতি-বিধি বুজি নাপায়। ইয়াত সন্দহে নাই যে অসমৰ জনসাধাৰণৰ এটা অংশক আহিলা হিচাপে লৈ কিছুমান নীতিহীন ৰাজনীতিবিদে নিজৰ ভৱিষ্যটোক আৰু অধিক শক্তিশালী কৰাৰ মানসেৰে আনক সন্তুষ্ট কৰিবলৈ প্ৰয়াস চলাই আছে। অসমৰ স্তম্ভ লেখকসকলে অসমৰ এইসকল ৰাজনীতিবিদক ভালদৰে বুজি পাইছে বাবেহে বিষয়বিলাকৰ ওপৰত লিখিবলৈ বাধ্য হৈ পৰিছে।
সংস্কৃত ভাষাৰ সপক্ষে যুক্তি দিয়াৰ স্বাৰ্থতে, সংস্কৃত ভাষাৰ জ্ঞান নথকাৰ বাবে অসমীয়া ভাষাৰ বানান ভুল হয় বুলি নিজৰ অধ্যয়নৰ পৰিচয় দিবলৈ কুণ্ঠাবোধ নকৰাৰ বাবে ড° শৰ্মা অৱশ্যেই ধন্যবাদৰ পাত্ৰ। অসমীয়া ভাষাত ইতিমধ্যে কেইবাখনো অভিধান প্ৰকাশ পাইছে আৰু অভিধান কেইখন বজাৰত অপ্ৰচুৰো নহয়। অৱশ্যে, আমি এইটো কোৱা নাই যে অসমীয়া ভাষাৰ বানান শুদ্ধকৈ লিখাৰ ক্ষেত্ৰত সংস্কৃত ভাষাজ্ঞানৰ আৱশ্যকতা নাই।

প্ৰকাশিত, ‘নিয়মীয়া বাৰ্তা’, ১১ এপ্ৰিল ২০১৭

No comments:

Post a Comment