‘আমাৰ অসম’ত
১৬ আৰু ২১ অক্টোবৰত প্ৰকাশিত ক্ৰমে অন্বেষা বৰঠাকুৰৰ ‘লুণ্ঠনকাৰী
গৱেষণা-প্ৰত্ৰিকা’ আৰু ড° বিৰিঞ্চি কুমাৰ দাসৰ ‘ISBN আৰু ISSN সম্পৰ্কে যৎকিঞ্চিত’ শীৰ্ষক লেখা দুটা
পঢ়ি গৱেষণা আৰু গৱেষণা পত্ৰিকা সম্পৰ্কে দুষাৰ লিখিবলৈ মন গ’ল। সন্দেহ নাই যে যোৱা
কেইবছৰমানৰ পৰা ভাৰতকে ধৰি প্ৰায়বোৰ উন্নয়নশীল দেশতে গৱেষণাৰ নীতি-শাস্ত্ৰৰ
ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণভাবে বিঘিনি ঘটিবলৈ ধৰিছে। সহজ অৰ্থত, গৱেষণা মানে-সত্যৰ
সন্ধান কৰা। এইফালৰ পৰা ক’ব পাৰি যে গৱেষণাৰ ক্ষেত্ৰখনত বিঘিনি ঘটা মানে সত্যৰ
সন্ধান কৰা প্ৰক্ৰিয়াটোতে বিঘিনি ঘটিছে। ফলস্বৰূপে গৱেষণাৰ মানদণ্ড অৱনমিত হৈছে। অৱশ্যে,
এই পৰিস্থিতি সম্পৰ্কে বহু চিন্তাবিদে চিন্তাচৰ্চা অৱ্যাহত ৰাখিছে। এই ক্ষেত্ৰত South
Asian University ৰ
জীৱ বিজ্ঞান আৰু জৈৱপ্ৰযুক্তিবিদ্যা বিভাগৰ প্ৰাক্তন অধ্যাপক কামবাদুৰ
মুৰলিধৰৰ নাম বিশেষভাবে উল্লেখ কৰিব পাৰি। তেখেতৰ মতে গৱেষণাৰ মানদণ্ড অৱনমিত
হোৱাৰ ক্ষেত্ৰত, গৱেষণাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি আৰু প্ৰতিষ্ঠানে কম-বেছি
পৰিমানে দায়ী। তেখেতে সম্প্ৰতি গৱেষণাৰ ক্ষেত্ৰত চলি থকা কিছুমান অনৈতিক পৰিস্থিতি
ধৰা পেলাইছে, তাৰ ভিতৰত বৰঠাকুৰে আলোচনা কৰা ‘লুণ্ঠনকাৰী গৱেষণা-প্ৰত্ৰিকা’
বিষয়টোও পৰে।
গৱেষণাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা বিত্তীয় এজেঞ্চিসমূহে
(Funding Agencies)
কিছু পৰিমানে গৱেষণাৰ নীতি-শাস্ত্ৰত
বিঘিনি ঘটাইছে। এই বিত্তীয় এজেঞ্চিসমূহে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত কৃতকাৰ্যতা
লাভেৰে গৱেষণা কাৰ্য সমাপন কৰাৰ কঠোৰ নীতি-নিয়ম বান্ধি দি গৱেষকসকললৈ বিত্তীয়
সাহায্য প্ৰদান কৰে। তেওঁলোকে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত গৱেষকসকলৰ পৰা গৱেষণাৰ
অগ্ৰগতিৰ প্ৰতিবেদন বিচাৰে। কোনো গৱেষকে যথাসময়ত তেখেতৰ গৱেষণাৰ অগ্ৰগতিৰ
প্ৰতিবেদন জমা দিব নোৱাৰিলে তেখেতলৈ প্ৰদান কৰা বিত্তীয় সাহায্য বন্ধ কৰি দিয়ে। বুজিবলৈ
অকণো কঠিন নহয় যে সৰহসংখ্যক গৱেষকৰে গৱেষণাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা এজেঞ্চিটোক
সন্তুষ্ট কৰাই মূল উদ্দেশ্য হৈ পৰে। সত্যৰ সন্ধান কৰা কাৰ্যটো গৌণ হৈ পৰে। সেয়েহে নগন্য
সংখ্যক গৱেষকেহে গৱেষণাত বিফল হোৱা দেখা যায়। এক নিৰ্দিষ্ট সময়ৰ ভিতৰত গৱেষণা
কাৰ্য সমাপন কৰাৰ সৈতে ডিগ্ৰী লাভ বা পদোন্নতিৰ অভিপ্ৰায় জড়িত থাকিলে গৱেষণাৰ
গুৰুত্ব কোন দিশে গতি কৰিব-ব্যাখ্যা নিষ্প্ৰয়োজন।
যথাসময়ত গৱেষণাৰ অগ্ৰগতিৰ প্ৰতিবেদন প্ৰস্তুত কৰা ব্যৱস্থাটোৰ
সৈতে গৱেষণাৰ মানদণ্ড অৱনমিত কৰা আন অনৈতিক পৰিস্থিতিসমূহ জড়িত হৈ পৰে। জমা
দিবলগীয়া প্ৰতিখন প্ৰতিবেদনতে Peer Review কৰা গৱেষণা পত্ৰিকাত কমেও একোখনকৈ গৱেষণা পত্ৰ প্ৰকাশ হোৱা
দেখুৱাব পাৰিলে সংশ্লিষ্ট বিত্তীয় এজেঞ্চিটো সহজে সন্তুষ্ট হয়। দ্বিমত নাই যে
প্ৰতিগৰাকী গৱেষকে বৰঠাকুৰ আৰু ড° দাসে উল্লেখ কৰা আগশাৰীৰ গৱেষণা পত্ৰিকাসমূহত
প্ৰকাশ কৰা উচিত। কিন্তু, সেইবোৰ গৱেষণা পত্ৰিকাত গৱেষণা পত্ৰ এখন প্ৰকাশ কৰিবলৈ
বহু সময়ৰ প্ৰয়োজন হয়। প্ৰকাশ যে হ’ব-তাৰো কোনো নিশ্চয়তা নাই। অৱশ্যে, সেইবোৰ
গৱেষণা পত্ৰিকাও এশ শতাংশ সন্দেহৰ বাহিৰত নহয়। শতাংশ হিচাপত কম হ’লেও কোনোবা
প্ৰভাৱশালী Peer Reviewerএ
তেখেতৰ চিনাকি গৱেষকৰ গৱেষণা পত্ৰ তুলনামূলকভাবে কম মানদণ্ডৰ হ’লেও প্ৰকাশ কৰাৰ
অৱকাশ নুই কৰিব নোৱাৰি। এইখিনি বাদ দিলেও এটা কথা ঠিক যে গৱেষকসকলে সেইবোৰ গৱেষণা
পত্ৰিকাত গৱেষণা পত্ৰ প্ৰকাশ হোৱালৈ বাদ চাই থকালৈকে তেওঁলোকলৈ বিত্তীয় সাহায্য
প্ৰদান কৰা বিত্তীয় এজেঞ্চিসমূহে বিত্তীয় সাহায্য বন্ধ কৰি দিয়ে। বিত্তীয় সাহায্য
বন্ধ হ’লে গৱেষকসকলে কেনে মানসিকতাৰে গৱেষণা কাৰ্য চলাই নিব-সেয়া সহজে অনুমেয়। ইয়াৰ
অৰ্থ এইটো নহয় যে আমি ‘লুণ্ঠনকাৰী গৱেষণা পত্ৰিকা’সমূহক সমৰ্থন কৰিছোঁ।
গৱেষণাৰ অগ্ৰগতিৰ প্ৰতিবেদনখনত গৱেষকে গৱেষণা পত্ৰৰ বাবে বঁটা
প্ৰাপ্তিৰ প্ৰমাণ দিব পাৰিলে বিত্তীয় এজেঞ্চিবোৰ সন্তুষ্ট হোৱাৰ উপৰিও বিদ্যায়তনিক
ক্ষেত্ৰত সংশ্লিষ্ট গৱেষকজনৰ ওজন (?) বৃদ্ধি পায়। আজিকালি গৱেষণা পত্ৰৰ বাবে বঁটা
প্ৰদান কৰা অনুষ্ঠান, প্ৰতিষ্ঠান আৰু বঁটাৰ সীমা সংখ্যা নাই। অত্যাধিক বঁটা-বাহনৰ
অৱস্থিতিয়ে গৱেষণাৰ মানদণ্ডৰ ক্ষেত্ৰত চিন্তাৰ বিষয় হৈ পৰিছে। সেইদৰে, গৱেষণা
পত্ৰিকাসমূহৰ ‘প্ৰভাৱ উপাদান (Impact Factor)’ জোখাৰ পদ্ধতি যিয়েই নহওক, এই
ব্যৱস্থাটোৱে বহু গৱেষকক মানসিকভাবে শোষণ (Psychological Exploitation) কৰা নাই বুলি ক’ব নোৱাৰি। উল্লিখিত
স্বীকৃতিবিলাক লাভ কৰিবৰ বাবে বহু গৱেষকে কুম্ভিলক বৃত্তি (Plagiarism)ৰ দৰে উপায় অৱলম্বন কৰিবলৈও কুণ্ঠাবোধ
নকৰে।
অৱশ্যে, এইটো ঠিক যে মৌলিক গৱেষণা কৰা বহু গৱেষকক এইবোৰ অনৈতিক
পৰিস্থিতিয়ে সহজে চুব নোৱাৰে। তেওঁলোকৰ মানত গৱেষণা মানে সঁচা অৰ্থতে সত্যৰ সন্ধান
কৰা।
তথ্যৰ উৎস: Muralidhar,
Kambadur (2016): “Reflections on Ethics in Science: An Historical Perspective”,
Distinguished Lecture Series, University of Kalyani, 28th
March.
[প্ৰকাশিত, ‘আমাৰ অসম’, ৩০
নৱেম্বৰ ২০১৭]
No comments:
Post a Comment